ভগৱান ব্ৰহ্মাই এই সংসাৰ সৃষ্টিৰ পাচত স্থপতিবিদ্ , অভিযন্তা আৰু চিত্ৰকাৰ বিশ্বকৰ্মা দেৱতাক এই পৃথিৱী খন কেনেকৈ সৌন্দৰ্য্যশালী কৰিব পাৰিব তাৰ দায়িত্ব দিলে। ( Religious Studies )
কিন্তু বিশ্বকৰ্মা দেৱতা কোন ?
ঋগ্বেদকে ধৰি বিভিন্ন বৈদিক শাস্ত্ৰত বিশ্বকৰ্মা দেৱতাৰ বিষয়ে পোৱা যায়।
বহুত সাহিত্যত তেওঁক ভগৱান ব্ৰহ্মাৰ পুত্ৰ বুলি উল্লেখ আছে যদিও বৈদিক শব্দজ্ঞানৰ শাস্ত্ৰ নিৰুক্তা আৰু ব্ৰাহ্মণ শাস্ত্ৰ কেইখনত তেওঁক ভূৱনৰ পুত্ৰ বুলি কোৱা হৈছে। ভাৰত আৰু হৰিবংশত তেওঁ ৱাসু আৰু যোগাচিদ্ধাৰ পুত্ৰ বুলি লিখিছে। পুৰাণ সমূহত বিশ্বকৰ্মা দেৱতা ৱাস্তু দেৱতাৰ পুত্ৰ বুলি লিখিছে।
প্ৰাচীন শাস্ত্ৰত আছে বিশ্বকৰ্মা দেৱতাই সত্য যুগত স্বৰ্গলোক সাজিছিল, ত্ৰেতা যুগত ৰজা ৰাৱণৰ লঙ্কা নগৰী সাজিছিল আৰু দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰ খন সাজি ওলিয়াইছিল । দ্বাপৰৰ শেষত বিশ্বকৰ্মা দেৱতাই পাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থ আৰু কলি যুগ সোমোৱাৰ সময়ত হস্তিনাপুৰ নগৰ নিৰ্মাণ কৰিছিল। পুৰিৰ জগন্নাথ মন্দিৰ আৰু নীলাচল পাহাৰৰ কামখ্যা মন্দিৰ প্ৰাচীন স্থপতিবিদ বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল বুলি প্ৰাচীন শাস্ত্ৰত আছে । ইয়াৰ উপৰিও বিশ্বকৰ্মা দেৱতাই ভগৱান শিৱৰ ত্ৰিশূল, ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ , সকলো বিলাক দেৱতাৰ ৰথ , লঙ্কাৰ ৰজা ৰাৱণৰ পুস্পক বিমান আৰু ভিন ভিন অস্ত্ৰ নিৰ্মাণ কৰিছিল।
বিশ্বকৰ্মা দেৱতাৰ পূজা আৰু জন্ম জয়ন্তী প্ৰতিবছৰে ভাৰতৰ বিভিন্ন ঠাইত কন্যা সংক্ৰান্তিৰ দিনা অৰ্থাৎ যিদিনা সূৰ্য্য সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত প্ৰবেশ কৰে সেইদিনা পতা হয়। ভাৰতবৰ্ষত উৎসৱ বিলাক সাধাৰণতে চন্দ্ৰ দিনপঞ্জী অনুসৰি পতা হয় কিন্তু বিশ্বকৰ্মাৰ জন্মৰ দিনটো সৌৰ দিনপঞ্জী অনুসৰি পতা হয়। যিদৰে মকৰ সংক্ৰান্তি সৌৰ দিনপঞ্জী মতে পতা হয়। সেয়ে প্ৰতি বছৰে চেপ্টেম্বৰ মাহৰ ১৭ তাৰিখে পৰে কেতিয়াবাহে এদিন আগ পাচ হয়।
ভাৰতৰ অসম , পশ্চিমবংগ, ঝাৰখাণ্ড , উৰিষ্যা আদি ঠাইত বিশ্বকৰ্মাৰ জন্মৰ দিনটোত বিশ্বকৰ্মা পূজা হিচাবে অনুষ্ঠিত কৰা হয় আনহাতে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ , দিল্লী, গুজৰাট আদি ঠাইত জন্ম জয়ন্তী হিচাবে পালন কৰে। ( Religious Studies )
ভাৰতৰ অসম , পশ্চিমবংগ, ঝাৰখাণ্ড , উৰিষ্যা আদি ঠাইত বিশ্বকৰ্মা দেৱতাৰ ডেকা অৱস্থাৰ মূৰ্তি বা ছবি পূজা কৰা হয় আৰু ভাৰতৰ বাকী অঞ্চলত বিশ্বকৰ্মা দেৱতাৰ বৃদ্ধ কালক পূজা কৰা হয়।
বিশ্বকৰ্মা পূজা বৃটিছে আৰম্ভ কৰা পূজা নহয়। এই পূজা আদিৰে পৰা ভাৰতবৰ্ষত কন্যা সংক্ৰান্তিত পাতি আহিছে ।
"অসমৰ কোনো এখন বাগিছাত কলঘৰ বাৰে বাৰে বেয়া হৈ থকাত বৃটিছ মালিক চিন্তাত পৰাত বঙালী বৰ বাবুৱে বিশ্বকৰ্মা পূজা পতাৰ কথা ক'লে । পূজা পাতিলত বাগিছাৰ কল ঘৰৰ যন্ত্ৰ পাতি ভালকৈ চলাত বৃটিছে সেই বাগিছাত প্ৰতি বছৰে বিশ্বকৰ্মা পূজা পাতিবলৈ দিলে । "----এই কথা খিনিৰ সত্যটা কিমান জনা নাযায় যদিও প্ৰায় বিশ বছৰ মানৰ পৰা কেৱল অসমৰ মানুহৰ মাজত প্ৰচাৰ হৈছে। হয়তো অসমৰ বাগিছাত সেইদৰে বিশ্বকৰ্মা পূজা আৰম্ভ হব পাৰে । কিন্তু ভাৰতবৰ্ষত প্ৰাচীন কালৰে পৰা বিশ্বকৰ্মা দেৱতাৰ পূজা অৰ্চনা চলি আহিছে সেই কথা বেদকে ধৰি বিভিন্ন শাস্ত্ৰৰ পৰা জনা যায়।
ঋগ্ৱেদৰ দশম মণ্ডলৰ ৮১ আৰু ৮২ সূক্ত বিশ্বকৰ্মা সূক্ত । এই দুয়োটা সুক্ততে সাতটা সাতটা মন্ত্ৰ আছে । এই মন্ত্ৰ কেইটাৰ দেৱতা ভুৱনপুত্ৰ বিশ্বকৰ্মা । যজুৰ্বেদৰ সপ্তদশ অধ্যায়ৰ ২৪ নম্বৰ আৰু ৩২ নম্বৰ মন্ত্ৰ দুটাও বিশ্বকৰ্মা মন্ত্ৰ। বেদ বিশ্বৰ প্ৰাচীনতম গ্ৰন্থ । সেই বেদতে বিশ্বকৰ্মা দেৱতাৰ পূজাৰ বাবে মন্ত্ৰ উল্লেখ আছে তেনে ক্ষেত্ৰত বৃটিছে আৰম্ভ কৰা বুলি কোৱা কথাষাৰ অপপ্ৰচাৰহে মাত্ৰ।
জুলা শৰ্মা
বাঙ্গালোৰৰ পৰা
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment