বন্ধুসকল কেতিয়াবা আপুনি ভাবি চাইচেনে যে কেনেদৰে আমাৰ দৰে দেখা ব্যক্তিসকল কোটিপতি হৈ যায় আৰু আমি যত আছিলো তাতেই থাকি যাওঁ ।( Assamese Fact )
আপোনালোকক এই সকলোবোৰৰ বিষয় ভালদৰে জনাম। এই সকলোবোৰ ভালদৰে জানিবলৈ লেখাটো সম্পূৰ্ণকৈ পঢ়ক। এই লেখাত কোটিপতি ব্যক্তিসকলৰ চাৰিটা অভ্যাসৰ বিষয়ে জনাম যিকেইটা অনুসৰণ কৰি আপুনি ধনী হব পাৰিব ।
১/ "Think Big" সদায় উচ্চ চিন্তাধাৰা ৰাখিব। আপুনি যদি ২০,০০০ টকাৰ দৰমহা পোৱা এটা চাকৰিৰ কথা ভাবে , আৰু যদি সন্মুখৰ পৰা আপুনি ২২,০০০ টকীয়া এটা চাকৰি লাভ কৰে । সেইসময়ত আপুনি এইটো ভাবিব যে 'মইতো ২০,০০০ টকীয়া চাকৰি বিচাৰিছিলোঁ কিন্তু ২২,০০০ টকীয়া চাকৰি পাই গলো। আপোনাৰ মগজুৱে ইয়াতকৈ আগলৈ আৰু কাম কৰা বন্ধ কৰি দিব আৰু আপোনাক আগবঢ়াত বাধা দিব। সফলতাৰ প্ৰথমটো খোজ হৈছে সপোন। যদি আপুনি ইয়াৰ বাবে সৰু সৰু সপোন দেখে তেন্তে আপুনি সৰু সৰু কামত সফল হব। কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিব। যদি আপোনাৰ সন্মুখৰ ব্যক্তিজনে কৰিব পাৰিছে তেন্তে আপুনি নিঃসন্দেহে এইটো কাম কৰিব পাৰিব। স্বামী বিবেকানন্দই কৈছে যে - নিজকে দুৰ্বল বুলি ভবাটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ। নিজৰ লক্ষ্য ইমানেই ডাঙৰ কৰি লওক যাতে আপুনি নিজকে আৰু শক্তিশালী অনুভৱ কৰে।
২/ "Be Skillfull" যিকোনো কামতেই আপুনি নিজৰ কৌশলবোৰ উন্নত কৰক। ই আপোনাক আৰু অধিক শক্তিশালী কৰি তুলিব। যদি আপোনাৰ টাইপিং কৰাৰ কৌশল বহুত তীব্ৰ হয় তেন্তে আপুনি যিকোনো ঘটনা সহজতেই টাইপ কৰিব পাৰিব। ই আপোনাৰ সময় বচাব আৰু বাকীবোৰ মানুহতকৈ বেছি চোকা কৰি তুলিব। আপুনি যিকোনো কোটিপতি ব্যক্তিৰ বিষয়ে পঢ়ি চাব, তেওঁলোকৰ ওচৰত কিবা নহয় কিবা কাম কৰাৰ কৌশল থাকেই যিয়ে তেওঁক ধনী বনাইছে। যেনে - চন্দ্বীপ মাহেশ্বৰীৰ ওচৰত ফটোগ্ৰাফী , ষ্টিভ জবছৰ ওচৰত কেলিগ্ৰাফী যিয়ে তেওঁলোকক নিজৰ সপোন পূৰণ কৰাত সহায় কৰিলে। আপোনাৰ চাৰিওফালে লক্ষ কৰক যে কি কৌশলেৰে আপুনি নিজৰ লক্ষ্যত উপনীত হব পাৰে।( Assamese Fact )
৩/ "Make Assets"
Liabilities আৰু Assests হৈছে এনেকুৱা ২ তা শব্দ যিদুটা শব্দ আপুনি যেতিয়ালৈকে বুজি নাপায় তেতিয়ালৈকে আপুনি ধনী হোৱাৰ সপোন দেখিব নোৱাৰে। Assests হৈছে সেইবোৰ বস্তু যিয়ে আপোনাক টকা অর্জন কৰাৰ উপায় দিয়ে। liabilities হৈছে এনেকুৱা যিয়ে আপোনাৰ পকেটৰ ধন আদায় কৰে। ধনী ব্যক্তিসকল বেছিকৈ ধনী এইকাৰনেই হয় কিয়নো তেওঁলোকৰ উপযোগী বন্ধু আৰু বস্তু গঢ়ি থোৱা থাকে। আপোনাৰ ঘৰ , সোণ , সঞ্চয়ৰ ধন এই সকলোবোৰ আপোনাৰ Assets হয়, কিয়নো এবাৰ ক্ৰয় কৰাৰ পাছত ইহঁতৰ মূল্য বাঢ়ি গৈ থাকিব। কিন্তু আপোনাৰ গাড়ী, বাইক হৈছে আপোনাৰ liabilities , কিয়নো এইবোৰ ক্ৰয় কৰোতে বহুত টকা খৰচ হোৱাৰ উপৰিও আগলৈ ইহঁতক চলাবলৈ পেট্ৰল আৰু ডিজেলৰ ৰূপত আৰু টকাৰ প্ৰয়োজন হব। এইবোৰ বস্তুৱে কেৱল আপোনাক ধনী ব্যক্তি যেন প্ৰদর্শনহে কৰিব।
৪/ "Save 10% of your salary" আপোনাৰ দৰমহাৰ ১০% সঞ্চয় কৰক। যদি আপুনি নিজৰ উপাৰ্জনৰ ১০% সঞ্চয় কৰে তেন্তে ই এক নতুন বীজ ৰোপন কৰাৰ দৰেই হব। আৰু এই ১০% সঞ্চয়তো আগুৱাই নিয়াটো হব সেই বিজটোত পানী দিয়া। কিয়নো এনে কৰিলে আপোনাৰ সঞ্চয় বাঢ়িব আৰু আপুনি ধনবান হব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment