কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬৩ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 5, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬৩ ) ? Assamese Storyboard

Assamese Storyboard


ৰিংকুয়ে দুখ মনেৰে কলে," মই কাকো লগ পাব নিবিচাৰোঁ আৰু মই তোমাক বেলেগৰ লগত বিয়াত বহিব নিদিওঁ। তুমি মোক কোনোপধ্যেই এৰি যাব নোৱাৰাAssamese Storyboard )।" সি একেবাৰে সৰু লৰাই জিদ কৰাৰ দৰে কোৱাত তাই হাঁহি দিলে,"প্লিজ , অন্তত মোৰ বাবে মোৰ হবলগীয়া দৰা জনক এবাৰ চাই লওঁক।"

এইবাৰ ৰিংকু অৱস্থা আৰু বেয়া হল," তেন্তে তেওঁ ইয়াতে আছে?"

ৰিয়া: তেওঁ সদায় আমাৰ লগতেই থাকে।

ৰিংকু: কত আছে তেওঁ?

সি চাৰিওফালে সেই লৰাজনক চাব ধৰিলে।

ৰিয়াই মিচিকিয়াই লৈ তাৰ আৰু ওচৰ চাপি কলে,"মোৰ দুচকুত, ভালদৰে চাওক মোৰ দুচকুত আপুনি তেওঁৰ চেহেৰা তো দেখা পাব।"

তেতিয়া ৰিংকুয়ে আচৰিত ভাৱে তাইৰ দুচকুত চালে । তাইৰ দুচকুত সি নিজকে দেখা পালে," ধেৎ , মই মিছাতে ইমান ভয় কৰিলোঁ। বুজিয়েই নাপালোঁ যে তাই ইমান দেৰীৰ পৰা মোৰ কথাই কৈ আছিল।" আৰু সি জোৰেৰে ৰিয়াক সাবটি ধৰিলে। ৰিয়াই লাহেকৈ সুধিলে," মোৰ দৰাজন কেনেকুৱা লাগিলে?"

ৰিংকু: একদম মনে মনে থাকা। প্ৰথমে এই ফুৰ্তিটো অনুভৱ কৰি লব দিয়া তাৰ পাছত কথা কবা।

ৰিয়াই অলপ সময় এনেদৰেই তাক সাবটি ধৰি থাকিল। তাই কলে,"এতিয়া আপুনি সুখী নে?"

ৰিংকু: বহুত বেছি সুখী মই।

সি ৰিয়াৰ কপালত চুমা আঁকি তাইক আকৌ সাবটি ধৰি কলে," এক মিনিটৰ কাৰণে তুমি মোৰ জীৱ উলিয়াই দিছিলা । মইতো সপোনটো এতিয়া তোমাৰ পৰা আঁতৰি থকাৰ কথা কল্পনা কৰিব নোৱাৰো। তোমাৰ পৰা দূৰ হোৱাৰ কথা ভাবিয়েই মোৰ অৱস্থা বেয়া হৈ গৈছিল। চোৱা চোন মোৰ উশাহ বোৰ ভয়তে কিমান জোৰেৰে চলি আছে"  এনেদৰে কৈ তাইৰ এখন হাত  বুকুত ৰাখি দিলে।


সঁচাকৈয়ে ৰিংকুৰ উশাহ বোৰ বৰ জোৰেৰে চলি আছিল। ৰিয়াই লাহেকৈ তাৰ বুকুৰ সেই অংশত চুমিলে। আকৌ দুয়ো চকু মুদি ইজনে সিজনৰ দুবাহুৰ মাজত আছিল। আকাশত থকা জোনটোৱেও তাৰ পোহৰ সিহঁত দুয়োৰে ওপৰত জিলিকাই সুখী হৈছিল।

দুয়ো ইজনে আনজনৰ দুবাহুত এনেদৰেই বহুত দেৰি পৰি থাকিল। ৰিংকুয়ে লাহেকৈ ৰিয়াক সুধিলে,"ৰিয়া তুমি মোক মাফ কৰি দিলা নে?"

ৰিয়া: কেতিয়াবাই কৰিলোঁ।

তেতিয়া ৰিংকুয়ে আচৰিত হৈ কলে,"কিন্ত কেতিয়া মই যে গমেই নাপালোঁ?"

ৰিয়াই মিচিকিয়াই কলে,"মইতো আপোনাক সেইদিনাই মাফ কৰি দিলোঁ যিদিনা মিষ্টাৰ শৰ্মাৰ  লগত মিটিংৰ পাছত মই ইমান খং কৰাৰ পাছতো আপুনি সকলো শান্ত মনে শুনিলে আৰু মোক একো নকলে তাৰোপৰি ৰাতি মোৰ ৰুমলৈ আহি মোক পায়েলযোৰ পিন্ধাই দিলে আৰু...." তাই লাজতে চকু তল কৰিলে।Assamese Storyboard )

ৰিংকু: আৰু কি কোৱা? মনে মনে কিয় আছা?

ৰিয়া: আৰু একো নাই।

ৰিংকু: নাই আৰু কিবা নিশ্চয় আছে।

ৰিয়া: আপোনাৰটো মনত আছেই তেন্তে মোক কিয় সুধি আছে?

ৰিংকু: মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰো।

ৰিয়া: এতিয়া কিন্তু আপুনি মোক আমনি কৰিছে দেই।

ৰিংকু: নাই, একেবাৰে কৰা নাই। তুমিহে মোক আমনি কৰিছা। সোনকালে কোৱা নহলে মই খং কৰিম।

ৰিয়া: আপুনি খং কৰিলে মই জোৰেৰে এটা চৰ মাৰি সকলো ঠিক কৰি দিম।

ৰিংকু: তুমি নিজৰ স্বামীক মাৰিবা?

ৰিয়া: মোৰ পতিদেবে নিজেই কৈছে তেওঁ যেতিয়া খং কৰিব মই জোৰেৰে তেওঁক চৰ সোধাব পাৰিম বুলি।

ৰিংকু: কিন্তু মইতো এনেই কৈ দিছিলোঁ।

ৰিয়া: কিন্তু মইতো সঁচা বুলিয়েই ভাবি ললোঁ।

 আৰু তাই তাৰ পৰা গুচি গল।


ৰিংকুয়ে তাইৰ পিছত দৌৰি কলে,"ৰ'বা এতিয়াই কৈ আছোঁ" কিছুসময় পাছত ৰিংকুয়ে ৰিয়াক ধৰি ললে। ৰিংকুয়ে তাইক ইমান মৰমত ধৰিলে যে তাই তাৰ চকুলৈ চাওঁতে সি তাইৰ কপালত চুমা এটা যাচি দিলে। ৰিয়াৰ চকু মুদ খাই গল। ৰিংকুৰ উশাহ বোৰ ৰিয়াই তাইৰ চকুত অনুভৱ কৰিলে। তাই ৰিংকুৰ চাৰ্টটোত আৰু জোৰেৰে ধৰিলে। ৰিংকুয়ে লাহেকৈ তাইৰ দুচকুত চুমা আঁকি দিলে। কিছুসময় পাছত তাৰ ওঁঠ ৰিয়াৰ ওঁঠৰ ওচৰত আছিল। তাৰ গৰম উশাহ বোৰে ৰিয়াৰ উশাহবোৰ আৰু ঘন কৰি তুলিলে। ৰিংকুয়ে আগবাঢ়িব লওঁতেই তাৰ ফোনটো বাজি উঠিল। ফোনৰ শব্দত দুয়ো নিজৰ অৱস্থালৈ ঘূৰি আহিল। ৰিয়াই লাজতে চকু তল কৰি দিলে। বেদান্তই ফোন কৰিছে। ৰিংকুয়ে ফোনটো ৰিচিভ কৰাৰ লগে লগে ইফালৰ পৰা ৰোহিৰ মাত আহিল। তাই কান্দি আছিল," পাপা, পাপা"

ৰিংকুয়ে ভয়তে কলে,"মোৰ পৰিজনীৰ কি হল? কিয় কান্দিছা তুমি?"

ৰিয়াৰ মাতষাৰ শুনি ফোনটো স্পীকাৰত থবলৈ ইংগিত দিলে । ইফালৰ পৰা মাত এটা ভাঁহি আহিল,"পাপা মোৰ মা কত হেৰাই গল? মই গোটেই ঘৰতেই বিচাৰিলো , তেওঁক মই কতো বিচাৰি পোৱা নাই।" আৰু তাই কান্দিব ধৰিলে।

ৰোহি ঠিক আছে বুলি গম পায় ৰিংকু আৰু ৰিয়াই স্বস্তিৰ নিশ্বাস ললে। ৰোহিৰ কথাষাৰ মনলৈ অহাত দুয়োয়ে হাঁহিব ধৰিলে। ৰিয়াই ৰোহিক কলে,"মাজনী তোমাৰ মা তোমাৰ ওচৰলৈ এতিয়াই গৈ আছে তুমি চিন্তা নকৰিবা মই কতো হেৰাই যোৱা নাই।"

ৰোহিয়েও ৰিয়াৰ মাতষাৰ শুনি ফুৰ্তি পালে"মা, তোমাক বিচাৰি পালোঁ মই। সোনকালে মোৰ ওচৰলৈ আহা মই বাহিৰলৈ যাওঁ।"

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages