ধনী ব্যৱাসায়ীয়ে পালে এজন সাধাৰণ নাৱৰীয়াৰ পৰা জীৱনৰ শিক্ষা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 20, 2021

ধনী ব্যৱাসায়ীয়ে পালে এজন সাধাৰণ নাৱৰীয়াৰ পৰা জীৱনৰ শিক্ষা : Assamese Storyboard

Assamese Storyboard

এবাৰ এজন বহুত ডাঙৰ ব্যৱসায়ী এখন বহুত সৰু গাঁৱলৈ গৈছিল। তেওঁৰ পৰিকল্পনা আছিল তাত এটা কাৰখানা বনোৱাৰ।( Assamese Storyboard )

তেওঁ এনেকুৱা এডোখৰ ঠাই গৈ পায় য'ত সন্মুখত এখন নদী আৰু তাৰ পিছত সেই গাওঁ খন আছিল। তেওঁৰ ওচৰত এতিয়া দুটা ৰাস্তা আছিল।এটা তেওঁ ঘুৰি গাওঁখনলৈ যাব লাগিব আৰু যাওঁতে প্ৰায় ৮ঘন্টা লাগিব। কাৰণ সেই গাওঁখনলৈ যোৱা কোনো চিধা বা চুটি ৰাস্তা নাছিল। দ্বিতীয়টো হ'ল এখন নাওঁত বহি ২০মিনিটৰ নৈ পাৰ কৰি সেই গাওঁখনলৈ যাব পাৰিব। তেওঁ নিজৰ সময় বচাবলৈ সেই নাওঁখনত যোৱাৰ সিদ্ধান্ত ল'লে। 


সেই নাওঁখন বহুত সৰু আছিল য'ত এফালে নাওঁ চলোৱা মানুহজন বহি আছিল আৰু নাওঁ চলাই আছিল আৰু আনফালে সেই ব্যৱসায়ীজন বহি আছিল। অলপ পাছত ব্যৱসায়ীজনে সেই নাওঁ চলোৱা মানুহজনক সুধিলে, তুমি জানানে তোমাৰ নাওঁত কোন বহি আছে? 

তেতিয়া নাওঁ চলোৱা মানুহজনে হাত জোৰ কৰি ক'লে - নাজানো চাৰ আপুনি কোন হয়। 

তাৰ পিছত ব্যৱসায়ীজনে ক'লে - তুমি বাতৰি নপঢ়া নেকি মোৰ চোন ফটো তাত দিয়ে থাকে।

তেতিয়া নাওঁ চলোৱা মানুহজনে ক'লে - চাৰ মইনো ক'ত লিখিব পঢ়িব জানো । মই বহুত সৰু আছিলোঁ যেতিয়া মোৰ দেউতা ঢুকাইছিল আৰু পৰিয়ালৰ ধ্যান ৰাখিব কাৰণে মই সৰুৰে পৰা কাম কৰিবলৈ ধৰিলো আৰু মই স্কুল এৰিব লগা হ'ল। 

এইটো কথা শুনি সেই ব্যৱসায়ীজনে তেওঁক ঠাট্টা কৰি ক'লে- তুমি পঢ়িব লিখিব নাজানা। এনেকুৱা জীৱনৰ কি অৰ্থ আছে।এইটো শুনি নাওঁ চলোৱা মানুহজনৰ বহুত বেয়া লাগিল । কিন্তু একো নক'লে।অলপ পাছত আকৌ ব্যৱসায়ীজনে নাওঁ চলোৱা মানুহজনক ক'লে- তুমি যে সন্মুখত এই মাটিখিনি দেখিছা ।ইয়াত মোৰ এটা বহুত ডাঙৰ কাৰখানা হ'ব।ইয়াত আমি মিনাৰেল উৱাটাৰৰ ফেক্টৰী বনাম।( Assamese Storyboard )


সেই নাওঁ চলোৱা মানুহজনে কথাটো বুজি নাপালে আৰু ক'লে -কি বনাব চাৰ? 

তেতিয়া ব্যৱসায়ীজনে অলপ খঙত কোৱা দৰে ক'লে -আমি ইয়াত পানী বটল বনাম।যিবোৰ তোমালোকৰ গাওঁত বিক্ৰী নহয় কিন্তু চহৰত বহুত বিক্ৰী হয়। তুমি যদি চহৰলৈ গৈছা দেখিছা চাগে পানীৰ বটল থৈ যে দিয়ে দোকানত। 

তেতিয়া সেই  নাওঁ চলোৱা মানুহজনে ক'লে- চাৰ মইনো কেনেকৈ দেখিম। মইটো এই গাওঁখনৰ পৰা বাহিৰলৈ কেতিয়াও যোৱাই নাই।

তাৰ পাছত সেই ব্যৱসায়ীজনে মানুহজনৰ কথাত হাঁহি ক'লে- তুমি এই গাওঁখনৰ পৰা বাহিৰলৈ কেতিয়াও যোৱাই নাই।তুমি নাজানাই চহৰ কেনেকুৱা। এনেকুৱা জীৱনৰ কি অৰ্থ।ব্যৱসায়ীজনৰ কথা শুনি সেই নাওঁ চলোৱা মানুহজনৰ এনেকুৱা লাগিলে হয় মোৰ জীৱনৰ একো অৰ্থ নাই। চিন্তা কৰি থকা ফলত তেওঁ নাওঁখনৰ পৰা ধ্যান আতঁৰিল আৰু তেতিয়াই নাওঁখন গৈ খুন্দা মাৰিলে এটা ডাঙৰ শিলত।তাৰ ফলত নাওঁখনত পানী সোমাবলৈ ধৰিলে আৰু নাওঁখন ডুবিবলৈ ধৰিলে। সেই ঠাইত পানী বহুত আছিল আৰু নৈ পাৰটো বা কাষটোও বহুত দূৰত আছিল।

নাওঁ চলোৱা মানুহজনে বুজি পালে এতিয়া এই নাওঁখন বচোৱাৰ আৰু একো উপায় নাই আৰু সি নিজৰ জীৱন বচাবলৈ নৈত জপিয়াব খুজিছিল আৰু তেতিয়াই তেওঁ সেই ব্যৱসায়ীজনক সুধিলে- চাৰ আপুনি সাঁতুৰিব জানে নহয়। তেতিয়া ব্যৱসায়ীজনে ভয় কৰি সুধিলে- এনেকৈ কিয় সুধিছা মই সাঁতুৰিব নাজানো। তেওঁৰ কথা শুনি নাওঁ চলোৱা মানুহজনে হাঁহিলে আৰু ক'লে- চাৰ আপুনি সাঁতুৰিব নাজানে এনেকুৱা জীৱনৰ কি অৰ্থ আছে।এইটো কথা শুনি ব্যৱসায়ীজনে নিজৰ ভুলতো বুজি পালে আৰু তেওঁ হাত জোৰ কৰি  নাওঁ চলোৱা মানুহজনক ক'লে- তুমি যি বিচাৰা মই তোমাক দিম। কিন্তু মোক বচোৱা।

তেতিয়া নাওঁ চলোৱা মানুহজনে ক'লে- আপুনি চিন্তা নকৰিব মই অকল সাঁতুৰিবয়ে নহয় পানীত ডুবা মানুহকো বচাব জানো। আপুনি মোক জোৰে ধৰি লওঁক মই আপোনাৰ একো হ'ব নিদিওঁ।  নাওঁ চলোৱা মানুহজনে নিজৰ লগতে সেই  ব্যৱসায়ীজনৰো জীৱন বচালে।


এই কাহিনীটোৰ পৰা আমি বহুত ডাঙৰ শিক্ষা ল'ব পাৰোঁ যে কেতিয়াও কাকো ঠাট্টা কৰিব নালাগে আৰু আনক নিজতকৈ কম বুলি ভাবিব নালাগে। কাৰণ আমি নাজানো আমাক কেতিয়া কাৰ সহায় লাগি যাব পাৰে।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

No comments:

Post a Comment

Advertisement

Pages