কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬৭ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 10, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬৭ ) ? Assamese Storyboard

Assamese Storyboard

 

 

ৰুদ্ৰই কলে," আপোনালোকে একেবাৰে চিন্তা নকৰিব। পৰহিৰ বাবে সকলো যা যোগাৰ মই কৰাই দিম। মাত্ৰ আপোনালোকে নিচিন্ত হৈ এই পলবোৰ ফুৰ্তি কৰক।"Assamese Storyboard )

ৰিংকুয়ে ৰুদ্ৰৰ কথা শুনি বহুত ফুৰ্তি পালে আৰু তাক সাবটি ধৰি কলে,"ধন্যবাদ ৰুদ্ৰ"

ৰুদ্ৰই অভিমান কৰি কলে," বন্ধুত্বত কেতিয়াৰ পৰা ছ'ৰি আৰু ধন্যবাদ হব ধৰিলে। বাৰু নিহাৰক কোনোবাই খবৰ দিলে নে নাই?"

বেদান্ত: নিহাৰ দা কাইলৈ সন্ধিয়ালৈ আহি পাব।

সকলোৱে কথা পাতি থাকোতে ৰিয়াই ৰিংকুক মাতিলে।

ৰিংকু: উম কোৱা, ইমান চিন্তাত কিয় আছা?

ৰিয়া: নাই মইতো চিন্তাত নাই।

ৰিংকুয়ে তাইৰফালে মৰমত চাই কলে," এইবোৰ মিছা কথা বেলেগক কবা , এতিয়া কোৱা কথাটো কি?"

ৰিয়া:  মই ভাবিছিলোঁ এবাৰ উৰ্মিৰ পৰিয়ালৰ লগতো কথা পাতিব লাগিছিল। মই জানো উৰ্মি এই বিষয়ত কেতিয়াও মান্তি নহব কিন্তু আমাৰটো দায়িত্ব আছে।

ৰিংকু: কথাটো তুমি ঠিকেই কৈছা। অৱশ্যে আমি উৰ্মিক সুধিলে তাই মানা কৰি দিব। তেন্তে মই নিজেই তেওঁলোকৰ লগত কথা পাতিব লাগিব।

কিছুসময় পাছত ৰিয়াই তাক উৰ্মিৰ বৰ্তাকৰ নম্বৰটো দিলে। ৰিংকুয়ে ফোন লগালে। কিছুসময় কথা পতাৰ পাছতে সি গম পালে যে তেওঁলোকৰ উৰ্মিৰ প্ৰতি কোনো গুৰুত্ব নাই। সিও উদাস মনেৰে ফোনটো ৰাখিলে। ৰিয়াই সোধাত সি কলে," পৃথিৱীত যে কিমান অজিব মানুহ থাকে ,  নিজৰ মানুহবোৰৰ প্ৰতি কোনো গুৰুত্ব নাই। তেওঁলোকে পোনে পোনে কৈ দিলে যে এইখন ঘৰত কোনো উৰ্মি নামৰ ছোৱালী নাই।"


ৰিয়াই উদাস মনেৰে কলে,"কোনো কথা নাই , আমি সকলোৱে মিলি উৰ্মিক ইমান মৰম দিম যে তাই কেতিয়াও নিজৰ পৰিয়ালৰ অভাৱ অনুভৱ নকৰে। আজিৰে পৰা আমিয়েই উৰ্মিৰ পৰিয়াল।" ৰিংকুয়েও হয়ভৰ দিলে।

 আঙুঠি পিন্ধোৱাৰ দিনা,

গোটেই ঘৰত ব্যস্ততা। ছোৱালীৰ ঘৰৰ পৰা যিসকল আছিল তেওঁলোক ৰাধিকাৰ ঘৰত আছিল। দৰা ঘৰীয়া সকল ৰিংকুৰ ফ্লেটত আছিল। ৰুদ্ৰই কোনো সময়ত ছোৱালীৰ ফালৰ পৰা আৰু কোনো সময়ত দৰা ঘৰৰ পৰা আহি যায় সেইকাৰণে সকলোৱে তাক জোকাই। পাছত গম পোৱা গল যে ছোৱালীৰ ঘৰৰ ফালৰ কোনোবা আছে যিয়ে তাৰ উশাহ বোৰ ঘন কৰি তুলিছিল।Assamese Storyboard )

সেইয়া হৈছে প্রিয়ম।  ৰিয়া আৰু উৰ্মি সাজু হৈ আছিল আৰু প্রিয়মে ৰোহিৰ দায়িত্ব গ্ৰহণ কৰিলে। ৰোহিক সাজু কৰিবৰ বাবে তাই ৰোহিৰ পিছে পিছে দৌৰি আছিল। কিন্তু ৰোহিয়ে কেৱল মাকৰ হাতৰ পৰাই কাপোৰ পিন্ধিব খুজিছিল। প্রিয়মে বহুত কষ্টত তাইক সাজু কৰালে আৰু তাইক ৰিয়াৰ ওচৰলৈ লৈ গল। ৰিয়াই বৰ মৰমত তাইৰ গালত চুমা যাচি দিলে।

 কিছুসময় পাছত সকলো আহি পাৰ্টি হলত উপস্থিত হল। সন্মুখৰ ষ্টেজত বেদান্ত আৰু ৰিংকুয়ে উৰ্মি আৰু ৰিয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছিল। দুয়োৰে সাজজোৰ বৰ ধুনীয়া আছিল। তেনেকুৱাতে সন্মুখৰ পৰা ৰিয়া আৰু উৰ্মি আহিলে। লগতে ৰোহিও সিহঁতৰ মাজত আছিল। দুয়োজনী গুলপীয়া সাজত একেবাৰে পৰি যেন লাগিছিল আৰু তাৰ মাজত ৰোহি বেঙুনীয়া সাজত একেবাৰে অকমানি পৰি যেন লাগিছিল। ৰিংকুয়ে আগবাঢ়ি আহি ৰোহিক কোলাত তুলি ললে আৰু মৰমত তাইৰ কপালত চুমা এটা খালে।

প্রিয়মে আগবাঢ়ি আহি ৰোহিক ৰিংকুৰ কোলাৰ পৰা লৈ আনিলে আৰু সিহঁত দুয়োটাই ৰিয়া আৰু উৰ্মিৰ ফালে হাত আগবঢ়াই দিলে। দুয়োজনী মাকে লগ হৈ নিয়ম বোৰ কৰি গল। তাৰ পাছত সিহঁতক আঙুঠি পিন্ধাবলৈ কোৱা হল। সিহঁতে আঙুঠি পিন্ধাব লওঁতেই ওপৰৰ পৰা গোলাপ ফুলৰ বাৰিষা হব ধৰিলে।


সকলোৱে দুয়ো জোৰকে আশীৰ্বাদ দিয়াত ব্যস্ত আছিল। প্ৰিয়মে ৰোহিৰ লগত খেলি আছিল আৰু ৰুদ্ৰই সুযোগ বুজি তাইৰ ওচৰলৈ আহি কলে," তুমি সৰু লৰা ছোৱালী বৰ ভাল পোৱা যেন লাগিছে।"

তাই ৰুদ্ৰৰ ফালে চাই মিচিকিয়াই কলে," যদি ৰোহিৰ দৰে সৰু ছোৱালী হয় তেন্তে মৰম কৰিবলৈ নিজকে কোনেও ৰখাব নোৱাৰে।"

তেতিয়াই ৰোহিয়ে কলে," ফ্রেণ্ড আপুনিও বিয়া পাতিছে নেকি? প্রিয়ম মাহী আপোনাৰ কইনা হয় নেকি?'

 প্ৰিয়মে তাইৰ কথা শুনি লাজতে ৰঙা পৰিল। ৰুদ্ৰই কাঁহিব ধৰিলে। প্ৰিয়মে ইফালে সিফালে চাই উঠি গুচি গল। নিহাৰে বহুত দেৰীৰ পৰা সিহঁতক চাই আছিল আৰু ৰুদ্ৰৰ ওচৰলৈ আহি কলে," ৰুদ্ৰ, তোমাৰ পৰা এইটো আশা কৰা নাছিলোঁ। তোমাতকৈ তো বেছি আগবঢ়া কথা ৰোহিয়ে কলে বিয়াৰ কথাষাৰ কৈ।"

ৰুদ্ৰ: মোক জোকাইছা নহয়? আৰু নিজেও তো এতিয়া লৈকে অকলশৰীয়া হৈ আছা।

তেতিয়া নিহাৰে তাৰ পৰা বাছিবলৈ কলে," এতিয়া চিংগেল আছোঁ তাতে কি হল? অহা মাহত মোৰ বিয়া হব। কিন্তু তই এতিয়ালৈকে এজনী ছোৱালীও পতাব নোৱাৰিলি।


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


3 comments:

  1. We can't generally keep away from social circumstances in carrying on with our day to day routines.check these guys out

    ReplyDelete
  2. Who does your business need to reach? What is expected to contact them? Where are they generally dynamic? buy instagram followers paypal

    ReplyDelete

Advertisement

Pages