শ্ৰী গণেশৰ পূজা কৰাৰ ৫টা বিশেষ লাভ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 22, 2021

শ্ৰী গণেশৰ পূজা কৰাৰ ৫টা বিশেষ লাভ : Religious Studies

 

Religious Studies

 বুধবাৰে ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীৰ পুত্র আৰু দেৱতাসকলৰ প্ৰথম আৰাধ্য দেৱতা গণপতিক উপাসনা কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়। ( Religious Studies )


তেওঁ ৰিদ্ধি সিদ্ধিৰ দাতা আৰু তেওঁক উপাসনা কৰিলে, যিকোনো কাৰ্য্য বাধা অবিহনে পূৰ্ণ হয়। বিশ্বাস কৰা হয় যে, বুধবাৰে ভগৱান শ্ৰী গণেশৰ পূজা বিধি সম্পূর্ণ বিধি বিধান অনুসৰি কৰিলে শুভ ফল প্ৰাপ্ত হয় আৰু মনৰ সকলো বাঞ্চা পূৰণ হয়। হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত যিকোনো শুভ কাম কৰাৰ আগতে ভগৱান শ্ৰী গণেশক উপাসনা কৰাৰ নিয়ম পৰম্পৰাগত ভাৱে চলি আহিছে।


ভগৱান শ্ৰী গণেশক সুখ সমৃদ্ধিৰ দেৱতা বুলিও জনা যায়। তেওঁৰ প্ৰিয় ভোগ হৈছে মোদক বা লাডু। ভগৱান শ্ৰী গণেশৰ বাহন হৈছে নিগনি। তেওঁৰ দুগৰাকী পত্নী-ৰিদ্ধি আৰু সিদ্ধি। বিশ্বাস কৰা হয় যে, ভগৱান শ্ৰী গণেশক হৃদয়ৰে স্মৰণ কৰিলে জীৱনৰ পৰা সকলো বাধা বিঘিনি লুপ্ত হবলৈ আৰম্ভ কৰে। ভগৱান শ্ৰী গণেশ ভক্তৰ ভক্তিত প্ৰসন্ন হলে, সুখ আৰু সৌভাগ্য প্ৰাপ্তি হবলৈ আৰম্ভ কৰে। 


ভগৱান শ্ৰী গণেশৰ প্ৰিয় ভোগ দুবৰি বন আৰু লাড়ুৰে পূজা আগবঢ়াওক : যদি আপুনি ভগৱান শ্ৰী গণেশৰ ভক্ত আৰু তেওঁক সন্তষ্ট কৰিব বিচাৰে, তেন্তে তেওঁৰ প্ৰিয় ভোগ অৰ্পণ কৰক। তেওঁৰ পূজাৰ সময়ত গজাননৰ প্ৰিয় সামগ্রী দুৰ্ভা বা দুবৰি বন আৰু মোদক বা লাড়ু আগবঢ়াব লাগে। শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰী গণেশক দুৰ্ভা অৰ্পণ কৰিলে এজন ব্যক্তি ধনবন্ত হয়। তেওঁৰ জীৱনৰ পৰা অভাৱ দূৰ হয়। আনহাতে মোদক বা লাড়ু আগবঢ়োৱা পাছত ঈশ্বৰে তেওঁৰ ভক্তসকলক সৰ্বোতপ্ৰকাৰে মংগলময় কৰি তোলে। ( Religious Studies )


ভগৱান শ্ৰী গণেশৰ পূজা কৰাৰ ৫টা লাভ :


১) ৰিদ্ধি সিদ্ধিৰ দাতা ভগৱান শ্ৰী গণেশৰ পূজা কৰিলে ব্যৱসায় লাভাম্বিত কৰি তুলে। 


২) দৈনিক ভগৱান শ্ৰী গণেশৰ উপাসনা কৰিলে,জীৱনৰ পৰা দুখ আৰু দৰিদ্ৰতা আঁতৰিবলৈ আৰম্ভ কৰে। 


৩) ভগৱান শ্ৰী গণেশৰ উপাসনা কৰিলে,মা লক্ষ্মী সন্তুষ্ট হয়, ভক্তৰ প্ৰতি কৃপা প্ৰদান কৰে। তেওঁৰ আৰ্শীবাদ থাকিলে ধনৰ সঠিক ব্যৱহাৰ হবলৈ ধৰে। 


৪) প্ৰকৃত হৃদয়ৰে ভগৱান শ্ৰী গণেশৰ আৰাধনা কৰিলে, তেওঁৰ ঐশ্বৰিক দৰ্শনৰ সৌভাগ্যও লাভ হয়। 


৫) বুধবাৰে ভগৱান শ্ৰী গণেশৰ উপাসনাই সোনকালে মনৰ সকলো বাঞ্চা পূৰণ কৰাৰ লগতে মনৰ পৰা ভয় শংকা লোপ পায়।


ঔঁ গণেশাই নমঃ…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages