কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫৬ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 29, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫৬ ) ? Assamese Storyboard

Assamese Storyboard

 

ৰিংকুয়ে তাইক দেখি মনত ফুৰ্তি পালে। সি তাইক টিফিনটো ঘূৰাই দিওঁতে তাই কলে," খুড়া যেতিয়ালৈকে উভতি নাহে তেতিয়ালৈকে আপুনি আমাৰ লগতেই খাবলৈ আহিব আৰু অফিচৰ বাবে টিফিন মই লৈ আহিম সদায়। কেণ্টিনৰ আহাৰ খালে আপোনাৰ হজম নহব।"Assamese Storyboard )

ৰিংকুয়ে মিচিকিয়াই কলে," তুমি মোৰ বিষয়ে সকলো গম পোৱা কিন্তু মোৰ মনৰ ভিতৰত কি হৈ আছে সেইটোহে জানিব চেষ্টা নকৰা।"

ৰিয়া: মোক ৰাধিকা মায়ে কৈছিল।

ৰিংকুয়ে মনৰ ভিতৰতে ভাবিলে," আন্তিয়ে যে তোমাক কোৱা নাই সেইটো মই ভালদৰেই জানো। তুমি নিজেই খুড়াক মোৰ বিষয়ে সুধি থাকা। দূৰত থাকিও মোৰ যত্ন লোৱা। মাত্ৰ মইহে তোমাৰ ধ্যান ৰাখিব নোৱাৰিলো।"


কিছুসময় পাছত সিহঁত দুয়ো ঘৰ পালেগৈ। ৰিংকু অলপ সময় ৰোহিৰ লগত খেলি কৰি নিজৰ ৰুমলৈ আহিল। ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ যেতিয়া ৰোহিয়ে তাক ফোন কৰিলে তাৰ মনত পৰিল যে ৰিয়াই খাবলৈ মাতিছিল। সি মিচিকীয়াই গুচি আহিল। এনেদৰে সময় পাৰ হল। ৰিয়াই কাকো একো নোকোৱাকৈ এনেদৰে ৰিংকুৰ যত্ন লব ধৰিলে। কিন্তু নিজৰ মনৰ কথাবোৰ তাই নাকচ কৰি দিয়ে।

তিনি মাহ এনেদৰেই পাৰ হল আৰু ৰুদ্ৰ ও উভতি অহাৰ সময় আহি পালে। ৰিংকুয়ে এতিয়া সাহস কৰিব নোৱাৰা হল। ৰিয়াই এই বিষয়ে সদায় মৌন হৈ থাকে। তাই কোনো কথাই নকয় আৰু কোনো ধৰণৰ ইংগিত নিদিয়ে। তাই একো বুজি পোৱা নাছিল। তেতিয়াই বেদান্তই ফোন কৰিলে আৰু দুয়োয়ে এই বিষয়ে কথা আলোচনা কৰিলে। বেদান্তই এটা উপায় উলিয়ালে। সি ৰিংকুক কোৱাত ৰিংকুয়ে কলে,"নাই বেদান্ত , যদি তাই খং কৰে?"

বেদান্ত: তাই খং নকৰে দাদা। অন্তত এবাৰ চেষ্টা কৰি চাব পাৰো। তোমাক মোৰ শপত তুমি এইটো কৰিবই লাগিব। প্লিজ মোৰ বাবে কৰা দাদা। তাৰ পাছত অন্তিম সিদ্ধান্ত তাইৰ হব।


পিছদিনা অফিচত এইটো খবৰ বিয়পি পৰিল যে ৰিংকু চাৰে তৃষ্ণাৰ জন্মদিনৰ পাৰ্টি দিছে। পূজাই তো আগৰ পৰাই তৃষ্ণাৰ বাবে জ্বলি পুৰি মৰিছিল। তৃষ্ণা অহাৰ আগতে পূজাৰ ডিজাইন বোৰ সদায় ওপৰত আছিল । কিন্তু এতিয়া সকলোৱে তৃষ্ণাৰ ডিজাইনবোৰ আগত ৰাখিব বিচাৰে। তাই সুযোগ বুজি সকলো অফিচৰ কৰ্মচাৰীক তৃষ্ণাৰ বিষয়ে সমালোচনা কৰিব ধৰিলে আৰু এই জন্মদিনৰ পাৰ্টিৰ কথাটোয়ে বেছি সহায় কৰিলে।

চাৰিওফালে এই বিষয়ে আলোচনা হৈ আছিল। সকলোৱে তৃষ্ণাৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠালে। এইবোৰ কথা যেতিয়া তৃষ্ণাৰ কাণত পৰিল পুনৰ তাইৰ সেই খং উঠিল। তাই সকলো সহ্য কৰিব পাৰে কিন্তু যদি কোনোবাই তাইৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাই তেন্তে তাই এইটো একেবাৰে সহ্য কৰিব নোৱাৰে। তাই খঙত ৰিংকুৰ কেবিনলৈ আহিল।

ৰিয়া: মই আপোনাক আগতেই কৈ দিছিলোঁ যে মোৰ পৰা আঁতৰি থাকিব তেন্তে এইবোৰ কি হয়?Assamese Storyboard )

ৰিংকু সেই সময়ত অফিচৰ কামৰ বাবে অলপ চিন্তাত আছিল,"কিয় কি হল যে তুমি ইমান খঙত আছা?"

ৰিয়া: তেন্তে আপুনি একো গমেই নাপায়? প্ৰথমে আপুনি মোৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠালে আৰু এতিয়া আপোনাৰ বাবে গোটেই অফিচৰ মানুহে মোক চৰিত্ৰহীন বুলি কৈছে।


ৰিংকু: তুমি কিয় তেওঁলোকৰ কথা শুনিছা? আৰু শুনা আজি ৰুদ্ৰ উভতি আহিব গতিকে সি অহাৰ আগতেই মই এই সকলো কাম কৰি সম্পূৰ্ণ কৰিব লাগিব আৰু সেইবাবে মোৰ ঘৰলৈ যোৱা অলপ দেৰি হব। সকলো যোৱাৰ পাছত তুমি মোৰ কেবিনলৈ গুচি আহিবা। মই মোৰ কাম সম্পূৰ্ণ কৰিহে ঘৰলৈ যাম। আৰু অকলে একেবাৰেই নাযাবা।" আৰু সি নিজৰ কামত ব্যস্ত হল।

ৰিয়াই খঙত কেবিনৰ পৰা বাহিৰলৈ ওলাই আহিলে। বাহিৰত সকলো কৰ্মচাৰীয়ে তাইক এক অজিব চাৱনিৰে চাই আছিল। তাইৰ বহুত খং উঠিল। তাইৰ নিজৰ কেবিনৰ পৰা বেগ তো লৈ ওলাই গুচি গল।

তেতিয়া হঠাৎ ৰিংকুৰ মনলৈ আহিল,"ৰিয়াতো খঙত ওলাই গৈছে। কেনেবাকৈ খঙৰ কোবত বাহিৰলৈ ওলাই নাযায় তো?" সন্মুখলৈ চাওঁতে ৰিয়া নিজৰ চকীত বহি থকা নাছিল। সি শীঘ্ৰেই বাহিৰলৈ আহিল। ওলাই আহি গম পালে যে ৰিয়া বাহিৰলৈ ওলাই গৈছে আৰু সিও তাইৰ পিছে পিছে গল।


ইফালে ৰিয়া খঙেৰে ওলাই গৈ আছিল। ৰিংকুয়ে তাইক দেখা পাই তাইৰ পিছে পিছে "ৰিয়া,ৰিয়া" বুলি চিঞৰি আছিল। সি তাইৰ ওচৰলৈ গৈ তাইক নিজৰ ওচৰলৈ টানি নিলে। সি আৰু এক চেকেণ্ড সময় দেৰি কৰা হলে সন্মুখৰ পৰা আহি থকা কাৰ খনে তাইক খুন্দিয়াই দিলে হয়। ৰিয়াই ও ভয়তে তাক সাৱটি ধৰিলে। ৰিংকুয়ে তাইক জোৰেৰে সাৱটি ধৰি কলে,"কি কৰিবলৈ গৈ আছিলা? এতিয়া আৰু অলপ সময় দেৰি হোৱা হলে... নিজৰ বাবে নহলেও অন্তত মোৰ আৰু ৰোহিৰ বিষয়ে এবাৰ ভাবি চাব লাগিছিল। তোমাৰ কিবা হৈ যোৱা হলে মোৰ কি হল হয়? ৰিয়া তুমি ইমান অসাৱধান কেনেকৈ হব পাৰিলা?" সি ৰিয়াক লাহেকৈ ধৰিলে আৰু তাই অচেতন হৈ তাৰ দুবাহুত পৰি গল।

ৰিংকুয়ে তাইক কোলাত দাঙি অফিচৰ ভিতৰলৈ আনিলে আৰু নিজৰ কেবিনৰ ফালে গল। মিঠু আহিও তাত উপস্থিত হল। ৰিংকুয়ে কলে,"আপুনি সোনকালে ডাক্তৰক ফোন কৰি দিয়ক , ৰিয়া হঠাৎ অচেতন হৈ পৰিল।"

মিঠুয়ে ডাক্তৰক ফোন কৰিলে। ইফালে ৰিংকুয়ে নিজৰ কেবিনত ৰিয়াক শুৱাই দিলে আৰু তাইৰ হাত দুখন মোহাৰিব ধৰিলে," ৰিয়া প্লিজ উঠা, এনেকুৱা নকৰিবা প্লিজ চোৱা মোৰ জীৱ ওলাই গৈছে। প্লিজ ৰিয়া চকু মেলি দিয়া।"

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages