এনেদৰেই আঙুঠি পিন্ধোৱা পৰ্ব হাঁহি ফুৰ্তিৰে পাৰ হল। শিৱসাগৰলৈ গৈ পায় সকলো যেতিয়া ৰিয়াৰ ঘৰ পালেগৈ তাইৰ দুচকু সেমেকি উঠিল( Assamese Storyboard )। কল্পনাই আগবাঢ়ি আহি তাইক চম্ভালি কলে," তুমি গুচি যোৱাৰ পাছত ৰিংকু প্ৰতিমাহেই ইয়ালৈ আহে। সি এই ঘৰটো কিনি ললে আৰু ঘৰটো মেৰামতি কৰাই লৈ চোৱা চিতা কৰিবৰ বাবে মানুহ এজন ৰাখি থৈছে।"
বেদান্তই আগবাঢ়ি আহি ৰিয়াৰ হাতত ধৰিলে। সিহঁত আজি পুনৰ নিজৰ মাক দেউতাকৰ চোতালত থিয় হৈ আছিল। ভিতৰৰ পৰা ঘৰৰ চোতাল একেবাৰে আগৰদৰেই আছিল। মাত্ৰ ওপৰত ৰিংকুয়ে সকলোৰে বাবে ৰুম বঢ়াই দিলে। ৰিয়াই প্রতিটো বস্তু মৰমত চুই চাই সন্মুখৰ দেৱালত চালে। তাত তাইৰ মাক দেউতাকৰ এখন ডাঙৰ ফটো আছিল। তাইৰ দুচকু নিগৰি আহিল। বেদান্তইও উচুপি উঠিল। সিহঁতৰ সন্মুখত জন্মদাতাৰ ফটোত মালা ওলমি আছিল। তেওঁলোকৰ জীয়াই থকাৰ সময়ত সিহঁতে গমেই নাপালে যে তেওঁলোক তাৰ জন্মদাতা হয়। দুয়ো ভায়েক বায়েক নিজকে চম্ভালিব নোৱাৰি চিঞৰি চিঞৰি কান্দিলে। ৰিংকুয়ে আগবাঢ়ি আহি দুয়োকে সাবটি ধৰিলে। অমৰ আৰু কল্পনাইও সিহঁতক বুজালে। উৰ্মিয়ে ৰোহিক লগত লৈ বাহিৰত খেলিবলৈ গল।
কিছুসময় পাছত সকলো বেলেগ বেলেগ ৰুমত গল। ৰিয়া আৰু বেদান্তই এতিয়াও ঘৰৰ প্ৰতিতো কোণত গৈ নিজৰ লৰালিৰ স্মৃতিবোৰ সতেজ কৰিছে। ৰাতি হোৱাৰ পাছত সকলো শুবলৈ গুচি গল। কাইলৈ ৰাতিপুৱা সকলোৱে সোনকালে উঠিব লাগিব। কিয়নো কাইলৈৰ পৰা বিয়াৰ নিয়মবোৰ আৰম্ভ হব। ৰাতিপুৱা সকলো শুই উঠি গা পা ধুই মন্দিৰলৈ গল। দেৱী মাৰ চৰণত বিয়াৰ কাৰ্ড অৰ্পণ কৰাৰ পাছত দুয়ো জোৰাই পূজা কৰিলে। তাৰ পৰা সকলো ঘৰলৈ উভতিল। ঘূৰি অহালৈ বহুত দেৰি হৈছিল। পিছদিনা মাহ হালধীৰে গা ধোৱা পৰ্ব আছিল। সকলো নিয়ম ঘৰৰ ওচৰৰে হল এটাত হৈছিল কিন্তু বিয়াৰ মণ্ডপটো ঘৰৰ চোতালতেই সজা হল।
হালধি লগাবৰ বাবে ৰিয়া আৰু উৰ্মিক লৈ অহা হল। দুয়োজনী হালধীয়া শাৰীত দেখিবলৈ বৰ ধুনীয়া লাগিছিল। ইফালে পৰ্দাৰ ইটো পাৰে ৰিংকু আৰু বেদান্তকো বহুত ধুনীয়া লাগিছিল। ৰাধিকাই প্ৰথমতে ৰিয়া আৰু উৰ্মিক মাহ হালধি সানি দিলে। ৰিংকুয়েও আগবাঢ়ি আহি উৰ্মিৰ ককায়েক হিচাপে তাইক হালধি সানিলে আৰু ৰিয়াক বেদান্তই সানি দিলে। ৰিংকুয়ে উৰ্মিৰ মূৰত হাত ফুৰাই কলে," আজিৰে পৰা গোটেই জীৱনলৈ মই তোমাৰ ডাঙৰ দাদা হৈ থাকিম।" তাইৰ চকুলো নিগৰি অহাত ৰিংকুয়ে চকুলো মোহাৰি দিলে।
তাৰ পাছত সকলোৱে সিহঁতক মাহ হালধি সানি দিলে। ইফালে প্ৰিয়ম আৰু ৰুদ্ৰও আহি পালে। কিছুসময় পাছত ৰিয়াৰ বন্ধুসকল বিক্ৰম, বিতো হত আহিল। তাৰ পাছত সকলোৱে হালধি সানি লুত পুত হৈ পৰিল।
তাৰ মাজতে ৰুদ্ৰই সকলোৰে পৰা লুকাই প্ৰিয়মৰ গালত হালধি সানি দিলে আৰু তাই লাজতে তাৰ পৰা আঁতৰি আহিল। ভাগৰি পৰাৰ পাছত সকলোৱে নিজৰ নিজৰ ৰুমলৈ গুচি গল। গা পা ধুই মুকলি হোৱাৰ পাছত সিহঁত আকৌ হলত লগ পাব লগা হল।( Assamese Storyboard )
সময় কম হোৱাৰ বাবে পিছদিনাই মেহেন্দি লগোৱা পৰ্ব কৰিবলগা হল। আৰু তাৰ পিছদিনা বিয়া।
ৰিয়াই নিজৰ ৰুমলৈ গৈ ৰিংকুক আগৰে পৰা তাত উপস্থিত দেখা পালে। তাই আচৰিত হৈ কলে,"আপুনি হয়তো ভুল ৰুমত সোমাল । এইটো মোৰ ৰুম হয়।"
ৰিংকু: মই গম পাওঁ। মইতো ইয়াত মাত্ৰ হালধি লগাবলৈ আহিছিলোঁ।
ৰিয়া: এতিয়া আৰু কি হালধি লগাব আছে ? তলত সকলো হৈয়ে গল দেখোন এতিয়া।
ৰিংকু: কত হৈছে? এতিয়ালৈকে না মই তোমাক হালধি লগালো না তুমি মোক হালধি লগালা। যেতিয়ালৈকে আমি ইজনে আনজনক হালধি সানি নিদিওঁ আমাৰ এই নিয়ম কিদৰে সম্পূৰ্ণ হব?"
তাৰ কথাষাৰ শুনি ৰিয়াৰ লাজ লাগিল। ৰিংকুয়ে আগবাঢ়ি আহি প্ৰথমে তাইৰ গালত আৰু তাৰ পাছত দুবাহুত আৰু লাহেকৈ কঁকালত হালধি সানি দিয়াত তাই তাৰ বুকুৰ মাজত সোমাই পৰিল। তাৰ পাছত ৰিংকুয়ে তাইৰ হাতেৰে তাৰ গালত হালধি লগাই দি কলে," এতিয়া সম্পূৰ্ণ হল আমাৰ এই নিয়ম।"
পিছদিনা মেহেন্দি লগাবৰ বাবে দুয়োজনী কইনা পাতল সেউজীয়া ৰঙৰ সাজত আছিল। দৰা দুজনেও সিহঁতৰ লগত মিলাই একেই কাপোৰ পিন্ধিছিল। ৰিংকুয়ে ফুৰ্তি মনেৰে তাৰ হাতত মেহেন্দি লগাই আছিল কিন্তু বেদান্তই নাটক দেখুৱাই আছিল ,"মা, এইবোৰটো ছোৱালী মানুহে লগাই মোক কিয় লগাব দিছে?"
তাৰ কথা শুনি ৰোহিয়ে হাঁহি দি কলে," মামা তুমি সঁচাকৈয়ে মোৰ নিচিনা হয়। কিন্তু মইতো আজি মেহেন্দি লগাইছো। এতিয়া তুমিও ভাল লৰাৰ দৰে মেহেন্দি লগাই লোৱা।"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Very nice next part waiting
ReplyDeleteVery Nice
ReplyDelete