৯ মিনিটত আপোনাৰ মগজু চোকা কৰিব বিচাৰে নেকি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 28, 2021

৯ মিনিটত আপোনাৰ মগজু চোকা কৰিব বিচাৰে নেকি : Assamese Fact

 

Assamese Fact

প্ৰিয় পাঠকসকল আপোনালোকে শুনিছে চাগে পৃথিৱীৰ সেইসকল মানুহে আগবাঢ়ি যাব পাৰে, যিসকলৰ মগজু বহুত চোকা।(Assamese Fact)

 আমি আপোনালোকক মগজুৰ শক্তি বৃদ্ধি হোৱাৰ কিছুমান উপায় জনাম এইটো নকওঁ যে আপোনালোকে ৰাতিপুৱা শুই উঠি বাদাম খাওঁক। কিন্তু আপোনালোকৰ বহুতে চোকা হোৱা মানে কি সেইটোও সঠিক ভাৱে নাজানে। যেতিয়া আপোনালোকে শুনে সেই ল'ৰাটো বহুত চোকা বা সেই ছোৱালীজনী বহুত চোকা তেতিয়া আপোনালোকৰ বহুত সংখ্যক মানুহে ভাৱে যে সেই ল'ৰাটো পঢ়াত বহুত চোকা বা কথা পতাত চোকা। চোকা হোৱাতোৱে বহুত ডাঙৰ কথা। 

এই কথাবোৰ  আমি বহুত ৰিচাৰ্জ কৰি কৈছোঁ। আপোনালোকে ইয়াক ভালকৈ বুজক আৰু শুনক তাৰ পাছত আপোনালোকৰ মগজুত এনেকুৱা এটাও কথা নাথাকিব যে মই নিজকে কেনেকৈ চোকা বনাম। প্ৰিয় পাঠকসকল চোকা হ'বলৈ হ'লে প্ৰথমতে আপোনালোকে এইটো বুজিব লাগিব যে চোকা হোৱা মানে কি?চোকা হোৱা মানে বুদ্ধিয়ক হোৱা। বুদ্ধিয়ক হোৱা মানে কি? বুদ্ধিয়ক দুটা কথাৰে বা বস্তুৰে হয়। যিকোনো কাম বা অৰ্হতা ভালকৈ সোনকালেই সঠিক ভাবে শিকা আৰু সেই বস্তুটোকে বা শিকা বস্তুটোকে ভৱিষ্যতে প্ৰয়োজন হ'লে সঠিক ৰূপে সঠিক ঠাইত কামত লগোৱা। 


অৰ্থাৎ আপোনালোকে যদি এই দুটা বস্তু ভালকৈ শিকি ল'লে যে শিকা কি আৰু কেনেকৈ ইয়াক সঠিক ৰূপে ব্যৱহাৰ কৰিব পাৰি। তেতিয়া মানুহে আপোনালোকৰ বিষয়ে এইটোৱে ক'ব যে হয় এই ল'ৰাটো সঁচাকৈয়ে বহুত চোকা। কিবা কাম শিকা আৰু কামত লগোৱা শুনিবলৈ সৰু । কিন্তু এই দুটা বস্তু যিয়ে এজন সফল ব্যক্তিক আনতকৈ বেলেগ কৰি তোলে। প্ৰথমতে কথা পাতো আহঁক শিকাৰ বিষয়ে। কি শিকিব আৰু কেনেকৈ শিকিব। প্ৰিয় পাঠকসকল ইংৰাজীত এটা কথা আছে "Master of all, jack of none ." অৰ্থাৎ আপোনালোকে যদি সকলোবোৰ শিকিব বিচাৰে তেতিয়া আপোনালোকে একো শিকিব নোৱাৰিব, কোৱাৰ অৰ্থ হ'ল যদি আপোনালোকে এই পৃথিৱীৰ সকলো কথা  বা টেলেন্ট বা জ্ঞান মই মোৰ মগজুত ভৰাই লওঁ আৰু তাৰ পাছত মোক মানুহে বুদ্ধিয়ক বুলি ভাবিব বুলি ভাবে তেতিয়া আপুনি মূৰ্খ ।


আপোনালোকে জীৱনত আজিলৈকে যিমানবোৰ সফল ব্যক্তিৰ নাম শুনিছে তাৰ ভিতৰত মন কৰিবচোন তেওঁলোকে কোনোবা এটা বিষয়তহে নিজকে সফল কৰি তুলিছে। আপোনালোকে শুনিছে নেকি যে এজন ব্যক্তিয়ে ফুটবলত সফলতা লাভ কৰিছে আৰু সেইজন ব্যক্তিয়ে গানটো সফলতা অৰ্জন কৰিছে। আকৌ সেইজন সফল বৈজ্ঞানিকো হৈছে। যিজন ইন্টাৰনেছনেল ফুটবল ষ্টাৰ সেইজনে ফুটবলতে গোটেই জীৱন কষ্ট কৰি পাৰ কৰি দিছে। যিজন ব্যক্তিয়ে গানত সফলতা অৰ্জন কৰিছে, সি সদায় দিন ৰাতি অকল গানতে সময় কটাইছে। কোনোবা এজন নতুন বৈজ্ঞানিকে কিবা এটা আবিষ্কাৰ কৰিছে তেতিয়া সি তাৰ সকলো সময় তাতে কটাইছে আৰু এইবোৰে এটা বস্তু বা কাৰণ যি তেওঁলোকক সেইখন ফিলডত আনতকৈ বেচি সফল কৰি তুলিছে। বুদ্ধিয়ক মানে এইটো নহয় যে, যি নিজৰ পঢ়া জীৱনটোত সদায় টপ কৰিছে সি বুদ্ধিয়ক। 


যিসকলে ব্যক্তিয়ে কিবা এটা বিষয়ৰ ওপৰত আনতকৈ বেছি জানে বা বেছি কৰিব পাৰে। তেওঁলোককে বুদ্ধিয়ক বুলি কোৱা হয়। কিন্তু আমাৰ লগত কি হয়- যেতিয়া আমি টিভিত ক্ৰিকেট চাওঁ তেতিয়া ভাবোঁ যে আমি ক্ৰিকেটাৰে হম আৰু এবছৰৰ পাছত যদি আপোনালোকৰ লগৰ এজন আই .এচ হৈ যায় । তেতিয়া আপোনালোকে ভাবে যে মই এতিয়া আই.এচ য়ে হম। আকৌ তাৰ পিছত যদি আপোনালোকৰ লগৰ কোনোবা বন্ধুৱে এটা সফল উৱেব চাইট বনাই দিয়ে। তেতিয়া আপোনালোকে ভাবে যে মই এতিয়া উৱেব চাইটয়ে বনাম। সেই কাৰণে আপোনালোকে প্ৰথমতে এইটো বুজি পাব লাগিব যে সফল হ'বলৈ হ'লে নিজৰ ভৱিষ্যত, নিজৰ ফিলডৰ বাবে সিদ্ধান্ত এবাৰে লোৱা হয় আৰু আপোনালোকে এবাৰ যি সিদ্ধান্ত কৰিছে তাক যি হ'লেও এৰি দিব নালাগে। কাৰণ আপোনালোকে যদি নিজৰ টাৰ্গেট বা ডাইৰেকচন সদায় একেফালেই ৰাখিছে। তেতিয়া আপোনালোক নিশ্চিত ভাৱে সেই বিষয়টোত বুদ্ধিয়ক হৈ পৰিব। বুদ্ধিয়ক হোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰিব আপোনালোকে নিশ্চয়ে জানে। সেই কাৰণে আপোনালোকে যদি বুদ্ধিয়ক হ'ব বিচাৰে তেতিয়া অকল সেইটোৱে শিকক যিটোৰ দ্বাৰা আপোনালোকৰ টাৰ্গেট সম্পূৰ্ণ হ'ব আৰু আপোনালোকে যি বিচাৰে সেইটো পাব।


যদি আপোনালোকে অভিনয় কৰিব বিচাৰে তেতিয়া গোটেই জীৱন নমৰালৈকে আপোনাৰ মগজুত এইটোৱে থাকিব লাগে যে মই অকল অভিনয়ে কৰিম আৰু দ্বিতীয় উপায় নাই মোৰ ওচৰত। এনেকৈয়ে ভাবি ভাবি  আপোনালোকে নিজৰ কামটো শুধৰাই যাব আৰু যদি আপুনি ডাক্তৰ হ'ব বিচাৰে তেতিয়া আপুনি ভাবিব লাগিব যে মোৰ কাৰণে ডাক্তৰতকৈ ডাঙৰ আৰু কাম নাই আৰু আপুনি তাৰ ওপৰতে বেছি গুৰুত্ব দিব লাগে। উদাহৰণস্বৰূপে- যিকোনো এটা গজাল যিমানে জোঙা হ'ব সি সিমানেই ভিতৰলৈ সোমাই যাব। অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল- আপোনাৰ জীৱনত যিয়ে টাৰ্গেট আছে বা আপুনি ভাবিছে যে মই এইটোৱে কৰিম । তেতিয়া আপোনালোকে তাতেই ধ্যান দিব লাগিব আৰু তাকে মনে প্ৰাণে শিকিব লাগিব।


যেতিয়া আপোনালোকে এইটো সিদ্ধান্ত লয় ল'ব যে মই কি কৰিম। তেতিয়া কথা আহে তাক কেনেকৈ শিকিব । আপুনি যিটো ক্ষেত্ৰত  তীক্ষ্ণ হ'ব বিচাৰে , তাত এইটো চাওঁক যে সেই ক্ষেত্ৰখনত কিমান সফল ব্যক্তি আছে আৰু তাৰ ভিতৰত টপ লিষ্টত কোন কোন আছে।যদি আপুনি এজন ক্ৰিকেটাৰ হ'ব বিচাৰে যি সকলো জানে যে কোনটো বলত কি কৰিব লাগে কেনেকৈ কৰিব লাগে। বহুত ডাঙৰ ডাঙৰ ক্ৰিকেটাৰৰ ভিতৰত এজন ক্ৰিকেটাৰ হ'ল শচীন তেণ্ডুলকাৰ। আপুনি যদি শচীন তেণ্ডুলকাৰৰ দৰে সফল হ'ব বিচাৰে তেতিয়া আপুনি তেওঁৰ পুৰণি খেলবোৰ চাওঁক। তেওঁৰ ইন্টাৰভিউ চাওঁক লগতে তেওঁৰ জীৱনৰ বিষয়ে পঢ়ক। তেওঁ কেনেদৰে নিজকে মটিভেট কৰি ৰাখে। তেওঁ কি কি সমস্যাৰ সন্মুখীন হৈছে আৰু কেনেকৈ তাৰ সমাধান কৰিছে। সেই সকলোবোৰ জানক তাৰ পাছত আপুনি বহুত কথা গম পাব । যিবোৰ আপোনাৰ বাবে প্ৰয়োজনীয় আৰু সেই কথাবোৰেই আপোনাক বুদ্ধিয়ক কৰি তুলিব।


আপুনি যিখন ক্ষেত্ৰত তীক্ষ্ণ হ'ব বিচাৰে তাৰ বিষয়ে আপুনি বহুত ঠাইৰ পৰা শিকিবলৈ পাব পাৰে। শিকাবলৈ হাজাৰ পদ্ধতি আছে। কিন্তু কিবা শিকাৰ আগত এইটো ধ্যান ৰাখিব যে বস্তুৰ পৰিমাণৰ ওপৰত নহয় গুণা-গুণৰ ওপৰত ধ্যান দিব লাগে। আপুনি পৰীক্ষাত টপ কৰিবলৈ হ'লে ৫০খন কিতাপ পঢ়িব নালাগে।অকল ৫খন কিতাপ বাচি লওঁক ভাল লেখকৰ। পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হয় যাব পাৰিব।এইটো পদ্ধতি হ'ল শিকাৰ। শিকিবলৈ সকলোতকৈ জৰুৰী বস্তু হ'ল- স্মৃতি বা মেমৰী।যেতিয়া আপুনি এইটো জানি যাব যে আপুনি কি শিকিব লাগে আৰু কেনেকৈ শিকিব লাগে। তেতিয়া আপুনি ৫০% বুদ্ধিয়ক হৈ পৰিব। বাকী ৫০% তেতিয়া হ'ব পাৰিব যেতিয়া শিকাখিনি ভালকৈ প্ৰয়োগ কৰিব পাৰিব।যেতিয়া আপোনাৰ এনেকুৱা লাগিব যে মই বহুত শিকিলোঁ এতিয়া সময় আহিব তাক প্ৰয়োগ কৰাৰ। কিন্তু কেনেকৈ কৰিম ক'ত কৰিম । উদাহৰণস্বৰূপে - ক্ৰিকেটাৰ হ'ব বিচৰাজনৰ যদি নেট  অনুশীলন শেষ হৈ যায় তাৰ পাছত সময় আহে ৰিয়েল খেল খেলাৰ বা পঢ়া শেষ হৈ গ'ল তাৰ পাছত সময় আহে পৰীক্ষাৰ। আপুনি আপোনাৰ কষ্টক সফল কৰিবলৈ হ'লে প্ৰথমতে নিজকে বৰ্তমানত ৰাখিব লাগিব । আপুনি খেলৰ অনুশীলন বহুত ভালকৈ কৰিছে, কিন্তু ৰিয়েল খেলৰ সময়ত আপোনাৰ ধ্যান আগৰ খেলৰ বেয়া সময়ৰ ফালে গৈ আছে বা আপুনি পৰীক্ষাৰ বাবে বহুত ভালকৈ সাজু হৈছে ।কিন্তু আপোনাৰ ধ্যান ৰিজাল্টৰ ফালে গৈ আছে আৰু আপুনি ভাবি আছে ৰিজাল্ট বেয়া হ'লে দেউতায়ে বহুত মাৰিব। Assamese Fact )


আপোনাৰ সেইখিনি সামৰ্থকতা আছে কিন্তু আপুনি সেই সময়ত তাত ধ্যানহে দিব পৰা নাই । ইমান অনুশীলন কৰাৰ পিছত যেতিয়া আপুনি পৰীক্ষাত বিফল হৈ যায় । তেতিয়া কোনোবাই আপোনাক ‌চোকা বুলি ক'ব নেকি? নকয়। সেই কাৰণে আপোনালোকে বৰ্তমানত থাকিব লাগে আৰু এইটো ভাবিব লাগে যে মই যিটো কাম কৰি আছোঁ সেইটো অতীতত কি হৈছিল মই নাজানো আৰু ভৱিষ্যতে কি হ'ব মই নাজানো। সেইবোৰ মই পিছত চাম। এতিয়া মই অকল এই কামটোতহে ধ্যান দিব লাগে। যিটো মই আৰম্ভ কৰিছোঁ।এনেদৰে আপুনি নিজৰ শিকাখিনি কামত লগাব পাৰিব।যদি আপোনালোকৰ সমস্যা আহে তেতিয়া ভাবিব যে এইটো সমস্যাৰ বাবে মই আগতেই সাজু হৈ আছোঁ আৰু ইয়াৰ বাবে আগতেই অনুশীলন কৰি থৈছোঁ। নিজৰ ওপৰত বিশ্বাস ৰাখক যে মই এইটো সমস্যাও সমাধান কৰিব পাৰিম। এনেকুৱা কৰা ফলত আপোনালোকৰ মনোবল বৃদ্ধি হ'ব।


আমি এইটো নকওঁ যে মনোবল অহাৰ পাছত আপুনি সেই সমস্যাটো দূৰ কৰিব পাৰিব। সেই সময়ত যদি আপুনি অসফল হয় সেই অসফলতায়ে আপোনাক আহিব লগা দিনৰ বাবে সাজু কৰি তুলিব আৰু এনেদৰে আপুনি নিজৰ জ্ঞানক ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। সমস্যাৰ বিৰুদ্ধে দিব লগা সময় কমাব লাগে। যিকোনো সমস্যাক আপুনি আৰম্ভণিতে যদি শেষ কৰি দিয়ে ভৱিষ্যতৰ বাবে সিমানেই ভাল হৈ উঠে। কাৰণ যেনেকৈ সময় বাঢ়ি গৈ থাকে তেনেকৈ সমস্যাটোও বাঢ়ি গৈ থাকে। যেতিয়াই আপুনি নিজৰ জ্ঞান ব্যৱহাৰ কৰোঁতে ৰৈ যাব লগা হয়। তেতিয়া তাক আকৌ পুণৰ অধ্যয়ন কৰাতো একো বেয়া নহয়।


প্ৰিয় পাঠকসকল ধ্যান ৰাখিব শিকা আৰু তাক ব্যৱহাৰ কৰা এই দুয়োটা প্ৰক্ৰিয়া সদায় সমান হয়। এনেকুৱা নহয় যে আপুনি কিবা শিকা পাছত আকৌ একো নিশিকিব।যেতিয়াই আপোনাৰ এনেকুৱা লাগে যে মোৰ সমস্যা সমাধানত বা কামত কিছুমান বাধা বা খোঁট  আছে ।তেতিয়া আকৌ পঢ়ক আৰু সেই খিনি মজবুত কৰক। 


প্ৰিয় পাঠকসকল আপোনালোকে বহুত বাৰ শুনিছে চাগে প্ৰথমতে যেতিয়া চাৰ্কাছত নতুন সিংহ ল'ব লগা হয়। তেতিয়া সিংহৰ পোৱালি লোৱা হয়। কাৰণ ডাঙৰ সিংহ ল'লে তাক শিকাব নোৱাৰে। কিন্তু  বুদ্ধিয়ক হ'বলৈ  এনেকুৱা একো কথা নাই বা নাথাকে। আপুনি লাগিলে ল'ৰা হ'ক বা ছোৱালী হ'ক। আপোনাৰ বয়স ২০ হ'ক বা ৬০ হ'ক। আপুনি সদায় নিজকে বুদ্ধিয়ক বনাব পাৰে।যদি আপোনালোকৰ আমাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যে মোৰ ভিতৰতো কিবা টেলেন্ট আছে যিটো সকলোৱে নাজানে। তেতিয়া আপুনি এজন বুদ্ধিয়ক ব্যক্তি। সেই বুদ্ধিখিনি আপুনি আৰু বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। আপুনি এতিয়ালৈকে যদি নিজৰ টেলেন্ট বিচাৰি পোৱা নাই বা বুজি পোৱা নাই। তেতিয়া কিবা এটা ভাবি সিদ্ধান্ত লৈ তাক শিকক আৰু ভালকৈ কামত লগাওঁক।যেতিয়া বুদ্ধিয়ক হৈ পৰিব অকল দেশত নহয় পৃথিৱীত নিজৰ লগতে দেশৰ নাম উজ্জ্বল কৰি তুলিব পাৰিব।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages