হনুমান চালীসাৰ প্ৰতিটো শাৰীৰে বহুত মহত্ব আছে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, September 28, 2021

হনুমান চালীসাৰ প্ৰতিটো শাৰীৰে বহুত মহত্ব আছে : Religious Studies

 

Religious Studies

হনুমান চালীসা মহান কবি তুলসীদাস জীয়ে লিখিছিল৷ হনুমান চালীসাৰ আগতে হনুমানজীৰ ওপৰত বহুতো চলীসা লিখা হৈছিল আৰু তেওঁৰ ওপৰত বহুতো প্ৰশংসা লিখা হৈছিল, কিন্তু আধুনিক যুগত হনুমান চালীসাৰ গুৰুত্ব অধিক, কিয়নো  এই চালীসা পঢ়িবলৈ আৰু বুজিবলৈ অতি সহজ আৰু এই চলীসাই হনুমান দেৱৰ  চৰিত্ৰটো অতি সুন্দৰ ভাবে বৰ্ণনা কৰিছে ।( Religious Studies )


হনুমান দেৱৰ গৌৰৱ চাৰিওটা যুগতে আছিল আৰু থাকিব, কিয়নো তেওঁ অমৰ। তেওঁ অমৰত্বৰে আশীৰ্বাদপ্ৰাপ্ত। তেওঁ যিমান সময় বিচাৰে সিমান সময়  শৰীৰত থাকিব পাৰে আৰু এই পৃথিৱীত উপস্থিত থাকিব পাৰে। 


হনুমান চালীসাত ৪০ টা শ্লোক আছে যাৰ বাবে ইয়াক চালীসা বুলি কোৱা হয়। হনুমান চালীছা হৈছে একমাত্ৰ পাঠ যাক  লগে লগে সহজে পঢ়িব পাৰি, কোনো সিদ্ধ কৰিব নালাগে মাত্ৰ  হনুমান দেৱৰ প্ৰতি  ভক্তি থকাটো প্ৰয়োজনীয়।


 হিন্দু ধৰ্মত হনুমান চালীসাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। এই চলীসা পঢ়িলে ব্যক্তিজনৰ মনত সাহস, আত্মবিশ্বাস আৰু বীৰত্ব ৰৈ যায়। হনুমান চালীসা পাঠ কৰিলে সকলো ধৰণৰ সংকট তৎক্ষণাৎ সমাধান কৰে আৰু ই এক অলৌকিক সত্য।


এই হনুমান চালীসাৰ প্ৰতিটো শাৰীৰে বহুত মহত্ব আছে --

১) 'বল বুধি বিদ্যা দেহু মোহি , হৰহু কলেস বিকাৰ'

এই শাৰীয়ে ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতি মন বঢ়ায়। 

২) ভূত প্ৰেতৰ ভয় বা আক্ৰমণৰ ভয় আহিলে এই শাৰীটো গাব লাগে-- 

'ভৃত পিশাচ নিকট নহী আৱে মহাবীৰ জব নাম সুনাৱে '

৩) কোনো কাম সিদ্ধি কৰিবলৈ হ'লে গাব লাগে --

' ভীম ৰূপ ধৰি অসুৰ সঁহাৰে, ৰামচন্দ্ৰ কে কাজ সঁৱাৰে '   

৪) বহুত দিন ধৰি যদি বেমাৰত পৰি থাকে তেন্তে গাব লাগে--

'নাসৈ ৰোগ হৰে সব পীৰা , জপত নিৰন্তৰ হনুমত বীৰা '

৫) প্ৰাণৰ সঃকট আহিলে এই শাৰীয়ে কাম দিয়ে-'

'সংকট কটৈ মিতৈ সব পীৰা , জো সুমিৰৈ হনুমত বলবীৰা । য়া সংকট তে হনুমান ছুড়াৱে, মন ক্ৰম বচন ধ্যান জো লাৱৈ '।  

৬) যদি কোনো লোক বেয়া সঙ্গত পৰে আৰু এৰুৱাব পৰা নাযায় তেন্তে হনুমান চালীসাৰ এই শাৰীয়ে কাম দিয়ে --

'মহাবীৰ বিক্ৰম বজৰঙ্গী , কুমতি নিবাৰ সুমতি কে সঙ্গী '

৭) যদি কোনো লোকৰ কোনো প্ৰকাৰৰ বন্ধন ভয় থাকে গাব লাগে  -

'জো সত বাৰ পাঠ কৰ কোঈ, ছুটহি বন্দি মহা সুখ হোঈ ' 

৮) যিকোনো বিষয়ত ভয় খালে গাব লাগে--

' সব সুখ লহৈ তুম্হাৰী সৰনা , তুম ৰক্ষক কাহু কো ডৰনা ' 

৯) মনোকামনা পুৰা কৰিবৰ বাবে--

ঔৰ মনোৰথ জো কঈ লাৱৈ , সোঈ অমিত জীৱন ফল পাৱৈ' 

Religious Studies )


             হনুমান চালীসা

         

                    দোহা

শ্রী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি |

বৰণৌ ৰঘুবৰ বিমলয়শ জো দায়ক ফলচাৰি ||

বুদ্ধিহীন তনুজানিকৈ সুমিৰৌ পবন কুমাৰ |

বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ ||

          

            চৌপাঈ

জয় হনুমান জ্ঞান গুণ সাগৰ ।

জয় কপীশ তিহু লোক উজাগৰ || ১ ||

ৰামদূত অতুলিত বলধামা |

অঞ্জনি পুত্র পবনসুত নামা || ২ ||

মহাবীৰ বিক্রম বজৰঙ্গী |

কুমতি নিবাৰ সুমতি কে সঙ্গী ||৩ ||

কাঞ্চন বৰণ বিৰাজ সুবেশা |

কানন কুণ্ডল কুন্চিত কেশা || ৪ ||

হাথবজ্র ঔ ধ্বজা বিৰাজৈ |

কান্থে মূঞ্জ জনেঊ সাজৈ || ৫||

শংকৰ সুবন কেসৰী নন্দন |

তেজ প্রতাপ মহাজগ বন্দন || ৬ ||

বিদ্যাবান গুণী অতি চাতুৰ |

ৰাম কাজ কৰিবে কো আতুৰ || ৭ ||

প্রভু চৰিত্র সুনিবে কো ৰসিয়া |

ৰামলখন সীতা মন বসিয়া || ৮||

সূক্ষ্ম ৰূপধৰি সিয়হি দিখাবা |

বিকট ৰূপধৰি লঙ্কা জৰাবা || ৯ ||

ভীম ৰূপধৰি অসুৰ সংহাৰে |

ৰামচন্দ্ৰ কে কাজ সংবাৰে || ১০ ||

লায় সঞ্জীবন লখন জিয়ায়ে |

শ্রী ৰঘুবীৰ হৰষি উৰলায়ে || ১১ ||

ৰঘুপতি কীন্হী বহুত বড়ায়ী |

তুম মম প্রিয় ভৰতহি সম ভায়ী || ১২ ||

সহস বদন তুম্হৰো য়শগাৱৈ |

অস কহি শ্রীপতি কণ্ঠ লগাৱৈ || ১৩ ||

সনকাদিক ব্রহ্মাদি মুনীশা |

নাৰদ শাৰদ সহিত অহীশা || ১৪ ||

য়ম কুবেৰ দিগপাল জহাং তে |

কবি কোবিদ কহি সকে কহাং তে || ১৫ ||

তুম উপকাৰ সুগ্রীবহি কীন্হা |

ৰাম মিলায় ৰাজপদ দীন্হা || ১৬ ||

তুম্হৰো মন্ত্র বিভীষণ মানা |

লংকেশ্বৰ ভয়ে সব জগ জানা || ১৭ ||

য়ুগ সহস্র য়োজন পৰ ভানূ |

লীল্য়ো তাহি মধুৰ ফল জানূ || ১৮ ||

প্রভু মুদ্রিকা মেলি মুখ মাহী |

জলধি লাংঘি গয়ে অচৰজ নাহী || ১৯ ||

দুর্গম কাজ জগত কে জেতে |

সুগম অনুগ্রহ তুম্হৰে তেতে || ২০ ||

ৰাম দুআৰে তুম ৰখবাৰে |

হোত ন আজ্ঞা বিনু পৈসাৰে || ২১ ||

সব সুখ লহৈ তুম্হাৰী শৰণা |

তুম ৰক্ষক কাহূ কো ডৰ না || ২২ ||

আপন তেজ তুম্হাৰো আপৈ |

তীনোং লোক হাংক তে কাংপৈ || ২৩ ||

ভূত পিশাচ নিকট নহি আৱৈ |

মহবীৰ জব নাম সুনাৱৈ || ২৪ ||

নাসৈ ৰোগ হৰৈ সব পীৰা |

জপত নিৰন্তৰ হনুমত বীৰা || ২৫ ||

সংকট সেং হনুমান ছুড়াৱৈ |

মন ক্রম বচন ধ্যান জো লাৱৈ || ২৬ ||

সব পৰ ৰাম তপস্বী ৰাজা |

তিনকে কাজ সকল তুম সাজা || ২৭ ||

ঔৰ মনোৰধ জো কোয়ি লাৱৈ |

তাসু অমিত জীবন ফল পাৱৈ || ২৮ ||

চাৰো য়ুগ পৰিতাপ তুম্হাৰা |

হৈ পৰসিদ্ধ জগত উজিয়াৰা || ২৯ ||

সাধু সন্ত কে তুম ৰখবাৰে |

অসুৰ নিকন্দন ৰাম দুলাৰে || ৩০ ||

অষ্ঠসিদ্ধি নব নিধি কে দাতা |

অস বৰ দীন্হ জানকী মাতা || ৩১ ||

ৰাম ৰসায়ন তুম্হাৰে পাসা |

সাদ ৰহো ৰঘুপতি কে দাসা || ৩২ ||

তুম্হৰে ভজন ৰামকো পাৱৈ |

জনম জনম কে দুখ বিসৰাৱৈ || ৩৩ ||

অন্ত কাল ৰঘুবৰ পুৰজায়ী |

জহাং জনম হৰিভক্ত কহায়ী || ৩৪ ||

ঔৰ দেবতা চিত্ত ন ধৰয়ী |

হনুমত সেয়ি সর্ব সুখ কৰয়ী || ৩৫ ||

সংকট কটৈ মিটৈ সব পীৰা |

জো সুমিৰৈ হনুমত বল বীৰা || ৩৬ ||

জৈ জৈ জৈ হনুমান গোসায়ী |

কৃপা কৰো গুৰুদেব কী নায়ী || ৩৭ ||

জো শত বাৰ পাঠ কৰ কোয়ী |

ছূটহি বন্দি মহা সুখ হোয়ী || ৩৮ ||

জো য়হ পঢ়ৈ হনুমান চালীসা |

হোয় সিদ্ধি সাখী গৌৰীশা || ৩৯ ||

তুলসীদাস সদা হৰি চেৰা |

কীজৈ নাথ হৃদয় মহ ডেৰা || ৪০ ||

                   দোহা

পবন তনয় সঙ্কট হৰণ – মঙ্গল মূৰতি ৰূপ |

ৰাম লখন সীতা সহিত – হৃদয় বসহু সুৰভূপ ||


জুলা শৰ্মা 

নতুন দিল্লী

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages