৯০ চেকেণ্ডত যিকোনো ব্যক্তিক আকৰ্ষিত কৰাৰ উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 26, 2021

৯০ চেকেণ্ডত যিকোনো ব্যক্তিক আকৰ্ষিত কৰাৰ উপায় : Assamese Fact

 

Assamese Fact

আপুনি জানেনে কিদৰে কোনো এজন ব্যক্তিৰ লগত কথা পাতি তেওঁক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি। (Assamese Fact )

ইয়াত ৯০ চেকেণ্ড বুলি এইকাৰণে কোৱা হৈছে কিয়নো আমি সকলোৱে জানো আৰু গৱেষণাই কয় যে আজিকালি আমাৰ আকৰ্ষণৰ সময় কিমান কম হব ধৰিছে । উদাহৰণস্বৰূপে কোনো এখন আলোচনীৰ বিজ্ঞাপনৰ বাবে তেওঁলোকৰ হাতত মাত্ৰ 2 চেকেণ্ড সময় থাকে আমাক আকৰ্ষিত কৰিবলৈ। সেই দুই চেকেণ্ডৰ ভিতৰতেই যদি আপোনাৰ আলোচনী খন ভাল লাগে তেন্তে আপুনি তাত ধ্যান দিব, নতুবা আপুনি সাধাৰণভাৱে আগবাঢ়ি যাব আৰু গুৰুত্ব নিদিয়ে। ঠিক সেইদৰে কোনো এজন ব্যক্তিয়ে আমাৰ লগত কথা পাতি আমাৰ বিষয়ে ধাৰণা কৰি লব পাৰে। সেইবাবে এইটো বহুত জৰুৰী যে আমি যিকোনো এজন ব্যক্তিৰ লগত প্ৰথমতেই নিজকে ভালদৰে যাতে পৰিচয় কৰাই দিব পাৰো। এনে কৰিলে নিজৰ ব্যক্তিগত আৰু কৰ্মক্ষেত্ৰত বহুতো লাভ হয়।


প্ৰায় মানুহেই যেতিয়া কোনো এজন ব্যক্তিক লগ পাই প্ৰথমে কি কথা পাতিব লাগে সেইটো তেওঁলোকে বুজি নাপায়। বহুত মানুহে সন্মুখৰ ব্যক্তিজনৰ ওচৰত থতমত খাই , অদ্ভুত ধৰণৰ ব্যৱহাৰ কৰে আৰু তেওঁৰ সন্মুখত থকা ব্যক্তিজনে তেওঁৰ প্ৰতি এটা বেয়া মনোভাব লয়। প্ৰায় মানুহে তেনেধৰণৰ ব্যক্তিক অপচন্দ কৰে আৰু দুনাই তেওঁৰ লগত কথা পাতিবলৈ ইচ্ছাও নকৰে। প্ৰথম চিনাকিতেই সেই ব্যক্তিজনে তেওঁৰ প্ৰতি এটা ভাব মনত লয়।


আমি তিনিটা পদ্ধতিৰ দ্বাৰা কোনো এজন ব্যক্তিৰ লগত কথা পাতি নিজৰ ব্যক্তিত্বৰ পৰিচয় দিব পাৰো সেইকেইটা হৈছে - Meeting , Rapport, Communicate 


কোনো এজন ব্যক্তিক লগ পোৱা আৰু তেওঁৰ লগত লগ পাই কথা বতৰা পতা, মনৰ ভাৱবোৰ ব্যক্ত কৰাৰ মাজত এটা ৯০ চেকেণ্ডৰ ব্যৱধান থাকে। যত আপুনি সন্মুখৰ জনৰ লগত এটা আন্তৰিকতাৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে।


প্ৰথমতেই আহিছোঁ আমি 'Meeting'ৰ বিষয়ে - 


 যদি আপুনি কোনো এজন ব্যক্তিক লগ পোৱাৰ ৩/৪ চেকেণ্ডৰ ভিতৰত নিজৰ ব্যক্তিত্বক ভালদৰে দাঙি ধৰিব পাৰে তেন্তে তেওঁ আপোনাক বিশ্বাসযোগ্য , এজন শুদ্ধ ব্যক্তি বুলি ভাবিব।


এতিয়া আহিছোঁ ৫ তা এনে উপায়ৰ বিষয়ে যিকেইটা কৰিলে সন্মুখৰ ব্যক্তিজনৰ আগত আপুনি নিজকে ভালদৰে উপস্থাপন কৰিব পাৰে।


১/ সদায় 'মুক্ত' মনৰ হব লাগে। অৰ্থাৎ নিজৰ শাৰীৰিক   ভংগী আৰু মনোবৃত্তি খোলা হব লাগে । উদাহৰণস্বৰূপে যেতিয়া আপুনি হাত দুখন বন্ধ কৰি কাৰোবাৰ লগত কথা পাতে আৰু ভৰি দুইখন জোৰা লগাই থিয় হৈ থাকে , ই হৈছে আপোনাৰ শাৰীৰিক ভঙ্গীমা বন্ধ কৰি ৰখাৰ উদাহৰণ। কিন্তু তাৰ বিপৰীতে যদি আপুনি এটা ব্যৱধান ৰাখি থিয় হৈ বা বহি থাকে তেন্তে ই হৈছে মুক্ত শাৰীৰিক ভঙ্গীমাৰ উদাহৰণ।


সেইবাবে সদায় মুক্ত ভাবে কোনো ব্যক্তিৰ লগত লগ পালে কথা পাতিব লাগে। এনে কৰিলে সন্মুখৰ জনে আপোনাৰ প্ৰতি এটা ধনাত্মক চিন্তাধাৰা ৰাখিব পাৰে।


২/ "Eye Contact" 


অৰ্থাৎ আমি যেতিয়া কোনো এজন ব্যক্তিৰ লগত কথা পাতো তেতিয়া তেওঁৰ লগত চকুত চকু থৈ কথা কব লাগে । চকুত চকু থৈ কথা পাতিলে আপোনাক এজন দক্ষ আকৰ্ষণীয় ব্যক্তি ৰূপে গঢ়ি তোলে। চকুত চকু থৈ কথা কব নোৱাৰিলে আপোনাক সন্মুখৰ ব্যক্তিজনে মিছা কথা কোৱা, আগ্ৰহী নোহোৱা যেন বুলি অনুমান কৰিব পাৰে। এনে নহয় যে আপুনি একেথৰে চকুত চকু থৈ কথা পাতিব লাগে। আপুনি যিমান পাৰে পৰিস্থিতিৰ লগত মিলাই চকুত চকু থৈ কথা পাতিব লাগে।


৩/ " Beam" 


অৰ্থাৎ সন্মুখৰ জনৰ লগত চকুত চকু থোৱাৰ পাছত আপুনি এটা মিচিকিয়া হাঁহি মাৰিব পাৰে। এনে কৰিলে আপোনাৰ ধনাত্মক মনোবৃত্তি প্ৰদৰ্শন কৰিব আৰু এনে ক্ষেত্ৰত আপুনি এক বন্ধুত্ব সুলভ হাঁহি দিব লাগে। 


৪/ "Greeting"


আপুনি কোনো এজন ব্যক্তিক লগ পোৱাৰ পাছত তেওঁক এক সুন্দৰ কণ্ঠেৰে সম্ভাষণ জনাব লাগে। সাধাৰণ ভাষাত কবলৈ গলে হাই, হেল্ল', নমস্কাৰ বা আপোনাৰ সুবিধা অনুযায়ী সম্বোধন কৰি কথা পাতিবলৈ আৰম্ভ কৰিব পাৰে। আপুনি যিমান ভালদৰে নিজকে সন্মুখৰ জনৰ আগত পৰিচয় দাঙি ধৰিব তেওঁ আপোনাৰ ওচৰত সেইদৰেই নিজৰ পৰিচয় দাঙি ধৰিব। আৰু ই হৈছে সন্মুখৰ জনৰ বিষয়ে কিছু কথা জনাৰ উপায়ও হয়। অৰ্থাৎ আপুনি যিদৰে তেওঁৰ ওচৰত নিজকে চিনাকি কৰাই দিব তেওঁ আপোনাক সেই দৰেই চিনাকি দিব যেনে - মোৰ নাম প্ৰবীণ হয় আৰু মই পেছাত এজন অভিযন্তা। 


৫/ "Lean" 


অৰ্থাৎ আপুনি যেতিয়া কোনো এজন ব্যক্তিৰ লগত কথা পাতে তেতিয়া আপুনি সামান্যতম তেওঁৰ ওচৰত মোৰ তল কৰিব লাগে । এনে কৰিলে তেওঁ ভাবে যে আপুনি তেওঁৰ লগত কথা পতাত আগ্ৰহী। কিন্তু এইটো সদায় চেষ্টা কৰিব যে এই কামটো যেতিয়া বিপৰীত লিংগৰ সন্মুখত থাকে তেতিয়া কম কৈ কৰে যেন। নতুবা সন্মুখৰ জনে আপোনাক বেছি উৎসুক যেন ভাবিব আৰু যেন আপোনাৰ তেওঁক বহুত প্ৰয়োজন হৈছে। (Assamese Fact )


পদ্ধতিত থকা দ্বিতীয়টো বস্তু হৈছে "Establishing Rapport"


এইটো অংশ হৈছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। কিয়নো আপুনি ইয়াত মানুহৰ লগত মানসিক আৰু আন্তৰিক সম্বন্ধ গঢ়িব পাৰিব। যাৰ বাবে আপোনাক সকলোৱে পছন্দ কৰিব।  আমি সকলোৱে জানো যে আমি মানৱ জাতি আবেগিক হয়। আমি প্ৰায়ে মগজুৰ সলনি আবেগিকভাৱে সিদ্ধান্ত লওঁ। 


১)Attitude-আমি যেতিয়া কোনো এজন বন্ধু বা পৰিয়ালৰ সদস্যৰ লগত কথা পাতিলে তেওঁক দুখত থকা যেন পাওঁ  তেতিয়া আমি তেওঁক কি হৈছে বুলি সোধো। তেতিয়া তেওঁ এটা মিছা হাঁহি মাৰি একো হোৱা নাই বুলি কয়। কিন্তু তেওঁৰ এই উত্তৰত আপোনাৰ একেবাৰে বিশ্বাস নহয়। যেতিয়া আপুনি পাছত গম পায় যে আপুনি শুদ্ধ আছিল। শেষত আমি গম পাওঁ যে বিশেষ কিবা কাৰণত তেওঁ আমাক মিছাকৈ কৈছিল। কিন্তু আপুনি কেতিয়াবা ভাৱি চাইছে নে যে তেওঁ একো নোকোৱাকৈয়ে আপুনি কিদৰে গম পালে?  ইয়াৰ উত্তৰ হৈছে তেওঁৰ মনোবৃত্তি। কিয়নো আমাৰ মনোবৃত্তিয়ে আমাৰ মগজুৰ ওপৰত প্ৰভাৱ পেলাই যি সম্পূৰ্ণৰূপে আমাৰ শৰীৰৰ লগত সংযোগ হৈ আছে। সেইবাবে আপোনাৰ মনোবৃত্তি যদি খঙাল হয় তেন্তে আপুনি যিমান মৰমত কথা পাতিলেও আপোনাৰ শৰীৰৰ ভঙ্গীমা, কথা কোৱাৰ ধৰণৰ পৰা গম পোৱা যাব। সেইবাবে সদায় ঋণাত্মক মনোবৃত্তিৰ সলনি এটা ধনাত্মক মনোবৃত্তি প্ৰদৰ্শন কৰিব লাগে।


২/ Art of Synchronization-উদাহৰণস্বৰূপে যদি আপুনি ফুটবল খেলি ভাল পায় তেন্তে যিসকল লোকে ফুটবল ভাল পায় আপুনি তেনে লোকক বেছি ভাল পাব আৰু তেওঁলোকৰ সংগ ভাল পাব। যিসকল লোকৰ মনৰ ধাৰণা প্ৰায় একেই তেওঁলোকে সহজতেই  সন্মুখৰজনৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হয়। যিসকল মানুহ আমাৰ দৰে একেই হয়, আমাৰ দৰে থাকি ভাল পায় আমিও তেনে ব্যক্তিক বেছি পছন্দ কৰোঁ। কিন্তু প্ৰায় দেখা যায় যিসকলৰ মনোভাব, চিন্তাধাৰা আমাতকৈ বিপৰীত হয় তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক বেছি ভাল নহয়। গতিকে যদি আমি মানুহৰ লগত একেই ধৰণৰ কাম কৰিব বিচাৰো তেতিয়া ই আমাক তেওঁলোকৰ লগত এটা "rapport " বনাবলৈ সুবিধা হব।


বেলেগ এজনৰ মানুহৰ তেওঁ কৰা একেই কামবোৰ কৰিবৰ বাবে আমি তিনিটা বস্তুত ধ্যান দিব লাগিব।


সেইকেইটা হৈছে - visual , vocal, verbal 


৫৫% সঞ্চাৰ আমাৰ  visual প্ৰক্ৰিয়াৰ দ্বাৰা হয়। বিশেষ ভাবে কবলৈ গলে ই আপোনাৰ শৰীৰৰ ভঙ্গীমাৰ পৰা গম পোৱা যায়। ৩৮% হৈছে আমাৰ কথা কোৱাৰ সুৰ । আৰু বাকী ৭% নিৰ্ভৰ কৰে আপোনাৰ verbal সঞ্চাৰ মাধ্যমৰ ওপৰত। অৰ্থাৎ আপুনি যিবোৰ কথা কয়, যিবোৰ শব্দ ব্যৱহাৰ কৰে সেইবোৰ। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুতো হৈছে আমাৰ শাৰীৰিক ভঙ্গীমা, যিটো মিলাবলৈ চেষ্টা কৰাটো বেছি জৰুৰী হয়। শাৰীৰিক ভঙ্গীমা মিলাবলৈ আপুনি এটা সাধাৰণ উপায় অৱলম্বন কৰিব পাৰে যাক কোৱা হয় "Mirroring" 


ইয়াত আপুনি সন্মুখৰ ব্যক্তিগৰাকীৰ শাৰীৰিক ভঙ্গীমাবোৰ তেওঁৰ দৰেই একেই কৰিবলৈ চেষ্টা কৰিব লাগিব। যেনে- যদি তেওঁ কথা পাতি থাকোতে হাতৰ ওপৰত হাত থৈছে তেন্তে আপুনিও লাহে লাহে কথা পাতি হাতৰ ওপৰত হাত ৰাখিব পাৰে। যদি তেওঁ আপোনাক কিবা কবলৈ আপোনাৰ ফালে সামান্য হাউলি দিছে তেন্তে আপুনিও হাউলি দিয়ক। আৰু যিমান পাৰে আপুনি তেওঁৰ শাৰীৰিক ভঙ্গীমাবোৰ মিলাবলৈ চাওক। মনত ৰাখিব যাতে তেওঁ গম নাপায় যে আপুনি তেওঁৰ লগত মিলাই কামবোৰ কৰিবলৈ চেষ্টা কৰিছে। 


যদি তেওঁৰ নিজৰ কান্ধটো অলপ জোকাৰি ঠিক কৰিছে তেন্তে আপুনিও সেইটো নকৰিব। এনে কৰিলে তেওঁ গম পায় যাব । 


এতিয়া আহিছোঁ দ্বিতীয় v লৈ যিটো হৈছে "vocal communication"  আপোনাৰ কথা কোৱাৰ ধৰণৰ ওপৰত ৩৮% সঞ্চাৰ নিৰ্ভৰ কৰে। গতিকে এইটো মিলাবলৈ চেষ্টা কৰাটোও বহুত জৰুৰী। 


যদি আপোনাক সন্মুখৰ ব্যক্তিজনে উৎসুক হৈ আপোনাক কিবা এটা প্ৰশ্ন কৰিছে তেন্তে আপুনিও সিমান আগ্ৰহ, সিমান উৎসুকতাৰে উত্তৰ দিয়ক। যেনে- যদি আপোনাক কোনো এজন বন্ধুৱে আহি সোধে যে কেনে আছা ? বহুত দিনৰ পাছত লগ পালো। 


তেতিয়া আপুনিও সিমান হেঁপাহেৰে উত্তৰ দিয়ক যে - বহুত ভাল বন্ধু , তোমাৰ কেনে?  আৰু যদি তেওঁ আবেগিক ভাবে কৈছে তেন্তে আপুনিও আবেগিক হৈ উত্তৰ দিয়ক। তাৰ পাছত আপুনি কথা কোৱাৰ বেগ আৰু কিমান উচ্চ স্বৰত কৈছে সেইটো মিলাবলৈ চেষ্টা কৰিব পাৰে। যদি তেওঁ আপোনাক উচ্চ স্বৰত কৈছে তেন্তে আপুনিও উচ্চ স্বৰত কওক। যদি তেওঁ লাহেকৈ কৈছে তেন্তে আপুনিও লাহেকৈ কওক। 


তাৰ পাছত আহিছোঁ "verbal" .


অৰ্থাৎ সন্মুখৰ জনে কেনেধৰণৰ শব্দ ব্যৱহাৰ কৰিছে আমিও তেওঁৰ পৰা সেই শব্দবোৰ মিলাবলৈ চেষ্টা কৰিব পাৰো। 


তৃতীয়তে হল "Congurity" 


যেতিয়া আমি টিভিত কিবা এটা অনুষ্ঠান চাই থাকোঁ তাৰ মাজতে কিছুমান অনুষ্ঠান সঁচা নহয় যেন লাগে। সেইয়া মাত্ৰ অভিনয় হয় ।কিন্তু যদি তাত আমি ভাল পোৱা চৰিত্ৰৰ ব্যক্তি জনৰ মৃত্যু হয় তেতিয়া আমাৰ অলপ বেয়া লাগে। কেতিয়াবা আমাৰ খঙো উঠে।  কিছুমানে কান্দিও উঠে এইবোৰ মিছা বুলি মাত্ৰ অভিনয় বুলি জনাৰ পাছতো। আমি চাই থকা চিনেমাখন বা অনুষ্ঠানতো মনৰ মাজত বাস্তৱ বুলি মানি লওঁ এওঁ ইয়াৰ লগত আমি আবেগিকভাৱে জড়িত হৈ যাওঁ। কিয় এনে হয় এইটো এটা ভাবিবলগীয়া কথা। ইয়াৰ কাৰণ হৈছে 'congurity'  কিয়নো আমি ভাল পোৱা চৰিত্ৰৰ ব্যক্তিজনে সেই তিনিওটা v' মিলাই ৰাখে ।  সেইবাবে আমি তেওঁৰ অভিনয়ক সঁচা বুলি ভাবি বিশ্বাস কৰোঁ। যদি আপুনিও একেদৰেই মানুহে আপোনাক বিশ্বাস কৰাটো বিচাৰে তেন্তে আপুনিও এই তিনিওটা বস্তুৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি নিজকে কেতিয়াও এনেকুৱা প্ৰদৰ্শন নকৰিব যে শাৰীৰিক ভঙ্গীমাৰ ফালৰ পৰা আপোনাক এজন ভয়াতুৰ ব্যক্তি যেন নালাগে।  আপুনি নিজৰ কথাবোৰত দক্ষতা প্ৰমাণ কৰক। দক্ষতা , দৃঢ়তা আপোনাৰ শাৰীৰিক ভঙ্গীমা, কথা কোৱাৰ শৈলী , শব্দপ্ৰণালী এই তিনিওতাত যাতে দেখা পোৱা যায়। 


শেষত আহিছোঁ "communication" অৰ্থাৎ কোনো এজন ব্যক্তিক লগ পায় কেনেধৰণৰ কথা পাতিব লাগে। বহুতো লোকে প্ৰথমে কেনেধৰণৰ কথা আৰম্ভ কৰিব সেয়া ভাবি নাপায়। কিদৰে কথা পাতি সন্মুখৰ ব্যক্তিজনৰ ওচৰত তেওঁক ভাল লগাব পাৰে সেইটো তেওঁ নাজানে। 


আজিকালি আমি মোবাইল ফোনট ইমানেই ব্যস্ত হৈ পৰিছো যে আমি সন্মুখত কথা পাতিবলৈ আগ্ৰহী নোহোৱা হলো । কেনেদৰে কথা পাতিব লাগে সেইটো আমি পাহৰি গৈছোঁ। সেইবাবে যিমান পাৰি মোবাইলৰ পৰা  অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব লাগে । আৰু বাস্তৱত মানুহৰ লগত বেছিকৈ ফুৰা চকা কৰিব লাগে ।(Assamese Fact )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages