বেদান্তই কথাষাৰ সলাই কলে,"বাৰু এইবোৰ বাদ দিয়া, সকলো অলহীয়ে আমাৰ বাবে অপেক্ষা কৰি আছে। ব'লা তেওঁলোকৰ ওচৰলৈ যাওঁ।"( Assamese Storyboard )
তেতিয়া সন্মুখৰ পৰা মিঠু আহিল ৰুদ্ৰৰ লগত।
ৰুদ্ৰ: হাই চুপাৰফাষ্ট , মোক কেনেবাকৈ পাহৰি যোৱা নাই তো?
সকলোৰে চকু সেইফালে পৰিল। ৰিয়া আৰু বেদান্তই আগবাঢ়ি আহি মিঠুৰ ভৰিত ধৰিলে। ৰুদ্ৰই বেদান্তক সাবটি ধৰি কলে,"হেপি বাৰ্থদে ৰুদ্ৰ" আৰু ৰিয়াৰ ফালে চাই কলে,"হেপি বাৰ্থদে চুপাৰফাষ্ট ৰিয়া , নহয় নহয় তৃষ্ণা।" সকলোৱে হাঁহি দিয়াত ৰিয়াই তাক চকু দেখুৱাই কলে,'ছাৰ'
ৰুদ্ৰই কলে,"ছ'ৰি, কোনো ব্যক্তিগত কথা নহব" ৰিয়াই এইবাৰ হাঁহি দিলে।
ৰুদ্ৰই লাহেকৈ তাইৰ কাণত কলে,"চুপাৰফাষ্ট, তোমাৰ সেই ৰহস্যজনক স্বামী ৰিংকু কত আছে ? দেখা পোৱা নাই যে। তোমালোক দুয়োৰে মাজত সকলো ঠিক হল নে ? নে এতিয়াও তাৰ বেণ্ড বজাই আছা? " এনেদৰে কৈ হাঁহি দিয়াত ৰিয়া মৌন হৈ থাকিল। তেতিয়া সন্মুখৰ পৰা ৰিংকু আহিল আৰু ৰুদ্ৰক সাবটি ধৰিলে," স্বাগতম ৰুদ্ৰ , স্বাগতম, এতিয়া তোমাৰ কোম্পানী চম্ভালি লোৱা আৰু মোক চুটি দিয়া।"
ৰুদ্ৰই হাঁহি মাৰি লাহেকৈ কলে,"যাতে তোমাৰ বিশেষ কোনোবা জনক চম্ভালিব পাৰা, নহয় নে?"
ৰিংকুয়ে উদাস মনেৰে কলে,"নাজানো ৰুদ্ৰ, তাই এতিয়ালৈকে একো কোৱা নাই।"
ৰুদ্ৰ: কোনো কথা নাই ৰিংকু। সকলো ঠিক হৈ যাব তুমি এনেদৰে হাৰ মানি নলবা।
ইফালে ৰিয়াই বাৰে বাৰে দুৱাৰ মুখলৈ চাই আছিল আৰু উৰ্মিয়ে তাইক সুধিলে,"ৰিয়া , কোনোবা আৰু বিশেষ ব্যক্তি আহিবলগা আছে নেকি?"
ৰিয়া :মই আচলতে পূজাক মাতি পঠাইছিলোঁ। এতিয়ালৈকে কিয় অহা নাই জানো?
উৰ্মিয়ে পূজাৰ নাম শুনি খঙত কব নোৱাৰা হল। যেতিয়াৰ পৰা উৰ্মিয়ে গম পালে যে তাইৰ বাহিৰে পূজাও ৰিয়াৰ এজনী বহুত ভাল বান্ধৱী তেতিয়াৰ পৰা তাইৰ পূজাৰ প্ৰতি খং উঠি আছিল। তাইও সৰু লৰা ছোৱালীৰ দৰে ৰিয়াৰ ওপৰত নিজৰ অধিকাৰ দেখুৱাইছিল।( Assamese Storyboard )
তেনেকুৱাতে সন্মুখৰ পৰা পূজাক আহি থকা দেখা পোৱা গল। পূজাই ৰিয়াক দেখি তাইৰ ওচৰলৈ আহিল,"হেপি বাৰ্থদে তৃষ্ণা"আৰু তাইক সাবটি ধৰিলে। ৰিয়াইও তাইক দেখি বহুত সুখী হল" কিমান দেৰি কৰিলা তুমি আহিবলৈ" । পূজা বহুত অভিজাত পৰিয়ালৰ ছোৱালী আছিল কিন্তু তাইৰ অলপো অহংকাৰ নাছিল। তাইৰ মাক দেউতাক বিদেশত থাকে আৰু তাই পঢ়িবৰ বাবে ভাৰতলৈ আহিছিল। হোষ্টেলত তাই ৰিয়াৰ লগতেই থাকে। নিজৰ সৰল স্বভাৱৰ বাবে সেই তিনি বছৰত তাই ৰিয়াৰ ইমান আপোন হৈ পৰিল।
পূজা: আচলতে ট্রেফিকৰ বাবে অলপ দেৰি হৈ গল। বাৰু , আমাৰ ৰাজকুমাৰী ৰোহি কত আছে?
তেতিয়া ৰোহি দৌৰি তাইৰ ওচৰলৈ আহিল,"পূজা মাহী"আৰু তাইক সাবটি ধৰিলে।
পূজাই তাইক কোলাত দাঙি কলে,"মোৰ ৰাজকুমাৰী জনী কেনে আছা তুমি?"
ৰোহিয়ে তাইৰ গালত চুমা যাচি কলে,"মাহী মই ভালে আছোঁ তোমাৰ কেনে?"
ইফালে উৰ্মিয়ে বহুত দেৰীৰ পৰা পূজাক ৰোহি আৰু ৰিয়াৰ লগত ইমান আপোন ভাবত কথা পাতি থকা চাই আছিল। তাই ৰিয়াৰ ওচৰলৈ আহি খঙেৰে ৰিয়াক কলে," ৰিয়া এইবোৰ কি? মই তোমাৰ বেষ্ট ফ্রেণ্ড হয় তথাপিও তুমি মোক ৰোহিৰ আন্তি বনাই দিলা আৰু এওঁ কোন ঠিক নাই আৰু তুমি এওঁক ৰোহিৰ মাহী বনাই দিলা। এইটো ভাল নকৰিলা তুমি" আৰু মুখ খন ফুলাই ললে। বেদান্তও আহি পালে।ৰিয়াই উৰ্মিৰ কথাবোৰ শুনি মনে মনে হাঁহি আছিল।
পূজা: তেন্তে তুমি উৰ্মি হয় ৰিয়াৰ বেষ্ট ফ্রেণ্ড আৰু তুমি বেদান্ত।
বেদান্ত: হয় ময়েই বেদান্ত।
এনেদৰে কৈ সি পূজাৰ লগত হাত মিলাবলৈ হাতখন আগবঢ়ালে।
পূজাই তাৰ লগত হাত মিলাই কলে,"ৱাও ৰিয়া তোমাৰ ভাইটি কিন্তু বৰ ধুনীয়া দেই। ইমান সুঠাম লৰা এজন পালে মই আন্তি হবলৈ সাজু আছোঁ। তুমি উৰ্মিক ৰোহিৰ মাহী বনাই দিয়া।" ৰিয়াই হাঁহিব ধৰিলে কিন্তু উৰ্মিয়ে একো বুজি নাপালে।
তাই কলে,"অ অ এওঁকেই আন্তি বনাই দিয়া।" তাই ভাবিলে মাহী মানে ৰিয়াৰ বেষ্ট ফ্রেণ্ড।
এইবাৰ বেদান্তই নিজৰ মূৰটো মাৰি ললে,"মূৰ্খ ছোৱালী তুমি আৰু একো কৰিব নোৱাৰা।"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Next part waiting
ReplyDelete