জীৱনত সফল হ'বলৈ মানি চলক এই ৭ টা উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 28, 2021

জীৱনত সফল হ'বলৈ মানি চলক এই ৭ টা উপায় : Assamese Fact

Assamese Fact

আমি সকলোৱে সময়ৰ সদব্যৱহাৰ কৰিব বিচাৰো কিয়নো আমি সকলোৱে নিজৰ জীৱনতো সুন্দৰকৈ সজাই পৰাই তুলিব বিচাৰো। গতিকে আমি কেইটামান পদ্ধতি বিষয়ে জনাম,  কিন্তু সময় আৰু জীৱন নিয়ন্ত্ৰণ কৰাৰ আগতে আমি নিজকে নিয়ন্ত্ৰণ কৰিব শিকিব লাগিব। Assamese Fact )

যাৰ বাবে তিনিটা বস্তু  বিত্তীয় উন্নতি, মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত  গুৰুত্ব দিব লাগিব । ইয়াত আপোনাক সহায় কৰিব WRP প্ৰক্ৰিয়াই।  


WRP ৰ অৰ্থ হৈছে -


W: Work(কাম) 


R: Rest (আৰাম)


P: Play(খেল)


প্ৰায় মানুহে আৰাম কৰি আৰু খেলি নিজৰ সময়বোৰ অপব্যয় কৰে। তাৰ মাজতে এনে মানুহো আছে যিয়ে মাত্ৰ কাম কৰি থাকে। নিজৰ জীৱনটো আনন্দময় কৰি ৰাখিবলৈ আপুনি আপোনাৰ দৈনিক কৰ্মসূচীৰ বিষয়ে এখন কাগজত একোটাকৈ দৰকাৰী কাম লিখি যাবলৈ চেষ্টা কৰিব লাগে।


যেনে- কামৰ ক্ষেত্ৰত আপুনি অফিচ, অধ্যয়ন , ব্যৱসায় ইত্যাদি বোৰ ৰাখিব পাৰে। যিটো কৰাটো আপোনাৰ বাবে বহুত জৰুৰী আৰু ভৱিষ্যতে ই আপোনাক বৃত্তিয় ভাবে সহায় কৰিব। 


আৰামৰ ক্ষেত্ৰত সন্নিবিষ্ট হৈ আছে প্ৰতিদিনে ৭/৮ ঘণ্টা টোপনি যোৱা। কামৰ মাজতে অলপ সময় আৰাম কৰা আৰু এনেকুৱা কিছুমান কাম যিবোৰ কৰি আপুনি ভাল পায় আৰু লগতে আপুনি ধ্যান কৰিবও পাৰে । কিয়নো আৰাম কৰাটো আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজনীয়। 


play অৰ্থাৎ খেলৰ ক্ষেত্ৰত আপুনি নিজৰ সুস্বাস্থ্যৰ বাবে ব্যায়াম কৰিব পাৰে । কিছুসময় দৌৰি, খোজ কাঢ়িও আপুনি সময় অতিবাহিত  কৰিব পাৰে । তাৰোপৰিও আপুনি বিভিন্ন খেল খেলিব পাৰে। আপুনি এনেদৰে নিজৰ সময় আৰু জীৱনটোক নিয়ন্ত্ৰণ কৰিব পাৰে।


দ্বিতীয়তে হৈছে "Eat that Frog Early"


এই পদ্ধতিটোক পৃথিৱীৰ বহুতো সফল ব্যক্তিয়ে ব্যৱহাৰ কৰে। এজন মিলিয়নাৰ ব্ৰায়ান ট্ৰেসিয়ে এই পদ্ধতিৰ ওপৰত এখন কিতাপ লিখি উলিয়ালে "Eat that Frog "ৰ নামেৰে। 


অৰ্থাৎ দিনটোৰ আৰম্ভণিতে আপুনি এটা ডাঙৰ ভেকুলী খাব লাগে। দৰাচলতে ইয়াত আপোনাক সচাকৈ ভেকুলী খাবলৈ কোৱা হোৱা নাই। ইয়াত আপোনাক কোৱা হৈছে যে দিনটোৰ যিটো আটাইতকৈ কঠিন কাম কৰিবলগা আছে সেইটো পুৱাই সম্পূৰ্ণ কৰি লব লাগে। কিন্তু হয়তো আপুনি এই কঠিনটো কামটো কৰিবলৈ পছন্দ নকৰে বা কৰিবলৈ মন নকৰে। কিন্তু আপোনাৰ বাবে সেই কামটো সদায় কৰাটো জৰুৰী। গতিকে যদি আপুনি দিনটো আৰম্ভ হওঁতেই সেই কঠিন কামটো কৰি শেষ কৰে তেন্তে আপুনি গোটেই দিনটোলৈ আজৰি হৈ থাকে। এনে কৰিলে গোটেই দিন আপুনি সেই কামটোক লৈ চিন্তিত হব নালাগে। আৰু গোটেই দিনটোলৈ আপোনাৰ ওচৰত বাকীবোৰ কাম কৰিবলৈও সময়ৰ নাটনি নহব।


তৃতীয়তে হৈছে- "Don't be busy" 


মানুহৰ মনত এইটো ভাব সোমাই পৰিছে যে গোটেই দিনটো কামত ব্যস্ত থাকিলেহে আমি জীৱনত সফল হব পাৰিম। বহুতো মানুহে এইটোৱেই ভাবে যে ব্যস্ততাইহে জীৱনত সফলতা আনিব পাৰে। কিন্তু ই একেবাৰেই শুদ্ধ নহয়। পৃথিৱীৰ বহুতো সফল ব্যক্তিৰ জীৱনৰ ওপৰত গৱেষণা কৰি এইটো গম পোৱা গৈছে যে তেওঁলোকে জীৱনত গুৰুত্বপূৰ্ণ কামবোৰ কৰি ব্যস্ত থাকি ভাল পায়।


"You can do anything 


But you can't do everything" অৰ্থাৎ আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে কিন্তু আপুনি সকলো কাম কৰিব নোৱাৰে।


গতিকে আপুনি আপোনাৰ দৈনন্দিন জীৱনত এনেকুৱা এখন কামৰ তালিকা পূৰণ কৰক যত যিবোৰ কাম কৰিলে সফলতা পোৱা যায়। 


কৰিবলগীয়া কামবোৰো কৰি যাব লাগে কিন্তু যিবোৰ কাম বেছি গুৰুত্বপূৰ্ণ সেইসমূহ কাম আমি কৰিবলৈ এৰিব নালাগে।


আপুনি সফলতাৰ তালিকাত গোটেই দিনটোত মাত্ৰ ৩ তা গুৰুত্বপূৰ্ণ কামহে লিখিব লাগে তাতকৈ বেছি নহয়। আপুনি এজন শিক্ষা গ্ৰহণ কৰি থকা ব্যক্তিও হব পাৰে কাম কৰি থকা ব্যক্তিও হব পাৰে , যদি আপুনি এই পদ্ধতি অৱলম্বন কৰে তেন্তে ই আপোনাৰ বাবে লাভদায়ক হব ।  এনে কৰিলে আপোনাৰ দৈনন্দিন জীৱনৰ বহুতো সময় বচাব পাৰিব।


চতুৰ্থতে হৈছে- "Apply Parkinson's Law"  এই পদ্ধতিটোত কোৱা হয় যে আপুনি যিমান সময় এটা কাম কৰিবলৈ দিব , যেনে -  যদি আপোনাৰ ওচৰত ৩ মাহ সময় আছে এটা ৱেবচাইট আগবঢ়াই নিবলৈ তেন্তে আপুনি ৩ মাহ আৰামত মন লগাই কাম কৰিব। কিন্তু যদি আপোনাক মাত্ৰ সময় ১ মাহ দিয়া হয় তেন্তে আপুনি যিকোনো প্ৰকাৰে ১ মাহৰ ভিতৰতেই ৱেবচাইটতো আগবঢ়াই নিয়াৰ কাম কৰিব। আপোনাৰ ওচৰত যিকোনো এটা কাম কৰিবলৈ যিমান সময় থাকিব আপুনি সিমান সময় লগাব সেই কামটো সম্পূৰ্ণ কৰিবলৈ। যিমান কম সময় আপোনাৰ হাতত থাকিব আপুনি সেই কম সময়ৰ ভিতৰতে কামটো সম্পন্ন কৰিব। আমি সকলোৱে এই পদ্ধতিটোৰে কাম কৰিছো যেতিয়া আমি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰোঁ, যিকোনো এটা প্ৰজেক্ট বনাও অথবা অফিচৰ প্ৰেজেণ্টেচন তৈয়াৰ কৰোঁতেও কৰিছোঁ। যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে যে আপুনি কামটো ২ ঘণ্টাৰ ভিতৰতেই সম্পূৰ্ণ কৰিব পাৰিব তেন্তে আপুনি নিজকে তাতকৈ বেছি সময় অৰ্থাৎ ৪/৫ ঘণ্টা সময় নিদিব। আপুনি প্ৰতিটো কামত সিমান সময় দিব লাগে যিমান সেই কামটোত দৰকাৰ।


৫ নম্বৰত আছে - " Focus on  systsm Not on goals" 


যদি আপুনি এজন শিক্ষাৰ্থী হয় তেন্তে আপোনাৰ লক্ষ্য হল এটা নিৰ্দিষ্ট ভাল শতাংশ পোৱা , কোনো ডাঙৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা। যদি আপুনি এজন কৰ্মচাৰী তেন্তে আপোনাৰ লক্ষ্য হব এক নিৰ্দিষ্ট দৰমহা পোৱা বা এটা ভাল চাকৰি পোৱা। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে আপোনাৰ লক্ষ্য হব এটা নিৰ্দিষ্ট বিত্তীয় লাভ ।  আমাৰ সকলোৰে ওচৰত এটা নিৰ্দিষ্ট লক্ষ্য থাকে। কিন্তু আমি নিজৰ লক্ষ্যতকৈ বেছি পদ্ধতিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। আপুনি আপোনাৰ লক্ষ্য শেষ কৰিব নালাগে । মাত্ৰ আপুনি সেই লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়াটোত ধ্যান দিব লাগে। গতিকে নিজকে প্ৰশ্ন কৰক যে আপুনি আপোনাৰ লক্ষ্যত উপনীত  হবৰ বাবে যি কৰ্ম পদ্ধতি অৱলম্বন কৰিছে সেইয়া শুদ্ধ নে? নে আপুনি কেৱল সময় নষ্ট কৰি আছে?  আপুনি ভৱিষ্যতক ধ্যান দি আপোনাৰ বৰ্তমানৰ লগত সন্মুখীন নহয়।


৬ নম্বৰত হৈছে- "Waking Up Early" 


আপুনি তেতিয়াহে সময় নিয়ন্ত্ৰণ কৰিব পাৰিব যেতিয়া আপোনাৰ হাতত জোখতকৈ বেছি সময় থাকিব। যদি আপুনি ৰাতিপুৱা দেৰিকৈ শুই উঠে তেন্তে আপুনি এইটো কেতিয়াও আশা নকৰিব যে আপোনাৰ হাতত কাম কৰিবলৈ বহুত সময় আছে। প্ৰথমতে আপুনি ৰাতিপুৱা সোনকালে শুই উঠিবলৈ চেষ্টা কৰক। লাহে লাহে নিজকে পোৱা সোনকালে শুই উঠাৰ ভাল অভ্যাসৰ গৰাকী বনাই তোলক। আপোনাৰ স্বাভাৱিক সময়তকৈ ২/৩ ঘণ্টা আগতীয়াকৈ শুই উঠিবলৈ চেষ্টা কৰক। এনে কৰিলে দিনটোত আপোনাৰ হাতত ২/৩ ঘণ্টা সময় বেছিকৈ থাকিব। আপুনি এই সময়খিনিৰ ভিতৰত আটাইতকৈ দৰকাৰী কামসমূহ কৰিব পাৰিব। প্ৰায় মানুহে ৰাতিপুৱা বহুত দেৰিলৈকে শুই থাকে গতিকে আপোনাক ইমান ৰাতিপুৱাই কোনেও আমনি নকৰে , ফোন আৰু মেছেজ নকৰে আৰু আপুনি আৰামত দৰকাৰী কামসমূহ কৰিব পাৰিব। অৰ্থাৎ যেতিয়া বাকীবোৰ মানুহ সাৰ পাই উঠি ভাবিব যে আজি কি কৰিবলগা আছে তেতিয়ালৈকে আপুনি আপোনাৰ জৰুৰী কামবোৰ কৰি আজৰি হব আৰু আপুনি ৰাতি শুৱাৰ আগত আপোনাৰ আহিবলগীয়া দিনটোৰ কৰিবলগা কামবোৰ পৰিকল্পনা কৰি লৈ শুব যাতে ৰাতিপুৱা উঠি আপুনি কি কাম কৰিবলগা আছে বুলি ভাবি সময় নষ্ট কৰিব লগা নহয়।


৭ নম্বৰত হৈছে-  "Distraction kills your time" 


ইয়াৰ পৰা বচাবলৈ এটাই উপায় আছে যে আপুনি অমনোযোগী কামবোৰত ধ্যান নিদিব। ই ইমান সহজ নহয়। কিন্তু আপুনি এখন কাগজত লিখি যাওক যে যিবোৰ কাম কৰিলে বা যিবোৰ বস্তু দেখিলে আপোনাৰ মনোযোগ ভাঙি যায়।  আৰু আপুনি সেই কামবোৰ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু যদি পাৰে আপোনাৰ দেৱালত ওলমাই দিয়ক যাতে বাৰে বাৰে সেইখন আপোনাৰ দৃষ্টিগোচৰ হয়। যেতিয়া আপুনি জৰুৰী কাম কৰি থাকে তেতিয়া আপোনাৰ মোবাইলৰ নটিফিকেচন বন্ধ কৰি থওক যাতে আপোনাৰ মনোযোগ ভংগ নহয়। যদি ঘৰৰ মানুহে আপোনাক মাতি আমনি কৰে তেন্তে আপোনাৰ কোঠালীৰ বাহিৰত "Don't Disturb" বুলি লিখি থৈ দিয়ক। আপুনি নিজকে সন্মুখৰ জনৰ আগত এনেকুৱা কৰি তোলক যাতে আপোনাক কাম কৰি থকা দেখিলে মনতে তেওঁ ভাবি লয় যে "এওঁ কাম কৰি থাকিলে বাকী একো কামতেই গুৰুত্ব নিদিয়ে গতিকে এওঁক আমনি কৰিব নালাগে।" এনে কৰিলে আপুনি নিজেই আপোনাৰ সময়ৰ মালিক হব। 


যদি সম্ভৱ , আপোনাৰ সামাজিক মাধ্যমত সেইসকল লোককহে ফ'ল' কৰক যিবোৰ মানুহৰ আপোনাৰ জীৱনত গুৰুত্ব আছে , আপোনাৰ সময়ৰ সলনি আপোনাক কিবা শিকাইছে। যত আপুনি সময় খৰছ কৰি আপোনাৰ কিবা লাভ হৈছে, যত আপোনাৰ গুৰুত্ব আছে।

ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত ব্যক্তিসকলৰ সময়ৰ সদব্যৱহাৰ কৰাৰ ৭ তা উপায়- 


আমি সকলোৱে সময়ৰ সদব্যৱহাৰ কৰিব বিচাৰো কিয়নো আমি সকলোৱে নিজৰ জীৱনতো সুন্দৰকৈ সজাই পৰাই তুলিব বিচাৰো। গতিকে আমি কেইটামান পদ্ধতি বিষয়ে জনাম,  কিন্তু সময় আৰু জীৱন নিয়ন্ত্ৰণ কৰাৰ আগতে আমি নিজকে নিয়ন্ত্ৰণ কৰিব শিকিব লাগিব। যাৰ বাবে তিনিটা বস্তু  বিত্তীয় উন্নতি, মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত  গুৰুত্ব দিব লাগিব । ইয়াত আপোনাক সহায় কৰিব WRP প্ৰক্ৰিয়াই।  


WRP ৰ অৰ্থ হৈছে -


W: Work(কাম) 


R: Rest (আৰাম)


P: Play(খেল)


প্ৰায় মানুহে আৰাম কৰি আৰু খেলি নিজৰ সময়বোৰ অপব্যয় কৰে। তাৰ মাজতে এনে মানুহো আছে যিয়ে মাত্ৰ কাম কৰি থাকে। নিজৰ জীৱনটো আনন্দময় কৰি ৰাখিবলৈ আপুনি আপোনাৰ দৈনিক কৰ্মসূচীৰ বিষয়ে এখন কাগজত একোটাকৈ দৰকাৰী কাম লিখি যাবলৈ চেষ্টা কৰিব লাগে।


যেনে- কামৰ ক্ষেত্ৰত আপুনি অফিচ, অধ্যয়ন , ব্যৱসায় ইত্যাদি বোৰ ৰাখিব পাৰে। যিটো কৰাটো আপোনাৰ বাবে বহুত জৰুৰী আৰু ভৱিষ্যতে ই আপোনাক বৃত্তিয় ভাবে সহায় কৰিব। 


আৰামৰ ক্ষেত্ৰত সন্নিবিষ্ট হৈ আছে প্ৰতিদিনে ৭/৮ ঘণ্টা টোপনি যোৱা। কামৰ মাজতে অলপ সময় আৰাম কৰা আৰু এনেকুৱা কিছুমান কাম যিবোৰ কৰি আপুনি ভাল পায় আৰু লগতে আপুনি ধ্যান কৰিবও পাৰে । কিয়নো আৰাম কৰাটো আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজনীয়। 


play অৰ্থাৎ খেলৰ ক্ষেত্ৰত আপুনি নিজৰ সুস্বাস্থ্যৰ বাবে ব্যায়াম কৰিব পাৰে । কিছুসময় দৌৰি, খোজ কাঢ়িও আপুনি সময় অতিবাহিত  কৰিব পাৰে । তাৰোপৰিও আপুনি বিভিন্ন খেল খেলিব পাৰে। আপুনি এনেদৰে নিজৰ সময় আৰু জীৱনটোক নিয়ন্ত্ৰণ কৰিব পাৰে।


দ্বিতীয়তে হৈছে "Eat that Frog Early"


এই পদ্ধতিটোক পৃথিৱীৰ বহুতো সফল ব্যক্তিয়ে ব্যৱহাৰ কৰে। এজন মিলিয়নাৰ ব্ৰায়ান ট্ৰেসিয়ে এই পদ্ধতিৰ ওপৰত এখন কিতাপ লিখি উলিয়ালে "Eat that Frog "ৰ নামেৰে। 


অৰ্থাৎ দিনটোৰ আৰম্ভণিতে আপুনি এটা ডাঙৰ ভেকুলী খাব লাগে। দৰাচলতে ইয়াত আপোনাক সচাকৈ ভেকুলী খাবলৈ কোৱা হোৱা নাই। ইয়াত আপোনাক কোৱা হৈছে যে দিনটোৰ যিটো আটাইতকৈ কঠিন কাম কৰিবলগা আছে সেইটো পুৱাই সম্পূৰ্ণ কৰি লব লাগে। কিন্তু হয়তো আপুনি এই কঠিনটো কামটো কৰিবলৈ পছন্দ নকৰে বা কৰিবলৈ মন নকৰে। কিন্তু আপোনাৰ বাবে সেই কামটো সদায় কৰাটো জৰুৰী। গতিকে যদি আপুনি দিনটো আৰম্ভ হওঁতেই সেই কঠিন কামটো কৰি শেষ কৰে তেন্তে আপুনি গোটেই দিনটোলৈ আজৰি হৈ থাকে। এনে কৰিলে গোটেই দিন আপুনি সেই কামটোক লৈ চিন্তিত হব নালাগে। আৰু গোটেই দিনটোলৈ আপোনাৰ ওচৰত বাকীবোৰ কাম কৰিবলৈও সময়ৰ নাটনি নহব।


তৃতীয়তে হৈছে- "Don't be busy" 


মানুহৰ মনত এইটো ভাব সোমাই পৰিছে যে গোটেই দিনটো কামত ব্যস্ত থাকিলেহে আমি জীৱনত সফল হব পাৰিম। বহুতো মানুহে এইটোৱেই ভাবে যে ব্যস্ততাইহে জীৱনত সফলতা আনিব পাৰে। কিন্তু ই একেবাৰেই শুদ্ধ নহয়। পৃথিৱীৰ বহুতো সফল ব্যক্তিৰ জীৱনৰ ওপৰত গৱেষণা কৰি এইটো গম পোৱা গৈছে যে তেওঁলোকে জীৱনত গুৰুত্বপূৰ্ণ কামবোৰ কৰি ব্যস্ত থাকি ভাল পায়।Assamese Fact )


"You can do anything 


But you can't do everything" অৰ্থাৎ আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে কিন্তু আপুনি সকলো কাম কৰিব নোৱাৰে।


গতিকে আপুনি আপোনাৰ দৈনন্দিন জীৱনত এনেকুৱা এখন কামৰ তালিকা পূৰণ কৰক যত যিবোৰ কাম কৰিলে সফলতা পোৱা যায়। 


কৰিবলগীয়া কামবোৰো কৰি যাব লাগে কিন্তু যিবোৰ কাম বেছি গুৰুত্বপূৰ্ণ সেইসমূহ কাম আমি কৰিবলৈ এৰিব নালাগে।


আপুনি সফলতাৰ তালিকাত গোটেই দিনটোত মাত্ৰ ৩ তা গুৰুত্বপূৰ্ণ কামহে লিখিব লাগে তাতকৈ বেছি নহয়। আপুনি এজন শিক্ষা গ্ৰহণ কৰি থকা ব্যক্তিও হব পাৰে কাম কৰি থকা ব্যক্তিও হব পাৰে , যদি আপুনি এই পদ্ধতি অৱলম্বন কৰে তেন্তে ই আপোনাৰ বাবে লাভদায়ক হব ।  এনে কৰিলে আপোনাৰ দৈনন্দিন জীৱনৰ বহুতো সময় বচাব পাৰিব।


চতুৰ্থতে হৈছে- "Apply Parkinson's Law"  এই পদ্ধতিটোত কোৱা হয় যে আপুনি যিমান সময় এটা কাম কৰিবলৈ দিব , যেনে -  যদি আপোনাৰ ওচৰত ৩ মাহ সময় আছে এটা ৱেবচাইট আগবঢ়াই নিবলৈ তেন্তে আপুনি ৩ মাহ আৰামত মন লগাই কাম কৰিব। কিন্তু যদি আপোনাক মাত্ৰ সময় ১ মাহ দিয়া হয় তেন্তে আপুনি যিকোনো প্ৰকাৰে ১ মাহৰ ভিতৰতেই ৱেবচাইটতো আগবঢ়াই নিয়াৰ কাম কৰিব। আপোনাৰ ওচৰত যিকোনো এটা কাম কৰিবলৈ যিমান সময় থাকিব আপুনি সিমান সময় লগাব সেই কামটো সম্পূৰ্ণ কৰিবলৈ। যিমান কম সময় আপোনাৰ হাতত থাকিব আপুনি সেই কম সময়ৰ ভিতৰতে কামটো সম্পন্ন কৰিব। আমি সকলোৱে এই পদ্ধতিটোৰে কাম কৰিছো যেতিয়া আমি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰোঁ, যিকোনো এটা প্ৰজেক্ট বনাও অথবা অফিচৰ প্ৰেজেণ্টেচন তৈয়াৰ কৰোঁতেও কৰিছোঁ। যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে যে আপুনি কামটো ২ ঘণ্টাৰ ভিতৰতেই সম্পূৰ্ণ কৰিব পাৰিব তেন্তে আপুনি নিজকে তাতকৈ বেছি সময় অৰ্থাৎ ৪/৫ ঘণ্টা সময় নিদিব। আপুনি প্ৰতিটো কামত সিমান সময় দিব লাগে যিমান সেই কামটোত দৰকাৰ।


৫ নম্বৰত আছে - " Focus on  systsm Not on goals" 


যদি আপুনি এজন শিক্ষাৰ্থী হয় তেন্তে আপোনাৰ লক্ষ্য হল এটা নিৰ্দিষ্ট ভাল শতাংশ পোৱা , কোনো ডাঙৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা। যদি আপুনি এজন কৰ্মচাৰী তেন্তে আপোনাৰ লক্ষ্য হব এক নিৰ্দিষ্ট দৰমহা পোৱা বা এটা ভাল চাকৰি পোৱা। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে আপোনাৰ লক্ষ্য হব এটা নিৰ্দিষ্ট বিত্তীয় লাভ ।  আমাৰ সকলোৰে ওচৰত এটা নিৰ্দিষ্ট লক্ষ্য থাকে। কিন্তু আমি নিজৰ লক্ষ্যতকৈ বেছি পদ্ধতিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। আপুনি আপোনাৰ লক্ষ্য শেষ কৰিব নালাগে । মাত্ৰ আপুনি সেই লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়াটোত ধ্যান দিব লাগে। গতিকে নিজকে প্ৰশ্ন কৰক যে আপুনি আপোনাৰ লক্ষ্যত উপনীত  হবৰ বাবে যি কৰ্ম পদ্ধতি অৱলম্বন কৰিছে সেইয়া শুদ্ধ নে? নে আপুনি কেৱল সময় নষ্ট কৰি আছে?  আপুনি ভৱিষ্যতক ধ্যান দি আপোনাৰ বৰ্তমানৰ লগত সন্মুখীন নহয়।


৬ নম্বৰত হৈছে- "Waking Up Early" 


আপুনি তেতিয়াহে সময় নিয়ন্ত্ৰণ কৰিব পাৰিব যেতিয়া আপোনাৰ হাতত জোখতকৈ বেছি সময় থাকিব। যদি আপুনি ৰাতিপুৱা দেৰিকৈ শুই উঠে তেন্তে আপুনি এইটো কেতিয়াও আশা নকৰিব যে আপোনাৰ হাতত কাম কৰিবলৈ বহুত সময় আছে। প্ৰথমতে আপুনি ৰাতিপুৱা সোনকালে শুই উঠিবলৈ চেষ্টা কৰক। লাহে লাহে নিজকে পোৱা সোনকালে শুই উঠাৰ ভাল অভ্যাসৰ গৰাকী বনাই তোলক। আপোনাৰ স্বাভাৱিক সময়তকৈ ২/৩ ঘণ্টা আগতীয়াকৈ শুই উঠিবলৈ চেষ্টা কৰক। এনে কৰিলে দিনটোত আপোনাৰ হাতত ২/৩ ঘণ্টা সময় বেছিকৈ থাকিব। আপুনি এই সময়খিনিৰ ভিতৰত আটাইতকৈ দৰকাৰী কামসমূহ কৰিব পাৰিব। প্ৰায় মানুহে ৰাতিপুৱা বহুত দেৰিলৈকে শুই থাকে গতিকে আপোনাক ইমান ৰাতিপুৱাই কোনেও আমনি নকৰে , ফোন আৰু মেছেজ নকৰে আৰু আপুনি আৰামত দৰকাৰী কামসমূহ কৰিব পাৰিব। অৰ্থাৎ যেতিয়া বাকীবোৰ মানুহ সাৰ পাই উঠি ভাবিব যে আজি কি কৰিবলগা আছে তেতিয়ালৈকে আপুনি আপোনাৰ জৰুৰী কামবোৰ কৰি আজৰি হব আৰু আপুনি ৰাতি শুৱাৰ আগত আপোনাৰ আহিবলগীয়া দিনটোৰ কৰিবলগা কামবোৰ পৰিকল্পনা কৰি লৈ শুব যাতে ৰাতিপুৱা উঠি আপুনি কি কাম কৰিবলগা আছে বুলি ভাবি সময় নষ্ট কৰিব লগা নহয়।


৭ নম্বৰত হৈছে-  "Distraction kills your time" 


ইয়াৰ পৰা বচাবলৈ এটাই উপায় আছে যে আপুনি অমনোযোগী কামবোৰত ধ্যান নিদিব। ই ইমান সহজ নহয়। কিন্তু আপুনি এখন কাগজত লিখি যাওক যে যিবোৰ কাম কৰিলে বা যিবোৰ বস্তু দেখিলে আপোনাৰ মনোযোগ ভাঙি যায়।  আৰু আপুনি সেই কামবোৰ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু যদি পাৰে আপোনাৰ দেৱালত ওলমাই দিয়ক যাতে বাৰে বাৰে সেইখন আপোনাৰ দৃষ্টিগোচৰ হয়। যেতিয়া আপুনি জৰুৰী কাম কৰি থাকে তেতিয়া আপোনাৰ মোবাইলৰ নটিফিকেচন বন্ধ কৰি থওক যাতে আপোনাৰ মনোযোগ ভংগ নহয়। যদি ঘৰৰ মানুহে আপোনাক মাতি আমনি কৰে তেন্তে আপোনাৰ কোঠালীৰ বাহিৰত "Don't Disturb" বুলি লিখি থৈ দিয়ক। আপুনি নিজকে সন্মুখৰ জনৰ আগত এনেকুৱা কৰি তোলক যাতে আপোনাক কাম কৰি থকা দেখিলে মনতে তেওঁ ভাবি লয় যে "এওঁ কাম কৰি থাকিলে বাকী একো কামতেই গুৰুত্ব নিদিয়ে গতিকে এওঁক আমনি কৰিব নালাগে।" এনে কৰিলে আপুনি নিজেই আপোনাৰ সময়ৰ মালিক হব। 

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages