ৰক্তিমে তাইক দাঙি নি একেবাৰে সিহঁতৰ কোঠা পালেগৈ।
"হাৰে হাৰে এনেকৈ লৈ আনিলা যে?"
"ৰখা কৈ আছোঁ।"( Assamese Storyboard )
তাইক বিছনাত লাহেকৈ নমাই সি দৰজাৰ লকটো লগাই দিয়ে। 'খট্'কৈ এটা শব্দ হয়। মানসী উচপ খোৱাৰ দৰে হয়।
: দৰজাখন আকৌ কিয় মাৰিলা? মায়ে মোক চাহ বনাবলৈ কৈ থৈ গৈছে। আহি চাহ নাপালে মোক বেয়া পাব।
: আৰু মই...। মোৰ বাবে তোমাৰ হাততটো সময় নথকাৰ দৰেই হৈছে।
: কি? আজিৰ দিনটো তেন্তে মই বেলেগৰ লগতহে কটালোঁ।
: আজি জানো আমি মোৰ অতীতৰ কথাৰ বাহিৰে কিবা কথা পাতিব পাৰিলোঁ।
: অহহ্ সেইটো অৱশ্যে হয়।
: উমম্ গতিকে...
লাহে লাহে সি তাইৰ কাষলৈ চাপি আহে।
এছাতি বতাহ বলিবলৈ ধৰে।একেজাক বতাহেই যিজাক বতাহে অলপ আগতে খিৰিকীৰ ফাঁকেৰে মানসীক আমনি কৰিছিল। আৰু এতিয়াও কৰিছে। এইটো ঠিক আমনি নহয়। নহয় দিগদাৰ। ইয়াতো আছে কিছু প্ৰশান্তি।
"অ' নৌঅ' মই পাকঘৰৰ খিৰিকীখন মাৰিবলৈ পাহৰিলোঁ।" মানসীয়ে মনতে ভোৰভোৰাই।
: মোক কিবা কৈছা?
কাষলৈ আহি থকা ৰক্তিমে তাইৰ ওঁঠৰ ভোৰভোৰনি শুনি কয়।
: নাই মানে মই কিটচেনৰ খিৰিকীখন জপাবলৈ পাহৰিলোঁ।
: একো নহয় সেইখন ভাৰত আৰু বাংলাদেশৰ মাজৰ ব'ৰ্ডাৰ নহয় নহয়।
: ফিৰ ভী।
আৰু একো ক'বলৈ সুযোগ নিদি সি তাইৰ গালত এটা চুমা আঁকি দিয়ে। লাজতে মানসীৰ নাকৰ পাহিদুটা ফুলি উঠে। ৰঙা হৈ পৰে। একোৱেই ভ্ৰূ পোৱা নাই তাই কি হ'বলৈ গৈ আছে।
ৰক্তিমে জানে আৰু খুব বেছি এমাহৰ পিছত সি কেতিয়াও মানসীক লগ কৰিব নোৱাৰে। সময় পাৰ কৰিব নোৱাৰে আৰু সিহঁতে একেলগে। সেয়ে এইকেইটা দিনতে সি তাইক সকলো সুখ আনি তাইৰ চৰণত পেলাই দিব বিচাৰে।
জীয়াই থকা দিনকেইটাত সি তাইৰ মুখত কেৱল হাঁহি চাব বিচাৰে।
তাৰ বাবে সি এতিয়া সকলো কৰিবলৈ প্ৰস্তুত।
লাগিলে সি চিঙি আনিব আকাশৰ তৰাটো। হিমালয়ৰ ওখালয়তো যদি তাই ভালপোৱা কিবা বস্তু আছে তেন্তে সি এতিয়া তাকো লৈ আনিবলৈ সম্পূৰ্ণ প্ৰস্তুত।
কেৱল তাই হাঁহি থাকক। সুখত থাকক তাই।
: আজি মহাশয়ক বহুত ৰোমান্টিক যেন লাগিছে!!
: কিনো ক'বা আৰু! ইমান ধুনীয়া পত্নী থাকিলে ৰোমান্টিক নহৈ পাৰিনে?
: বহুত বহুত চুখৰিয়া।
: বহুত বহুত ৱেলকাম।
"হি হি" দুয়োৱে খিলখিলকৈ হাঁহে। মন গৈছে ৰক্তিমৰ আজি ধৰি ৰাখিব এই হাঁহিটোক। যেন ইয়াক ধৰি বান্ধি মোনা এটাত ভৰাই থ'ব। আৰু যেতিয়াই মন যায় তেতিয়াই উলিয়াই চাব আৰু শান্তি লভিব। আস্ কিমান যে ভাল লাগিব!! হিচাবহীন।
: মানসী কি কৰি আছা চাহ হোৱাই নাই যে!
: গৈছোঁ মা।
মই জানিছিলোঁয়েই এনেকুৱা কিবা এটা হ'ব বুলি। চাওঁ এৰা এতিয়া। দেখিলা কেনেকৈ মায়ে মোক বেয়া পালে!
: তোমাৰ বহুত কষ্ট হয় ন' দিনটো কাম কৰি কৰি? ৰ'বা কাইলৈ মই এজনী কামকৰা ছোৱালী লৈ আনিম। তায়েই সমস্ত কাম কৰিব। তুমি নালাগে কৰিব এটাও কাম।
: তেন্তে মই কি কৰিম?
: মোৰ লগত থাকিবা। মোৰ কথা ভাবিবা।
: ঠিক হে। ৱাত এতিয়া মই যাওঁ দেই।
তাক কাষলৈ ঠেলি তাই গুছি যায় তাৰ পৰা। তাই যোৱাৰ ফালে একেথৰে চাই থাকে ৰক্তিমে।
"আজিও সময় নহ'ল তাইক অকণ মোৰ লগত ৰখাৰ। এনেকৈ হ'লে কেনেকৈ হ'ব? আৰু কেইদিন বা পাওঁ তাইৰ লগত থকাৰ? কাইলৈ এজনী কামকৰা মানুহ আনিবই লাগিব।"
ৰক্তিমে মনতে ভাবে।
মানসীয়ে খুলি থৈ যোৱা দৰজাখন আৰু অলপ বহলকৈ ঠেলি সিও বাহিৰলৈ ওলাই আহে।
তেতিয়াও বলিয়েই আছিল সেই বতাহজাক। কিন্তু বেগ কমাতকৈ লাহে লাহে বাঢ়িহে আহিছে।
"ৰাতিলৈ চাগৈ বৰষুণ আহিব।" সি নিজকে নিজে কয়।
********
প্ৰায় সন্ধিয়া ছয়টা বাজিছে। ৰক্তিম বাৰাণ্ডাৰ চোফাখনতে বহি আছে। অকণ অকণকৈ আন্ধাৰ নামিছে। পক্ষীকুল ঘৰমুৱা হৈছে। দিনটোৰ অৱসাদ দূৰ কৰি বহুলোকো নিজৰ ঘৰ অভিমুখী হৈছে।
: লোৱা।
এনেতে মানসীয়ে তালৈ চাহকাপ আগবঢ়াই দিয়ে।
সি হাতপাতি চাহকাপ লয়।
: দেউতা দেখোন এতিয়ালৈকে আহি পোৱা নাই। বতৰটোও বেয়া হৈ আহিছে।
: আহি আছে পাবহিয়ে এতিয়া। মই অলপ আগতে ফোন কৰিছিলোঁ।
"চবৰে কথা কেনেকৈ ইমান সোনকালে ভাবিব পাৰা তুমি! মোতকৈও আগতে।"
: অ' শুনা জান। তোমাৰ মায়ে পৰহিলৈ তোমালোকৰ ঘৰৰ ওচৰত থকা মন্দিৰভাগত হেনো শৰাই দিব। আমাক চবকে মাতিছে। আমিও এখন শৰাই দিম। তুমি কি কি লাগিব মোক ক'বা মই কাইলৈ লৈ আনিম।
"বাহ আজিকালি মায়ে জোঁৱায়েকক পাই মোকো পাহৰিলে মানে!"( Assamese Storyboard )
তেতিয়াহে তাইৰ মনত পৰিল এদিন যেন মাক আৰু তাই মন্দিৰলৈ যাওঁতে বাপেকে মাকক শৰাই এখন দিবলৈ কোৱাত মাকে কৈছিল দিপজ্যোতিৰ বিয়াখন ঠিক হ'লে এদিন জোঁৱায়েকৰ ঘৰৰ লগত মিলি একেলগে শৰাই দিব। মাকে আজি নিজৰ কথা ৰাখিলে।
কিন্তু তাই কেনেকৈ পাহৰিলে তাইৰ আগত এটা ডাঙৰ প্ৰশ্ন থিয় হৈ পৰিল।
: কি ভাবি আছা?
: একো নাই।
: দাদাৰ কথা!
"হে ভগৱান এইবাৰ আকৌ মই গম নোপোৱা কোনটো কথা ক'ব!!"
: কি দাদাৰ কথা?
: মই জানোয়েই তুমি যে একো নাজানা। ফোন এটা কৰিছা জানো দাদালৈ?
হয়তো ঘৰৰপৰা অহাৰ পাছত এদিনো তাই ফোন কৰা নাই ককায়েকলৈ। আনকি আজি ঘৰৰ পৰা আহোঁতে "দাদা আহিছোঁ দে" বুলিও তাই ক'বলৈ পাহৰিলে।
"মই বাৰু স্বাৰ্থপৰ হৈ পৰিছোঁ নেকি? আগতে যেতিয়া সকলোৱে মোৰ লগত বেয়া ব্যৱহাৰ কৰিছিল, ৰক্তিমে মোক ভালকৈ মাতা নাছিল তেতিয়াতো সদায় মই মা, দেউতা, দাদাক মনত পেলাইছিলোঁ আৰু আজি? আজি মই এইখন ঘৰ পাই সেইখন ঘৰক এনেদৰে পাহৰি গ'লো? এবাৰো মই ফোন কৰি কোৱা নাই কাকোকে যে 'মই ভালে আছোঁ। ইয়াত সকলোৰে ভাল।' 'তোমালোক কেনে আছা?' ছিঃ মই কেনেকৈ এনেকুৱা হ'ব পাৰোঁ? ইমান স্বাৰ্থপৰ ইমান লুভীয়া!! অ' আজিটো মায়ে ঘৰলৈ আহি ফোন কৰিবলৈ কৈছিল মই তাকো পাহৰিলোঁ।
মই বাৰু সলনি হৈছোঁ নেকি?"
মনতে ভাবিবলৈ ধৰে মানসীয়ে।
: শুনা ৰূপাংকৃতাক দাদাৰ পছন্দ হৈছে। এতিয়া তেওঁ সম্পূৰ্ণ ভাৱে বিয়া পাতিবলৈ খোজে। এইটো কথা ক'বলৈ তেওঁ তোমালৈ ইমান ফোন কৰি আছে আৰু তুমি এবাৰো ফোনটো কিয় উঠোৱা নাই?
তাৰ কথা শুনি মানসীয়ে উচুপিবলৈ ধৰে।
: জানো মই সলনি হৈছোঁ। সুখ পাই সুখী হৈ মই পাহৰি পেলাইছোঁ দুখক। যিজন দাদাই মোৰ লগত আজিলৈকে মোৰ ছাঁটোৰ দৰে লাগি আছে সেইজন দাদাকেই আজি মই ইগনৌৰ কৰিছোঁ।সময় নাইকীয়া হৈছে আজি মোৰ তাৰ বাবে। তাৰ লগত এষাৰ কথা পাতিবলৈ আজি মোৰ লগত সময় নাই।
তাইৰ কথা শুনি ৰক্তিমে চাহৰ কাপটো থৈ তাইৰ সন্মুখত থিয় হৈ এটা হাত তাইৰ কান্ধত থৈ আৰু এটা হাতৰ আঙুলিৰে তাইৰ চকুপানী খিনি মুচি দিয়ে।
"হেই পাগলীজনী। এইটো কথাতে কান্দে নেকি? তোমাৰ কামৰ বাবে তুমি আজৰি পোৱা নাই আৰু সেইবাবেই তুমি ফোন কৰিব পৰা নাই। তাতেনো কি হ'ল! এতিয়া ব'লা যি কাম আছে পিছত কৰিবা। এতিয়া ঘৰলৈ ফোন কৰি সকলোৰে লগত কথা পাতি লোৱা।"
এইবুলি কৈ সি তাইক ৰুমলৈ যাবলৈ ইংগিত দিয়ে। "তুমি কথা পাতাগৈ মই চাহকাপ খাই গৈ আছোঁ।"
তাই ৰুমলৈ গৈ মাকলৈ ফোন লগায়।
: হেল্ল' ....মা....
: অ' মানসী ক' ভালে ভালে পালিগৈনে তই?
: উমম্ মা মই কেতিয়াবাই পালোহি। কাম কৰি আছিলোঁ কাৰণে ফোন কৰিবলৈ পাহৰিলোঁ এতিয়া ৰক্তিমে কোৱাতহে মনত পৰিল।
: হয়েই এনেকুৱা বেছি কাম হ'লে। কি কৰিবি আৰু? চাহ খালি জানো!
: মা আৰু ৰক্তিমক দি আহিছোঁ। মই দেউতা আহিলে তেওঁৰ লগতে খাম।
: বাৰু পৰহিলৈ শৰাই এখন দিম বুলি ভাবিছোঁ। আমাৰ বিলৰ পাৰৰ মন্দিৰটোত। মই ৰক্তিমক কৈছিলোঁ।
: ৰক্তিমে কৈছে। আমিও এখন দিম।
: জানো। সিয়েই মোক কৈছিল। পৰহিলৈ দেওবাৰ বাবে ইয়াৰো স্কুল নাই আৰু ৰক্তিমৰো অফিচ নাই বাবে ঠিক কৰিলোঁ।
: ৰূপাংকৃতা বৌকো মাতিছানে?
: নাই মাতা। বিয়াখনৰ তাৰিখটো ঠিক হৈ লওঁক ৰহ তাৰ পিছত একেবাৰে গৈ ভৰাঁলী নামঘৰতে শৰাই এভাগ দি আহিমগৈ। তঁহতোটো বিয়াৰ পিছত ক'লৈকো যোৱাই নাই।
: নাই মা। সেইবিলাকলৈ দেখোন সময়েই মিলাব পৰা নাই। মা দাদাই হেনো মোলৈ ফোন কৰি আছিল মই গম নাপালোঁ বাবে নধৰিলোঁ তাক দিয়াছোন।
: সি নাই নহয়।
: ক'লৈ গ'ল এই সন্ধিয়াখন?
: এইবাৰ বোলে গাঁৱৰ ল'ৰাবিলাকে মিলি ৰাস পূৰ্ণিমাত "শ্ৰীকৃষ্ণৰ ৰাসলীলা", "দক্ষযজ্ঞ" ভাওনা আৰু "হেংদাং" নাটক কৰিব। মানে তিনিদিনীয়াকৈ পাতিব। তাৰে সভাপতি তোৰ ককায়েৰে। তাকে কিবা আলোচনা কৰিবলৈ নে চান্দা উঠাবলৈ গ'ল জানো।
: অ',,,, হওঁক দিয়া বহুত দিনৰ মূৰত ভালকৈ ৰাস চাবলৈ পাম।
: ৰহ কাইলৈ ভাওবোৰ ভগাব। কালি নিপাংকৰহঁত আহিছিল তোকো হেনো কিবা ভাও দিব। সাজু হৈ থাক তই।
: কিন্তু মা ইয়াত বা কি কয়? মানে মা দেউতাই??
: সেইটোৱেই মই ভাবিছোঁ বাৰু চাওঁচোন কি হয়!
: দেউতা ক'ত আছে?
: গোঁসাইঘৰত সোমাইছে।
: মা কোনোবা আহিছে শহুৰদেউতা চাগৈ মই পিছত কৰি আছোঁ হা।
: ঠিক আছে যা।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment