ৰিয়াইও উৰ্মিৰ মূৰত ধৰি কলে,"উৰ্মি কোৱাৰ আগতে এবাৰ ভাবিতো লোৱা যে কি কৈ আছা"
উৰ্মিয়ে একো বুজি নাপায় ৰিয়া আৰু পূজাৰ ফালে চাই হাঁহি দিলে। তাৰ পাছত বেদান্তক তাইৰ ফালে খঙত চাই থকা দেখি কলে,"মই কিবা ভুলকৈ কৈ পালো নেকি?" ( Assamese Storyboard )
তেতিয়া ৰিয়াই মিচিকিয়াই কলে," উৰ্মি তোমাৰ কি ৰোহিৰ মামী হবলৈ মন নাই নেকি এতিয়া ৰোহিৰ মাহী হম বুলি কৈছা যে।" এইবাৰ হে উৰ্মিয়ে বুজি পালে যে তাই কি ভুল কৰিলে। তাই শীঘ্ৰেই বেদান্তৰ হাতত ধৰি ললে,"নাই নাই মই ৰোহিৰ মামীয়েই হম" তাই এনেদৰে কোৱা বাবে সকলোৱে হাঁহি দিলে।
কিছুসময় পাছত কেক কটাৰ পৰ্ব আৰম্ভ হল। ৰিয়া আৰু বেদান্তই কেক কটাৰ পাছত ইটোৱে আনটোক কেক খুৱাই দিলে আৰু নাকত লগাই সাবটি ধৰিলে। বেদান্তৰ চকুত চকুলো আছিল। ৰিয়াই তাৰ চকুলো মোহাৰিব লওঁতেই সি তাইৰ হাতত ধৰি কলে,"এতিয়াৰ পৰা আৰু মোক কেতিয়াও অকলে জন্মদিন পালন কৰিবলৈ নকবা।" ৰিয়াইও মৰমেৰে তাৰ মূৰত হাত ফুৰাই কলে,"কেতিয়াও নকওঁ"
আজি প্ৰথমবাৰ বেদান্তই নিজৰ বায়েকৰ লগত জন্মদিন পালন কৰিছে। তাৰ ফুৰ্তি দেখি সকলোৱে অনুমান কৰিব পাৰিছিল যে ৰিয়াৰ প্ৰতি তাৰ মৰম কিমান। আগতেও বেদান্তৰ মনত ৰিয়াৰ প্ৰতি বহুতো মৰম আৰু চিন্তা আছিল। কিন্তু সেই সময়ত ৰিয়া তাৰ বান্ধৱী আছিল কিন্তু আজি সন্মুখত ৰিয়া তাৰ যমজ ভগ্নী।
সচাকৈ কোৱা হয় যে এই পৃথিৱীত মাক আৰু সন্তানৰ নিঃস্বাৰ্থ সম্বন্ধৰ পাছত সকলোতকৈ সঁচা আৰু স্বাৰ্থ অবিহনে কিবা সম্পৰ্ক আছে যদি সেইয়া হৈছে বায়েক ভায়েকৰ মাজৰ সম্পৰ্ক , যত ইজনে আনজনৰ প্ৰতি মৰম চেনেহ, চিন্তা,দায়িত্ব ,যত্ন সকলো লুকাই থাকে।
কিছুসময় নাচ গান হোৱাৰ পাছত সকলো আকৌ হলত গোট খালে। তেনেকুৱাতে ৰিংকু আহিল আৰু ৰিয়াক ফাইল এটা আগবঢ়াই দি কলে,"ৰিয়া, এইয়া মোৰ ফালৰ পৰা তোমাৰ জন্মদিনৰ উপহাৰ" ৰিয়াই ফাইলটো দেখি ভয় কৰিলে , কি আছে ঠিক নাই। তাইৰ লগতে সকলোৰে মনত প্ৰশ্ন হল যে ফাইলটোত কি আছে? সকলোৱে ইজনে আনজনৰ মুখলৈ চালে।
ৰিয়াই ভয়ে ভয়ে ফাইলটো খুলিলে। তাত থকা কাগজবোৰ পঢ়াৰ পাছত তাইৰ মুখৰ ৰং সলনি হৈ গল। তাই অবিশ্বাসৰ দৃষ্টিৰে ৰিংকুৰ ফালে চালে আৰু কঁপা কঁপা মাতেৰে কলে,"কি... এইয়া কি সঁচা?" এতিয়া সকলোৰে চকু ৰিয়াৰ ওপৰত টিকি আছিল যে সেই ফাইলটোত কি আছিল যাৰ বাবে ৰিয়া ইমান আচৰিত হৈ পৰিছে।( Assamese Storyboard )
ৰিংকু: অ এইটো সঁচা যে তোমাৰ পৰা তোমাৰ ছোৱালীক কোনেও দূৰ কৰিব নোৱাৰে। আজিৰে পৰা তুমি নীতিৰে ৰোহিৰ মাক হ'লা।
ৰিয়াই যেন পৃথিৱীৰ সকলো সুখ পালে।তাই ৰোহিক নিজৰ বুকুত সাবটি ললে। তাইৰ মুখৰ ফুৰ্তি সকলোৱে দেখিছিল। তাই ৰিংকুৰ ফালে ফুৰ্তিৰ দৃষ্টিৰে চোৱাত সি আচৰিত হল। ৰিংকুক এনেদৰে দেখা পাই তাত থকা সকলো মানুহ বিমোৰত পৰিল।
ৰিংকুয়ে ৰিয়াৰ সন্মুখত আঠুকাঢ়ি বহি আছিল,"ৰিয়া, মই জানো যে মই তোমাৰ অন্তৰত বহুত আঘাত দিলো। মোৰ বাবে তুমি বহুত দুখ পাবলগীয়া হৈছে। যিবোৰ দুখৰ মাজেৰে তুমি পাৰ হৈছা সেইবোৰৰ বিষয়ে মই ভাবিবও নোৱাৰো। মই মানিছোঁ যে মোৰ এই ভুলৰ কোনো ক্ষমা নাই। কিয়নো মই যি কৰিলোঁ সেইয়া ভুল নহয় পাপ হয়। মই তোমাক বিশ্বাস নকৰি ৰাজুৰ দৰে এটা লৰাৰ কথা মানি ললোঁ। মোৰ নিজৰ মনটোৱেও কৈছিল যে সিহঁতে ভুল কৈছে। তথাপিও মই নিজৰ অন্তৰৰ কথা নুশুনিলো। মাত্ৰ মগজুত সিহঁতে যিবোৰ বেয়া কথা কলে সেইবোৰ ভৰাই ললো আৰু তোমাৰ ওপৰত আঙুলি উঠালোঁ।
মই জানো সেইবোৰ কথা পাহৰি যোৱাটো ইমান সহজ নহয়। তথাপিও মই শেষবাৰৰ বাবে তোমাক অনুৰোধ কৰিছোঁ মোক মাফ কৰি দিয়া। ৰোহিৰ লগতে তাই পাপাকো তুলি লোৱা।" এনেদৰে কৈ সি এখন হাতেৰে ৰঙা গোলাপ তাইৰ ফালে আগবঢ়ালে আৰু আনখন হাতেৰে কাণত ধৰিলে।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Next part waiting
ReplyDelete