"বিনিদ্ৰ ৰজনীত অসীমাৰ হেৰুৱা সুবাস
কলংকৃতা অধ্যয়ন কৰিব খোজা এটা মন
বিচাৰিছে প্ৰেমৰ সুবাস
হ'ব খোজে ফাগুণী প্ৰবাহ
নোৱাৰে সি অপৰাগীতাৰ অন্ধকাৰত সোমাই
হেৰুৱাই পেলাইছে নিজৰ হিতাহিত জ্ঞান
বিবেকক বিসৰ্জন দি মায়াক কাষলৈ মাতিছে
আনক দেখুৱাই অভিনয় কৰিছে
ভিতৰি জ্বলিছে এখন হৃদয়
লাহে লাহে শেষ হৈ আহিছে এটি কোমল দেহৰ
'দৈহিক আৱৰণ'।"
ফোনটো ৰাখি ৰক্তিম ভিতৰলৈ সোমাই আহিল। ৰুমত সোমাওঁতে মানসীয়ে কাৰ লগত কথা পাতি আছিলা বুলি সোধা প্ৰশ্নটোত সি কিংকৰ্তব্যবিমুখ হৈ পৰিছিল( Assamese Storyboard )। বাধ্য হৈ পৰিছিল সি মানসীক মিছা ক'বলৈ। অফিচৰ কথা এটা আছিল ভিতৰত পাতিলে নেট ভালকৈ নাপায় বাবে বাহিৰতে পাতি আহিলোঁ বুলি কোৱা কথাষাৰ সি মানসীৰ চকুত চকু থৈ ক'ব পৰা নাছিল। কিবা এটা অপৰাগবোধে তাক বেঢ়ি ধৰিছিল। কিছু নিৰৱতাৰ কিছু নিৰ্জনতাৰ প্ৰয়োজন এতিয়া ৰক্তিমক। নিজক বুজিবলৈ। তাৰ আৰু মানসীৰ সম্পৰ্কটোৰ কথা আকৌ এবাৰ ভাবিবলৈ। একাকীত্ব হ'ব লাগিব যেন এতিয়া সি নিজৰ লগত নিজৰ মনটোৰ লগত। নিৰৱধিতাত নিৰৱধি পৌনঃপৌনিক ভাৱে অশ্ৰুৰ নয়নেৰে বিস্ময়াদ্বিত এক পলকৰ চাৱনিটো আগুৰা এক নিঃশেষ হ'বলৈ ধৰা সম্বন্ধৰ ভৱিষ্যত দেখাৰ দুৰ্ভাগ্য। ই পৰিণত হ'ব খোজে ধাৰাবাহিকতাত। প্ৰাণে প্ৰণে চেষ্টা কৰিছে সি ইয়াক জয় কৰিবলৈ কিন্তু সফলতা এতিয়াও বহু দূৰত। হাতেৰে ঢুকি পোৱা অৱস্থাত নাই হয়তো কেতিয়াবা যে পাব তাৰো এক অনিশ্চিত ভৱিষ্যত।
"মানসী!"
"কোৱা!"
"বেয়া নোপোৱা যদি মোক অলপ অকলে থাকিবলৈ দিবা নেকি?"
তাৰ কথাটো শুনি মানসীৰ অলপ বেয়া লাগিল। তাই ভাবিলে যে মানুহে কিবা কথাত অশান্তি অনুভৱ কৰিলে বা বেছি নিসংগ অনুভৱ কৰিলেও অকলশৰীয়াকৈ থাকিব বিচাৰে। কিন্তু এতিয়াটো ৰক্তিমৰ একো অশান্তি নাই তেন্তে.....! তেন্তে সি কি অধিক নিসংগ হৈ পৰিছে নেকি? কিন্তু মই থাকোঁতে সি কিয় নিসংগ অনুভৱ কৰিছে। মোৰ মৰমত কিবা অভাৱ আছে নেকি?? নে মই তেওঁক সুখত ৰাখিব পৰা নাই?? নে মই তেওঁৰ প্ৰকৃত অৰ্ধাংগিনী হ'বই পৰা নাই??
কথাটো ভাবিয়েই তাইৰ গাটো জোকাৰ খাই গ'ল। মনটো ভৰি পৰিল বিষাদেৰে। তথাপিও নিজকে সংযত কৰি তাই কোঠাটোৰ পৰা ওলাই আহিল।
এতিয়া যেন তাইকো প্ৰয়োজন কিছু নিসংগতাৰ। তায়ো এতিয়া নিজৰ লগত কথা পাতিব বিচাৰে। নিজকে সময় দিব বিচাৰে। সকলোবোৰৰ পৰা আঁতৰি অলপ সময় পাৰ কৰিব বিচাৰে নিজৰ সৈতে। অস্থিৰতাৰে দৈনন্দিন বিভিন্ন সাংসাৰিক সমস্যাৰে ভৰপূৰ মনটোক কিছু সময়ৰ জিৰণি দি যেন সুধিব বিচাৰে"কি বিচৰা তুমি?"
তাই সুধিব মনটোক।
মনটোৱে বিচাৰিব তাইক।কিন্তু তাই জানো আনি দিব পাৰিব?
নহয়নে বাৰু তাই এইক্ষেত্ৰত অপৰাগ??
তাই যোৱাৰ পিছতে ৰক্তিমে দুৱাৰখন জপাই দিলে। ভিতৰৰ লাইটটোও অফ কৰি দিলে। বহি পৰিল সি বিছনাখনৰ এটা মূৰত। এতিয়াই চিঞৰি উঠিব সি। গগনফলা শব্দৰে সি সুধিব কিয় কৰিলা মোৰ লিত এনেকুৱা ভগৱান? মোৰ কি ভুল আছিল? মোৰ মানসীৰ কি ভুল আছিল?
সপোনবোৰ বৰ ঠুনুকা।অলপতে ঠানঠানকৈ ভাঙি টুকুৰা টুকুৰ হৈ পৰে। ছন্ন বিচ্ছন্ন হৈ পৰে।
লাহেকৈ উঠি সি আলমাৰিটো খুলিলে। এটা ফাইল উলিয়াই আনিলে। ফাইলটো শুকুলা।
ফাইলটো উলিয়াই আকৌ সি আলমাৰিটো জপাই দিয়ে।
লাহে লাহে সি ফাইলটোৰ ৰছীডাল খুলি দিয়ে। ইমান সাৱধানেৰে খুলিছে সি যেন তাৰ ভাগ্য পৰীক্ষাহে কৰিছে। মনতে প্ৰাৰ্থনা কৰিছে যিবোৰ ইয়াত লিখা আছিল সেইবোৰ যেন এটা দুঃস্বপ্নৰ দৰে নোহোৱা হৈ পৰে। আকৌ সপোনৰ বালিঘৰটো যাতে সি নতুন উদ্যমেৰে সাজিব পাৰে।
শেষ অংশ।
ৰছীডালৰ শেষ গাঁঠিটোৰ শেষ অংশটোও খুলি পৰিল। ওলাই পৰিল বগা ৰঙী কেইখিলামান কাগজ। তাত লিখা আছে ক'লা বুলীয়া চিয়াঁহীৰ সুন্দৰ আখৰ।
কিন্তু আখৰ সুন্দৰ হ'লেই জানো তাৰ অৰ্থও সুন্দৰ হয়।
নহয় কাৰণ এনে হোৱা হ'লে মানুহ মৰাৰ সময়ত মানুহে কন্দাৰ পৰিৱৰ্তে এখনি ধুনীয়া শুভ্ৰ বগা কাগজত সুন্দৰ সুন্দৰ আখৰেৰে লিখিলে হেঁতেন -- "এওঁ পৃথিৱীৰ পৰা চিৰবিদায় ল'লে। আজিৰ পৰা এওঁ অজান দেশৰ অজান নাগৰিক। এওঁৰ কোনো অস্তিত্ব নাই এতিয়া এই সংসাৰত।"
কাগজকেইখিলা সি হাতত লৈ ফাইলৰ ক'ভাৰটো বিছনাত থ'লে। আকৌ এবাৰ ভালকৈ সি কাগজ খিনি পঢ়ি চালে। কিজানিবা কিবা পৰিবৰ্তন হয়েই। হয়তো ভুলবশতঃ অন্য মানুহৰ কাগজো হ'ব পাৰে? এইবাৰ তাৰ কাগজকেইখিলা চোৱাৰ ৫১ বাৰ হৈছে। তথাপিও তাৰ মনে কথাটো মানি ল'বলৈ যেন অস্বীকাৰ কৰিছে।
প্ৰথম কাগজখনত আগত লিখা আছিল তাৰ নাম, বয়স, আৰু বিভিন্ন তথ্য। মাজত লিখা আছিল হস্পিতালৰ নাম, টেষ্টৰ নাম, বিল আদি।সেইখন ইমান গুৰুত্বপূৰ্ণ নহয়। কিন্তু এতিয়াহে তাৰ হাতলৈ আহিল আচল অন্তিম তথা দ্বিতীয় খন কাগজ।
তাত ইংৰাজীত স্পষ্টকৈ লিখা আছিল যে ৰক্তিম বিকাশ হাজৰিকা বৰ্তমান এজন ব্লাড কেন্সাৰ ৰোগী আৰু এইটো তেওঁৰ লাষ্ট ষ্টেজ। অতি বেছি তেওঁ আৰু এমাহ বা দুমাহ জীয়াই থাকিব তাতকৈ বেছি নহয়। ( Assamese Storyboard )
কাগজখন দেখি তাৰ মনটোৱে আকৌ কান্দি উঠিল। বিশ্বাসৰ যোগ্যই নহওক এই কাগজখন। নিজৰ মৃত্যুক সি নিজ হাতেৰে চাই আছিল ধৰি আছিল আৰু কৰি আছিল অনুভৱ। বহুতৰে বাবে ই এটা প্ৰত্যাহ্বানতকৈ কম নহয়।
কিন্তু তাৰ এই বিষণ্ণ মন চকুপানী সকলোবোৰ নিজৰ বাবে নহয় কেৱল আৰু কেৱল মাত্ৰ মানসীৰ বাবে। কাৰণ সি জানে সকলোৱে এটা সময়ত সহ্য কৰিব পাৰিলেও মানসীয়ে আজীৱন হ'লেও নোৱাৰিব পাৰে। তাৰ অবিহনে তাইৰ কি হ'ব?? সি বহুত ভালদৰে জানে যে তাৰ অবিহনে তাই অন্য কাৰোৰে কথা ভাবিবই নোৱাৰে তেনেস্থলত তাইৰ দ্বিতীয় বিবাহটো সপোনৰ দৰেই।
অবাস্তৱ!
তথাপিও সি টো কিবা এটা কৰিবই লাগিব তাইৰ বাবে। তাইৰ ভৱিষ্যতৰ বাবে। সকলো অভাৱ পূৰণ হ'ব তাইৰ জীৱনত কিন্তু তাৰ অভাৱ পূৰণ হ'বনে কেতিয়াবা? সিও মৰিব নিবিচাৰে।
জীয়াই থাকিব বিচাৰে সি নিজৰ বাবে নহ'লেও অন্ততঃ তাইৰ বাবে। তাইৰ মনটোৰ বাবে তাইৰ প্ৰেমৰ বাবেই সি সুস্থ হ'ব বিচাৰে আগৰ দৰে হ'ব বিচাৰে।
কিন্তু এতিয়া বোলে এইবোৰ তাৰ বাবে অসম্ভৱ!!
নোৱাৰে আৰু সি সুস্থ হ'ব কেতিয়াও। যিমানেই চেষ্টা নকৰক কিয়! তথাপিও সি মানসীক এইবোৰ কথা ক'ব নোৱাৰে। কাৰণ তাইৰ বাবে জীয়াই থাকিবলৈ বহুত কষ্টকৰ হৈ পৰিব এইবোৰ জনাৰ পিছত। কেতিয়াও তাই সহ্য কৰিব নোৱাৰে।
ইফালে মিনাক্ষী হাজৰিকা শোৱাৰ পৰা উঠি আহিছে। কিন্তু আহিয়েই বোৱাৰীয়েকক ডাইনিঙত আমনজিমনকৈ মন মাৰি বহি থকা দেখি তেওঁৰ ভয় লাগিল কিজানি বাপেকে মাটিখিনি নিদিওঁ বুলিয়েই ক'লে। কি হ'ব বাৰু এতিয়া? কেনেকৈ বাৰু এতিয়া গুৱাহাটী হেন চহৰত তেওঁলোকে মাটি পাব। কথাটো ভাবিয়েই তেওঁৰ মূৰটোৱে কাম নকৰা হ'ল। লাহেকৈ তেওঁ বোৱাৰী য়েকৰ কাষ চাপিল।
: মানসী...
: অ' মা কওঁক!
: কেতিয়া আহিলা?।আৰু ইয়াত এনেকৈ বহি আছা যে ই ক'ত গ'ল?
: অলপ সময় হ'ল মা আপুনি শুই থকাৰ বাবে মাত দিয়া নাছিলোঁ। এওঁ ৰুমতে কাম কৰি আছে মইনো আৰু কি কৰিম বুলি পাকঘৰলৈয়ে আহিলোঁ।
: অ'।
: আপুনি ভাত খালে নহয়!
: খালোঁ দিয়া।
: ৰ'ব। মই চাহ দুকাপ বনাই আনোগৈ।
: নালাগে পিছত কৰিবা। শুনাচোন।
: কওঁক মা?
: মাটিখিনিৰ কথা পাতিলানে?
: উমম্ মা পাতিলোঁ। আচলতে মা সেই মাটিখিনি মোৰ নামতেই আছে মইহে গম নাপাওঁ। সেইবাবে চিন্তা নাই দিয়ক। মই ৰক্তিমক কাগজ বনাবলৈ দিছোঁ হ'লেই মই চহী কৰি দিম।
: অ' অ' ঠিক আছে। ঠিক আছে।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment