জীৱনত সফল হবলৈ এনে অভ্যাস আপুনিও গঢ়ি তোলক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 7, 2021

জীৱনত সফল হবলৈ এনে অভ্যাস আপুনিও গঢ়ি তোলক : Assamese Fact

Assamese Fact


আপোনালোকে জানেনে যে মানসিকভাৱে শক্তিশালী হোৱা বুলি কাক কোৱা হয়। ১৯১৪চনত Thomas Alva Edison ৰ কাৰখানা সম্পূৰ্ণ ৰূপে জ্বলি শেষ হৈছিল। জুই ইমান বেয়াকৈ লাগিছিল যে একো বস্তুৱে নাবাচিলে।Assamese Fact )

তেওঁৰ ২৩ মিলিয়ন ইউ.এচ ডলাৰৰ লোকচান হৈছিল আৰু এটা ট্ৰ'ট টাইপ যাৰ ওপৰত তেওঁ বছৰ বছৰ ধৰি কাম কৰি আছিল সেইটোও জ্বলি শেষ হৈ গৈছিল। এই গোটেই পৰিস্থিতিটো বিষয়ে জনাৰ পাছত Thomas Alva Edisonয়ে যেনেকৈ প্ৰতিক্ৰিয়া কৰিছিল তাক কোৱা হয় মানসিক শক্তি । জানেনে তেওঁ কি কৈছিল- "  Thank God , all my mistakes were burned up . Now i can fresh again . (ধন্যবাদ ভগৱান মই এতিয়ালৈকে যিমানবোৰ ভুল কৰিলোঁ সেইবোৰ এতিয়া জ্বলি শেষ হৈ গ'ল।ভালেই হ'ল। এতিয়া মই এটা নতুন আৰম্ভণি কৰিব পাৰিম।) এজন মানসিকভাৱে শক্তিশালী ব্যক্তিৰ এইটো এটা বহুত ভাল গুণ যে তেওঁ বহুত বেয়া সময়টো নিজকে স্বম্ভালি লব পাৰে আৰু তেওঁৰ পʼজিটিভ এপৰʼচ থাকে। 


কিন্তু আৰম্ভণিৰে পৰা কোনো মানসিকভাৱে শক্তিশালী নাথাকে।যেনেকৈ ভাল খাদ্যই আৰু সদায় ব্যায়াম কৰা ফলত আপোনালোক শাৰীৰিক ভাৱে মজবুত বা শক্তিশালী হয়। তেনেকৈয়ে কিছুমান অভ্যাস আছে যিবোৰে মানসিকভাৱে দূৰ্বল মানুহকো শক্তিশালী কৰি তোলে।আজি আমি আপোনালোকক মানসিকভাৱে শক্তিশালী ব্যক্তিসকলৰ কিছুমান অভ্যাসৰ বিষয়ে কম।


১ঃ Embracing change =

 ঈগল এনেকুৱা এটা চৰাই যি ৭০ বছৰ বয়সৰ লৈকে জীয়াই থাকিব পাৰে। কিন্তু এই বয়সৰ লৈকে জীয়াই থাকিবলৈ সকলো ঈগলে এটা বহুত টান সিদ্ধান্ত ল'ব লগা হয়। কাৰণ ৪০ বছৰ হোৱাৰ পাছত এটা ঈগলৰ ঠেঙৰ জোৰ ইমান নাথাকে যে সি সেই ঠেঙেৰে কিবা চিকাৰ কৰিব পাৰে। তাৰ ঠেঙৰ জোৰ কমি যায় আৰু তাৰ নখবোৰতো ধাৰ নথকা হয়। তাৰ জোঙা আৰু ধাৰ থকা ঠোঁটো বহুত ঘূৰ খাই যায় পাখিবোৰ ইমান  ডাঙৰ আৰু গধুৰ হয় যায় যে সি ভালকৈ উৰিবও নোৱাৰে। ৪০বছৰ বয়স হোৱাৰ পিছত এনেকুৱা এটা সময় আহে যেতিয়া এটা ঈগলৰ ওচৰত দুটায়ে ৰাস্তা থাকে।এটা সি এনেকৈয়ে মৰি যাব। দ্বিতীয়টো সি এটা কষ্টকৰ পৰিস্থিতি বাচি ল'ব। এটা ঈগলৰ জীৱনত এই প্ৰক্ৰিয়াটো ১৫০ দিন থাকে আৰু তাৰ বাবে সেই ঈগলটোৱে কোনোবা পাহাৰৰ ওপৰত গৈ নিজৰ ঠোঁটটো শিলত তেতিয়ালৈকে মাৰি থাকিব লাগিব যেতিয়ালৈকে তাৰ ঠোঁটটো এৰাই মাটিত পৰি নাযায়। ঠোঁটটো এৰাই যোৱাৰ পাছত এটা ঈগলে নতুন ঠোঁট অহালৈ বাট চাই। যেতিয়া নতুন ঠোঁট গজি যায় তেতিয়া সি সেই জোঙা আৰু ধাৰ থকা ঠোঁটটোৰে নিজৰ ঠেঙৰ নখবোৰ উঘালি পেলাই আৰু নতুন নখ অহালৈ বাট চাই। যেতিয়া তাৰ নতুন নখ আহে সেই নখেৰে নিজৰ 

পাখিবোৰো উঘালি পেলাই যাতে নতুন আৰু পাতল পাখি আহে। অৱশেষত এই ১৫০ দিনৰ পাছত ঈগলে নিজৰ জীৱনৰ এক নতুন আৰম্ভণি কৰে আৰু বাকী থকা ৩০বছৰ জীয়াই থাকিবলৈ চেষ্টা কৰে। জীয়াই থাকিবলৈ আৰু আগবাঢ়ি যাবলৈ এটা কষ্টকৰ পৰিস্থিতিৰ সন্মুখীন হ'বয়ে লাগে।মনত ৰাখিব যে যেতিয়া বৰষুণ হয় তেতিয়া সকলো চৰাই বাচিবলৈ কিবা নহয় কিবা ঠিকনা বা ঠাই বিচাৰে। কিন্তু ঈগল এনেকুৱা এটা চৰাই যি বৰষুণৰ পৰা বচাৰ সলনি ডাৱৰৰ ওপৰত উৰিব পাৰে। সেই কাৰণে এজন মানসিকভাৱে শক্তিশালী ব্যক্তিয়ে সকলো পৰিস্থিতিতে বা সমস্যাতে নিজকে ভাঙি পৰিবলৈ নিদিয়ে আৰু তাৰ লগত সংঘৰ্ষ কৰে। সেই সমস্যা বা পৰিস্থিতিলৈ ভয় নকৰে আৰু নিজকে মজবুত কৰি তোলে।Assamese Fact )


২ঃ Establishing Boundaries= মনত পেলাওঁক এনেকুৱা কেতিয়া হৈছিল যেতিয়া আপোনালোকে এনেকুৱা এটা কাম কৰিব লগা হৈছিল যাৰ ফলত আপোনালোকৰ গোটেই প্লেনটো বৰবাদ হৈ গৈছিল। তাৰ পিছত আপোনালোকে ভাবিছিল যে মই যদি সেই কামটো মনা কৰি দিলোঁ হেঁতেন তেতিয়া মই মোৰ প্ৰয়োজনীয় কামবোৰ ভালকৈ কৰিব পাৰিলোঁ হেঁতেন । যদি এনেকুৱা আপোনাৰ লগত প্ৰায় হৈ থাকে তেতিয়া হ'লে বেয়া নাপাব আপোনালোক চাগে মানসিকভাৱে শক্তিশালী ব্যক্তি নহয়।মানসিকভাৱে শক্তিশালী ব্যক্তিয়ে নিজৰ লাইন বা সীমা মনত ৰাখে। তেওঁলোকে জানে যে কি কাম কৰিম বুলি ক'ব লাগে আৰু কি কাম নকৰোঁ বুলি ক'ব লাগে আৰু কি কথাৰ আলোচনাত থাকিব লাগে আৰু কি কথাৰ আলোচনাত থাকিব নালাগে। তেওঁলোকে কি খাব লাগে কি খাব নালাগে সকলো জানে ।মানসিকভাৱে শক্তিশালী ব্যক্তিসকলে এই সকলোবোৰ কথা ভালকৈ জানে। অৰ্থাৎ এজন মানসিকভাৱে শক্তিশালী ব্যক্তি সকলো ক্ষেত্ৰতে বহুত বেছি সজাগ হয়।


৩ঃ power of Sacrifice- 

মানুহৰ মানসিক অৱস্থাৰ বিষয়ে বুজি পোৱা মানুহে এইটো ভালকৈ জানে যে ত্যাগে মানুহক স্থিতিস্থাপক কৰে , স্থিতিস্থাপকতাই  শক্তিশালী কৰি তোলে , শক্তিশালী ব্যক্তিয়ে ক্ষমতা বিস্তাৰ কৰে আৰু ক্ষমতাৰ যোগে সকলো কাৰ্য কৰি যায়। এই প্ৰক্ৰিয়া বা বস্তুটোৰ এটা ভাল উদাহৰণ হ'ল- বিৰাট কোহলী । ২০১৭ চনৰ এটা অধ্যায়ত লিখা হৈছিল যে বিৰাট কোহলীয়ে খাদ্য খাই কিমান ভাল পায় ? তেওঁ মটন ৰোল,বাটাৰ চিকেন আৰু চ'লে ভটৰে দৰে বস্তু খাই বহুত ভাল পাইছিল। কিন্তু আজি কালি তেওঁৰ খাদ্যৰ তালিকা এনেকুৱা হৈ পৰিল যে  মটন ৰোল,বাটাৰ চিকেন বাদ দিয়ক তেওঁ নিজৰ চাহত বা কফিটো চেনী নাখাই।  নিয়মানুৱৰ্তিতা আৰু ত্যাগ তেওঁৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ । প্ৰিয় পাঠকসকল যিকোনো কাম বা সফলতা ত্যাগ নকৰাকৈ কেতিয়াও সম্পূৰ্ণ নহয়। লাগিলে সেই ত্যাগ বেয়া বস্তুৰেই হওঁক বা বাহিৰা বস্তুৰেই হওঁক বা সামাজিক জীৱনৰেই হওঁক তাক ত্যাগ কৰিবই লাগিব।মানসিকভাৱে শক্তিশালী ব্যক্তিয়ে এই সমূহ ত্যাগ কৰিবলৈ ভয় নকৰে ।


৪ঃ Embracing Failure and Mistakes - যদি আপোনালোকৰ এনেকুৱা লাগে যে Elon Musk এজন এনেকুৱা ব্যক্তি যি সকলো কাম বা প্লেন  সফলতাক নিজৰ মগজুত লৈ বনাই , তেতিয়া আপোনালোকে ভুল ভাবে। কাৰণ স্পেচ চিপৰ প্লেনৰ অনুসৰি পতা এটা সাক্ষাতকাৰত তেওঁ সাক্ষাতকাৰ দিছিল। য'ত তেওঁ কৈছিল যে মানসিকভাৱে শক্তিশালী হোৱা মানে এইটো নহয় যে আপোনালোকে সদায় সফলতাৰ বাবে সাজু হৈ থাকক, মানসিকভাৱে শক্তিশালী হোৱা মানে এইটো যে আপোনালোকে সদায় হাৰিবলৈ আৰু জিকিবলৈ দুয়োটাৰ বাবেই সাজু হৈ থাকক।


৫ঃ Self Love- এবাৰ এজন মানুহে অফিচত এটা ল'ৰা দেখিছিল। যি শাৰীৰিক ভাবে বহুত সুস্থ পুষ্ট আছিল আৰু তাৰ মুখখনো বহুত উজ্জ্বল আছিল। সেই মানুহজনে ভাবিলে হয়তো এই ল'ৰাটো কলেজ শেষ কৰি নতুনকৈ চাকৰিত সোমাইছে। তাৰ পিছত সেই মানুহজনে এখন মিটিংলে যাব লগা হ'ল। সেই মিটিং খনত আগৰ পৰাই ল'ৰাটো বহি আছিল আৰু তাক দেখি মানুহজন অলপ আচৰিত হ'ল। অলপ পাছত মেনেজাৰ জনে ক'লে যে আমি মিটিংৰ বাবে এজন অতিথিক আমন্ত্ৰণ কৰিছোঁ।যি আমাক কিছুমান উপদেশ দিব আৰু তেওঁ ব্যৱসায়িক গোট এটাৰ এজন পৰিচালক হয় । পৰিচালকজন সেই ল'ৰাটোৱে আছিল। তাৰ পিছত যেতিয়া মানুহজনে সেই পৰিচালকজনৰ লগত কথা পাতিলে তেতিয়া তেওঁ মানুহজনক ক'লে যে তেওঁ এটা বহুত টান বা কষ্টকৰ ব্যৱসায়িক গোটৰ লগত কাম কৰি আছে আৰু তাৰ কাৰ্যসূচী সম্পূৰ্ণ  ব্যস্ততাৰে ভৰা । কিন্তু যেতিয়ালৈকে তেওঁ ৰাতিপুৱা শুই উঠি শাৰীৰিক আৰু মানসিক অৱস্থা ওপৰত কাম কৰি নলয় বা শাৰীৰিক আৰু মানসিক অৱস্থা ভাল হৈ থাকিবলৈ ব্যায়াম আদি কৰি নলয় তেতিয়ালৈকে তেওঁ দিনটোৰ বেলেগ কামৰ আৰম্ভণি নকৰে। ইয়াৰ অৰ্থ হ'ল তেওঁ নিজকে ভাল পায় আৰু সেই কাৰণে শাৰীৰিক আৰু মানসিক অৱস্থা ভাল কৰিহে দিনটোৰ আৰম্ভণি কৰে আৰু ইয়াকে কোৱা হয় নিজৰ প্ৰতি প্ৰেম। প্ৰিয় পাঠকসকল ব্যায়াম কৰা ফলত আপোনালোকৰ শৰীৰৰ লগতে মানসিক অৱস্থাও ভাল হৈ থাকে। মানসিকভাৱে শক্তিশালী হ'বলৈ এইটো এটা দৰকাৰী বা আৱশ্যকীয় কাম।  এই পাচঁটা  অভ্যাস মানসিকভাৱে শক্তিশালী ব্যক্তিসকলৰ থকা দেখা যায়। যদি আপোনালোকেও মানসিক ভাৱে শক্তিশালী হ'ব বিচাৰে তেতিয়া আপোনালোকেও এনেধৰণৰ নিজৰ মানসিকতা গঢ়ি তুলিবলৈ সক্ষম হব লাগিব।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages