তেতিয়া উৰ্মিয়ে হাঁহি হাঁহি কলে," হিৰ' , শুনিলা নহয় আমাৰ পৰিজনীয়ে কি কলে। তোমাতকৈ তো তাই বেছি বুজি পায়। এতিয়া মনে মনে মেহেন্দি লগাই লোৱা নতুবা মোতকৈ বেয়া আৰু কোনো নহব। আৰু যদি মোৰ হাতত মেহেন্দিৰ ৰং ভালদৰে নুঠে তেন্তে তোমাক সুদাই নেৰো। "( Assamese Storyboard )
উৰ্মিয়ে এনেকৈ কোৱা শুনি তাত থকা সকলোৱে হাঁহি দিলে আৰু বেদান্তই মাকৰ ফালে চাই কলে," মা, এতিয়া উৰ্মিৰ মেহেন্দিৰ ৰঙৰ লগত মোৰ কি সম্পৰ্ক আছে?"
তেতিয়া কল্পনাই মিচিকিয়াই কলে," কইনাৰ হাতৰ গভীৰ মেহেন্দিৰ ৰঙে এইটো প্ৰকাশ কৰে যে দৰাৰ কইনাৰ প্ৰতি কিমান মৰম আছে।"
তেতিয়া বেদান্তই কলে,"হে ভগবান এইবোৰ কি মানে? কিন্তু যিয়েই হওক উৰ্মিৰ হাতৰ মেহেন্দিৰ ৰঙ ডাঠ কৰিবা নহলে মোৰ উপায় নাই আৰু।"
তেতিয়া ৰিংকুয়ে তাৰ কাণৰ ওচৰত আহি কলে," তেন্তে সাৱধান হোৱা , কিয়নো সকলোতকৈ ডাঠ ৰঙ মোৰ ৰিয়াৰ হাতত উঠিব।"
কথাটো শুনি বেদান্তই মিচিকিয়াই কলে," তেন্তে মই হাঁহি হাঁহি উৰ্মিৰ গালি শুনি লম। কিয়নো মোৰ বায়ে পৃথিৱীৰ সকলো সুখ পোৱাটো বিচাৰো মই।"
ৰিংকুয়েও হাঁহি দিলে।
ইফালে ছোৱালীবোৰৰ হাতত মেহেন্দি লগোৱাৰ লগে লগে গোপালে আহি নিজৰ হাতেৰে ৰিয়া আৰু উৰ্মিক আহাৰ গ্ৰহণ কৰালে। কিয়নো সকলো মহিলাৰ হাতত মেহেন্দি লাগি আছিল। সিহঁতক খুৱাই থাকোতে তেওঁৰ চকুত চকুলো দেখি ৰিয়াই সুধিলে ," দেউতা, আপুনি কিয় কান্দিছে?"
তেতিয়া তেওঁ মৰমেৰে দুয়োৰে মূৰত হাত ফুৰাই কলে," ভগৱানে এজনী ছোৱালী কাঢ়ি নিছিল কিন্তু মোক এতিয়া দুজনী ছোৱালী ঘূৰাই দিলে। তোমালোক দুয়ো এনেদৰেই সদায় হাঁহি থাকিবা।" কথাষাৰ শুনি উৰ্মিৰ মনটো বেয়া লাগিল। আজিলৈকে তাই দেউতাকৰ মৰম দেখা নাছিল।
সন্ধিয়া নাচ গানৰ এটা সৰু অনুষ্ঠান ৰখা হৈছিল। নিহাৰ ইতিমধ্যে আহি উপস্থিত হল। সকলোতকৈ আগত বেদান্ত আৰু ৰিয়াই নাচিছিল। সিহঁত দুয়োটা মঞ্চলৈ অহাৰ লগে লগে পিছফালে গান বাজি উঠিল,
"ফুলৌ কা তাৰৌ কা চবকা কেহনা হে.........
..................
.................."
গান শেষ হোৱাৰ লগে লগে সিহঁত দুয়োটাই সাবটি ধৰিলে। তাৰ পাছত বেদান্ত আৰু উৰ্মিয়ে নাছিলে
"................
.................
.................
.................
................."
তাৰ পাছত ৰুদ্ৰ আৰু নিহাৰে নাছিলে,
"আজ মেৰে য়াৰ কি ছাদি হে
...........
...........
..........."
তাৰ পাছত ৰিংকুয়ে ৰিয়াৰ বাবে নাছিলে।
তাৰ পাছত সি লাহেকৈ ৰিয়াৰ ওচৰলৈ গৈ তাইক লৈ আনিলে আৰু দুয়োটাই নাচিব ধৰিলে
"বৌলে চুৰিয়া বৌলে কংগনা( Assamese Storyboard )
..............
..............
.............."
তাৰ পাছত সকলোৱে একেলগে নাছিলে আৰু এনেদৰেই হাঁহি ধেমালিৰ মাজেৰে এই নৃত্য গীতৰ অনুষ্ঠানতো সমাপ্ত হল। পিছদিনা বিয়া আছিল। ইফালে সংবাদ মাধ্যমত এই বিয়াৰ বিষয়ে বিয়পি পৰিছিল। উৰ্মিৰ বৰ্তাকে যেতিয়া বাতৰিত তাইৰ বিয়া ইমান ডাঙৰ এটা পৰিয়ালত হোৱা দেখা পালে তেওঁলোকো বিয়াত উপস্থিত হবলৈ শিৱসাগৰলৈ গৈ পালে। গোটেই পৰিয়ালটোৱে তেওঁলোকৰ স্বাগত কৰিলে। বৰ্মাকে আগবাঢ়ি আহি মানুহক দেখুৱাই উৰ্মিক মৰম কৰিছিল কিন্তু উৰ্মিয়ে এইবোৰ দেখি অশান্তিহে পালে।
সন্ধিয়া যেতিয়া বিয়াৰ বাবে দুয়োজনী কইনা মণ্ডপলৈ আহিল সকলোৰে চকু সিহঁতৰ ওপৰতেই আছিল। দুয়োজনী ক বৰ ধুনীয়া লাগিছিল। ইফালে দুয়োজন দৰাক দেখিবলৈ ভাল লাগিছিল।
জয়মালা পিন্ধোৱা পৰ্বৰ পাছত তেওঁলোকক মণ্ডপলৈ অনা হল।ৰাধিকা আৰু গোপালে ৰিয়াৰ কন্যাদান কৰিলে। ইফালে উৰ্মিৰ কন্যাদানৰ বাবে যেতিয়া বৰ্তাক আগবাঢ়ি আহিল তাই তেওঁক তাতেই ৰবলৈ কলে। ৰিয়াই যেতিয়া সুধিলে তেতিয়া তাই কলে," নহয় ৰিয়া, এওঁলোক আজি মোৰ বিয়ালৈ অহা নাই বৰঞ্চ এওঁলোক কলিতা পৰিয়ালৰ সৰু বোৱাৰীৰ বিয়ালৈহে আহিছে। ৰিংকুদায়ে তো আঙুঠি পিন্ধোৱাৰ আগত তেওঁলোকলৈ ফোন কৰিছিল নহয় । তোমাৰতো মনত আছে যে তেওঁলোকে কি উত্তৰ দিছিল যে এইটো পৰিয়ালত উৰ্মি নামৰ কোনো ছোৱালী নাই। তেন্তে মই আজি এওঁলোকক কিদৰে মোৰ কন্যাদানৰ অধিকাৰ দিব পাৰিম? মই এই অধিকাৰ কেতিয়াবাই তোমাক দিলো কিয়নো প্ৰতিটো সম্পৰ্কৰ মহত্ব আৰু মৰম মই তোমাৰ পৰাই শিকিছোঁ। তোমাৰ বাবেইটো মই মা ,দেউতা, বাই ভনী সকলোৰে মৰম পালোঁ।"
সকলোৱে ইজনে আনজনক চাব ধৰিলে। তাৰ পাছত সকলোৱে সহমত দিলে। কিছুসময় পাছত ৰিংকুয়ে ৰিয়াৰ হাতত ধৰি থিয় হল বিয়াৰ নিয়ম সম্পন্ন কৰিবলৈ। তাৰ পাছত যেতিয়া সি ৰিয়াৰ শিৰত সেন্দুৰ সানি দিলে তেতিয়া তাইৰ দুচকুয়েদি চকুলো নিগৰি আহিল আৰু ৰাধিকাই তাইৰ চকুলো আচলেৰে মোহাৰি দিলে। বিয়া সম্পন্ন হোৱাৰ পাছত ৰিংকু আৰু ৰিয়াই উৰ্মিৰ কন্যাদান কৰিবলৈ আগবাঢ়ি আহিল। দুয়োখন বিয়া সম্পন্ন হোৱাৰ পাছত চাৰিওটাই সকলোৰে আশীৰ্বাদ ললে।
কিছুসময় পাছত সূৰ্য্য উদয় হল আৰু সিহঁতক কিছুসময় আৰাম কৰিবলৈ কোৱা হল। তাৰ পাছত সিহঁতে মন্দিৰলৈ গৈ পূজা কৰিলে। তাৰ পাছত তেওঁলোক গুৱাহাটীলৈ আহিল আৰু ৰাধিকা , গোপাল দিল্লীলৈ গুচি গল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Bhut vl lgise next part waiting
ReplyDelete