সকলোতকৈ অদ্ভুত মনোবৈজ্ঞানীক তথ্য : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 30, 2021

সকলোতকৈ অদ্ভুত মনোবৈজ্ঞানীক তথ্য : Assamese Fact

 

Assamese Fact

এটা গৱেষণাত গম পোৱা গৈছে যে আমাৰ হাঁহিটো মুখৰ মেক আপৰ তুলনাত ৬০% বেছি  আকৰ্ষিত।  সেইবাবে সদায় হাঁহি থাকিব লাগে।Assamese Fact )

 হয়তো আমি বহুতেই নাজানো যে মানুহৰ মগজুৰ বিকাশ ৪০ বছৰ বয়সলৈকেহে হয়  তাৰ পাছত আৰু নহয় আৰু যদি ছোৱালী মানুহৰ লগত কথা পাতি থাকোতে আপুনি বেছি গভীৰ হৈ পৰে তেন্তে সেই ছোৱালীগৰাকীয়ে কথা পতা বন্ধ কৰি দিয়ে। এনেধৰণৰ প্ৰায় ১০ তা আমোদজনক মনোবৈজ্ঞানীক তথ্যৰ বিষয়ে জনাম।


১/  পৃথিৱীত প্ৰায় ৫০% মানুহে একে সময়তে ধনী হোৱাৰ সপোন দেখে কিন্তু তাৰ মাজত কেৱল ১% হে বাস্তৱ জীৱনত ধনী হব পাৰে। কিন্তু এনেকুৱা কিয় হয় আমি জানো নে?  বন্ধুসকল  মনোবিজ্ঞানৰ মতে ইয়াৰ প্ৰথম কাৰণ হৈছে সক্ৰিয় নোহোৱা আৰু দ্বিতীয় কাৰণটো হৈছে অসফল হোৱাৰ ভয়। এই দুই কাৰণৰ বাবেই মানুহে জীৱনত ধনী হব নোৱাৰে। কিন্তু তাৰ মাজতে যি ১% মানুহ ধনী হব পাৰে তেওঁলোকে সদায় নিজৰ কামক লৈ সক্ৰিয় হৈ থাকে । আৰম্ভণিতে তেওঁলোকেও অসফল হব লগা হয়। কিন্তু তেওঁলোকে জানে যে সফল হবলৈ হলে অসফলতাৰ সন্মুখীন হবই লাগিব। আৰু এনেধৰনে তেওঁলোকে ধৈৰ্য্য ধৰি নিজৰ কৰ্মৰাজিৰ মাজেৰে জীৱনত সফলতা লব পাৰে।


২/ আমি জীৱনত এনেকুৱা বহুত মানুহ লগ পাইছোঁ যিয়ে কেৱল আনৰ সৰু সৰু কথাত ভুল বিচাৰি থাকে। যেনে যদি সেইসকল লোকৰ সন্মুখত কোনোবাই বেয়া বা ভুল শব্দ এটা কৈছে তেন্তে তেওঁ সন্মুখতেই সেই ভুল আঙুলিয়াই দিয়ে আৰু তেওঁলোকক আমনি কৰে। মনোবিজ্ঞানৰ মতে এনে ব্যক্তিৰ মাজত আত্মবিশ্বাসৰ অভাৱ আছে। তেওঁলোকৰ নিজৰ ওপৰত নিজৰ কামৰ ওপৰত খুব কম বিশ্বাস থাকে। সেইবাবে তেওঁলোকে নিজৰ কামৰ ওপৰত মনোযোগ দিয়াৰ সলনি বেলেগৰ কামত মনোযোগ দিয়ে। 


৩/ "Aboulomania" ই হৈছে  মানুহৰ মগজুৰ এনে এক স্থিতি যত তেওঁ সহজতকৈও সহজ সিদ্ধান্ত লব নোৱাৰে। এনেকুৱা মানুহে জীৱনত প্ৰতিদিনে বহুত সমস্যাৰ সন্মুখীন হব লগা হয়। যেনে- আহাৰ গ্ৰহণ কৰিব নে নকৰিব? পানী গ্ৰহণ কৰিব নে নকৰিব? ব্ৰাছ কৰিব নে নকৰিব? এই বেমাৰতো ইমানেই ভয়ানক হব পাৰে যে মানুহে আগুৱাই যাবলৈও বেলেগৰ পৰামৰ্শ লবলগা হয়। শুবলৈও কাৰোবাৰ পৰামৰ্শৰ প্ৰয়োজন হয়। অৰ্থাৎ এই বেমাৰটোত মানুহে সৰু সৰু কামবোৰো কৰিব নোৱাৰে।


৪/ আজিকালিৰ যুগটো হৈছে সামাজিক মাধ্যমৰ। বহুত মানুহে সামাজিক মাধ্যমক নিজকে আগুৱাই নিবলৈ ব্যৱহাৰ কৰে আৰু কিছুমান মানুহে মাত্ৰ সময় পাৰ কৰিবলৈ ব্যৱহাৰ কৰে। কিন্তু মনোবিজ্ঞানৰ এক অধ্যয়ন অনুসৰি যিসকল লোকে সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে নিজৰ নামত একাউণ্ট বা প্ৰফাইল খোলে তাৰ মাজৰ ৯০% মানুহ নতুন বন্ধুত্ব গঢ়িবৰ বাবে আহে।  এনে মানুহে প্ৰথমে অচিনাকি একাউণ্টবোৰ ফ'ল' কৰে , মেছেজ কৰে আৰু তেওঁলোকৰ লগত কথা পাতিব বিচাৰে। 


৫/ যেতিয়া আমাক কোনোবাই বিনামূলীয়াকৈ উপহাৰ দিয়ে বা আমাৰ সহায় কৰে তেতিয়া আমি তেওঁক সেইটো উভতাই দিয়াৰ প্ৰয়োজনবোধ কৰোঁ। কিন্তু এনেকুৱা কিয় হয় হয়তো আমি নাজানো । মনোবিজ্ঞানৰ মতে এনেকুৱা এই কাৰণেই হয় কিয়নো বহুতো মানুহে কাৰো উপকাৰ বিনামূলীয়াকৈ লবলৈ পছন্দ নকৰে।Assamese Fact )


৬ / মনোবিজ্ঞানৰ মতে বেছিকৈ পঢ়া শুনা কৰা মানুহৰ মাজত নিজৰ লগত বেছিকৈ কথা পতা আৰু বেছিকৈ চিন্তা কৰাৰ গুণ পোৱা যায়। এনে কৰিলে তেওঁলোকৰ মগজুৰ সেইবোৰ অংশও খোল খাই যায় যিবোৰ বন্ধ হৈ থাকে। যাৰ বাবে তেওঁলোকে যিকোনো সমস্যাৰ সহজতে সমাধান কৰিব পাৰে। এনে মানুহে যিকোনো প্ৰশ্নৰ উত্তৰ তৎক্ষণাত নিদিয়ে , তেওঁলোকে প্ৰথমে শুনে, ভাৱে আৰু তাৰ পাছত উত্তৰ দিয়ে। এনে মানুহৰ মগজুত বেছি প্ৰশ্নৰ উদয় হয় আৰু সেইবাবে তেওঁলোকে প্ৰশ্ন কৰি ভাল পায়। 


৭/   "Alien Hand Syndrome" বন্ধুসকল , ই হৈছে এক বহুত ভয়ানক মনোবৈজ্ঞানীক ৰোগ। এই ৰোগত মগজুৰ সোঁ আৰু বাওঁ অংশত ভালদৰে সংকেত গৈ নাপায় আৰু সেইবাবে মানুহৰ এখন হাত আপোনাআপুনিকৈ কাম কৰিব ধৰে সেই মানুহজনৰ অনুমতি অবিহনে।  মগজুৱে সেই হাতখনলৈ সংকেত পঠিয়াব নোৱাৰে ।  এই ৰোগত মানুহৰ হাতখনে যিকোনো লোকক চুব পাৰে, যিকোনো বস্তু পেলাই দিব পাৰে, আপোনাৰ কাম নষ্ট কৰিব পাৰে, কাৰোবাক জোকাবও পাৰে, আৰু কাৰোবাৰ হত্যা পৰ্যন্ত কৰিব পাৰে আৰু ৰোগীজনে তাক বাধা দিবও নোৱাৰে। 


৮/ বন্ধুসকল, মনোবিজ্ঞানৰ গৱেষণাত গম পোৱা গৈছে যে  প্ৰায় শিক্ষাৰ্থীৰ কলেজীয়া জীৱনৰ  প্ৰথম ২ বছৰ অনুপযোগী বা বেকাৰ হয়। যেতিয়া কোনো এজন শিক্ষাৰ্থী স্কুল শেষ হোৱাৰ পাছত প্ৰথমবাৰ কলেজলৈ যায় তেতিয়া তেওঁৰ প্ৰথম ২ তা বছৰ কোনো দৰকাৰী কাম নকৰাকৈয়ে পাৰ হৈ যায়। এনেকুৱা এই কাৰণেই হয় কিয়নো প্ৰথম অৱস্থাত তেওঁৰ কলেজীয়া জীৱনৰ অভিজ্ঞতা বহুত বেলেগ হয় যিটো তেওঁ আগতে কেতিয়াও অনুভৱ নকৰে। যাৰ বাবে তেওঁ ভৱিষ্যতে কি কৰিব বুজি নাপায়।


৯/ টোপনি সকলোৰে আহে আৰু টোপনি গৈ বা শুই সকলোৱে ভাল পায়। যেতিয়া কোনো এজন মানুহ ৰাতিপুৱা শুই উঠে তেতিয়া তেওঁ আৰু অলপ সময় শুবলৈ বিচাৰে। কিন্তু শেষত তেওঁ উঠি কাম কৰিবলৈ লাগি যায়। কিন্তু "Clionomania" হৈছে  এনে এক ৰোগ , যিগৰাকী এই ৰোগৰ ৰোগী থাকে তেওঁ অনবৰতে শুই থাকিবলৈ পছন্দ কৰে। এই ৰোগত মানুহৰ মনটো গোটেই দিনটো কেৱল বিছনাত পৰি থাকিবলৈ মন যায় আৰু তেওঁ বাকীবোৰ কাম বাদ দিয়ে।


১০/ বহুতো মানুহে ভিডিও গেম খেলি ভাল পায়  কিয়নো এইবোৰ খেলি সকলোৱে ফুৰ্তি পায়। আৰু এনেকুৱা এইবাবেই হয় কিয়নো আমাৰ শৰীৰে  "Dopamine Chemical" নামৰ এবিধ বস্তু নিঃসৰণ কৰে। মনোবিজ্ঞানৰ অনুসৰি ভিডিও গেম খেলাৰ ফলত  মানুহ সৃজনশীল হয়। কিয়নো ভিডিও গেম খেলাৰ সময়ত ব্যক্তিজনে মন লগাই সেই খেলটোত সোমাই পৰে যাৰ ফলত তেওঁৰ মনোযোগ বাঢ়ে আৰু তেওঁ সৃজনশীল হয়। কিন্তু আপুনি যে গোটেই দিন ভিডিও গেম খেলি থাকিব আৰু বাকী কামবোৰ বাদ দিব এনে নহয়। আপুনি মাজে সময়ে ভিডিও গেম খেলিব পাৰে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages