পিছদিনা ব্ৰেকফাষ্ট কৰাৰ পাছত বেদান্ত আৰু উৰ্মি অফিচ চাবলৈ গল। ৰিয়াইও ৰোহিক স্কুলত থৈ অফিচলৈ গল। ৰিয়া যোৱাৰ লগে লগে উৰ্মি আৰু বেদান্ত তাইৰ ওচৰলৈ আহিল।( Assamese Storyboard )
বেদান্ত: ৰিয়া, এতিয়া তো ঘৰলৈ ব'লা।
ৰিয়া মৌন হৈ ৰল তাই কোনো উত্তৰ নিদিলে।
উৰ্মি: ৰিয়া কিবা এটাটো কোৱা।
ইফালে ৰিংকু ও কেবিনৰ দুৱাৰমুখত ৰৈ আছিল," বেদান্ত, উৰ্মি তোমালোকক মই মানা কৰিছিলোঁ নহয়। যেতিয়ালৈকে তাই নিজে আহিব ইচ্ছা নকৰে তেতিয়ালৈকে তাইক কোনেও জোৰ নকৰিবা।"
বেদান্ত: ঠিক আছে দাদা, তুমি যি ভাল দেখা। বাৰু এতিয়া ফ্লাইটৰ সময় হল আমি যাওঁ।
বেদান্ত আৰু উৰ্মি বাহিৰৰ ফালে গল। ৰিয়া আৰু ৰিংকু ও সিহঁতক আগবঢ়ায় দিবলৈ ওলাই আহিল।
বেদান্তই ৰিয়াক সাৱটি কলে," নিজৰ ধ্যান ৰাখিবা আৰু সন্ধিয়ালৈকে তোমাৰ গাড়ী আহি পাব।"
ৰিয়াই আচৰিত হৈ কলে," ইয়াৰ কোনো প্ৰয়োজন নাই আৰু মই গাড়ী চলাবও নাজানো।"
বেদান্ত: মই গম পাওঁ সেইবাবে দাদাক ড্ৰাইভাৰ হিচাপে ৰাখিছোঁ।
ৰিয়া: নহয় ভাইটি মই গাড়ী আৰু ড্ৰাইভাৰ ৰাখিব নোৱাৰোঁ গতিকে তুমি মানা কৰি দিয়া।
বেদান্ত: ঠিক আছে তেন্তে তুমি যি কোৱা সেইয়াই হব। কিন্তু অহাকালিৰ পৰা তুমি অত'ত অফিচলৈ অকলে নাহিবা। দাদাই তোমাক লগত লৈ আহিব।
তেতিয়া ৰিয়াই একো নকলে। তাই জানিছিল যে বেদান্তই নামানিব। সেইবাবে তাই বৰ্তমান মনে মনে থকাটোৱেই ভাল হব বুলি ভাবিলে।
বেদান্তই ৰিংকুক সাৱটি
বেদান্তই ৰিংকুক সাৱটি ধৰি কলে,' দাদা তুমি নিজৰ আৰু ৰিয়াৰ ধ্যান ৰাখিবা।'
উৰ্মিয়েও ৰিয়াক সাৱটি ধৰি কলে,"মই যি কলো তাৰ ওপৰত আকৌ এবাৰ বিচাৰ কৰি চাবা। তোমালোক দুয়োকে একেলগে ভাল দেখি বেলেগে বেলেগে ভাল নালাগে। আৰু মই তোমাৰ পিছ নেৰোঁ। সেইবাবে এতিয়া লুকাবলৈ চেষ্টা নকৰিবা।
ৰিয়াই মৰমেৰে তাইৰ মূৰত হাত ফুৰাই দিলে। তাৰ পাছত সিহঁত দুয়ো গাড়ীত উঠি গুচি গল।
বেদান্ত উদাস হৈ আছিল বাবে উৰ্মিয়ে তাক কলে," চিন্তা নকৰিবা সকলো ঠিক হৈ যাব।"
তেতিয়া বেদান্তই কলে," দাদাই কি ভাবে যে তেওঁ মানা কৰি দিব আৰু মই মান্তি হৈ যাম। মোৰ বাবে দুয়ো আজি বেলেগ হল আৰু মই সিহঁত দুয়োকে এক কৰিহে এৰিম।"( Assamese Storyboard )
উৰ্মিয়ে তাৰফালে চালে," তুমি সিহঁত দুয়োৰে বেলেগ হোৱাৰ কাৰণ নহয়। প্লিজ নিজক দোষাৰোপ কৰিব বাদ দিয়া , যদি ৰিয়াই গম পায় তেন্তে তাই কেতিয়াও দাদাৰ ওচৰলৈ উভতি নাহে। কিয়নো তাইৰ বাবে নিজৰ সুখতকৈ বেছি প্ৰয়োজনিয় তুমি হয়। আৰু এতিয়া ৰোহি আছে যেতিয়া তাইৰ দ্বাৰা দুয়ো লগ হৈ থাকিব।"
বেদান্তই ৰোহিৰ নাম শুনি মিচিকিয়াই দিলে," অ দাদাই ঠিকেই কৈছিল তাই একেবাৰে পৰি হয়। তায়েই আমাৰ বাইদেউৰ জীৱনত সুখ লৈ আনিব।"
উৰ্মি: আৰু খঙাল আংকুলক মাকৰ লগত লগ কৰাই ও দিব তাই।
বেদান্তইও তাইৰ কথা শুনি হাঁহি দিলে," ৰিয়াও যে নহয় দাদাক কি কি নামবোৰ যে দি থাকে।"
ইফালে বেদান্ত গুচি যোৱাৰ পাছত ৰিংকু আৰু ৰিয়াই এবাৰ ইজনে আনজনৰ চকুলৈ চালে। তাৰ পাছত নিজৰ নিজৰ কেবিনলৈ উভতি আহিল। এতিয়া গোটেই অফিছটোত তেওঁলোকৰ বিষয়ে চৰ্চা হল যে তেওঁলোক কোন আছিল আৰু তেওঁলোকৰ ৰিয়া আৰু ৰিংকুৰ লগত কি সম্পৰ্ক আছে। মিঠুয়ে তেওঁলোকক এনেদৰে কথা পাতি থকা দেখি খঙেৰে কলে," কথা পতাৰ সলনি আপোনালোকে নিজৰ কামত ধ্যান দিলে ভাল হব।"
দ্বিতীয়দিনা যেতিয়া ৰিয়াই সাজু হৈ ৰোহিক লগত লৈ ওলাল তেতিয়া ৰিংকুয়েও গাড়ী লৈ তালৈ আহি পালে।
ৰোহি: পাপা তুমি ইয়াত?
ৰিংকুয়ে ৰোহিক কোলাত তুলি কলে," অ মোৰ পৰিজনী, আজিৰে পৰা পাপাই ও তোমাক স্কুলত থবলৈ যাব।"
ৰোহিয়ে ফুৰ্তিত কলে,"সচাকৈ নে পাপা?"
তেতিয়া ৰিংকুয়ে তাইক নিজৰ গাড়ীত বহুৱাই কলে,"অ সঁচা।" তাৰ পাছত সি ৰিয়াৰ ফালে চালে। ৰিয়াই তেতিয়ালৈকে অ'ত' ৰখাই দিলে।
ৰিয়া: ৰোহি মাজনী তুমি পাপাৰ লগত স্কুললৈ যোৱা। আমি সন্ধিয়া লগ পাম।
ৰিংকু: কিন্তু ৰিয়া তুমিও তো মোৰ লগতেই যাবা ন?
ৰিয়াই একো নকলে আৰু অ'ত'ত আহি বহিলে আৰু চালকজনক যাবলৈ কলে। ৰিংকুয়ে মনৰ ভিতৰতে ভাবিলে," এই জেদি ছোৱালীজনীয়ে এনেকৈ মান্তি নহয়" তাৰ পাছত সি চালকজনক ৰবলৈ দি ৰোহিক তৎক্ষণাত গাড়ীৰ পৰা নমাই আনিলে আৰু ৰোহিক ৰিয়াৰ কাষত বহাই দিলে,"ব'লক দাদা।"
তেতিয়া ৰিয়াই কলে," নহয় দাদা ৰ'ব" তাৰ পাছত ৰিংকুৰফালে ঘোপাকৈ চাই কলে," এইবোৰ কি কৰিছে আপুনি? ৰোহিক গৈ স্কুলত থৈ আহক আৰু মোক অফিচলৈ যাব দিয়ক।"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Next part waiting
ReplyDelete