ৰিংকুয়ে মিচিকিয়াই কলে,"মই ইয়াত একো কৰিব নোৱাৰো। মোক বেদান্তই তোমাৰ লগত অফিচ যাবলৈ কৈছে। মাত্ৰ তাৰ কথা মানিছোঁ মই( Assamese Storyboard )। সি মোৰ সৰু ভাই হয়। তাৰ কথা কেনেকৈ অমান্য কৰিম মই?"
তেতিয়া ৰিয়াই বিৰক্ত হৈ কলে," বেদান্তইও যে কি বিপদ মোৰ ডিঙিত বান্ধি থৈ গল?" তাইক এনেদৰে ভোৰভোৰাই থকা দেখি ৰোহিয়ে হাঁহি দিলে আৰু তাই ৰোহিক খং কৰি কলে," এতিয়া তুমি কিয় হাঁহিছা? তোমাকো বেদান্ত মামাই মোৰ ওপৰত হাঁহিবলৈ কৈছে নেকি?"
তেতিয়া ৰিংকুয়ে নিজৰ হাঁহি ৰখাই কলে," চোৱা তুমি যিমান গালি দিব আছে মোক দিয়া কিন্তু মোৰ পৰিজনীক গালি নিদিবা।" আৰু তাইক জোকাই ৰোহিক মৰম কৰিব ধৰিলে," মোৰ পৰি, মোৰ মাজনী" । ৰোহিয়েও মিচিকিয়াই তাক সাৱটি ধৰিলে। ৰিয়াই খঙত গাড়ীৰ পিছৰ চিতত আহি বহিলে আৰু চিঞৰিলে," এতিয়া সোনকালে ব'লা। ৰোহিৰ স্কুলৰ বাবে দেৰি হৈছে।"
ৰিংকু আৰু ৰোহিয়ে হাঁহি হাঁহি গাড়ীলৈ আহিল। ৰিংকুয়ে ৰিয়াক পিছফালে বহি থকা দেখি একো নকলে , মাত্ৰ মিচিকিয়াই তাই বহি থকা দৰ্জা খন খুলিব লওঁতেই ৰিয়াই কলে," নহয় নহয়, যদি আপুনি মই এইখন গাড়ীত বহি যোৱাটো বিচাৰে তেন্তে মই এইটো চিততেই বহিম আগত নবহো। আৰু আপুনি মোৰ লগত জোৰ কৰিব নোৱাৰে।"
কিছু সময় পাছত ৰিংকুয়ে ৰোহিক স্কুলত থৈ অফিচলৈ গল ৰিয়াৰ লগত। দুয়োকে একেলগে অফিচলৈ অহা দেখি পুনৰ সকলোৱে আলোচনা কৰিব ধৰিলে। ৰিয়া মনে মনে নিজৰ কেবিনলৈ গুচি গল। ৰিংকুয়েও নিজৰ কেবিনলৈ আহি গাড়ীৰ কথাবোৰ ভাবি মিচিকিয়াব ধৰিলে," ধন্যবাদ বেদান্ত, এইটো সুযোগতে অন্তত ৰিয়াই মোৰ লগত এষাৰ কথা পাতিলে।" তাৰ পাছত সি সন্মুখৰ দুৱাৰৰ পৰা পৰ্দাখন আঁতৰাই দিলে। সেই দুৱাৰখন আইনাৰ আছিল যত ইটো পাৰে ৰিয়াক বহি থকা দেখা পোৱা গৈছিল। ৰিয়াই মনে মনে নিজৰ কামবোৰ কৰি আছিল। হঠাৎ তাই সন্মুখলৈ চোৱাত ৰিংকুক এনেদৰে দুৱাৰৰ পৰা চাই থকা দেখা পালে। ৰিংকু উচপ খাই উঠিল। ৰিয়াই চকু তল কৰি নিজৰ কাম কৰিলে।ৰিংকুয়েও নিজৰ চকীত আহি বহি ললে। দুপৰীয়া লাঞ্চৰ সময়ত তাই পিয়ন জনক কেণ্টিনৰ পৰা কিবা খোৱা বস্তু আনি থকা দেখি সুধি পেলালে," এইয়া কাৰ বাবে লৈ গৈছে?"( Assamese Storyboard )
পিয়ন: ৰিংকু ছাৰে লৈ যাব দিছে।
তৃষ্ণা এইবাৰ আচৰিত হল,"ৰিংকু দায়ে তো বাহিৰৰ আহাৰ খাব নোৱাৰে তেন্তে এইবোৰ কিয়?" তাৰ পাছত তাই সুধিলে,"কিয় তেওঁ আজি ঘৰৰ পৰা খাবলৈ নাই অনা নেকি?"
পিয়ন: নাজানো তৃষ্ণা, তেওঁ লৈ যাবলৈ কোৱাৰ বাবেহে আনিছোঁ।
ৰিয়াই চিন্তিত হৈ কলে," খুড়া আপুনি এইটো মোৰ টেবুলত থৈ দিয়ক আৰু মোৰ টিফিনটো তেওঁক দি দিয়ক গৈ যাওক। তেওঁ এইবোৰ খাব নোৱাৰে।" এনেদৰে কৈ নিজৰ টিফিনটো ৰিংকুৰ বাবে পিয়নৰ হাতত দি পঠিয়ালে।
পিয়নে টিফিন বক্সটো ৰিংকুক দিলে আৰু কলে,"ছাৰ এইটো তৃষ্ণাই দি পঠাইছে আৰু কৈছে যে বাহিৰৰ আহাৰ আপুনি হজম কৰিব নোৱাৰে।" এনেদৰে কৈ পিয়ন তাৰ পৰা গুচি গল।
ৰিংকুয়ে মিচিকীয়াই খিৰিকীৰে চাওঁতে ৰিয়াই সেইফালে চাই থকাই দেখা পালে। ৰিংকুৰ চকুত চকু পৰোঁতেই তাই ইফালে সিফালে চাব ধৰিলে। ৰিংকুয়েও মিচিকিয়াই খাবলৈ ধৰিলে।
সন্ধিয়া অফিচৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত তাই গাড়ীৰ আগৰ ছিটত একো নোকোৱাকৈয়ে বহি আছিল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Bhut vl lgise next part waiting
ReplyDelete