গুৱাহাটীৰ ঘৰলৈ গৈ কল্পনাই দুয়োহালকে বাহিৰত ৰবলৈ দিলে। তাৰ পাছত তেওঁ কিছুমান নিয়ম কৰি সিহঁতক ভিতৰলৈ আহিব দিলে( Assamese Storyboard )। এইবোৰ দেখি ৰিয়াৰ আগৰবাৰৰ কথা মনত পৰি গল। ৰিংকুয়ে তাইৰ মুখখন চাই সকলো বুজিলে। সি ৰিয়াৰ হাতত ধৰি তাইক ভিতৰলৈ লৈ আনিলে।
চাৰিওটাই প্ৰথমে গৈ ভগবানত ওচৰত আশীৰ্বাদ ললে। তাৰ পাছত মাক দেউতাকক সিহঁতে সেৱা কৰিলে । ৰিংকুয়ে সি দিয়া কথা ৰাখি ৰিয়াক কোলাত তুলি লৈ নিজৰ ৰুমলৈ লৈ গল।আজি চাৰি বছৰৰ পাছত ৰিংকুয়েও সেইটো ৰুমত ভৰি দিছিল। গোটেই ৰূমটো সজাই থোৱা হৈছিল। চাৰিওফালে সুগন্ধ আৰু গোলাপৰ পাহি বিয়পি আছিল। সন্মুখত সিহঁত দুয়োটাৰে এখন ডাঙৰ ফটো ওলমাই থোৱা আছিল। এই সকলোবোৰ প্রিয়ম , ৰুদ্ৰ আৰু নিহাৰে সজাইছিল। সিহঁত বিয়া সম্পন্ন হোৱাৰ পাছতেই তাৰ পৰা গুৱাহাটীলৈ আহিছিল। তাৰ পাছত সিহঁত চাৰিওতাৰে ৰূমকেইটা সজাইছিল। ৰিয়াই ৰূমটো সজাই থোৱা দেখি লাজতে ৰিংকুক সাবটি ধৰিলে।
ৰিংকুয়ে তাইক লাহেকৈ বিচনাত বহুৱাই কলে," ৰিয়া, এই ৰূমটোৱে এই পলটোৰ বাবে বহুত অপেক্ষা কৰিলে।" তাৰ পাছত তাইৰ কপালত চুমা যাচি দিলে," ৰিয়া তুমি গম পোৱা নে যে তুমি এইটোৰ হিচাপ সদায় ভুলকৈ কৰিছা?"
ৰিয়া: কেনেকৈ?
ৰিংকু: তুমি সদায় এটা কমকৈ হিচাপ কৰা।
ৰিয়া: মানে?
ৰিংকু: কিয়নো প্ৰথম চুমা মই তেতিয়াই যাচিছিলোঁ যিদিনা তুমি কইনা হৈ প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছিলা।
ৰিয়া বহুত আচৰিত হল," মই মানি লব নোৱাৰো কিয়নো আপুনি তো মোৰফালে তেতিয়া ঘূৰিও চোৱা নাছিল আৰু খঙত বাহিৰলৈ ওলাই গৈছিল। তেন্তে এইবোৰ কেনেকৈ সম্ভৱ?"
এই কথাবোৰ শুনি ৰিয়াৰ চকুলো নিগৰি আহিল,"ইমান ভাল পাইছিল মোক কিন্তু কেতিয়াও নকলে মোক। সেই ভুলবুজাবুজি বোৰ আমাৰ মাজত নোহোৱা হলে আজি ইমান দিনে ইমান দূৰত্ব নাবাঢ়িল হয়।"( Assamese Storyboard )
ৰিংকুয়ে তাইৰ চকুলো মোহাৰি কলে," পুৰণা কথাবোৰ পাহৰি যোৱা। আজিৰে পৰা আমাৰ জীৱনৰ নতুন যাত্ৰা আৰম্ভ হৈছে যত আমি চিৰদিন একেলগে থাকিম। কেতিয়াও ইজনে আনজনক এৰি নাযাওঁ।"
দুয়োৰে চকুত সুখৰ চকুলো আছিল। আজি দুয়োৰে প্ৰেম সফল হল। কিছুসময় পাছত দুয়োটা শৰীৰ এটি জীৱ হৈ পৰিল। পাছ বছৰৰ পৰা যি বিয়া আধৰুৱা হৈ আছিল আজি সেইয়া সম্পূৰ্ণ হল।
১ বছৰৰ পাছত সিহঁতৰ প্ৰেমৰ প্ৰতীক স্বৰূপে সিহঁতৰ সন্তান নীৰৱ কোলাত আছিল। ৰোহি তাই সৰু ভায়েকৰ লগত বহুত ফুৰ্তিত আছিল। তাৰ পাছৰ বছৰতো সিহঁতে হস্পিটেলৰ বাৰাণ্ডাত আগ্ৰহেৰে কাৰোবাৰ বাবে অপেক্ষা কৰি আছিল। কিয়নো এইবাৰ ৰিংকুৰ ঠাইত বেদান্ত চিন্তাত আছিল কিয়নো উৰ্মি দুটাকৈ যমজ সন্তানৰ মাক হবলৈ ওলাইছে। তাৰ মাজতেই প্রিয়ম আৰু ৰুদ্ৰৰো বিয়া হৈ গল।
তেতিয়া ৰিংকুয়ে দীঘলকৈ উশাহ টানি তাইৰ কোলাত মূৰটো থৈ কলে," সেইদিনা তোমালোক শুই যোৱাৰ পাছত মই এবাৰ ঘৰলৈ আহিছিলোঁ আৰু তোমাক এবাৰ চাব বিচাৰিছিলোঁ। কিন্তু বেদান্তৰ ৰুমৰ পৰা যেতিয়া তোমাৰ কান্দোনৰ শব্দ শুনিলোঁ মই বাহীৰতেই ৰৈ গলো। বহুত ভাল পাওঁ তোমাক গতিকে তুমি কান্দিলে মই কেনেকৈ শান্তি পাম? মনত ভুলবুজাবুজিৰ এখন পৰ্দা আছিল যাৰ বাবে তোমাক বেদান্তৰ বুলি ভাবিছিলোঁ। কিছুসময় পাছত যেতিয়া তোমাৰ শব্দ নুশুনা হলো তেতিয়া ভিতৰলৈ চালোঁ। তুমি তাত তলতেই শুই গৈছিলা। তোমাক লাহেকৈ উঠাই বিছনাত শুৱাই দিলোঁ। তোমাৰ মুখখন চকুলোৰে ভৰি থকা দেখি মনত বৰ কষ্ট পালোঁ। তাৰ পাছত লাহেকৈ মই তোমাৰ কপালত চুমা এটা খালোঁ। সেই সময়ত মাত্ৰ মই এইটোৱেই জানিছিলোঁ যে মোৰ ভালপোৱাত এইয়া প্ৰথম আৰু অন্তিম অধিকাৰ হয়। মই গম পোৱা নাছিলোঁ যাক মই বেলেগৰ বুলি ভাবিছিলোঁ তাই যে কেৱল মোৰ হয়। পিছদিনা যেতিয়া মই দিল্লীলৈ যাব ওলালোঁ তেতিয়া তুমি মোক ডিঙিৰ পৰা মঙ্গলসূত্ৰ ডাল উলিয়াই দিলা । সেই সময়ত মোৰ কিমান কষ্ট হৈছিল সেইয়া কোনেও বুজিব নোৱাৰে। তোমাৰফালে ঘূৰি চাবলৈও সাহস নাছিল। গম পাইছিলোঁ এবাৰ যদি তোমাৰ মুখলৈ চোৱা হলে নিজকে চম্ভালিব নোৱাৰিলোঁ হয়। কিয়নো সেই সময়ত তুমি মোৰ চকুত বেদান্তৰ আছিলা। মই তোমাক ভাল পাইছিলোঁ যদিও বেদান্তৰ বাবে মই জীৱন দিবলৈ সাজু আছিলোঁ। তাৰ সুখবোৰ মোৰ বাবে বহুত মূল্যবান আছিল।"
<<সমাপ্ত>>
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Bhut bhut vl lgil
ReplyDelete