নাৰী বৰ্তমান সমাজত সুৰক্ষিত হয়নে‌ : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 31, 2021

নাৰী বৰ্তমান সমাজত সুৰক্ষিত হয়নে‌ : Assamese Article



নাৰী প্ৰকৃতিৰ অনুপম সৃষ্টি যাৰ অবিহনে এই পৃথিৱীৰ কোনো অস্তিত্ব নাই বুলি ক'ব পাৰি। সৃষ্টিৰ পাতনিৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে, পুৰুষ আৰু নাৰী উভয়ে উভয়ৰ পৰিপূৰক। ( Assamese article )


বৰ্তমান সময়ত নাৰীক পুৰুষৰ সৈতে সাংবিধানিকভাৱে সম অধিকাৰ দিয়া হৈছে যদিও আজিও কোনো কোনো ক্ষেত্ৰত নাৰীৰ প্ৰতি থকা শাসনকাৰী মনোবৃত্তি পুৰুষ সমাজৰ পৰা আতঁৰ হোৱা নাই। আমাৰ ৰাজ্যখনকে ধৰি বিভিন্ন প্ৰান্তত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ভয়াবহ ছবিয়ে নাৰীৰ জীৱন শংকিত কৰি তুলিছে। ইয়াৰ মূলতে হৈছে অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি নোপোৱাটো। আমাৰ ন্যায় ব্যৱস্থাৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হোৱাৰ বাবে দোষীয়ে লাই পায় আৰু তাৰ সুৰুঙা লৈ ইটোৰ পিছত সিটো ধৰ্ষন, হত্যা সংঘটিত কৰবিলৈ অলপো কুন্ঠাবোধ নকৰে। নাৰী সুৰক্ষাৰ দিশত অতি দুখজনক কথা এয়ে যে ৰাইজৰ উত্তাল প্ৰতিবাদৰ পাছতহে জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ গা লৰে।


বৰ্তমানো আজিৰ সমাজত নাৰী স্বাধীনভাৱে ঘূৰা-ফূৰা কৰিবলৈ সুৰক্ষিত নহয়। নাৰীয়ে ধৰ্ষন, নিৰ্যাতন, আদিৰ পৰা মুক্তি লাভ কৰি স্বাধীন সুৰক্ষিত জীৱন-যাপন কেতিয়া কৰিব পাৰিব।( Assamese article )


যিমানে নাৰীৰ ওপৰত হত্যা, অত্যাচাৰ, নিৰ্যাতন চলি আহিছে সিমানে নাৰী সুৰক্ষা, শিক্ষা, সজাগতামূলক বক্তৃতা আদিবোৰ অনৰ্থক যেন বোধ হয়। কাৰন এইবোৰে আজিৰ সমাজত নাৰীৰ লগত হোৱা সমস্যাবোৰ দূৰ কৰিব নোৱাৰে। 


বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে এগৰাকী নাৰী এজন অসৎ পুৰুষৰ দ্বাৰা নিৰ্যাতিত হয়। কিন্তু সকলোৱে নিজৰ লগত হোৱা ঘটনাবোৰ প্ৰকাশ কৰিবলৈ ভয় কৰে। এগৰাকী নাৰী যেতিয়া বিপদত পৰে তেতিয়া তেওঁ অসহায় হৈ পৰে তেতিয়া তেওঁক এডোখৰ নিৰপাদ আৰু সুৰক্ষিত স্থানৰ প্ৰয়োজন হয়। কিন্তু সেই সুৰক্ষিত বুলি ভবা ঠাইখিনিয়ে অসুৰক্ষিত হৈ পৰে। আৰু তেনে ক্ষেত্ৰত ন্যায়ৰ কোনো ব্যবস্থা গ্ৰহন কৰা নহয়। কোনো কোনো ক্ষেত্ৰত আজিও নাৰীয়ে অকলে ওলাই যাবলৈ নিজকে সুৰক্ষিত অনুভৱ নকৰে। 


আজিৰ যুগত নাৰীৰ ওপৰত যি অত্যাচাৰ, হত্যা, নিৰ্যাতন আদি চলাই অহা হৈছে তাৰ প্ৰতিবাদ কৰিলেই সকলো সমস্যাৰ সমাধান নহয়। নাৰীক সন্মান আৰু শ্ৰদ্ধা কৰা উচিত।( Assamese article )


পাপৰি নাথ

গুৱাহাটী

বিঃদ্ৰঃ উক্ত লেখা পাপৰি নাথ ডাঙৰীয়াণীৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages