কাতি বিহুৰ দিনা পথাৰৰ পৰা ঘৰলৈ আনক এই বস্তু : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 17, 2021

কাতি বিহুৰ দিনা পথাৰৰ পৰা ঘৰলৈ আনক এই বস্তু : Assamese Fact

Assamese Fact

 আহাৰ, শাওন, ভাদ, আহিন আৰু কাতি মাহত, ভগৱান পৰমেশ্বৰ শয়ন অৱস্থাত থাকে। আৰু এই কাতি মাহৰ প্ৰৱিত্ৰ দিনতে তেওঁ সাৰ পায় বুলি মনা যায়। ( Assamese Fact)

আৰু সকলো দেৱ দেৱীয়ে  মানৱৰ পৰা নৈবেদ্য গ্ৰহণ কৰিবলৈ স্বৰ্গৰপৰা মৈত্ৰলৈ নামি আহে আৰু নৈবেদ্য গ্ৰহণ কৰি ভক্তক আৰ্শীবাদ প্ৰদান কৰে। 


সেয়ে এই বিশেষ দিনটিত অৰ্থাৎ কাতি বিহুৰ পৰাই ধৰ্মীয় চিন্তা চৰ্চা, ধৰ্মীয় শাস্ত্ৰ পাঠ, আৰু ঈশ্বৰৰ চিন্তাত ভক্তসকল মগ্ন হয়। এই কাতি বিহুৰ দিনা সন্ধ্যা তুলসীৰ তলত চাকি জ্বলাই ভোগ নিবেদন কৰা হয়। আৰু ভগৱানক সন্তষ্ট কৰাৰ বাবে বহুতে বহু কিছু উপায় অৱলম্বন কৰে আৰু এই প্ৰৱিত্ৰ দিনত তুলসীৰ তলত প্ৰদীপ জ্বলাই মা লক্ষ্মী লগতে ভগৱান বিষ্ণুৰ কৃপা লাভ হয়। ফলতে ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটে। এই প্ৰৱিত্ৰ কাতি বিহুৰ দিনা ধান পথাৰৰ প্ৰদীপ জ্বলাই মা লক্ষ্মীকে ঘৰলৈ আৱাহন কৰা হয়।( Assamese Fact


গতিকে এই প্ৰৱিত্ৰ কাতি বিহুৰ সন্ধ্যা আপুনি যদি পথাৰৰ পৰা এই বিশেষ বস্তু ঘৰলৈ আনি ঘৰৰ বিশেষ স্হানত ৰাখি থৈ, তেন্তে ইয়াৰ দ্বাৰা আপুনি ঘৰখনত বছৰটোলৈ ধন ধানৰ অভাৱ নহয়। সুখ শান্তি সদায়ে ঘৰখনত বিৰাজ কৰিব। এই কাতি বিহু সন্ধ্যা আপুনি যেতিয়া পথাৰত চাকি জ্বলাবলৈ যাব, সেই সময়ত আপুনি বন্তি জ্বলাই মা লক্ষ্মীক আপুনি প্ৰণাম কৰিব আৰু তেওঁক ঘৰলৈ আৱাহন  জনাব। আৰু পথাৰৰ পৰা এটি ধানৰ থোক ঘৰলৈ আনি আপোনাৰ ভৰাঁল ঘৰ নাইবা ঘৰৰ মূল দোৱাৰৰ ওপৰত ওলমাই ৰাখিব। এই বিশেষ উপায় দ্বাৰা ঘৰৰপৰা অপায় অমংগল দূৰ হব আৰু মা লক্ষ্মীৰ কৃপাত ঘৰখনত কেতিয়াও সুখ শান্তি আৰু সমৃদ্ধিৰ অভাৱ নঘটে। গোটেই বছৰটোলৈ সুখ শান্তি আৰু সমৃদ্ধি আপোনাৰ লগত থাকিব। (কথাখিনি সংগ্ৰহিত)।

 ( Assamese Fact )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages