শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ১) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 31, 2021

শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ১) : Assamese Storyboard

Assamese Storyboard



অষ্ট্ৰেলিয়াৰ মেলবোর্ন চহৰৰ  সুউচ্চ অট্টালিকা এটাৰ পঞ্চম মহলাৰ বেলকনিৰ  ৰেলিঙত আউজি স্বপ্ননীলে দূৰলৈ চাই পঠালে । হেজাৰ লাইটৰ আলোকেৰে আলোকিত ৰাতিৰ মেলবোর্ন চহৰ । হঠাতে নিজকে বহুত অকলশৰীয়া লাগি গল  তাৰ । জুবিনৰ গানটোলৈ মনত পৰিল  । জন অৰণ্যৰ মাজতো আজি তই অকলশৰীয়া । অষ্ট্ৰেলিয়াৰ দৰে এখন ডাঙৰ দেশত, অযুত মানুহৰ মাজতো সি সঁচাকৈ  অকলশৰীয়া । বুকুভৰি নামি আহিল তাৰ এক সুদীৰ্ঘ নিশ্বাস। Assamese Storyboard )


কৰ্পৰেট জগতৰ এক উচ্চ পদবীত অধিষ্ঠিত , জীৱনৰ সকলো সফলতা,প্ৰাপ্তিৰ পিছতো বুকুৰ মাজত যি দুখবোধ,  হাহাকাৰ ,শূন্যতা  কঢ়িয়াই ফুৰিব লগা হয় তাৰ নামেইটো শব্দময়ী ।যি শব্দময়ীয়ে এদিন মিঠা মিঠা শব্দৰে মুখৰিত কৰি তুলিছিল তাৰ পৃথিৱী ।আজি শব্দময়ী অবিহনে বিষাদৰ শীতল মৌনতাই তাৰ বুকুৰ কোঠালিত জাল গুঠি পেলাইছে । এক যন্ত্ৰণাত  ছটফটাই থকাৰ বাহিৰে তাৰ আৰু উপাই নাই । ভাগৰুৱা মানুহৰ দৰে সি এন্ধাৰ বেলকনিৰ চকী এখনত বহি পৰিল । চকুযুৰী মুদি দিলে স্বপ্ননীলে । বন্ধ দুচকুত ভাহি উঠিল শব্দময়ীৰ আলফুল মুখ।


সেইয়া দুৰ্গা পূজাৰ বতৰ । অইন বাৰৰ দৰে স্বপ্ননীলে পূজাৰ বন্ধত ঘৰলৈ নগল । হোষ্টেলতে থাকি বন্ধু নিৰ্বাণৰ সতে গুৱাহাটীতে পূজা চাবলৈ ঠিক কৰিলে । অষ্টমীৰ দিনা সি আৰু নিৰ্বাণ বাৰোৱাৰী পূজা মণ্ডপৰ পূজা চাবলৈ গৈছিল । অসংখ্য মানুহৰ ভিৰ ঠেলি সি প্ৰতিমাৰ সন্মুখ পাইছিল । দেৱীক প্ৰণাম কৰি ঘূৰিবলৈ খুজি দুভৰি ৰৈ গৈছিল তাৰ । 

 

চকু মুদি মা দুৰ্গাদেৱীক প্ৰণাম কৰি আছে ছোৱালী এজনী ।মেলি থোৱা দীঘল কেঁকোৰা চুলি । ধেনুভিৰিয়া চেলাউৰি, গুলপীয়া ওঁঠ , কপালত ৰঙা ফোট ,ৰঙা শাৰী পৰিধান কৰি থিয় হৈ থকা ছোৱালীজনী যেন ছোৱালী নহয় । এইমাত্ৰ সৰগৰ পৰা নামি অহা কোনো দেৱকন্যা। Assamese Storyboard ) হঠাতে চকু মেলি সন্মুখত তাক দেখি ছোৱালীজনী থতমত খাই উঠিল । তাইৰ কাজল সনা ঘন চকুজুৰি লাজত তললৈ নমাই তাই খৰ খেদাকৈ তাৰ পৰা আঁতৰি গল । উচপিচাই উঠিল সি । যেন সপোনত ঘটি গল ঘটনাটো । ছোৱালীজনীক আকৌ এবাৰ চাবলৈ সি আকুল হৈ উঠিল । ইফালে সিফালে সি বহুত বিচাৰিলে  । নাই জনসুমদ্রত হেৰাই থাকিল ছোৱালীজনী ।


পূজাৰ বন্ধ শেষ হোৱাৰ পিছত আকৌ আৰম্ভ হল কলেজ । হঠাতে এদিন স্বপ্ননীলৰ অনুভৱ হল তাৰ সুশৃংখল জীৱনটো যেন কৰবাত আউল লাগি গল । কতোৱেই মন নবহে তাৰ ।কিতাপ মেলিলেও সমুখত পূজাৰ মণ্ডপত দেখা ছোৱালীজনীৰ কাজল সনা চকুজুৰি ভাহি উঠে ।সি বুজি নাপালে কেনেকৈ তাৰ মনৰ মাজত ৰৈ গল ছোৱালী জনীৰ  আলফুল মুখ । কেনেকৈ প্ৰথম দৃষ্টিতে কাৰোবাক ইমান ভাল লাগি যাব পাৰে ।


তাৰ ভাল লগা ইমানেই তীব্ৰতৰ হৈ পৰিল যে চিটি বাছৰ ভিতৰত, ৰাস্তাত, পাৰ্কত ,বজাৰৰ ভীৰৰ মাজত তাৰ দু চকুৱে ছোৱালীজনীকে বিচাৰি থকা হল । কৰবাত নহয় কৰবাত তাইক আকৌ এবাৰ লগ পাবলৈ তাৰ মনতো উত্ৰাবল হৈ থাকিল ।.....


আগলৈ..........

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages