চৰণস্পৰ্শী কৰিব খোজা এখন হৃদয়। কিন্তু এতিয়া অভাৱ এখন চৰণৰ। খোচিমুচি সোমাবলৈও থকা এখন শীতল প্ৰেমৰ আশ্ৰাফুলতাৰ বুকুও গৰাখহনীয়াৰ কবলত পৰিছে( Assamese Storyboard )। কেতিয়া জাহ গৈ একেবাৰে ৰিক্ত হয় তাৰ একো ঠিকনা নাই। এতিয়াও কাণ্ডকো হ'ব পাৰে নাইবা বহুত দিনৰ পিছতো হ'ব পাৰে। এতিয়াটো যেন সকলোবোৰ নেদেখা জনৰ ওপৰতে। তেওঁ বিচাৰিলেই সকলো পুনৰ আগৰ দৰে কৰিব পাৰে। ৰক্তিমক এই মাৰাত্মক বেমাৰৰ পৰা মুক্ত কৰি দুয়োটাকে এখনি সুখী গৃহস্থী প্ৰদান কৰিব পাৰে!! কিন্তু তেওঁ বিচাৰিবই বা কিয়?? ইয়াতটো তেওঁৰ একো লাভ নহয়।
পৃথিৱীত থকা মানুহৰ কোনো সীমাসংখ্যা নাই। কোটি কোটি মানুহৰে ভৰপূৰ এই সংসাৰ। মায়াময় এই সংসাৰ। ইয়াত মানুহ নিজৰ মতে নাহেও আৰু নিজৰ মতে নাযায়ও। বহুতে বহুদিন জীয়াই থাকিব বিচাৰে কিন্তু পাৰে জানো?? অন্য হাতে বহুতৰে নিজৰ এই অমূল্য জীৱনটোৰ প্ৰতি সকলো মোহেই নাইকিয়া হৈ যায় আৰু অপেক্ষা কৰি থাকে মাথোঁ মৃত্যুৰ কিন্তু হয় জানো তেওঁলোকে মনে বিচৰা মতে তেওঁলোকৰ মৃত্যু??
নহয় কেতিয়াও নহয়।। বিচাৰিলেইটো এইখন মায়াৰ পতভূমিত একোৱেই নহয়।
অধিক সংখ্যক মানুহেই বিচাৰে কম সময়তে বহুত ধন উপাৰ্জন কৰি চহকী হোৱাটো কিন্তু বাস্তৱটো জানো ইমান সৰল?
"সৰল হৃদয়ৰ আঁৰত থকা গোপন ৰহস্য
বুকুশ্বৰী ওলাই অহা গোপিত হুমুনিয়াহ
পাৰাপাৰহীনতাত ভোগা যশ্যস্তীলকাৰ
নিবিচৰা মনৰ কড়াল অনগ্ৰৰসতা।"
"তুমি যোৱা চাহ বনোৱা মই হাতমুখখন ধুই আহোঁ।"
"ঠিক আছে মা।"
কথাষাৰ কৈ মিনাক্ষী হাজৰিকা টেবুলখনৰ পৰা উঠি গ'ল। মানসীয়েও চাহ বনাবলৈ বুলি পাকঘৰৰ ভিতৰলৈ গ'ল। গেছটো জ্বলাই তাই চচ্ টো বহাই তাত পানী ঢালি দিলে আৰু পানীখিনি গৰম হোৱালৈ বাট চালে।
গেছৰ টেবুল খনৰ ওপৰতে দুয়োখন হাত মানসীৰ।
খিৰিকীখন মেলি থকাৰ বাবে বাহিৰৰ উৰুঙা বতাহজাক সোমাই আহিছে বাধাহীনভাৱে। বতাহজাকে তাইৰ শৰীৰ চুমিছে। চাদৰখন লাহে লাহে উৰি গৈছে তাইৰ গাৰ পৰা। তল পেটতো সামান্য ওলাই পৰিছে। চুলিবোৰ দুই এডাল উৰিছে।
হঠাতে তাইৰ কঁকালত কাৰোবাৰ হাতৰ স্পৰ্শ পৰিল।
খামুচি ধৰিছে তাইক কোনোবাই। শিহৰিত হৈ পৰিছে তাইৰ সৰ্বশৰীৰ। জাগ্ৰত হৈ পৰিছে অনাহীনতাৰ আদিম বাসতাত।
উফ্ নাহিবি তই ফাগুন... নকৰিবি আৰু এই প্ৰান্তিকক তই মতলীয়া। উন্মাদ হৈ ৰিক্ত তাক ধীৰে ধীৰে ত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ প্ৰচেষ্টা পৰিহাৰ কৰ তই।
কাৰোবাৰ এখন মুখ তাই বাহুত লাগিছে। আসস্... দুদিনমান নোখোড়োৱা দাড়িবোৰে সামান্য বিন্ধিছে। কিন্তু ভাল লাগিছে এই বিন্ধোন। নাম কি ইয়াৰ?? যৌনান্ধী নে নামহীন এক উমলিব ধৰা প্ৰেমৰ নৱদিগন্তৰ অৰুণ প্ৰভাত!
"মানসী"
"চাওঁ এৰা মা আহিব'।"
তথাপিও সি তাইক এৰি নিদিলে। আৰু টানকৈসাৱটি ধৰিলে তাইক।
ওলাব বিচৰা নাই তাইক এই বন্ধনৰ পৰা।
কেতিয়াবা সজাৰ পক্ষী হৈয়ো ভাল লাগে। কিমাননো আৰু মুক্ত বিহংগ হৈ থাকিম??
কেতিয়াবা কাৰোবাৰ প্ৰেমৰ দুটি বন্ধনৰ মাজত আজীৱনলৈ সোমাই থকাৰ এখনি সজাৰ বন্দী হ'বলৈয়ো মন যায়।
কিন্তু ভিন্ন এই বন্ধন।
অভিন্ন এই বন্দীত্ব।
"মা নাহে এতিয়া।"
"কিয়?"
তাৰ হাতখন এৰুৱাবলৈ বুলি তাই ধৰোতেই সি ক'লে। তায়ো লগে লগে ইয়াৰ কাৰণ বিচাৰিছে।
"কাৰণ মায়ে আগফালে শইকীয়ানী আন্টিৰ লগত কথা পাতি আছে।"
"কিন্তু মা হাত মুখ ধুবলৈহে গৈছিল।"
"নাজানো..... কিন্তু এতিয়া গেটৰ ওচৰত আছে। গতিকে এইখিনি সময় কেৱল মোৰ।"
"অ'।"
তাৰ কথাখিনি শুনি মানসীয়ে আঙুলিৰ ফাঁকৰ মাজেৰে মুখখন লুকুৱাই সামান্য হাঁহিলে। সৰু ল'ৰাৰ দৰে হৈ পৰিছে সি আজি তাইৰ ওচৰত।
তায়ো যেন আলফুলে সামৰি ৰাখিব বিচাৰে এই শিশুটিক।
"মই জক্কাৰ নেকি?"
"নহয়তো কিয়?"
কথাটো শুনি তাইৰ মুখৰ হাঁহি মুখতেই মাৰ গ'ল।
"তেন্তে হাঁহিলা যে?"
"ছৰী।"
"এই ভুলৰ শাস্তি তুমি আজি পাবাই।"
"হয় নেকি? কি শাস্তি বাৰু?"
"গম পাবা ওৱেইট কৰা।"
এইবুলি কৈ সি গেছটো বন্ধ কৰি তাইক দাঙি ভিতৰলৈ লৈ গ'ল। ( Assamese Storyboard )
****************
"হেৰি মুনুয়ে আজি ৰূপাংকৃতা হঁতৰ ঘৰলৈ কিয় গৈছিল সেইটো ঘৰত গৈ ফোনত জনাম বুলি কৈছিল কিন্তু এতিয়ালৈকে দেখোন তাই ফোনেই কৰা নাই।"
জীয়েকৰ ফোন নাপাই মাক চন্দনা বৰা অধৈৰ্য্য হৈ পৰিছে।
তেওঁৰ অৱস্থাটো দেখি গিৰিয়েকে হাঁহি মাৰি ক'লে -- "তোমালোক মাইকী মানুহবোৰৰ এইটোৱেই বৰ ডাঙৰ সমস্যা বুজিছা। কথা এটাৰ উমান পাবহে লাগে তাক খুঁচৰি খুঁচৰি নাড়ি ভেৰু উলিয়াই নেপেলোৱালৈকে তোমালোকে শান্তি নোপোৱা।"
"ইসস্ কথা শুনা!! মই কোনো আজেবাজে কথাত মূৰৰ বিষ উঠোৱা নাই নহয়। দস্তোৰমত নিজৰ ছোৱালীৰ কথা ভাবিছোঁ। একো ভুল কৰা নাই নহয় কিবা।"
"ভাবিছা ভাবা কিন্তু টেনচন লৈ চুগাৰ বঢ়াই মোক আকৌ ডক্তৰৰ ওচৰলৈ যাবলৈ খাটনি নধৰিবা।"
"এহ্ নধৰো নধৰো ... চিন্তা কৰিব নালাগে। মোৰ ল'ৰা চফল ডেকা বুজিছেনে নাই? তাৰ লগত যাম মই। থাকিব আপুনি এই বাতৰিৰ চেনেল সোপাতে সোমাই।"
"তুমি কি বুজিবা বাতৰি চোৱাৰ ফাইদা কিমান?"
"বাৰু আটিছে।"
এনেতে ক্লিংক্লিংকৈ মানসীৰ মাকৰ মোবাইলটো বাজে। জীয়েক কৰিছে বুলি পটককৈ তেওঁ ফোনটো ধৰিলে কিন্তু মানসীয়ে ফোন কৰা নাই। ফোন কৰিছে তেওঁৰ হ'বলগীয়া বোৱাৰী ৰূপাংকৃতাইয়েহে।
: হেল্ল'
: হেল্ল' মা নে??
: অ' ৰূপাংকৃতা কোৱা!
: কি কৰি আছে মা?
: নাই কি কৰিবা আৰু এনেই বহি আছোঁ। আমাৰ এজনীয়ে ফোন কৰাৰ কথা আছিল গৈ পায়েই ইফালে এতিয়ালৈকে খবৰেই নাই। পাহৰিলেই চাগে।
কথাখিনি কৈ তেওঁ এটা শোকৰ হুমুনিয়াহ এৰে।
: মানসীহঁত ঘৰত সোমাইছিল নেকি?
: উমম্ যাওঁতে সোমাই গৈছিল। সময় হ'ল অৱশ্যে!
: অ' মই আহি পোৱাৰ আগতেই সিহঁত গ'লগৈ সেয়ে মই লগেই নাপালোঁ।
: উৎপাত বুইছা উৎপাত।
এজনী বোৱাৰী এতিয়া কেইদিনমানৰ পিছত মাক হ'ব কিন্তু নাই গাত কথাৰ 'ক'টোও লগা নাই। তাই বাৰু তোমাক লগ নকৰাকৈ আহিব লাগেনে কোৱাচোন?
: নহয় মা ৰক্তিমৰ কিবা জৰুৰী কামো ওলাব পাৰে!
: নাই বুজিছা একো জৰুৰী কাম নাই। কাম থকাহেঁতেন ইয়াত নোসোমালে হয়।
: সেইটো হয় অৱশ্যে..
: আচ্ছা সেইবোৰ থোৱাচোন এটা কথা কোৱা..
: কি কথা মা?
: আমাৰ দিপৰ লগত কথা বতৰা পাতিছানে নাই?
: .........
: কি হ'ল নাই পতা নেকি?
: নাই নাই পাতিছোঁ মা।
: তেন্তে ঠিক আছে দিয়া। মানে আমাৰ ই অলপ লাজকুৰীয়া..... তুমি চাগৈ ধৰিব পাৰিছাই।
: উমম্।
: গতিকে তুমিয়েই আগৱাঢ়িব লাগিব প্ৰথমতে। বুজিছা নহয় মই কি কৈছোঁ!
: হয় মা বুজিছোঁ।
: ঠিক আছে হ'ব দিয়া ৰাখিছোঁ। পিছত পাতিম ভালকৈ। কামকেইটামান আছে মোৰ।
: অ' অ'।হ'ব দিয়ক।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment