কাতি বিহুত তুলসী ৰুটে এই কথা কেইটা নিশ্চয় মানি চলিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 17, 2021

কাতি বিহুত তুলসী ৰুটে এই কথা কেইটা নিশ্চয় মানি চলিব : Assamese Fact

 

Assamese Fact

২০২১বৰ্ষৰ কাতি বিহু, ১৮অক্টোবৰ সোমবাৰে। এই দিনত সমগ্র অসমত অসমীয়া সমাজৰ মাজত কাতি বিহু বা কঙালী বিহু পালন কৰা হয়। ( Assamese Fact )

আপুনি যেতিয়া তুলসী পুলি ৰুৱ, সেয়া যাতে কলা তুলসী পুলি হোৱাটো প্ৰয়োজনীয়। স্হান ঘৰৰ উত্তৰ পূৱ কোণত। আপুনি যেতিয়া তুলসী ভেটি গঢ় দিব, যাতে আপুনি তাৰ চাৰিওফালে এপাক ঘূৰিবলৈ পাৰে। শাস্ত্ৰ মতে ৰাতিপুৱা তুলসীত পানী দি, তুলসী পৰিক্ৰমা কৰিব লাগে। এয়া অত্যন্ত শুভ ঘৰখনৰ বাবে। তুলসী হৈছে এখন ঘৰৰ জীৱন্ত মণি। আপোনাৰ ঘৰখন তুলসীয়ে ৰক্ষা কৰিব পাৰে যদি, ঘৰখনত কিবা বাহিৰা বস্তু, যাদু মন্ত্ৰ প্ৰভাৱ থাকে, সেয়ে তুলসী মৰি গলে, আপুনি ইয়াৰ প্ৰমাণ পাব পাৰে। ( Assamese Fact )


আপুনি কলা তুলসী ঘৰখনৰ উত্তৰ পূৱ কোণে লগাব। যি স্হানত ৰুৱ সেই স্হানত যাতে এনে ব্যৱস্থা কৰিব যাতে, তুলসীৰ চাৰিওফালে এপাক ঘূৰিবলৈ পাৰে। সেই কলা তুলসীৰ বাওঁফালে কাতি বিহুৰ দিনা এটা চেনি কলৰ পুলি ৰুব। যি তুলসীৰ আপুনি সেৱা কৰিব, বন্তি জ্বলাব, সেই তুলসীৰ বাওঁফালে এটা চেনি কলৰ পুলি ৰুব। যদি চেনি কলৰ পুলি ৰুৱাত আপোনাৰ কিবা অসুবিধা হয়। তেতিয়া আপুনি এটা টাৱত ৰুব চেনি কলৰ পুলি। তাত আপুনি সন্ধ্যা চাকি দিব। তুলসীৰ তলত আমি কাতি মাহত চাকি দিওঁ। আচলতে তুলসীৰ তলত চাকি দিয়াটো কাতি মাহৰ ওপৰত ভিত্তি নকৰে। তুলসীৰ তলত চাকি বছৰটোৰ প্ৰত্যেক মাহতে দিয়া হয়। কেৱল দেওবাৰে বাদ দি। প্ৰত্যেক সন্ধ্যা ঘৰৰ লাইট জ্বলা আগে তুলসীৰ তলত চাকি দিয়াটো আমাৰ শাস্ত্ৰত বিধিত। এখন উন্নতি মুখৰ ঘৰৰ এটা নিত্যকৰ্ম। চাকি ঘৰখনৰ উত্তৰ পূৱ কোণে জ্বলাৱ। যি জুই স্হান নহয়। আপুনি তুলসীৰ তলত চাকি দিওঁতে এফুটমান ওখ পিটলৰ  


গচা ব্যৱহাৰ কৰিব। গাচি ঘীউৰ হব লাগে। মিঠাতেলৰ চাকি দি, হিন্দু দেৱ দেৱীসকলৰ পূজা কৰা নহয়। চাকি গচ ঘীউৰ হব লাগে। আৰু ৰঙা শলিতা ব্যৱহাৰ কৰিলে অত্যন্ত শুভ। যদি মাটি চাকি দিয়ে, তেন্তে সেই চাকি প্ৰত্যেক দিনাই সলনি কৰিব লাগিব। কাৰণ এগচি চাকি জ্বলোৱা পাচত জোথা হৈ যায়। জোথা চাকি দ্বিতীয় বাৰ ব্যৱহাৰ কৰা নহয়। যদি পিটলৰ চাকি ব্যৱহাৰ কৰে, তেন্তে সেয়া প্ৰত্যেক দিনা ধূই দিলে হব। কাতি বিহুৰ দিনা যেতিয়া তুলসী তলত চাকি দিব, তেতিয়া তুলসী ৰুপণ কৰা আগে, ভেটি গঢ়াৰ আগে, বাওঁফালে মাটিতে বা টাৱতে এটা চেনি কলৰ পুলি ৰুব। আৰু সদায়ে দুয়োজনকে একেলগে পূজা কৰিব। কোৱা হয়, তুলসী মা লক্ষ্মীৰ অন্যতম ৰূপ।(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰ পৰা সংগ্ৰহিত)।

Assamese Fact )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages