আপোনাৰ মানসিকতা পিছে ধনীৰ নে দুখীয়াৰ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 5, 2021

আপোনাৰ মানসিকতা পিছে ধনীৰ নে দুখীয়াৰ : Assamese Fact

Assamese Fact


প্ৰিয় পাঠকসকল এজন দুখীয়া ব্যক্তিৰ মানসিকতা আৰু এজন ধনী ব্যক্তিৰ মানসিকতাৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে জানেনে ? ( Assamese Fact )

এই মানসিকতাৰ বিষয়ে জানিবলৈ Rich Dad Poor Dad,7 Habits of Highly Effective People আৰু The E Myth Revisited এই তিনিখন কিতাপৰ সহায় লোৱা হৈছে। , প্ৰিয় পাঠকসকল প্ৰথম পাৰ্থক্য হ'ল-

১ঃ এজন দুখীয়া মানসিকতা আৰু এজন ধনী মানসিকতা ব্যক্তিৰ মাজত পাৰ্থক্য এইটো যে ধনী মানসিকতাৰ ব্যক্তিয়ে প্ৰথমতে নিজৰ বাবে এনেকুৱা ধৰণৰ বস্ত বনায় যি প্ৰত্যেক মাহতে তেওঁৰ বাবে টকা উৰ্পাজন কৰি আনি দিয়ে আৰু তাৰ পাছতহে সকলো আৰামীদায়ক বস্তু ক্ৰয় কৰে। কিন্তু দুখীয়া মানসিকতাৰ ব্যক্তিয়ে মানুহক দেখুৱাবলৈ বিভিন্ন অলাগতীয়াল বস্তু কিনি লয় আৰু তাৰ পাছত তেওঁলোকৰ হাতত অলপো টকা নাথাকে,কোনো ভাল ঠাইত বিনিয়োগ কৰিবলৈ আৰু তেওঁলোক গোটেই জীৱন দুখীয়া হৈ থাকে। ইয়াৰ এটা উদাহৰণ হ'ল- এটা ল'ৰা কেলেজত পঢ়ি থাকোঁতে এটা উপনিৱেশত থাকিছিল তাত ৬-৭ ঘৰ মান মানুহ আছিল আৰু তাৰ সকলো ঘৰ সুন্দৰকৈ ৰূপাঙ্কন কৰা আছিল। তাৰ ভিতৰত এটাহে ঘৰ অসম্পূৰ্ণ আছিল আৰু সেই ঘৰতো এজন ব্যৱসায়ীৰ ঘৰ আছিল। বাকী সকলো ঘৰ ডাক্তৰ, ইঞ্জিনিয়াৰ,অধ্যাপক আদিৰ আছিল। য'ত ল'ৰাটো আছিল তাত এজন পুৰুষ আৰু এগৰাকী মহিলা থাকিছিল আৰু সেই কেইজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ হৈছিল। তেওঁলোক অধ্যাপক আছিল । তেওঁলোক অৱসৰ হৈছিল যদিও একো পেঞ্চন পোৱা নাছিল। প্ৰথমতে যেতিয়া ল'ৰাটো সেই মানুহ ঘৰত ঘৰ ভাড়া লৈ থাকিবলৈ গৈছিল সি ভাবিছিল তেওঁলোক বহুত ধনী। কাৰণ তেওঁলোকৰ ঘৰত কাৰৰ পৰা লৈ সকলো বস্তু আছিল। সি তেওঁলোকৰ ১নম্বৰ ফ্ল'ৰৰ এটা কোঠাত থাকিছিল।সি বহুত বাৰ দেখিছিল তেওঁলোকৰ মাজত টকা-পইচাক লৈ কাজিয়া হোৱা। যিকোনো অনাৱশ্যকীয় খৰচ তেওঁলোকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল। এবাৰ সি মানুহজনৰ লগত তেওঁলোকৰ বেলকনীত  বহি আছিল আৰু সি মানুহজনক ক'লে আপোনালোকৰ চুবুৰীয়া মানুহজনে ঘৰতো সম্পূৰ্ণ কৰা নাই চোন। তেতিয়া সেই মানুহজনে ক'লে- অ' সি বহুত কৃপণ হয়,গাড়ীখনো বহুত সাধাৰণ কিনি ৰাখিছে আৰু গৃহতলিও এখনহে বনাই থৈছে সিহঁতৰ কাৰণে আমাৰ  উপনিৱেশটোও দেখিবলৈ ধুনীয়া নালাগে কিয় নাজানো টকা পইচা খৰচ নকৰে। কিছু মাহৰ পাছত সেই ল'ৰাটো তাৰ পৰা বেলেগলৈ গ'ল আৰু তাৰ পাছত এদিন মানুহজনে ল'ৰাটোক ফোন কৰিলে যে তোমাৰ যদি কোনোবা লগৰ আছে আমাৰ ইয়াত পিজিৰ বাবে কোঠালী আছে তুমি কৈ দিবা তাৰ পাছত ল'ৰাটোৱে হ'ব বুলি ক'লে। কিন্তু ল'ৰাটোৰ এটা কথা আচৰিত লাগিল যে পাছদিনাই আকৌ ল'ৰাটোক সেই মানুহ জনে ফোন কৰিলে আৰু ক'লে -তুমি কাৰোবাক সুধিছিলা নেকি? ল'ৰাটোৱে ক'লে-অ' কিন্তু তেওঁলোকে কৈছে আপোনালোকৰ পিজি বহুত খৰচী । তেতিয়া তেওঁ ক'লে-অ' হ'বয়ে কাৰণ আমি বহুত সুবিধা প্ৰদান কৰোঁ। তাৰ পিছদিনা তেওঁ সেই ল'ৰা জনক আকৌ ফোন কৰিলে আৰু ক'লে- আমি আমাৰ পইচা কমাবলৈ সাজু আছোঁ তুমি তেওঁক আমাৰ ইয়ালৈ পঠিয়াই দিয়া। কিন্তু সচা ক'বলৈ গ'লে সেই ল'ৰাটোৰ বন্ধুৰ বাবে সেই পইচাও বহুত বেছি আছিল আৰু সি সেই কাৰণে তালে নগ'ল।যেতিয়া এই গোটেই কথাটো 'Rich Dad Poor Dad' কিতাপখনৰ লগত মিলাই চালো তেতিয়া আমি অনুভৱ কৰিলো যে তাত অকল ব্যৱসায়ী জনৰ ঘৰটোহে এটা ফ্লʼৰ আছিল কিন্তু ১-২বছৰৰ পাছত সেই ঘৰটোৱে সেই উপনিৱেশটোত সকলোতকৈ ডাঙৰ ঘৰ হৈ পৰিল। তেওঁ তিনিটা ফ্ল'ৰ বনাইছিল আৰু বহুত ধুনীয়া আছিল।  ল'ৰাটো য'ত আছিল তেওঁলোকৰ হনদাচিটি আছিল কিন্তু সেই মানুহজনে স্কুটাৰত অহা-যোৱা কৰিছিল। হ'ব পাৰে তেওঁ নিজৰ পইচা বচাবলৈ কৰে। কিন্তু বাহিৰৰ পৰা দেখিবলৈ তেওঁলোক ধনী হ'লেও ভিতৰি তেওঁলোকৰ পইচাৰ অভাৱ আছিল।যাৰ ফলত তেওঁ আৰু পত্নীৰ মাজত কাজিয়াও হৈছিল। প্ৰিয় পাঠকসকল দুখীয়া মানসিকতাৰ ব্যক্তিয়ে এনেকুৱায়ে ভুল কৰে। দৰমহা বা চেলেৰী যদি ১৫হাজাৰ হয় তেতিয়া তেওঁলোকে আইফোন ৫০ হাজাৰ টকীয়া লয়।যিমান আছে তাতকৈ বেছি দামী গাড়ী লয় লাগিলে লোণ লৈ ল'ব ১০ হাজাৰ টকীয়া জিনচ্ ,জোটা লৈ লয়। কিন্তু ধনী মানসিকতা ব্যক্তিয়ে এটা কথা চিন্তা কৰে যে যিকোনো এটা বস্তুৱে তেওঁলোকক কি আৰু কিমান  দিব পাৰিব। তাৰ পিছতহে তেওঁলোকে সেই বস্তুটোৰ বাবে পইচা খৰচ কৰে।

২ঃ ধনী মানসিকতাৰ ব্যক্তিয়ে সকলোতকৈ প্ৰথমে নিজক পাৰিশ্ৰমিক দিয়ে আৰু তাৰ পাছত বেলেগ দিয়ে। আপোনালোকৰ বহুতে' Rich Dad Poor Dad'পঢ়িছে চাগে। কিন্তু বহুত কম মানুহে ৰবাৰ্ট আৰু তেওঁৰ পত্নীৰ কাহিনীটোৰ বিষয়ে জানে । এওঁলোকৰ বিয়াৰ আগত ৰ'বাৰ্ট বহুত বেছি ধাৰুৱা হৈ আছিল। এওঁলোকে নিজৰ জীৱনটো উন্নতিসাধন কৰিব বিচাৰিছিল। কিন্তু এওঁলোকৰ মাহেকীয়া উৰ্পাজনতকৈ বেছি এওঁলোকৰ ঋণৰ কিস্তি আছিল।যি এওঁলোকে দিব লগা হৈছিল। কিন্তু ৰবাৰ্টে 'Rich Dad Poor Dad'কিতাপখনৰ সকলো কথা মনত ৰাখিছিল। যিয়ে কৈছিল যে পোনপ্ৰথমে নিজকে দৰমহা দিয়া। সেই কাৰণে ৰ'বাৰ্টে কৈছিল আমি আমাৰ উৰ্পাজনৰ ২০% সদায় সঞ্চয় কৰি ৰাখিছিলো ।লাগিলে যিমানেই ধাৰ দিয়া মানুহে চিন্তা বা হেঁচা দিয়ক। আমি সেই হেঁচাবোৰক অভিৰোচন ৰূপে লৈছিলোঁ আৰু অত্যাধিক উৰ্পাজন কৰি কিস্তিৰ বাবে পইচা গোটাইছিলোঁ। কাৰণ এওঁ যদি প্ৰথতে ধাৰ মাৰিবলৈ লাগি যায় নিজৰ বাবে একো সঞ্চয় নকৰে তেতিয়া তেওঁ কেতিয়াও ধনী হ'ব নোৱাৰে। পাছত তেওঁ নিজৰ সঞ্চয় কৰাৰ পইচাৰে বাকী বিনিয়োগ কৰিলে আৰু অৱশেষত তেওঁ কোটিপতি হৈ পৰিল। প্ৰিয় পাঠকসকল আমাৰ মাজৰ বহুতো মানুহে এইটো ভুল কৰে যে তেওঁলোকে ভাবে আমি আমাৰ সকলো ধাৰ প্ৰথমতে মাৰিম আৰু তাৰ পাছতহে সঞ্চয় বা নিজৰ উৰ্পাজনৰ যি বাচি যায় তাকহে সঞ্চয় কৰিম। কিন্তু এই কথাটোৱে বহুত প্ৰভাৱ পেলাই। Warren Buffett য়ে কয় যে প্ৰথমতে সঞ্চয় কৰা আৰু তাৰ পাছতহে বাকী থকা সকলো খৰচ কৰা। আপোনালোকে ধৰি লওঁক যে আপোনালোকৰ উৰ্পাজনেই কম। নিজৰ দৰমহা বা চেলেৰীৰ ২০% সদায় সঞ্চয় কৰক।অকল সঞ্চয় কৰিলেই আপোনালোক ধনী হ'ব নোৱাৰে। সেই পইচা সমূহ আপোনালোকে বিনিয়োগ কৰিব জানিবও লাগিব।

৩ঃ  ধনী মানসিকতাৰ ব্যক্তিয়ে নিজৰ গুণসমূহ জীৱনজোৰা উন্নতিসাধন কৰি থাকে।এই অভ্যাসটোকে ' 7 Habits of highly effective people'ত Sharpen the saw নামেৰে কোৱা হৈছে।  আপোনালোকে কেতিয়াবা ভাবি চাইচেনে যে বহুত দামী বস্তুৰ বিজ্ঞাপন টিভিত নিদিয়ে। কেতিয়াও নিজৰ পইচা খৰচ কৰি Farrari কোম্পানীয়ে বা প্ৰাইভেট প্লেনৰ কোম্পানী আদিয়ে বিজ্ঞাপন নিদিয়ে । কিন্তু প্ৰশ্ন এটাই যে এনেকুৱা কিয় কাৰণ বহুত মানুহেটো টিভিয়ে চাই। এনেকুৱা এই কাৰণে যে এওঁলোকে জানে যি মানুহে এইসমূহ বস্তু কিনিব পাৰে তেওঁলোকে কেতিয়াও টিভি চাই নিজৰ সময় নষ্ট নকৰে। বেছিভাগ মধ্যবিত্ত মানসিকতাৰ ব্যক্তিয়ে যেনে-বিএ ,এম.এ আদি কৰা ব্যক্তিয়ে ভাবে এতিয়া আৰু আৰাম কৰিম আৰু একো নতুনকৈ শিকিবলৈ নালাগে। তেওঁলোকে চাকৰি কৰে আৰু ছুটী হ'লে ঘৰলৈ আহে তাৰ পাছত আৰামত টিভি চাই। কাৰণ তেওঁলোকে ভাবে  যে  এনেধৰণৰ জীৱনহে তেওঁ পাব লাগে। তেনেকৈয়ে মধ্যবিত্ত মানসিকতাৰ ব্যৱসায়ীয়ে ঘৰলৈ আহি আৰামত ছিৰিয়েল চাই। নতুন কথা শিকাঁতো তেওঁলোকৰ বাবে এটা প্ৰেছাৰ হৈ পৰে। কিন্তু ধনী মানসিকতাৰ ব্যক্তিয়ে এইটো জানে যে তেওঁলোকে নিজৰ অৰ্হতাসমূহ গোটেই জীৱন উন্নত  কৰি থাকিব লাগিব। নতুন কথা ,কাম শিকাঁতো তেওঁলোকৰ এটা অনুৰাগ। এইসমূহ কামেই তেওঁলোকক আৰাম দিয়ে।যদি আমি বিল গেটছ ৰ উদাহৰণ দিওঁ তেতিয়া তেওঁ মাইক্ৰচফ্টৰ পৰা অৱসৰ ল'লে । তেওঁ এজন বিলেনৰ হয়। তেওঁ একো কৰাৰ প্ৰয়োজন নাই। কিন্তু তেওঁ সকলো সময়তে কিবা নহয় কিবা কিতাপ পঢ়ে আৰু সকলো কিতাপৰে  টোকা তেওঁৰ ৱেবচাইট  HTTPS:// WWWGATESNOTES.COM/ ত দিয়ে। এইটো এটা ধনী মানসিকতাৰ ব্যক্তিৰ স্বভাৱ।অৱসৰ গ্ৰহণ কৰা পাছতো বিল গেটছে নিজৰ পত্নী লগত এটা ফাউণ্ডেশ্যন চলাই তাৰ দ্বাৰা তেওঁলোকে পৃথিৱীৰ মানুহৰ স্বাস্থ্যৰ লগত জড়িত সকলো সমস্যা পৰ্যবেক্ষণ কৰে। আমাৰ মাজত বহুত কম মানুহে জানে যে ভাৰতৰ স্বাস্থ্য কাৰ্যসূচীক এওঁলোকৰ ফাউণ্ডেশ্যনে বহুত বেছি  অৰিহণা যোগাইছে। ( Assamese Fact )

৪ঃকিছুমান মানুহে যেতিয়া চাকৰি পায়। তেওঁলোকে ভাবে যে এতিয়া আৰু মোৰ জীৱনটো ভাল হৈ গ'ল।ইয়াৰ অৰ্থ এইটো যে মই আৰু এতিয়া ইয়াতকৈ আগবাঢ়ি যাব নিবিচাৰোঁ। মই এতিয়া এই চাকৰিটোকে কৰি থাকিম।যদি আমি সেই চাকৰিটোকে কৰি থাকো তেতিয়া আমাৰ দৰমহা অকল ইনক্ৰিমেন্ট আৰু পদোন্নতিৰ দ্বাৰাহে বাঢ়িব।যাৰ ফলত আমি পইচা বচোৱাৰ মানসিকতাহে গঢ়ি তুলিম। আমি সকলো বস্তুৰ পৰা পইচা বচাবলে চেষ্টা কৰিম।যেনে- বিজুলী বিল , পানী বিল আদি কেনেকৈ বচাম , এনেধৰণৰ কামবোৰৰ অৰ্হতাহে গোটেই জীৱন আয়ত্ত কৰি থাকিম। কিন্তু ধনী মানসিকতাৰ ব্যক্তিয়ে এইটো জানে যে তেওঁলোকৰ ওচৰত দিনটোত কেৱল ২৪ঘন্টা আৰু এক সীমিত শাৰীৰিক শক্তিহে আছে।যদি তেওঁলোকে আগবাঢ়ি যাব লাগে তেতিয়া কাৰোবাৰ সহায় ল'ব লাগিব। সেই কাৰণে তেওঁলোকে নিজৰ কিছুমান কাম যেনে-ভাত ৰন্ধা,গাড়ী ধোৱা, অফিচৰ কাৰিকৰী কাম আদি তেওঁলোকে অন্য ব্যক্তিৰ হতুৱাই কৰে আৰু অকল সেই অৰ্হতাসমূহতহে কাম কৰে যিবোৰ দুৰ্লভ্য আৰু মূল্যৱান হয়,যাতে তেওঁলোকে আৰু বেছি আগবাঢ়ি যাব পাৰে। ইয়াৰ দুটা আৰু সুবিধা আছে এটা তেওঁলোকে নিজৰ দেশৰ অৰ্থনীতিত বহুত বেছি অৰিহণা যোগায়, দ্বিতীয়তে এওঁলোকে বহুত মানুহক এই কামটোত চাকৰি দি দিয়ে। কিন্তু দুখীয়া মানসিকতাৰ ব্যক্তিয়ে এওঁলোকক দেখি বহুত হিংসা কৰে আৰু কয় এওঁলোকে বহুত ষ্টাইল মাৰে, চাকৰ নহ'লে কাম নকৰে আদি। ধনী মানসিকতাৰ ব্যক্তিৰ মগজুত কিন্তু বেলেগহে কথা চলি থাকে তেওঁলোকৰ প্ৰধান লক্ষ্য ষ্টাইল মৰা নহয় সময় বচোৱাহে, যাক ভুল ভবা হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনালোকে সকলো কাম অন্য মানুহৰ হতুৱাই কৰিব আৰু পাছত ঘৰত বহি টিভি চাব। ইয়াৰ অৰ্থ এইটো যে যদি আপোনালোকে আগবাঢ়ি গৈছে আৰু আপোনালোকক যদি আৰু মানুহৰ প্ৰয়োজন আছে তেতিয়া আপোনালোকে নিজকে আগবাঢ়ি যাবলৈ ৰখাব নালাগে আৰু সময় বচাবলৈ কামসমূহ বাহিৰা মানুহৰ হতোৱাই কৰিব লাগে।

৫ঃ মানৱ মনোবিজ্ঞান বুজিবৰ বাবে গৱেষণা কৰা সকলে এটা পৰীক্ষা কৰিলে।তেওঁলোকে দুজন মানুহ যি ইজনে সিজনক চিনি নাপাইছিল তেওঁলোকক এটা কোঠালীত বঢ়ালে আৰু টেবুলত ১০০ডলাৰ থৈ দিলে। ৰিৰ্চাজ কৰা মানুহ এজনে তেওঁলোকক ক'লে -আপোনালোকে এই ১০০ ডলাৰটো সমানে ভাগ কৰি ল'ব লাগিব। কিন্তু আমাৰ কেইটামান চৰ্ত আছে।

১ঃ প্ৰথমজনে সিদ্ধান্ত ল'ব যে তেওঁ ১০০ ডলাৰটো কেনেকৈ ভাগ কৰিব।

২ঃ দ্বিতীয় জনে এইটো সিদ্ধান্ত ল'ব যে প্ৰথম জনে যিমান ডলাৰ দুয়োটাৰে মাজত ভাগ কৰিছে তাত সি সন্তোষ আছে নে নাই। যদি সন্তোষ আছে দুয়োটাই সিমান সিমান ডলাৰ পাই যাব। কিন্তু সন্তোষ নহ'লে কোনেও একো নাপায়।

তাৰ পিছত ৰিৰ্চাজ কৰা মানুহজনে ভাবিলে  প্ৰথমজনে ১০০ডলাৰ ৫০-৫০কৈ ভাগ কৰে। তেতিয়া দ্বিতীয় মানুহজনে তাক মানি লয় আৰু দুয়োটাই ৫০-৫০ ডলাৰ পাই যাব।যদি ৬০ আৰু ৪০কৰিও ভাগ কৰে তেতিয়াও দ্বিতীয় মানুহজনে তাক মানি ল'ব। কিন্তু প্ৰথমজনে যদি ৭০আৰু ৩০কৰি ভাগ কৰে তেতিয়া দ্বিতীয় মানুহজনে তাক মানি নলয় আৰু দুয়োটাই একো নাপায়। অৰ্থাৎ মানুহৰ আৱেগবোৰৰ টিপিং পইন্ট ৭০-৩০আছিল। ৰিৰ্চাজ কৰা সকলে এই পৰীক্ষাটো বহুত মানুহৰ লগত কৰি চালে আৰু এই নম্বৰ ৭০-৩০ ওচৰা-ওচৰিতে আছিল। তাৰ পাছত তেওঁলোক ভাবিলে চাগে ১০০ডলাৰ উন্নত দেশৰ বাবে বহুত কম। সেই কাৰণে তেওঁলোক উন্নত দেশলৈ গ'ল আৰু তেওঁলোককো ১০০ডলাৰে দিলে। কিন্তু তাৰ পাছতো ৰিৰ্জাল্ট একেই আছিল।

যদি আপুনি দ্বিতীয়জন ব্যক্তি হ'ল হেঁতেন তেতিয়া আপুনি ও ভাবিলে হেঁতেন যে প্ৰথম জনে মোক ৩০ দি নিজেই ৭০ কিয় ল'ব মই তাক ল'ব নিদিওঁ। আপুনি এই কথাটোত আৱেগিকভাৱে শুদ্ধ। কিন্তু যদি আমি ইয়াক যুক্তিত চাওঁ তেতিয়া আমি ইনেও একো পোৱা নাছিলোঁ। আপুনি অকল হ'ব কোৱা হ'লে সেই ডলাৰ খিনি পাই গ'ল হয়। কিন্তু বহুত মানুহে এই কথাটোত নহ'ব বুলিয়ে কয় আৰু এইটো দুখীয়া মানসিকতাৰ ব্যক্তিসকলৰ মনস্তত্ত্ব । য'ত হিংসা,খঙ, প্ৰতিযোগিতা আদিৰ দৰে আৱেগবোৰ আছে। কিন্তু ধনী মানসিকতাৰ ব্যক্তিসকলে নিজেই কিবা নহয় কিবা এটা বুদ্ধি উলিয়ায় লয় যাতে দুয়োটাৰে লাভ হয়। এওঁলোকে win - win ত বিশ্বাস ৰাখে। win - lose বা lose - lose পদ্ধতিত এওঁলোকে বিশ্বাস নকৰে । win - win পদ্ধতিত যদি এওঁলোকে কম শতাংশ ও পাই তেতিয়াও এওঁলোকে সেইটো মানি লয়। কাৰণ এওঁলোকে জানে যে এনেকুৱা হাজাৰ সুবিধা তেওঁলোকে বনাই ল'ব পাৰিব আৰু নিজৰ লগতে আনকো লাভ দিব পাৰিব।

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক এই পাঁচটা কথা ক'লো । প্ৰথমতো আছিল First Assets Then Comfort । প্ৰথমতে এনেকুৱা উৎস সৃষ্টি কৰক য'ৰ পৰা আপোনালোকৰ পইচা আহে । তাৰ পাছতহে আৰামদায়ক বস্তু ক্ৰয় কৰক।

দ্বিতীয়টো হ'ল Pay Yourself First । প্ৰথমতে নিজক পাৰিশ্ৰমিক দিয়ক । সদায় নিজৰ উপাৰ্জনৰ ২০% প্ৰথমতে সঞ্চয় কৰক লাগিলে যিমানে আপোনাৰ ওপৰত হেঁচা পৰক। এইটো মানি ল'ব যে আপোনাৰ চেলেৰিয়ে কম আৰু পাছত সেই ২০% কিছু অংশ বিনিয়োগ কৰিবলৈ শিকক।

তৃতীয়টো Out Source। আপোনালোকে যদি নিজকে আগবঢ়ায় নিব বিচাৰে আৰু আপোনালোকক সময় অলপ বেছি লাগে তেতিয়া আপোনালোকে নিজৰ কামসমূহ  অন্য মানুহৰ হতোৱাই কৰিব পাৰে।

চতুৰ্থটো হ'ল  Improve Your Skills। নিজৰ অৰ্হতাসমূহ উন্নত কৰি থাকিব লাগে। নতুন নতুন কথা শিকক। আপোনালোকে কিতাপো পঢ়িব পাৰে।

শেষৰটো হৈছে Think Win Win ।এইটো নাভাবিব যে বেলেগে আপোনাতকৈ বেছিকৈ পাব। আপুনি এইটো ভাবক যে মই প্ৰথমতে একো পোৱা নাছিলোঁ। কিন্তু এতিয়া পাইছোঁ।যদি আপুনি বুদ্ধিয়ক তেতিয়া এনেকুৱা পৰিস্থিতি আপুনি নিজৰ জীৱনত বহুত আনিব পাৰিব। জীৱনত সোনকালেই আগবাঢ়ি যাবলৈ শিকক। কাৰণ আমাৰ জীৱনটো বহুত ডাঙৰ নহয় আৰু আমি এই পৃথিৱীত সদায় থাকিব নোৱাৰোঁ। ( Assamese Fact )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

No comments:

Post a Comment

Advertisement

Pages