এজন পুৰুষক ভাল পালে মহিলাসকলে এনেদৰে আচৰণ কৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 31, 2021

এজন পুৰুষক ভাল পালে মহিলাসকলে এনেদৰে আচৰণ কৰে : Assamese Fact

 

Assamese Fact

মহিলাসকলে নিজৰ মনত কোনো ব্যক্তিৰ প্ৰতি থকা ভালপোৱা ভাবসমূহ পুৰুষতকৈ ভালদৰে লুকুৱাই থব পাৰে যাৰ বাবে প্ৰায় পুৰুষে গম নাপায় যে এগৰাকী মহিলাই তেওঁলোকক পছন্দ কৰে নে নকৰে? Assamese Fact )

 কেতিয়াবা কিছুমান লৰাৰ এনে লাগে যে তেওঁৰ সন্মুখৰ মহিলা গৰাকীয়ে তেওঁৰ বহুত যত্ন লয় কিন্তু কেতিয়াবা এনে লাগে যেন তেওঁৰ জীৱনত আপোনাৰ কোনো গুৰুত্বই নাই। আপোনালোকক জনাম এগৰাকী মহিলাই যেতিয়া কোনো এজন পুৰুষক পছন্দ কৰে তেতিয়া তেওঁ কেনেধৰণৰ আচৰণ কৰে । 


১) প্ৰথমটো আচৰণ হৈছে- মহিলাগৰাকীয়ে আপোনাক এটা ভাল ভাবত জোকাই , বা আপোনাক আমনি কৰিব। 


মহিলাসকলে পুৰুষসকলক পৰীক্ষা কৰি চাই সৰু সৰু ধেমালিৰ চলেৰে। তেওঁলোকে চাব বিচাৰে যে এজন পুৰুষে এনেধৰণৰ ধেমালি কৰিলে কিদৰে প্ৰতিক্ৰিয়া কৰিব। তেওঁলোকে চাব বিচাৰে যে এই সৰু ধেমালিবোৰ কেনেবাকৈ লৰাজনে গভীৰভাবত লৈছে নেকি নে তেওঁ সেই ধেমালি বুজি মহিলা গৰাকীক একে সুৰতে প্ৰত্যুত্তৰ দিছে। ইয়াৰ পৰা এইটো জানিব পাৰি যে মহিলাগৰাকী পুৰুষজনৰ প্ৰতি অলপ আকৰ্ষিত হৈছে।


২) দ্বিতীয়টো আচৰণ হৈছে- মহিলাগৰাকীয়ে আপোনাৰ শাৰীৰিক ভঙ্গীমাবোৰ আপোনাৰ লগত মিলাবলৈ চেষ্টা কৰিব।  যেতিয়া মহিলাগৰাকীয়ে আপোনাৰ শাৰীৰিক ভঙ্গীমাবোৰ মিলাবলৈ চেষ্টা কৰাৰ লগে লগে দুয়োৰে মাজত বিশ্বাস আৰু সম্পৰ্কটো দৃঢ় হৈ পৰে। যেতিয়া মহিলাগৰাকীয়ে পুৰুষজনক পছন্দ কৰিব লয় তেতিয়া তেওঁৰ শাৰীৰিক ভঙ্গীমাৰ পৰা গম পোৱা যায় । তেওঁ পুৰুষজনৰ লগত হাত মিলাবলৈ ধৰে , তেওঁৰ ফালেই ভৰি ঘূৰাই লয়। যেতিয়া পুৰুষজন আগলৈ বা পিছৰ ফালে অলপ হাউলি দিয়ে তেতিয়া মহিলাগৰাকীয়েও একেই কৰে।


৩)তৃতীয়তো আচৰণ হৈছে- মহিলাগৰাকীয়ে পুৰুষজনৰ সৰু সৰু ধেমালিবোৰত হাঁহি উঠে। এনে কৰিলে পুৰুষজনে গম পায় যে মহিলাগৰাকী আপোনাৰ লগত সুখী অনুভৱ কৰিছে। এই বিশ্বাস, এই সুখ এনে ভাবত ফুটি উঠে যে তেওঁ  যেতিয়া পুৰুষজনক দেখে তেওঁৰ মুখত এটা হাঁহি বিৰিঙি উঠে। পুৰুষজনে বেয়া ধেমালি এটা কৰিলেও তেওঁ হাঁহি দিব ।Assamese Fact )


৪)চতুৰ্থ আচৰণতো হৈছে- যদি মহিলাগৰাকীয়ে আপোনাৰ স্পৰ্শত বাধা নিদিয়ে তেন্তে আপুনি জানিব যে তেওঁ আপোনাক পছন্দ কৰিছে। স্পৰ্শ অৰ্থাৎ যদি পুৰুষজনে কথা এটা কোৱাৰ পাছতেই তেওঁৰ লগত হাত মিলাইছে আৰু মহিলাগৰাকয়েও তেওঁক বাধা নিদি তেওঁৰ লগত হাত মিলাইছে ।  পুৰুষজনে কিন্তু বন্ধত্ব সুলভ স্পৰ্শ আৰু ৰোমান্টিক স্পৰ্শৰ মাজৰ পাৰ্থক্য জানিব লাগিব। প্ৰথমটো স্পৰ্শ ৰোমান্টিক নহবও পাৰে কিন্তু দ্বিতীয়টো স্পৰ্শ অলপ দেৰীৰ কাৰণে আৰু হয়তো ৰোমান্টিক হবও পাৰে। এই স্পৰ্শৰ লগত চকুৰ মিলনও জড়িত হৈ থাকে।


৫) পঞ্চম আচৰণতো হৈছে- যদি মহিলাগৰাকীয়ে পুৰুষজনক পছন্দ কৰে তেন্তে তেওঁ নিজৰ ৰহস্যবোৰ বা ভিতৰুৱা কথাবোৰ পুৰুষজনৰ লগত পাতিব।  মহিলাসকলে যাৰ লগত নিজৰ সকলো কথা পাতে তেওঁলোকক লৈ বহুত সাৱধান হয় । মহিলাগৰাকীয়ে ইয়াৰ দ্বাৰা গম পায় যে বিপদত তেওঁ কোন সকললোকৰ কাষত থিয় দিব পাৰিব। যদি মহিলাগৰাকীয়ে গম পায় যে কোনো এজন পুৰুষ তেওঁৰ লগত বেছি সময় নাথাকে আৰু তেওঁৰ ব্যক্তিগত কথাবোৰ জনাৰ উপযুক্ত নহয় তেতিয়া তেওঁ সেই পুৰুষৰ সন্মুখত খোলা মনৰ হৈ নিদিয়ে।


৬) ষষ্ঠ আচৰণতো হৈছে- মহিলাগৰাকীয়ে যদি আপোনাক পছন্দ কৰে তেন্তে তেওঁ আপোনাৰ বিষয়ে নিজৰ  বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকৰ আগত ব্যক্ত কৰিব। যেতিয়া মহিলা এগৰাকীয়ে পুৰুষ এজনক কয় যে তেওঁৰ বিষয়ে মহিলাগৰাকীয়ে ঘৰৰ মানুহক কৈছে আৰু ঘৰৰ মানুহ বা বন্ধুৰ লগত লগ কৰাই দিব বিচাৰে তেন্তে ইয়াৰ অৰ্থ হৈছে মহিলাগৰাকীয়ে পুৰুষজনক পছন্দ কৰে। এগৰাকী মহিলাৰ বাবে এইটো বহুত  কষ্ট হয়, তেওঁ  পছন্দ কৰা পুৰুষজনক সকলোৰে আগত চিনাকি কৰাই দিয়াটো। কিয়নো যদি পুৰুষজনে তেওঁৰ বন্ধুবৰ্গই  পছন্দ নকৰে তেন্তে সেয়া তেওঁৰেই অপমান হব। তেতিয়া সকলোৱে এইটোৱেই ভাবিব যে তেওঁৰ পছন্দ একেবাৰেই ভাল নহয়। সেইবাবে মহিলাসকলে সেইসকল লোককহে নিজৰ বন্ধুবৰ্গৰ লগত চিনাকি কৰাই দিব বিচাৰে যিসকলক তেওঁ বহুত পছন্দ কৰে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 


No comments:

Post a Comment

Advertisement

Pages