আকৰ্ষণীয় ব্যক্তিত্ব কেনেদৰে লাভ কৰিব পাৰি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 6, 2021

আকৰ্ষণীয় ব্যক্তিত্ব কেনেদৰে লাভ কৰিব পাৰি : Assamese Fact

Assamese Fact

এই লেখাটোৱে আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্ব সলনি কৰি দিব।আপোনাৰ ভিতৰত এজন নতুন ব্যক্তিৰ জন্ম দিব যিজন ব্যক্তিক পৃথিৱীৰ  সকলো মানুহেই নমস্কাৰ কৰিব।Assamese Fact )

আজি আমি আপোনালোকলৈ তিনিটা বিশেষ উপায় লৈ আহিছো যিকেইটাক আপুনি যদি নিজৰ মনৰ ভিতৰত সোমাৱাই লব পাৰে তেতিয়া যিজনে আপোনাক এৰি থৈ গৈছিল,যিজনে আপোনাক ভাল নাপায়,যিজনে আপোনাৰ উপহাস কৰিছিল, যি জন ব্যক্তিয়ে আপোনাক বহিষ্কাৰ কৰিছিল সকলোৱে আপোনাক লগ কৰিবলৈ  ব্যাকুল হৈ যাব আৰু সেই সময়ত আপুনি আপোনাৰ attitude দেখুৱাব পাৰে।

 

১)কাৰোবাৰ মূল্য নিজতকৈ বেছি বুলি নাভাবিব।আপুনি যদি অন্য কাৰোবাক বেছি গুৰুত্ব দিয়ে তেওঁ আপোনাক মূৰ্খ বুলি ভাৱে।সাধাৰণতে আমি আনক নিজতকৈ অধিক গুৰুত্ব দিও,যিটো ভুল।কাৰোবাক গুৰুত্ব দিয়া, কিন্তু এটা সীমাৰ ভিতৰত। কোনোবাই যদি আপোনাক লৈ উপহাস কৰি আছে তেতিয়া সেই সময়তেই তেওঁক বাধা দিয়ক। জীৱনত নিজৰ বলত জীয়াই থাকিব । যদি আনক বেছি গুৰুত্ব দিয়ে , তেন্তে তেওঁ ভাৱে যে আপোনাৰ একো মূল্য নাই, যিটো একেবাৰে ভুল। তুমি তেওঁক গুৰুত্ব দিয়াটো বাদ দিয়া,তেতিয়া তেওঁ তোমাৰ মূল্য বুজিব। সন্মান সকলোকে লাগে। সন্মান কৰক বা দিয়ক ।সন্মান কৰা বা দিয়া ফলত মানুহ আপোন হৈ পৰে। কিন্তু সকলোতকৈ প্ৰথমতে নিজৰ সন্মান বহুত ডাঙৰ। সেই কাৰণে কাকো ইমান দামী কৰি নুতুলিব যে সি আপোনাক ভঙা-চিঙাৰ লগত তুলনা কৰে। যদি আপোনালোকৰ জীৱনত কোনোবা এনেকুৱা আছে যি আপোনাক বা আপোনালোকক ভঙা-চিঙাৰ লগত তুলনা কৰে। তেতিয়া আপোনালোকে তাক বা তেওঁক যি সন্মান দি আছে সেয়া দিবলৈ বন্ধ কৰি দিয়ক। তেওঁ বা সি আপোনাৰ সন্মানৰ যোগ্য নহয়। সন্মান দিয়া বন্ধ কৰি চাওঁক এবাৰ তাৰ পিছত চাব কি হয়। সি নিজৰ যোগ্যতা গম পায় যাব। কাৰণ কোৱা হয় যে জ্বলিব লাগে সেই ঠাইত য'ত তোমাৰ দৰকাৰ। উজ্জ্বলতাত বা পোহৰত চাকি বা মমৰ একো কাম নাই। ( Assamese Fact )


২ঃ Don't Expect From Others - আনৰ পৰা একো আশা নকৰিব। আমাৰ জীৱনত এনেকুৱা বহুত সময় আহে যেতিয়া আমি ভাবোঁ যে আমাক কাৰোবাৰ সহায় লাগে। এইটোৱে সময় যেতিয়া সকলো আপোন মানুহ পৰ হৈ যায়। সৰু সুৰা কাম থাকিলেও কোনেও আপোনাৰ বাবে সেই কাম কৰি নিদিয়ে । যদি আপোনালোকে নিজৰ জীৱনত কাৰোবাৰ পৰা আাশা কৰিছে যে সি আপোনাৰ বাবে এইটো কৰিব বা সি মোৰ কাৰণে সকলোবোৰ কৰি দিব। তেতিয়া হ'লে আপোনালোকে ভুল ভাবিছে। আজি আমি আপোনালোকক জীৱনৰ এটা তিতাঁ লগা বা শুনিবলৈ বেয়া লাগিলেও সঁচা কথা এটা কম যে জীৱনত নিজৰ দম থাকিলেহে জীয়াই থাকিব পাৰি। অকলে পৃথিৱীলৈ আহিছে অকলেই যাব লাগিব।নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দিব লাগিব । যেতিয়া নিজৰ ভৰিয়ে খোজ কাঢ়ি আগবাঢ়ি যাব লাগিব তেতিয়া আনলৈ কিয় আশা কৰিব লাগে।যদি আপোনাক কোনোবাই গুলীয়াই তেতিয়া আপোনাক বচাবলৈ কোনো আগবাঢ়ি নাহে। আনহাতে যদি আপোনাৰ নাম হয় বা আপুনি বহুত ডাঙৰ মানুহ হয় তেতিয়া আপোনাক হিংসা কৰা বহুত মানুহ উলাব। বহুত বাৰ যেতিয়া আপোনালোকে কাৰোবাৰ পৰা কিবা আশা কৰিছে সদায় আপোনালোকৰ আশা বা বিশ্বাস ভাঙিছেই। কোনেও লগ নিদিলে ক'ব যে- কোনেও মোৰ লগ নিদিলেও মই খোজ কাঢ়ি আগবাঢ়ি যাব পাৰোঁ। জীৱনলৈ অহা সকলো ধৰণৰ জুইৰ বিষয়ে মই জ্ঞাত , সেই কাৰণে জ্বলিবও মই জানোঁ। জীৱনটো নিজৰ দমত জীয়াই থাকিবলৈ শিকক , চাব মানুহে আপোনাক সন্মান কৰিব ।আনৰ পৰা একো আশা নকৰিব । কাৰণ হৃদয় ভাঙি যায় , যদি আপুনি এইটো ভাবে যে মই অকলে কি কৰিম। তেতিয়া আপোনাৰ লগত আৰু ৫০ জন থাকিলেও আপুনি কি কৰিব পাৰিব। কাৰণ যাৰ নিজৰ ওপৰত বিশ্বাস নাই সি একো কৰিব নোৱাৰে। কোৱা হয় যে যাৰ অকলে আগবাঢ়ি যাবলৈ সাহস আছে ।তাৰ পিছত এদিন বহুত মানুহ দৌৰিব। 


৩ঃ Improve Yourself Everyday - নিজক সদায় অগ্ৰগতি কৰি থাকক। পৃথিৱীৰ মানুহক নিজৰ যোগ্যতা দেখুৱাবলৈ হ'লে সদায় নিজকে উন্নত কৰক। কোনোবাই  আপোনাক ঠাট্টা কৰিছে, বহিষ্কাৰ কৰিছে কাৰণ আপুনি দুৰ্বল৷ যাৰ গাত জোৰ বা বল থাকে তাক মানুহে সদায় সন্মান কৰে। বল বা শক্তি যিকোনো হ'ব পাৰে যেনে- শৰীৰৰ,পইচাৰ বা জ্ঞানৰ। যদি আপোনালোকে বিচাৰে সকলোৱে আপোনাৰ ওচৰত আঁঠু পেলাই বহা। আঠু পেলাই বহা মানে এইটো নহয় যে বাহুৱলী চিনেমাৰ দৰে সকলোৱে আপোনাৰ আগত আঁঠু পেলাই বহিব । তাৰ অৰ্থ এইটো যে সকলোৱে আপোনাক যাতে বুজে , সন্মান  কৰে ,ভাবে যে হয় এই মানুহজনৰ বা ল'ৰাটোৰ কিবা এটা যোগ্যতা আছে। সেই কাৰণে সদায় আপোনালোকে যিকোনো প্ৰকাৰে নিজৰ অগ্ৰগতি কৰিবলৈ চেষ্টা কৰিব লাগে। বিশেষকৈ পইচাৰ ক্ষেত্ৰত। কাৰণ আজিকালি পইচা যাৰ তাত আছে তাৰ জীৱনত সন্মান , সা-সুবিধাৰ লগতে সি জীৱনত একো নোপোৱাকৈ নাথাকে। সেই কাৰণে পইচা ইনকম কৰক ,কৰি থাকক আৰু তেতিয়ালৈকে কৰক যেতিয়ালৈকে বহুত দামী বস্তু আপোনাৰ বাবে কম দামী হৈ নপৰে। সেই সময়চোৱাত আপুনি মন কৰিব মানুহে কেনেধৰণে আপোনাক সন্মান আৰু মূল্য দিবলৈ ধৰিব ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages