কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫৮ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, October 1, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫৮ ) ? Assamese Storyboard

Assamese Storyboard

 

পিছদিনা পাৰ্টি হলত সকলো পৰিয়ালৰ লোক আৰু আলহী উপস্থিত হলহি। সকলোৱে জন্মদিনৰ গৰাকীৰ বাবে অপেক্ষা কৰি আছিলAssamese Storyboard )। তেতিয়াই সন্মুখৰ পৰা কলা পেন্ট আৰু বগা ছাৰ্তত বেদান্তৰ লগত  সেউজীয়া শাৰী পিন্ধা ৰিয়াক আহি থকা দেখা পোৱা গল। বেদান্তক কোনো হিৰো'তকৈ কম লগা নাছিল। তাতেই ৰিয়াও কোনো মেক আপ অবিহনে কোনো চন্দ্ৰৰ চন্দ্ৰমাতকৈ কম লগা নাছিল।

ৰোহি যিয়ে এতিয়ালৈকে ৰিংকুৰ কোলাত আছিল , ৰিয়াক দেখিয়েই 'মা মা' বুলি চিঞৰি তাইৰ ওচৰলৈ যাব বিচাৰিলে।ৰিংকুয়ে তাইক মৰমত কলে,"বাঁহ মাজনী, মাক দেখিয়েই পাপাক পাহৰি গ'লা" আৰু হাঁহি হাঁহি তাইক কোলাৰ পৰা নমাই দিলে আৰু ৰোহি দৌৰি গৈ তাইক সাৱটি ধৰিলে," মা আজি তোমাৰ জন্মদিন হয় নেকি?"

ৰিয়াইও তাইক কোলাত দাঙি কপালত চুমা আঁকি কলে," অ মোৰ মাজনী"। বেদান্তইও তাইৰ মূৰত হাত ফুৰাই কলে,"আজি তোমাৰ বেদান্ত মামাৰো জন্মদিন হয়" ৰোহিয়ে আচৰিত হৈ তাৰ গালত চুমা এটা যাচি কলে," হেপি বাৰ্থদে মামা"  আৰু মাকক সাৱটি ধৰি কলে,"হেপি বাৰ্থদে মা" ৰিয়াইও তাইক চুমা এটা দি কলে,"ঠেংক য়ু মাজনী"


তাৰ পাছত তাই আগবাঢ়ি আহি অমৰ আৰু কল্পনাৰ ভৰিত ধৰি সেৱা জনালে  আৰু তেওঁলোকে তাইক সাবটি ধৰিলে,"জন্মদিনৰ শুভকামনা থাকিল মাজনী" আৰু কল্পনাই নিজৰ হাতৰ পৰা খাৰু জোৰ খুলি তাইক পিন্ধাই তাইৰ কপালত চুমা যাছিলে আৰু কলে," তুমি সদায় এনেদৰেই হাঁহি থাকিবা। তোমাৰ এই হাঁহিটো দেখিলেই মনত শান্তি পাওঁ।"

বেদান্তই মিছাকৈ অভিমান কৰি কলে," সকলো আশীৰ্বাদ ৰিয়াকেই দি দিবা নে?  মইতো একোৱেই নহয় তোমালোকৰ"

 তেতিয়া কল্পনাই তাৰ কাণত ধৰি কলে," তোমাৰ নাটক বোৰ কেতিয়াও শেষ নহয়। তোমালোক দুয়ো মোৰ বাবে বহুত মূল্যবান" আৰু বেদান্তৰ কপালতো চুমা আঁকি দিলে।

ৰিয়াই আগবাঢ়ি আহি ৰাধিকা আৰু গোপালকো সেৱা জনালে। তেওঁলোকে তাইক সাবটি ধৰি কলে,"ভগৱানে তোমাক পৃথিৱীৰ সকলো সুখ দিয়ক। তোমাৰ ৰূপত ভগৱানে আমাৰ ছোৱালীজনীক আকৌ ঘূৰাই দিলে। কেতিয়াও তোমাৰ দুখ নহওক।" আৰু তাইৰ ডিঙিত এডাল পাতল সোণৰ চেইন পিন্ধাই দিলে যত দেৱী মাৰ লকেট লগোৱা আছিল।Assamese Storyboard )


ৰিয়াই কলে," মা আপুনি তো মোক আগতেই ৰোহিৰ দৰে এটা ধুনীয়া উপহাৰ দিলে যি পৃথিৱীৰ সকলো দামী উপহাৰতকৈ মোৰ বাবে দামী। তাৰ পাছত নো এইটো উপহাৰৰ কি প্ৰয়োজন আছিল মা? মই এইটো লব নোৱাৰিম মোক কেৱল ৰোহিক লাগে।"  আৰু তাই ডিঙিৰ পৰা চেইনডাল খুলিব লওঁতেই ৰাধিকাই তাইক বাধা দি কলে," মাজনী উপহাৰ পোৱা বস্তু এটা ঘূৰাই দিব নাপায় আৰু ৰোহি তো তোমাৰেই হয়। তাইৰ পৰা তোমাক এতিয়া কোনে আঁতৰ কৰিব পাৰিব?"

তেতিয়া উৰ্মি আগবাঢ়ি আহিল," মইও বহুত দেৰিৰ পৰা ৰৈ আছোঁ বাৰ্থদে গার্লক লগ কৰিবলৈ"  ৰিয়াইও লাহেকৈ তাইৰ কাণত কলে" তেন্তে বাৰ্থদে বয়ক আগতেই সাবটি ধৰিলা তুমি"  এইবাৰ উৰ্মিয়ে লাজতে ৰঙা পৰি গল আৰু ৰিয়াই কলে," আমাৰ উৰ্মিয়ে লাজ কৰিবও জানে।"

তাৰ পাছত তাই উৰ্মিক লগত লৈ কল্পনাৰ ওচৰলৈ আহিল," মা , মোৰ জন্মদিনত মোক আৰু এটা উপহাৰ লাগে আপোনাৰ পৰা।"

কল্পনা: অ কোৱা মাজনী তোমাক কি লাগে।

ৰিয়া: আমাৰ উৰ্মিক মোৰ বোৱাৰী বনাই দিয়ক।

কল্পনা: মইতো কেতিয়াবাৰ পৰাই সাজু হৈ আছোঁ কিন্তু ইহঁত দুয়োয়ে আগতে তোমাৰ আকৌ এবাৰ  বিয়াৰ চৰ্ত ৰাখিছে মোৰ আগত।"

তেতিয়া বেদান্তই কল্পনাৰ হাতত ধৰি কলে,"আৰু সেই চৰ্ত তো এতিয়াও বৰ্তি আছে।"

ৰিয়া: বেদান্ত তুমি এনেকুৱা কিয় কৰিছা? মোৰ বাবে তোমালোক দুয়োৰে জীৱনটো থমকি ৰল।

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages