আজি দেওবাৰ। মানসীৰ মাকৰ ঘৰৰ ওচৰত থকা মন্দিৰভাগত শৰাই দিয়াৰ দিন। সকলো প্ৰায় যাবলৈ সাজু হৈছেই কাৰণ ন বাজি গ'লেই। দহবজাৰ আগতে পাবগৈ লাগিব। সময়ৰো কথা আছে।( Assamese Storyboard )
কাৰণ শৰাই এখন দিওঁতে বহুতো কাম থাকে। তাতে আকৌ মানসীৰ ঘৰতো সোমাব লাগিব। গতিকে এতিয়া দেৰি কৰি থাকি লাভ নাই। যিমান পাৰি সোনকালে কামবোৰ শেষ কৰি ওলাই যাব লাগে।
ৰক্তিমে কালিয়েই মানসীয়ে কোৱা ধৰণেৰে সকলো বস্তু আনি থৈছে। বুট মাহৰ পৰা আদি কৰি ফল-মূল,ধূপ তেল সকলোবোৰেই সি আনিছে। আনকি তাই পিন্ধি যাবলৈ এযোৰ ধুনীয়া চাদৰ মেখেলাও আনিছে।
কিন্তু চিলাবলৈ সময়ৰ অভাৱ হোৱা হেতুকে তাই পিন্ধি যাব নোৱাৰে কাপোৰযোৰ।
কিন্তু সি নিপিন্ধিলেও বেয়া পাব। বহুত মৰমেৰে তাইলৈ বুলি আনিছে।
মুখেৰে একো নক'লেও যে ভিতৰি ভিতৰি মনটো গোমোঠা হৈ থাকিব সেই কথা তাই ভালদৰেই জানে।
সেয়ে তাই চাদৰখন পিন্ধি যাম বুলি উলিয়াই থৈছে।
বগা ৰঙৰ কাপোৰযোৰ। গুলপীয়া ৰঙৰ মিহি মিহি ফুলেৰে আৱৰি আছে চাদৰখন।
এখন সাধাৰণ চাদৰৰে সৈতে এযোৰ সাধাৰণ কাপোৰ সি তাইক উপহাৰ দিছে।
কাপোৰযোৰ সাধাৰণ হ'ব পাৰে। কিন্তু মৰমবোৰ!
মৰমবোৰ জানো সাধাৰণ হ'ব পাৰে? কেতিয়াও নোৱাৰে।
ই সদায় অসাধাৰণ মৰমৰ গৰাকীৰ বাবে। হিয়াত থকা সেই নদীখনৰ বাবে। আৰু তাৰ প্ৰৱাহৰ বাবে।
মানসীৰ বাবেও অসাধাৰণ এই মৰম আৰু এই কাপোযোৰ।
ৰক্তিমলৈও তাই ধূতি পায়জামা আৰু গামোছা উলিয়াই থৈছে। আৰু তাক ইস্ত্ৰী কৰি ল'বলৈ কৈছে।
সকলোবোৰ কাম কৰি শহৰেক আৰু শাহুয়েকৰ সৈতে গাখীৰ চাহ একাপ খাই ৰক্তিমলৈ ক'ফি একাপ হাততে লৈ মানসী সিহঁতৰ কোঠালৈ আহে।
:ঈয়ৰ ক'ফি।
ক'ফিকাপ আগবঢ়াই দিয়ে তালৈ।
:থেংইউ।
সি ক'ফিকাপ লৈ বিছনাখনৰ কেবিনটোৰ ওপৰতে কাপটো থয়।
:তোমাৰ ইস্ত্ৰী কৰি হোৱাই নাই নে?
:হ'ল। মাত্ৰ গামোছাখন আছে।
:অ'কে জল্ডি জল্ডি হাত চলোৱা। গা ধুবলৈ আছেই তোমাৰ। তাৰ পাছত কাপোৰ পিন্ধা উফফ্ দহটা বাজি যাবই ইয়াতে।
:ৰিলেস্ক। মোক তোমাৰ নিচিনা পাইছা নেকি? তোমাৰ হে ঘন্টা ঘন্টা লাগে ৰেডি হওঁতে।
:ঠিক হে। এতিয়া যোৱা।
তাইৰ কথাত সন্মতি জনাই সি গা ধুবলৈ যায়।
তাইয়ো সকলোবোৰ বস্তু লোৱা হ'লনে নাই বুলি মোনাকেইটা আকৌ এবাৰ চায়।
"পাৰফেক্ট।"
তাৰ মানে সকলোবোৰ বস্তু তাই ঠিকেই লৈছে। এতিয়া আৰু বিশেষ চিন্তা নাই।
এতিয়া খালি ওলাই মেলি যাবহে লাগে। কিন্তু যোনে লৈ যাব সি দেখোন এতিয়াও বাথৰুমৰ ভিতৰতে আছে।
তাৰ পিছত গা মুচি বাহিৰলৈ আহক। কাপোৰ পিন্ধক।
চেন্ট লগাওঁক। জেল ধহক। আকৌ নিজকে হেনচাম লাগিছেনে নাই বুলি তিনি চাৰিবাৰ মান আইনাত নিজকে চাওঁক।
"মুঠতে আজি আৰু হৈছে।"
তাই মনতে ভাবে। আৰু কোঠাটোৰ পৰা ওলাই আহে।
:মা আপোনালোকৰ হ'লনে?
:মোৰ হ'ল বোৱাৰী তোমাৰ শাহুয়েৰাৰহে বাকী।
তাইৰ মাত শুনি শহৰেক বাহিৰলৈ ওলাই আহি কয়।
:তুমি দেখোন ওলোৱায়েই নাই!
:মই ওলাওয়েই আৰু। আপোনালোকৰ হ'লনে নাই চাবলৈ আহিছিলোঁ।
:বাৰু মাৰাৰো হ'বই এতিয়া তুমি যোৱা ওলোৱাগৈ। ইয়াৰ হ'লনে নাই?
:কাপোৰ পিন্ধি আছে।
মিছা মাতিলে তাই শহৰেকক। কাৰণ তাই নোলাওতেই খং কৰিছে তেওঁ আনফালে পুতেকে গা ধুই অহাই নাই বুলি ক'লে আৰু কি কৰে ঠিক নাই।
সেয়ে মিছা মতাকে শ্ৰেয় বুলি ভাবি তাই মাতি দিয়ে।
শহুৰেকৰ ওচৰৰ পৰা আহি তাই আকৌ ৰুমত সোমাই।
কিন্তু ৰুমত সোমায়েই তাই আচৰিত হৈ পৰে। নপৰিব!
যিটো মানুহৰ গা ধুই আহোঁতে আধাঘন্টা লাগে সেইজন মানুহে যেতিয়া দহমিনিটত গা ধুই আহি কাপোৰ-কানি পিন্ধা আইনাত সন্মুখত ৰখি থাকে আচৰিতটো হ'বই সকলো।
:আৰে তুমি দেখোন ওলোৱায়েই নাই। মোৰ হয়ো গ'ল।
হয় সম্পূৰ্ণ ৰেডি সি। পাতল ৰঙা ৰঙৰ পায়জামাটোৰ ওপৰত সি লোৱা পাটৰ গামোছা খনে তাক এজন সুদৰ্শন পুৰুষৰ দৰেই লাগিছে। মুখত এটি মিচিকিয়া হাঁহি। সেই ওঁঠযোৰ, সেই দাড়িকোছা।
আসস্ বৰ আমনি কৰে মানসীক।
"ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে মানুহ?"
তাই ৰক্তিমৰ তললৈ চালে।এখন শুধবগা ধূতি। আজি প্ৰথমবাৰ তাই তাক ধূতি পিন্ধা দেখিছে। ভালো লাগিছে।
ধুনীয়াকৈ এটা বিশেষ ভাঁজত পোন মাৰি ধূতিখন পিন্ধিছে সি।
অকণো হলৌমলৌ হোৱা নাই। হোৱা নাই অকণো হেৰফেৰ।( Assamese Storyboard )
খোজ কাঢ়োতেও যাতে অলপো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ভাৱে পিন্ধিছে সি ধূতিখন।
:তুমি চুৰীয়া পিন্ধিবও জানা!
তাই তাক জোকোৱাৰ সুৰত কয়।
:অ'। বিশ্বাস হোৱা নাই?
:হৈছে। ইমান ধুনীয়াকৈ পিন্ধিছা মই বোলো কোনোবাই পিন্ধাই দিছে নেকি?
:কোনে পিন্ধাই দিব মোক?
তাই উত্তৰবিহীন হৈ পৰিল। হয়তো কোনেনো পিন্ধাই দিব তাক ধূতিখন? তায়ো যে আৰু! তেনেকুৱাটো কোনো মানুহ নাই।
ৰক্তিমৰ বাপেকেও ধূতি পিন্ধিছে যদিও ৰক্তিমৰ নিচিনা হোৱা নাই। মানে প্ৰচেচটো অকণোৱেই নাই মিলা।
:সেইবোৰ বাদ দিয়া। এতিয়ালৈকে ওলোৱা নাই কিয় তুমি?
তাৰ কথাকেইটা শুনি খৰখেদাকৈ তাই থোৱা কাপোৰকেইটা ওচৰলৈ আহি "মই ওলাৱেই আৰু" বুলি কৈ চাদৰখন মেলি দিয়ে।
বিছনাত চাদৰখন পাৰি ধুনীয়াকৈ জাপি লয়। পিং এটা মাৰি চাদৰখন ধুনীয়াকৈ জাপি থৈ মেখেলাখন হাতত তুলি লয়।
:তুমি যোৱা মই কাপোৰ সলাও।
:মই থাকিলে কিবা অসুবিধা হয় নেকি?
"কিযে নহয় মানে ভাল আপদ এইবোৰ। শান্তি নাই কাপোৰ এটা পিন্ধাও।" তাৰ কথাত তাই মুখতে ভোৰভোৰায়।
সি একো নকৈ তাইৰ থুতৰিটোত চিকুট এটা মাৰি এটা হাঁহিৰে সৈতে ওলাই যায়।
:সোনকাল কৰা দেৰি হৈছে।
"এৰা বহুত দেৰি হৈছে। মাহঁত চাগৈ ৰখি আছে। ফোন এটাকে কৰোঁ নেকি? নাই এতিয়া ফোন কৰি থাকিলে আৰু হে দেৰি হ'ব। তাতকৈ মই সোনকালে ওলাই যাওঁ। গাড়ীতে লাগিলে কথা পাতিম।" এইবুলি ভাবি তাই কাপোৰ যোৰ পিন্ধি ল'লে।
কাপোৰ পিন্ধি হোৱাৰ পিছত তাই ড্ৰেচিঙৰ আগত বহে।
মেকআপৰ বক্সটো খুলি লয়।
ধুনীয়া এফালৰ পৰা সকলোবোৰ প্ৰসাধন ঘঁহে তাই।
"ওহ হ'ল এতিয়া আৰু খোপাটো বান্ধিলেই হৈ গ'ল।"
মনতে কথাষাৰ ভাবি তাই মেকআপৰ বাকচটো জপাই থয়। আৰু কেপেনাডাল লৈ খোপাটো বান্ধে।
এনেতে আকৌ ৰক্তিমো ৰুমলৈ সোমাই আহে।
:হ'লনে তোমাৰ দহ বাজি গ'ল কিন্তু!
:উমম্ হ'ল দিয়া ব'লা।
তাই তাৰ কাষলৈ আগুৱাই আহে।
:এয়া হ'ল তোমাৰ!
:কি থাকিলনো?
তাই মুখত চিন্তাৰ ৰেখা অংকিত হয়।
"কিবা পিন্ধবলৈ থাকিল নেকি বাৰু?"
মনতে ভাবে তাই।
সি তাইৰ বাহুটোত ধৰি আইনাখনৰ সন্মুখলৈ ঘূৰাই দিয়ে।
:একো জুয়েলাৰী দেখোন পিন্ধাই নাই তুমি!
হয়তো...পাহৰিলেই তাই গহনা পিন্ধিবলৈ।
আনফালে গহনাখিনি ড্ৰেচিঙতে থম থম থম মদন গোপাল হৈ পৰি আছে।
অথনি তায়েই উলিয়াই থৈছিল।
"ছেঃ চকুৰ আগতে থাকোঁতেওনো দেখা পাব নালাগেনে মই??"
নিজৰ ওপৰতে খং উঠে তাইৰ। আকৌ খৰধৰকৈ তাই ড্ৰেচিঙখনৰ ওচৰলৈ গৈ চেইনডাল পিন্ধো বুলি ল'বলৈ ধৰোতেই ৰক্তিমে তাইৰ হাতখন থাপ মাৰি ধৰে।
:চাওঁ দিয়া মই পিন্ধাই দিম।
কথাষাৰ কৈয়ে সি হাতেকামে লাগি যায়। অকণমানো পলম নকৰাকৈ।
এপদ এপদকৈ সকলোবোৰ গহনা তাইক পিন্ধাই সি।
ডিঙিত চেইন, হাতত খাৰু, আঙুঠি...সকলো।
:এতিয়াহে পাৰফেক্ট হৈছে। আজি তোমাক দেখি কিন্তু ভগৱানো বলীয়া হৈ যাব দেই। হা হা।
সি হাঁহে। কিন্তু তাইৰ চকুত সামান্য অভিমান আৰু খঙৰ সংমিশ্ৰণ পৰে।
"তেওঁ যেন একেবাৰে বেয়া হৈহে ওলাইছে। কেইজনীৰ যে চকু বিষাব তাৰটো কোনো হিচাব নাই।"
:কি কৈছা মোৰ বিষয়ে তুমি মুখত? যি কৈছা খোলাকৈ কোৱা।
তাৰ অৰ্ডাৰ যেন তাই মানিবহে। সি ক'লে বুলিয়েই তাই ক'ব নেকি তাইৰ মনতে কি কৈছে!
:নাই মই এইটোৱেই কৈছোঁ যে আনক শিক্ষা দিয়াৰ আগতে মানুহে অকণ নিজেও অধ্যয়ন কৰিব লাগে।
:মানে?
তাৰ কথা উত্তৰ নিদি তাই গদডেজটোৰ ওচৰলৈ গৈ সেইটো খোলে। আৰু তাৰ তাৰ পাৰ্চটো, ঘড়ীটো, ৰুমালখন উলিয়াই আনি আনি তাক দিয়ে।
:অহ মোৰ মনৰ পৰা চিলিপ হৈ গৈছিল। থেংক ইউ ভেৰি মাচ্ছ জান।
:অলওজেই ওয়েলকাম।
পাৰ্চটো আৰু ৰুমালখন সি তাৰ পায়জামাটোৰ পকেটত ভৰাই লয় আৰু ঘড়ীটো হাতত পিন্ধি লয়।
:ব'লা এতিয়া।
মানসী বাহিৰলৈ ওলাই আহে।
মোনা দুটা লৈ সিও তাইৰ পিছতে ওলাই আহে।
:বৰ দেৰি কৰিলা দেখোন মানসী?
প্ৰশ্নবোধক চাৱনিৰে শাহুয়েকে তাইলৈ চায়।
:ছৰী মা ওলাওতে দেৰি হৈ গ'ল।
:একো নাই। বহুত ধুনীয়া লাগিছে দেই আজি তোমাক।
তাই মূৰটো দুপিয়াই।
ৰক্তিমে ডিগিত মোনাকেইটা ভৰাই ডিগিটো জপাই দিয়ে।
:আহা আকৌ গাড়ীত বহাহি।
তাৰ মাত শুনি সকলো গৈ গাড়ীত বহিল।
মানসীয়ে শাহুয়েকৰ লগত পিছত বহিবলৈ লৈছিল যদিও সেয়া দেখি শহৰেকে তাইক বাধা দিয়ে।
:আৰে বোৱাৰী তুমি আগৰ চিটত বহা মই বহিম মাৰাৰ লগত।
শহৰেকৰ কথা শুনি তাই ৰক্তিমৰ কাষৰ চিটতোত বহে।
তাকে দেখি সি সামান্য হাঁহে।
যেন তাৰ এটা আশা পূৰণ হ'ল।
চানগ্লাচ যোৰ চকুত লগাই সি গাড়ীখন ষ্টাৰ্ট দি আগুৱাই নিয়ে।
*সমাপ্ত*
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Story r ending e nai sun
ReplyDelete