কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬২ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, October 4, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬২ ) ? Assamese Storyboard

Assamese Storyboard

 

তাত উপস্থিত থকা সকলো পৰিয়ালৰ লোকে ৰিয়াৰ ফালে যে তাই কি সিদ্ধান্ত লয়। ইফালে অফিচৰ কৰ্মচাৰী সকল আচৰিত হল যে এইবোৰ কি হৈছেAssamese Storyboard )? তেওঁলোকৰ চি ,ই,ও জনে এজন সাধাৰণ কৰ্মচাৰীৰ ওচৰত আঠুকাঢ়ি কিয় ক্ষমা বিচাৰিছে?

ৰিয়াৰ দুচকুৰে চকুলো বৈ আহিল। ৰোহিয়েও এবাৰ মাকৰ ফালে আৰু এবাৰ দেউতাকৰ ফালে চালে। ৰিয়াই ৰিংকুক উঠাই ৰোহিক তাৰ কোলাত দি কল্পনাৰ ওচৰলৈ আহিল,"  মা মই পুনৰ বিয়া কৰাবলৈ সাজু আছোঁ।" তাইৰ কথাবোৰ শুনি কল্পনাৰ লগতে ঘৰৰ সকলোৱে মনত ফুৰ্তি পালে কিন্তু ৰিংকুয়ে একো বুজি নাপালে। সি মাত্ৰ এইটোৱেই বুজি পালে যে,"ৰিয়াই পুনৰ বিয়া হব খোজে । তাৰমানে তাই মোক ক্ষমা কৰা নাই আৰু এতিয়া চিৰদিনৰ বাবে মোৰ পৰা আঁতৰি যাব বিচাৰিছে।"

কথাবোৰ ভাবি তাৰ মনটো উদাস হৈ পৰিল।  সি কি কৰিব একো বুজি নাপালে। সি ৰোহিক মাকৰ কোলাত দি ৰিয়াৰ হাতত ধৰি বাহিৰলৈ ওলাই গল। ৰিয়াই কৈ থাকিল,"ৰিংকু দা ৰব, মোৰ হাতখন এৰি দিয়ক। এনেদৰে মোক কত লৈ গৈছে? চাওঁকচোন সকলোৱে আমাৰ ফালেই চাই আছে।"

কিন্তু ৰিংকুয়ে এইবোৰ কথাত অলপো গুৰুত্ব নিদিলে। তাৰ কাণত কেৱল  ৰিয়াই পুনৰ বিয়া হব খোজা কথাটোৱেই গুজৰী আছিল। সি খঙত কলে," কোনে কি ভাবে ভাবিব দিয়া মোৰ একো ক্ষতি নহয়। তুমি মাত্ৰ মোৰ লগত আহা" সি ৰিয়াক কোলাত দাঙি হোটেলৰ টেৰেচৰ ফালে গুচি গল।

সি যোৱাৰ পাছতেই বেদান্ত আৰু উৰ্মিয়ে হাঁহি দিলে,"আকৌ দাদাই সম্পূৰ্ণ কথাটো নুশুনিলে। এইবাৰ ভগৱানে বছাওক তেওঁক ৰিয়াৰ পৰা"


ইফালে অফিচৰ কৰ্মচাৰী সকলৰ উৎসুকতা বাঢ়ি গৈছিল। তেতিয়া ৰুদ্ৰই মাইকটো লৈ অফিচৰ কৰ্মচাৰী সকলক অলপ কঠিন সুৰত কলে ,"মই কিবা কোৱাৰ আগতে আপোনালোকে এই ফটোবোৰত এবাৰ চকু ফুৰাই চাওক।" সকলোৱে সন্মুখত প্ৰজেক্টৰত ওলোৱা ফটোবোৰ দেখি আচৰিত হল। তাৰ তেওঁলোকৰ ৰিংকু ছাৰ আৰু তৃষ্ণা দৰা আৰু কইনাৰ সাজত আছিল। সকলো স্থিৰ হৈ ৰল। তেওঁলোকে পাতিব ধৰিলে,' তাৰমানে তৃষ্ণা ৰিংকু ছাৰৰ পত্নী হয়। হে ভগবান আমাৰ দ্বাৰা কিমান ডাঙৰ ভুল হৈ গল।

তেতিয়াই ৰুদ্ৰৰ খঙেৰে ভৰা মাতষাৰ আহিল,"ময়ো শুনিছোঁ মোৰ অনুপস্থিতিত অফিচৰ কামৰ বাদেও আপোনালোকে আৰু এটা প্ৰজেক্টত কাম কৰিছে তৃষ্ণা আৰু ৰিংকু ছাৰৰ সম্পৰ্কটোৰ ওপৰত। আপোনালোকে এইবোৰৰ সলনি নিজৰ কামত মনোযোগ দিলে বেছি ভাল হয়। এতিয়া হয়তো আপোনালোকৰ জিজ্ঞাসা শান্ত হল যে তৃষ্ণাৰ ৰিংকু ছাৰৰ লগত কি সম্পৰ্ক আছে। আৰু মিছ প্ৰিয়া তুমি যি তৃষ্ণাক বদনাম কৰিবলৈ ইমান কষ্ট কৰিলা সেইবোৰ কষ্ট যদি তুমি নিজৰ কামত কৰিলা হয় তেন্তে মোৰ নতুন প্ৰজেক্টত তোমাৰ ডিজাইন পছন্দ কৰিলোঁ হয়। কিন্তু এতিয়া তুমি এই চাকৰিটো কৰিব পাৰিবা নে নাই মোৰ সন্দেহ আছে। কিয়নো ইয়াৰ ওপৰত যি সিদ্ধান্ত লব সেইয়া কেৱল তৃষ্ণা বাইদেউৱে লব।"Assamese Storyboard )


প্ৰিয়াৰ ভয়তে অৱস্থা বেয়া হৈ গল। অফিচৰ বাকীবোৰ কৰ্মচাৰীৰ মাজতো নীৰৱতাই বিৰাজ কৰিলে। এতিয়া তেওঁলোকে কি কব বুজি পোৱা নাছিল। সকলোৱে লাজত চকু তল কৰিলে। কিছুসময় পিছত আহাৰ গ্ৰহণ কৰি সকলোৱে নিজৰ নিজৰ ঘৰলৈ গল। বেদান্তই বাকীবোৰ পৰিয়ালৰ লোককো সিহঁত দুয়োৰে অপেক্ষা ত ৰবলৈ  মানা কৰি ঘৰলৈ গুচি গল। তাৰ বিশ্বাস আছিল যে হয়তো এতিয়া সকলো ঠিক হৈ যাব। 

ইফালে ৰিংকুয়ে ৰিয়াক লগত লৈ টেৰেছত উপস্থিত হল। সম্পূৰ্ণ টেৰেছ তো ৰঙা বেলুন আৰু মমবাতিৰে সজাই থোৱা আছিল। ৰিয়াই এই সকলোবোৰ দেখি আচৰিত হৈ গল। ইফালে ৰিংকু আচৰিত হৈছিল ৰিয়াই পুনৰ বিয়াত বহাৰ কথাত । সি ৰিয়াক চাই ৰৈছিল। সি খঙত ৰিয়াক কলে," তেন্তে তুমি পুনৰ বিয়াত বহিবলৈ সিদ্ধান্ত লৈছা?"

ৰিয়াই তাৰ কথা কোৱাৰ সুৰত বুজি পোৱা নাছিল আচলতে সি কি কব বিচাৰিছে। তাই ফুৰ্তিত কলে,"তেন্তে ইয়াত সমস্যা কি?"

ৰিংকুয়ে তাইক এনেদৰে ফুৰ্তিত দেখি অভিমানেৰে তাইৰ চুলিকোছা মেলি দিলে। ৰিয়াৰ চুলি কোচা খোল খাই তাইৰ পিঠিটো ঢাকি দিলে। লগতে তাই শিৰত লগাই থকা সেন্দুৰ জিলিকি উঠিল।

"তুমি পুনৰ বিয়া হোৱাৰ কথা ভাবিছা যেতিয়া মোৰ নামৰ সেন্দুৰ কিয় লগাই আছা?" আৰু সি নিজৰ পকেটৰ পৰা মঙ্গলসূত্ৰ ডাল উলিয়াই তাইক পিন্ধাই দিলে "এতিয়াও তুমি মোক এৰি যাব বিচাৰিচা? ৰিয়া প্লিজ এনেকুৱা নকৰিবা, প্লিজ আকৌ বিয়া হোৱাৰ কথা নাভাবিবা। তোমাৰ বিয়া মোৰ লগত হৈ যোৱাৰ পাছতো তুমি কিয় আকৌ বিয়া হব খুজিছা? চোৱা, এতিয়া তো আমাৰ ইমান মৰম লগা এজনী ছোৱালী ৰোহি আছে। ৰোহিয়ে আৰু কোনোবা পাপা পছন্দ কৰিবনে? নকৰে নহয় জানো?  মই কথা দিছোঁ তোমাক আৰু ৰোহিক বহুত সুখত ৰাখিম। তোমাৰ সকলো কথা শুনিম, তুমি যি কোৱা তাকেই কৰিম। কেতিয়াও তোমাৰ ওপৰত খং নকৰো। প্লিজ ৰিয়া আকৌ বিয়াৰ কথা নাভাবিবা , মই তোমাৰ অবিহনে থাকিব নোৱাৰিম।" সি উদাস মনেৰে কলে।

ৰিয়াই এইবাৰ বুজি পালে যে আচলতে ৰিংকুয়ে তাই বেলেগৰ লগত বিয়াত বহিব বুলি ভাবিছে। তাই মিচিকিয়াই ৰিংকুৰ ওচৰলৈ আহিলে আৰু চকুত চকু থৈ  কলে,"  অ মই আকৌ বিয়া হব খোজো, আপুনি ৰোহিৰ চিন্তা কৰিব নালাগে। তাই এইজন পাপাকো বহুত পছন্দ কৰে। আৰু আমাৰ ঘৰৰ সকলোৱে তেওঁক পছন্দ কৰে।"

এইবাৰ ৰিংকু কন্দামুৱা হল,"ৰিয়া, গোটেই ঘৰৰ মানুহে সেই লৰাজনক পছন্দ কৰিছে নে? তেওঁ সঁচাকৈয়ে ইমান ভাল নে?"

ৰিয়া:  হয় বহুত বেছি। আপুনি লগ পাব বিচাৰে নেকি তেওঁক?

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages