উৰুঙাৰ বেলিকাত উমি উমি জ্বলি আছে এগছি চাকি। নুমাওঁ নুমাওঁ হৈছে। হয়তো ক্ষণবেলিকাৰ অধিক পল ব্যৱহাৰ নকৰে( Assamese Storyboard )। কিয়?? হয়তো ভয় কিজানিবা সময়বোৰে পিছত প্ৰশ্ন কৰে! প্ৰশ্ন কৰিওনো কি পাব কি হেৰুৱাব?
যি হ'বলগীয়া আছিল সেয়া হ'লেই। নিয়তিৰ বিধান পালন হ'ল। এতিয়া উপায়হীন সকলো।
প্ৰশ্ন কৰিলেও উপায় নাই। চাকিগছিয়েই সাজু হ'ব লাগিব।
: বৰদেউতা এওঁ ৰক্তিম। মোৰ স্বামী।
ৰক্তিম আৰু ৰূপাংকৃতাৰ বাপেকে হাঁহি মাৰে।
: আপোনালোকৰ বিয়া হোৱাৰ কিমান বছৰ হ'ল?
হঠাতে ৰক্তিমে ৰূপাংকৃতাৰ বাপেকক প্ৰশ্ন কৰে।
তেঁৱো হাঁহি হাঁহি উত্তৰ দিয়ে -- "সাতাইছ বছৰ হৈ গ'ল কিয় সুধিলা?"
"এনেই।"
এনেতে ৰূপাংকৃতাৰ মাক আহি সকলোকে চাহ দিয়ে।
: আমি ইয়াত চাহ খাবলৈ অহা নাই।
হঠাতে সলনি হোৱা ৰক্তিমৰ সুৰ শুনি সকলো আচৰিত হ'ল।
মানসীয়ে তাৰ হাতখনত ভালদৰে ধৰি লয়। কিন্তু সি হাতখন গুচাই কয় -- "আমি এটা ডাঙৰ কথা পাতিবলৈহে আহিছোঁ,, গতিকে এইবোৰ লৈ যাওঁক।"
তাৰ কথা শুনি সকলোৱে তবধ মানিছে। ৰূপাংকৃতাৰ মাক দেউতাকে এজনে আনজনলৈ চোৱা চুই কৰিছে।কাৰণ ইয়াৰ আগতে কেতিয়াও তেওঁলোকে ৰক্তিমক দেখা পোৱা নাই গতিকে তেওঁলোকৰ লগত তাৰ কি কথা থাকিব পাৰে বাৰু!
: কি কথা আছে ৰক্তিম?
: মই কথাবোৰ পাক লগাই ক'ব নাজানো যি কওঁ খোলাখোলিকৈ কওঁ। পেটত এটা মুখত এটা স্বভাৱৰ ল'ৰা মই নহয়।
: তুমি কি কৈ আছা আমি ঠিক বুজা নাই ভালকৈ কোৱাচোন কি কৈছা।
: আপোনালোকৰ সাতাইছ বছৰৰ আগৰ কথাবোৰ মনত আছেনে? নিশ্চয় নাই। কিন্তু আপোনালোকে চিন্তা নকৰিব মই আছোঁ নহয় মই মনত পেলাই দিম।
এটা অভিশপ্ত সন্তান। এটা অবৈধ সন্তান। সাতাইছ বছৰৰ আগতে জন্ম লোৱা আপোনালোকৰ সেই সন্তানটোৰ কথা মনত আছেনে?
নিজৰ কাণেৰে নিজৰ ভুলবোৰ শুনি বীৰবিজয় আৰু ৰেখামণি দুয়ো অবাক হ'ল। কঠিন হ'লেও কথাবোৰ সচাঁ। অপ্ৰিয় হ'লে বাস্তৱত এইবোৰ সত্য। যিটো সত্য জন্মৰ বাবে তেওঁলোকে সাতাইছ বছৰৰ আগতে কৰিছিল এটা ভুল। কিন্তু সময় নদীৰ সোঁতে সকলো পৰিস্থিতিৰ কথা ঘটনা পৰিঘটনা উটুৱাই নিয়াৰ দৰে উটুৱাই নিছিল তেওঁলোকৰ জীৱনৰ পৰা এই অভিশপ্ত অধ্যায়টোক। মুচি পেলাইছিল এটি ভুলক।
: কিন্তু তুমি এইবোৰ.....
: হয় কাৰণ সেই সন্তানটোৱেই মই।.................
.....................................
কি হ'ল বিশ্বাস হোৱা নাই। মোৰো হোৱা নাছিল। কেনেকৈ এজনী মাকে এনেকুৱা কৰিব পাৰে? কেনেকৈ নিজৰ সন্তানক দলিয়াই পেলাব পাৰে? কেনেকৈ ইমান স্বাৰ্থপৰ হ'ব পাৰে? মোক জাৱৰলৈ দলিয়াই পেলাওঁতে এবাৰো আপোনাৰ হাতখন কঁপা নাছিল নে?
ৰূপাংকৃতাৰ মাকে কান্দিবলৈ ধৰিলে। শেষ নাই এই কান্দোনৰ। কাৰণ নাই। ধৰিব নোৱাৰি সুখৰ নে দুখৰ এই কান্দোন? পুত্ৰপ্ৰাপ্তিৰ সুখ নে পুত্ৰপ্ৰাপ্তিৰ দুখ? তেওঁৰ চকুলোৰ অৰ্থ কি?
: "ক্ষমা কৰিবা" এইবুলিও ক'ব নোৱাৰোঁ মই। কাৰণ মই জানো মই কলংক মাকৰ নামত। নাৰীৰ নামত। মানুহৰ নামত। সকলোৰে নামত।
: ঠিকেই কৈছে। আৰু আপোনাৰ লগতে আপোনাৰ সমানেই কলংক আপোনাৰ স্বামীও।
: ৰক্তিম......…...
: মোক নলাত পেলাই খুব সুখৰ সংসাৰ কৰি আছিল নহয় এতিয়া চাই থাকক মই কেনেকৈ আপোনালোকৰ সকলো সুখ উলিয়াই আছোঁ।
ব'লা মানসী।
কথাখিনি কৈ সি মানসীক হাতত ধৰি লৈ গ'ল। পিছে পিছে বিশালো গ'ল।( Assamese Storyboard )
ৰূপাংকৃতাৰ মাক ঠাইতে কান্দি কান্দি বহি পৰিল।
"মই জানিছিলোঁয়েই এদিন এনেকুৱা হ'ব বুলি। সেয়ে মই তেতিয়া সন্তানটোক পেলাই দিবলৈ আপত্তি কৰিছিলোঁ। কিন্তু আপোনালোকে মোৰ কথা নুশুনিলে। এতিয়া সি আমাক ঘৃণা কৰে। নাজানো কি কৰিব সি আমাৰ লগত। মোৰ যি হয় হ'ব মাইনাৰ একো নহ'লেই হ'ল। তাইৰ বিয়াখন হ'বলৈ আছেই। এতিয়া এইবোৰ কথা দিপজ্যোতিৰ মাক বাপেকে গম পালে কি হ'ব?"
"তুমি ইমান চিন্তা নকৰিবাচোন।মানিছোঁ আমি ভুল কৰিছিলোঁ কিন্তু আমি বাধ্য আছিলোঁ তেনে কৰিবলৈ। এতিয়াটো আৰু সেইবোৰ সলনি কৰিব নোৱাৰোঁ। আমাৰ ভাগ্যত যি আছে সেয়ে হ'ব আৰু দিয়া। মাইনাৰ বাবে ইমান চিন্তা কৰি নাথাকিবা। তাই শিক্ষিতা ছোৱালী। আমি নাথাকিলেও পাৰিব দিয়া তাই চলিব।"
: মা।
পিছফালৰ পৰা ৰূপাংকৃতাই আহি মাত দিলে। ধুমাধুম মুখখন মুচি ল'লে ৰূপাংকৃতাৰ মাকে।
: আহিলা।
: উমম্। মানসীহঁত গ'ল নেকি?
: উমম্ অলপ সময় আগতেহে গৈছে। তোমালৈ বহুত সময় ৰখি আছিল। কিন্তু ৰক্তিমৰ ফোন এটা অহাত কিবা এটা কাম ওলোৱাত লৰালৰিকৈ যাব লগা হ'ল।
: অ' কিন্তু ৰক্তিম কোন?
: মানসীৰ গিৰিয়েক।
: আচ্ছা... ঠিক আছে দিয়া মই মুখখন ধুই আহো।
*********
: ৰক্তিম....... ৰক্তিম..... শুনাচোন।
ৰক্তিমে একেবাৰেই গৈ বিশালৰ ঘৰত থোৱা তাৰ গাড়ীৰ ওচৰ পালেগৈ। আৰু তেতিয়াহে মানসীক এৰি দিলে।
: কোৱা কি হ'ল?
: তুমি কি কৰিব ওলাইছা এইবোৰ? বাদ দিয়া না প্লিজ্। আৰু অশান্তি নালাগে।
: সিহঁতক শাস্তি দিয়াটো অশান্তি..??
: নহয় আৰু কি?
সি গৈ একেবাৰে গাড়ীৰ বহিলগৈ। নক'লেও ধৰিব পাৰি তাৰ মানসীৰ ওপৰত যে খং উঠিছে।
"বিশাল দা আহিছোঁ দিয়া।"
"যোৱা। মোৰ নম্বৰটো ৰক্তিমৰ পৰা লৈ ফোন এটা কৰিবা। ভালকৈ কথা পাতিম।"
"ঠিক আছে।"
মানসী গৈ গাড়ীত উঠিলগৈ। বিশালক এষাৰো নমতাকৈয়ে ৰক্তিমে গাড়ীখন আগুৱাই নিলে।
গাড়ীখন বহুত স্পীডেৰে নি প্ৰায় দুঘন্টাৰ বাট এঘন্টাতে অতিক্ৰম কৰি মানসীৰ ঘৰত ৰখালেগৈ।
গাড়ীৰ পৰা নামি দুয়োটা ভিতৰলৈ গ'ল।
"আহিলি।"
"উমম্।"
"কি হ'ল মনটো মাৰি আছ' যে?"
"সেইবোৰ বহুত কথা মা পিছত ফোনত মই তোমাক ভালদৰে ক'ম।"
"ঠিক আছে বাৰু। ৰূপাংকৃতাৰ মাকে ফোন কৰিছিল সিহঁতৰ ঘৰলৈ..."
"মানে মা... সেইটোৱেই টো কাৰণ মই ক'ম নহয় তোমাক। দেউতা আৰু দাদা নাই নেকি?"
"আছে। দিপজ্যোতি দোকানলৈ গৈছে আহিব ৰহ।"
"মা মই এটা বিশেষ কথা পাতিবলৈহে আহিছোঁ।"
"কি কথা?"
"একেলগে ক'ম। ব'লা পৰ্টিকলৈ ৰক্তিমো তাতেই আছে নহয়।"
"ব'ল।"
অলপ পিছতে দিপজ্যোতিও আহি পায়। মাকে চাহ বনাবলৈ যায় যদিও তাই বাধা দিন নালাগে বুলি কয়। আৰু সকলোকে উদ্দেশ্যি তাই ক'বলৈ ধৰে।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment