এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৫৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 29, 2021

এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৫৩ ) : Assamese Storyboard

Assamese Storyboard

 

"মা ,দেউতা,দাদা মই এটা আৰু ৰক্তিম এটা বিশেষ কাৰণেহে আহিছোঁ ইয়ালৈ।"

"কি?"( Assamese Storyboard )

মানসীৰ বাপেকে উৎকণ্ঠাৰে সুধে।

"মানে দেউতা,, ৰক্তিমৰ দেউতাকে নিজাকৈ এটা ব‍্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে গুৱাহাটীত।"

"বৰ ভাল কথা।"

"উমম্। কিন্তু এটা সমস্যা হৈছে।"

"কি?"

"গুৱাহাটীত এওঁলোকৰ মাটি নাই। সেয়ে ব‍্যৱসায়ভাগ আৰম্ভ কৰিব পৰা নাই। যদি তুমি বেয়া নোপোৱা আমাৰ গুৱাহাটীত থকা মাটিখিনি দিব পাৰিবা নেকি? তুমি চিন্তা কৰিব নালাগে দেউতাই তোমাক সকলোবোৰ পইছা উভোতাই দিব আৰু দেউতাই নিদিলে ৰক্তিমে দিবই।"

 

তাইৰ কথা শুনি বাপেক ৰমাকান্তই হাঁহে।

"এইটো কথা ক'বলৈ তই ইয়ালৈ আহিব লাগে নেকি? ফোনত ক'লেই হয় চোন! আৰু বিয়ৈয়েও দেখোন ক'ব পাৰে!"

"দেউতাই ক'বলৈ অলপ বেয়া পাইছে‌।"

"কিয়?"

"মানে মানুহে ভাবিব পাৰে যৌতুক লৈছে বুলি,,, সেইবাবে।"

"হয় নেকি? হা হা হা। সেইখিনি মাটিটো এনেও মানসীৰ নামতেই আছে। তাইৰ বস্তু তাই যি কৰে কৰক। মইনো কি ক'ম? আৰু মোক পইছা দিব নালাগে দেই।"


কথাটো শুনি মানসীৰ মুখত হাঁহি ফুঠি উঠিল। ভাল লাগিল তাইৰ যে তাইৰো সম্পত্তি বুলিবলৈ কিবা আছে। তায়ো শহুৰেকক নিজৰ ইচ্ছামতে কিবা এটা দিব পাৰিব।

"তেন্তে আমি এতিয়া যাওঁ মা।"

"এনেকৈ একো এটা নোখোৱাকৈ।"

"পিছত আহিলে খাম।"

"ঠিক আছে যা।"

সকলোকে সেৱা কৰি মানসী আৰু ৰক্তিমে গাড়ীত বহিলগৈ। 

"মা দেউতা দাদা যাবচোন আমাৰ ঘৰলৈও এদিন। যোৱাআ নাই নহয় আপোনালোক এদিনো।"

"বাৰু যাম দিয়া।"

সকলোকে হাত জোঁকাৰি ৰক্তিমে চলোৱা গাড়ীত উঠি দুয়ো ঘৰলৈ উভতি গ'ল।

কিন্তু দুয়োটাৰে মনটো মৰা। মানসীৰ অলপমান ভাল লাগিছে যদিও ৰক্তিমৰ মনটো একেবাৰেই বেয়া। গাড়ীখন কিবা সি অন‍্যমনস্ক হৈ চলাই আছে। তাৰ অৱস্থাটো দেখি মানসীৰ মনটো বেয়া হৈ গ'ল।


: ৰক্তিম!

: হু!

: কি ভাবি আছা?

: তুমি জানো নাজানা?

: এতিয়া আৰু কিবা লাভ আছে জানো এইবোৰ ভাবি? তুমিটো সিদ্ধান্ত ল'লাই কি কৰিবা।

হঠাতে সি গাড়ীখন ব্ৰেক মাৰি ৰখাই দিয়ে।

মানসীৰ চকুলৈ চায়‌। চকুত চকুপানী।

যেন এতিয়াই খুচিমুচি সি তাই কোলাত শুই পৰিব আৰু হেপাঁহ পলুৱাই কান্দিব। 

কান্দিব! হয় কান্দিব।

কাৰণ কান্দিলে হেনো মনবোৰ পাতল লাগে। সিও তাৰ মনটো পাতল কৰিব হেপাঁহ পলুৱাই কান্দিবলৈ সোমাব বিচাৰিছে মানসীৰ কোলাত।

কিন্তু.....। সি ইচ্ছা কৰিও পৰা নাই। কাৰণ কি! কাৰণ সি দুৰ্বল হৈ পৰিব কান্দিলে। 

আৰু সি দুৰ্বল হ'লে মানসীও দুৰ্বল হৈ পৰিব যিটো সি কেতিয়াও নিবিচাৰে।

লাহেকৈ সি মানসীৰ হাত দুখন তাৰ হাতৰ ওপৰত উঠাই ল'লে।

"ৰক্তিম"


"এটা মাথোঁ শব্দ।

ইয়াতেই লুকাই থাকে অলেখ মৰম,,

অযুত ভালপোৱা।

সূৰ্যফুলৰ দেশতো বিচাৰি পোৱা গৈছে

আজি প্ৰেমৰ আশ্ৰাদন।

বিচাৰি পাইছে নে বিচাৰিছে?

পাৰ্থক্য আছে সুশান্ত গৰ্ভবৰত

এটি কলি মেলিছে

ফুল হৈ ফুলিব

জাক পাতি আহিব চৰাই

আহিব ৰঙীন হেজাৰ পখিলা

ফুলত পৰিব ফুলৰ ৰস টানিব

লৈ যাব আপোন ঘৰলৈ।

চৰাইবোৰ উৰিছে আপোন দেশলৈ

বিচাৰিছে আপোনৰ সন্ধান

বেলিটিও লহিয়াইছে

পাতৰ আঁৰত লুকাইছে

দিছে ঢালি প্ৰেমৰ সুবাস।

বাসনাৰ অলংকাৰ স্নেহত বিলাই

মৌনতাৰ গহ্বৰত দুটি পক্ষীৰ অবুজন আশা।"( Assamese Storyboard )


: তোমাৰ মোৰ ওপৰত বিশ্বাস আছেনে?

: নিজতকৈও বেছি।

: আজীৱন কৰিবানে?

: কিবা সন্দেহ?

: ওহোঁ।

হাতখন এৰি আকৌ সি গাড়ীখন চলালে। আজি নিজৰ জীৱনটোৰ দৰেই যেন গাড়ীখনো মুক্তভাৱে চলাব পৰা নাই সি। এসোপামান বিষাদে আজি তাক বেৰি ধৰিছে। চকুটোক বিচ্ছিন্নতা অযুত বেদনা। নয়ন নহয় যেন ই ভৰপূৰ অশ্ৰুৰ প্ৰশান্ত জলধিহে। হয়তো দুখবোৰেই সকলো পাৰ ভাঙি ওলাইছে বাহিৰলৈ। দুটি ৰঙা নয়নৰ ভিতৰত কান্দিছে এটি মনে এখন হৃদয়ে। কিন্তু বৈ আহিব পৰা নাই এই কান্দোন।


ঘৰলৈ মাত্ৰ আৰু এক কিলোমিটাৰ মানৰ বাট আছে। এনেতে ৰক্তিমৰ ফোনটো বাজি উঠিল।

প্ৰথমবাৰ সি কাটি দিলে কিন্তু আকৌ এবাৰ বাজিল।

: নধৰানো কিয় কিবা জৰুৰীও হ'ব পাৰে।

: একেবাৰে ঘৰত গৈ কৰিম। পালোহিয়েই নহয়।

অলপ সময়ৰ পাছত দুয়ো ঘৰ পালেহি। গাড়ীৰ পৰা নামিয়েই সি ক'লে -- "মানসী তুমি যোৱা মই ফোনটো কৰি গৈ আছোঁ।"

"ঠিক আছে।"

 মানসী ভিতৰলৈ গ'ল। আৰু সি কথা পাতিবলৈ গেটখনৰ ওচৰ পালেগৈ। ভিতৰৰ পৰাই মানসীয়ে কথাটো লক্ষ্য কৰিলে। 

"এনেকুৱা কি কথা থাকিব পাৰে যিটো সি ভিতৰত পাতিব নোৱাৰে! মোৰ পৰা কিবা লুকুওৱা নাইটো। এহঃ বাদ দে নেটৰ নথকাৰ বাবেও তালৈ যাব পাৰে। পিছত সুধিম।" এইবুলি ভাবি তাই ৰুমলৈ সোমাই গ'ল।


: হেল্ল'

: হয়,,,,, মিষ্টাৰ ৰক্তিম বিকাশ হাজৰিকা

: ইয়েছ।

: মই ডক্তৰ নিৰ্বাণ সেনাপতি।

: হয় ছাৰ কওঁক।

: আপোনাৰ চেকাপৰ তাৰিখ দুদিন পাৰ হৈ গৈছে কিন্তু আপুনি অহা নাই যে?

: ছাৰ মোৰ অলপ পাৰ্চনেল অসুবিধাৰ বাবে যাব পৰা নাই কাইলৈ নিশ্চয় যাম।

: ঠিক আছে নাপাহৰিব কিন্তু।

: অ'কে।


ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


✍️✍️...............…...আগলৈ...................✍️✍️

( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages