বাস্তু শাস্ত্ৰৰ মতে নিমখৰ এই উপায় কৰি ধনবান হওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 28, 2021

বাস্তু শাস্ত্ৰৰ মতে নিমখৰ এই উপায় কৰি ধনবান হওঁক : Assamese Fact

 

Assamese Fact

বন্ধুসকল, নিমখ প্ৰতিখন ঘৰতেই বহুত সহজেই পোৱা যায়। খাদ্যত নিমখ কম হলে সেই খাদ্যৰ সোৱাদ নাইকিয়া হয়। যেতিয়াৰ পৰা নিমখৰ উৎপত্তি হৈছে তেতিয়াৰ পৰা কোৱা হয় যে নিমখৰ মাজত এনে এক শক্তি আছে যিয়ে নকাৰাত্মক দিশবোৰ নাশ কৰে। Assamese Fact )

বাস্তু বিজ্ঞানৰ মতে ঘৰত নিমখৰ উপস্থিতিয়ে সকাৰাত্মক দিশৰ সঞ্চাৰ তীব্ৰ গতিত কৰে। কোৱা হয় যে যত নিমখ নাথাকে তাত ভূত প্ৰেতে বাস কৰে আৰু এনে ঘৰত সুখ সমৃদ্ধিও নহয়। তেনেস্থলত নিমখৰ এই উপায়টো কৰিলে মানুহ কিয় ধনবান হয় এই বিষয়ে জানো আহক।


বাস্তু শাস্ত্ৰৰ মতে নিমখত এক সুকীয়া আকৰ্ষণ আছে। সেইবাবে কিছুমান যাদু মন্ত্ৰৰ ক্ষেত্ৰত নিমখৰ ব্যৱহাৰ কৰা হয়। কোৱা হয় যে নিমখে নকাৰাত্মক দিশ সমূহ নষ্ট কৰি সকাৰাত্মক দিশসমূহ নিজৰ ফালে আকৰ্ষিত কৰে। কিছুমান মানুহে প্ৰিয়জনক বশ কৰিবলৈও নিমখৰ ব্যৱহাৰ কৰে। তন্ত্ৰ অনুসৰি নিমখক যদি শুদ্ধ তন্ত্ৰ মন্ত্ৰৰে প্ৰয়োগ কৰা হয় তেন্তে ই আপোনাক ৰাতিৰ ভিতৰতে ধনবান কৰি তুলিব।


এতিয়া জানো আহক প্ৰথমটো উপায়ৰ বিষয়ে- 


বন্ধুসকল , নিমখ আৰু চিচা দুয়ো ৰাহুৰ কাৰক হয়। যদি আপুনি নিমখ চিচাৰ গিলাছত ভৰাই  শৌচালয় , স্নানৰ ঠাইত থৈ দিয়ে তেন্তে তাৰ পৰা নকাৰাত্মক দিশবোৰৰ নাশ হয়। লগতে তাত থকা সূক্ষ্ম বীজাণুও নষ্ট হয়। শৌচালয়ত সকলোতকৈ অধিক নকাৰাত্মক দিশ থাকে। এনেকুৱাত এই উপায়ে  এইসমূহ সমস্যা দূৰ কৰি দিয়ে। 


দ্বিতীয়টো উপায় হৈছে- 


নিমখেৰে যদি ঘৰ মোছা হয় তেন্তে ই আপোনাক ধনবান কৰি তুলিব। বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰাও ই এক বহুত উত্তম উপায়। আপুনি যেতিয়া ঘৰটো মুচিব লব তেতিয়া পানীখিনিত অলপ নিমখ মিহলাই দিব। সপ্তাহত অন্তত ২/৩ বাৰ নিমখেৰে ঘৰটো মুচিব।  এনে কৰিলে শীঘ্ৰেই ধনৰ প্ৰাপ্তি হব। এই নিমখে গোটেই ঘৰখন সকৰাত্মক দিশেৰে ভৰাই তোলে। ঘৰখনৰ উন্নতিৰ বাবে নিমখেৰে সদায় ঘৰটো মুচিব লাগে। সকৰাত্মক দিশে লক্ষ্মী দেৱীকো ঘৰত প্ৰৱেশ কৰিবলৈ আকৰ্ষণ কৰে।Assamese Fact )


তৃতীয়তো উপায় হৈছে- 


অলপ নিমখ চিচাৰ গিলাচ এটাত ভৰাই লৈ তাৰ ভিতৰত ৪/৫ তা মান লং ভৰাই দিব । এনে কৰিলে ঘৰখনত ধনৰ অভাৱ নহয় আৰু মা লক্ষ্মীও প্ৰসন্ন হৈ থাকে।


চতুৰ্থটো উপায় হৈছে- 


নিমখ দিয়া পানীৰে হাত মুখ ধুলে বা স্নান কৰিলে বহুত লাভ হয়। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰটো ফ্ৰেছ হয় আৰু শৰীৰৰ ভিতৰত ধনাত্মক শক্তি আহে। লগতে নিমখ মিহলোৱা পানীৰে স্নান কৰাৰ পাছত খুব ধুনীয়া টোপনি আহে আৰু সহজে আপোনাক বেমাৰে লগ ধৰিব নোৱাৰে। 


পঞ্চমটো উপায় হৈছে- 


ব্যক্তি এজনৰ অধিক লাভ তেতিয়া হয় যেতিয়া তেওঁ এইটো উপায় অৱলম্বন কৰে।  প্ৰতিটো শনিবাৰে অলপ নিমখ ,২০০ গ্ৰাম মগু দাইল ,৫০০ গ্ৰাম চাউল আৰু ৰঙা শুকান জলকীয়া দান কৰিলে ব্যক্তিজনৰ ভাগ্য প্ৰবল হয়। ধন টকা সহজতেই তেওঁ লাভ কৰিব পাৰে। শনিৰ ক্ৰুৰ দৃষ্টিও সমাপ্ত হৈ যায়। এনে স্থলত ধনৰ দেৱী মা লক্ষ্মীও আপোনাৰ ওপৰত বহুত প্ৰসন্ন হয়। গতিকে এই উপায়টো অৱশ্যে অৱলম্বন কৰক।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages