কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬৪ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 6, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬৪ ) ? Assamese Storyboard

Assamese Storyboard

 

ৰিয়া: ঠিক আছে মই গৈ আছো, তেতিয়ালৈকে তুমি আইতাৰ ওচৰত গৈ শুই থাকাগৈ ।Assamese Storyboard )

ফোনটো ৰখাৰ পাছত ৰিয়াই ৰিংকুৰ ফালে চালে,"ছ'ৰি মই ঘৰলৈ যাব লাগিব। কাৰণ মই নহলে তাই নুশুব।"

ৰিংকু: তুমি ছ'ৰি নকবা, ৰোহিৰ প্ৰতি তোমাৰ যিমান দায়িত্ব আছে সিমানে মোৰো আছে। তাইৰ বাবে মই তোমাক লগ পালো গতিকে তাই মোৰ বাবে সকলোতকৈ আগত।

কিছুসময় পাছত দুয়ো ৰাধিকাৰ ঘৰ গৈ পালে। দুৱাৰ খুলি বেদান্তই কলে,"ছ'ৰি দাদা, ৰোহিয়ে বহুত কান্দি আছিল। কোনেও তাইক শান্ত কৰিব পৰা নাছিল সেইকাৰণে মই ফোন কৰিলোঁ।"

ৰিংকুয়ে হাঁহি কলে,"কোনো কথা নাই , ইয়াত ছ'ৰি কবলগীয়া একো হোৱা নাই।"

ৰিয়া: ৰোহি কত আছে এতিয়া?

ৰোহিয়ে যেতিয়া ৰিয়াৰ মাত শুনিলে তাই দৌৰি আহিল"মা মা তুমি কত গৈছিলা?" তাইৰ চকু ৰিংকুৰ ওপৰত পৰাত তাই গৈ ৰিংকুৰ কোলাত উঠিলে," পাপা , তুমি মোৰ মাক বিচাৰি দিলা। তুমি বহুত ভাল আৰু আজিটো মই তোমাৰ লগতেই শুই যাম।"

 আৰু তাৰ গালত চুমা এটা খাই তাৰ কান্ধত মূৰটো পেলাই দিলে।

ৰিংকুয়ে মিচিকিয়াই কলে,"ঠিক আছে , আজি তুমি পাপাৰ লগতে শুই যাবা।"

সকলোৱে দুয়োৰে মুখলৈ চাই গম পালে যে এতিয়া সকলো ঠিক হৈ গল আৰু সকলোৱে শুবলৈ গুচি গল।ৰোহিয়ে ৰিংকুক ৰুমলৈ যাবলৈ কোৱাত সি তাইৰ বেদৰুমলৈ গল। ৰিয়াও সিহঁতৰ পিছে পিছে আহিল। তাই লাহেকৈ বাথৰূমৰ দুৱাৰ খন খুলি সোমাই গল। কিছুসময় পাছত তাই কাপোৰ সলাই বাহিৰলৈ ওলাই আহি ৰোহিক ৰিংকুৰ কোলাত টোপনি যোৱা দেখিলে আৰু ৰিংকুয়ে তাইৰ মুখলৈ চাই হাঁহি ৰল।


ৰিয়াই লাহেকৈ ৰোহিক ৰিংকুৰ কোলাৰ পৰা লব খুজিছিল যদিও ৰোহিৰ কণমানি হাতেৰে ৰিংকুৰ চাৰ্টত জোৰেৰে খামুচি ধৰি আছিল।ৰিংকুয়ে তাইক ইংগিত দি মানা কৰি দিলে। ৰিয়া কাষতেই বহি লৈ সিহঁত দুয়োকে চাব ধৰিলে।ৰিংকুয়ে তাইক এনেদৰে চাই থকা দেখি কলে,"ৰিয়া, মই ৰোহিক পৰি বুলি কিয় কওঁ তুমি গম পোৱানে?"

ৰিয়াই নাপাওঁ বুলি মূৰটো লৰাই দিয়াত ৰিংকুয়ে কলে,"কিয়নো তাইৰ বাবেই মই তোমাৰ কথা গম পাইছিলোঁ।" তাৰ পাছত সি ৰিয়াক কলে কিদৰে তাই ৰিংকুৰ মোবাইলত ৰিয়াৰ ফটো দেখি চুৰ বুলি কৈ নিজৰ আইতাকৰ ওচৰলৈ লৈ গৈছিল। ৰিয়াই এই সকলোবোৰ শুনি মিচিকিয়াই কলে,"আৰু আজিও আমি তাইৰ বাবেই এক হৈছোঁ।"Assamese Storyboard )

ৰিংকুয়ে কলে,"মই একো বুজি পোৱা নাই।"

ৰিয়া: মইতো আপোনাক বহুত আগতেই ক্ষমা কৰি দিলোঁ। কিন্তু ভয় লাগিছিল আপুনি ৰোহিক স্বীকাৰ কৰিব নে নাই কিয়নো ৰোহিৰ মাজত মই মোৰ লৰালি বিচাৰি পাইছিলোঁ। মা ঢুকোৱাৰ পাছত মইও এনেদৰেই অকলশৰীয়া হৈ পৰিছিলোঁ যিদৰে ৰোহি তাইৰ মাক দেউতাকৰ এক্সিডেন্টৰ পাছত হৈ পৰিছে। মোৰ ওচৰত তো দেউতা আছিল কিন্তু ৰোহি একেবাৰে অকলশৰীয়া। আপুনি জানেনে ? তাই এক্সিডেন্টত মাক দেউতাকক হেৰুৱাৰ লগতে নিজৰ মাত টোও হেৰুৱাইছিল। যেতিয়া মোক প্ৰথমবাৰ দেখিছিল তাই মা মা বুলি চিঞৰি মোক সাবটি ধৰিছিল। লাহে লাহে মইও তাইৰ লগত মিলিব ধৰিলোঁ। মই ৰোহিক মাক অবিহনে ডাঙৰ হোৱাটো বিচৰা নাছিলোঁ। মই যিটো দুখৰ মাজেৰে সময় পাৰ কৰিছিলোঁ সেইটো ৰোহিয়েও পোৱাটো বিচৰা নাছিলোঁ। সেইবাবে মই নিজকে আপোনাৰ ওচৰলৈ উভতি যোৱাত বাধা দিছিলোঁ। গম পোৱা নাছিলোঁ আপুনি ৰোহিক মানি লব নে নাই। অৱশ্যে মা দেউতাই তাইক আগতেই নিজৰ নাতিনী বুলি মানি লৈছে। আজি যেতিয়া আপুনি সকলোৰে সন্মুখত সেই কাগজখন দিলে মই নিজকে ৰখাব নোৱাৰিলোঁ। আপুনি গম নাপায় আপুনি মোক আজি কিমান ডাঙৰ সুখ দিছে। নহলে তো অনবৰতে এইটো ভয় লাগি থাকে যে যিকোনো সময়ত সমীৰ আহি ৰোহিক লগত লৈ যাব।"


ৰিংকু: মইতো যেতিয়াই ৰোহিৰ সকলো কথা গম পালোঁ তেতিয়াই তাইক নিজৰ সন্তান হিচাপে আপোন কৰি লব বিচাৰিছিলোঁ। ৰাধিকা খুৰীয়েও গম পায় এইবিষয়ে। কিন্তু তুমি আকৌ বিয়াৰ কথা কিয় কলা? আমাৰটো বিয়া হৈ গল ন।

ৰিয়াই মিচিকিয়াই কলে ," সেইয়াটো হৈ গল কিন্তু সেইখন এখন আধৰুৱা বিবাহ আছিল। সেই বিয়াত আপোনাৰ গাত মোৰ নামৰ হালধি সনা হোৱা নাছিল আৰু মইও আপোনাৰ হালধীৰে ৰঙীন হব পৰা নাছিলোঁ। মাত্ৰ কেইটামান নিয়মৰ বাহিৰে আৰু একো নিয়মেই আমাৰ হোৱা নাছিল। সেই বোৰ নিয়ম বেলেগৰ নামৰ আছিল। সেইবাবেইটো বিয়াৰ ৫ বছৰ পাছতো আমাৰ বিয়া আজিও আধৰুৱা হৈ আছে। সেইবাবে মই আকৌ আপোনাৰ নামৰ সকলো নিয়ম কৰিব বিচাৰো।" এনেদৰে কৈ তাই চকু বন্ধ কৰি দিলে। তাইৰ দুচকু সেমেকি উঠিল।

ৰিংকুয়ে লাহেকৈ ৰোহিক বিচনাত শুৱাই দিলে আৰু ৰিয়াৰ কাষ চাপি আহি তাইৰ চকুলো মোহাৰি দিলে,"তোমাৰ সকলো ইচ্ছা পূৰণ হব। আমাৰ এই আধৰুৱা বিবাহ পুনৰ হব কিন্তু এইবাৰ সম্পূৰ্ণ নিশ্চয় হব।"

কিছুসময় পাছত ৰিয়াই নিজক শান্ত কৰি ৰিংকুক কলে," বহুত ৰাতি হল এতিয়া আপুনি  শুই  যাওক। ৰাতিপুৱা অফিচলৈ যাব লাগিব।"

ৰিংকুয়ে মিচিকিয়াই কলে,"ঠিক আছে তেন্তে শুই যোৱা। মইও শুই যাওঁ।" আৰু তাতেই বিছনাত শুই পৰিল।

ৰিয়া: একদম নহয়, নিজৰ ৰুমলৈ গৈ শুব যাওক।

ৰিংকু: এতিয়া সকলো শুই গল চাগে। মই গলে সকলোৱে অশান্তি পাব।

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages