এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৫১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 27, 2021

এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৫১ ) : Assamese Storyboard

Assamese Storyboard

 

  চাহ পানীৰ খাই উঠি ৰক্তিমে বিশালক ক'লে - "মই ইয়ালৈ এটা বিশেষ কাৰণত আহিছোঁ বিশাল।"

: কি ক'চোন!( Assamese Storyboard )

: মানে মই বীৰবিজয় বৰুৱাৰ ঘৰলৈ আহিছোঁ।

: কি?

: অ'।

: কিন্তু কিয়?

 ৰক্তিমে সকলোবোৰ কথা বিশালৰ আগত কয়। 

: ৰক্তিম,, এতিয়া এইবোৰ কৰি কি হ'ব ক'চোন। মোৰ বোধেৰে তহঁতৰ মাক কথাবোৰ তই খোলাকৈ কৈ দে‌। যে তই বৌক ভাল পাৱ' আৰু বৌৰ লগতে জীৱনটো পাৰ কৰিব বিচাৰ'। 

: তাৰ পাছত.. দোষীয়েতো মুক্তমনেৰে ঘূৰিয়েই ফুৰিব।

: কাক দোষী কৈছ' তই? সেইবোৰ সকলো পৰিস্থিতিৰ দোষ। 

: বিয়াৰ দৰে এটা সম্বন্ধ নোহোৱাকৈ সন্তান জন্ম দিয়াটো কি পৰিস্থিতিৰ দোষ?

আৰু সেই সন্তানটো যদি তেওঁলোকে পালন কৰিব নোৱাৰে তেন্তে কোনোবা সংস্থাক দি দিয়া হ'লেই হয়। এনেকৈ জাৱৰৰ দ'মলৈ পেলাই দিয়াটোও কি পৰিস্থিতিৰ দোষ?

: উমম্ সকলো পৰিস্থিতি আৰু ভাগ‍্যৰে দোষ। ৰক্তিম যি হয় ভালৰ বাবে হয়। তই এনেকৈ ভাবিব নোৱাৰনে যে তেওঁলোকে যি কৰিলে ভালেই কৰিলে কাৰণ তেওঁলোকে যদি তেনেকুৱা নকৰিলে হয় তেন্তে তই কেতিয়াও ইমান মৰম কৰা মাৰ বাপেৰ এহাল নাপালি হয়।

: সেইবোৰ আবেগৰ কথা। কৰিলে নকৰিলে সেইবোৰ বাদ। মূল কথা এইটোৱেই যে তেওঁলোকে ভুল কৰিছে আৰু এই ভুলৰ শাস্তি মই দিহে এৰিম। তই মোক সহায় কৰিলে কৰ নকৰিলে নাই।


সিহঁতৰ কথাবোৰ শুনি এইবাৰ মানসীয়ে মাত দিলে

"ৰক্তিম কথাবোৰ আকৌ এবাৰ ভাবি চোৱা। তেওঁলোকে সেই সময়ত যি কৰিলে সেয়া তেওঁলোকে বাধ‍্যত পৰি কৰিছিল। এবাৰ তুমি নিজকে তেওঁৰ স্থানত ৰাখি চোৱা।

: তোমালোকে মোক আৰু বুজাবলৈ চেষ্টা নকৰিবা। বিশালৰ বৰদেউতাক বাবে সি এনেকৈ কৈছে কিন্তু তুমি কিয় কৈছা? অ' তোমাৰ হ'বলগীয়া বৌৰ বাপেক মাক বাবে। মোতকৈ তোমাৰ এতিয়া মোৰ লগত অন‍্যায় কৰা মানুহবোৰহে আপোন হ'ল?

: ৰক্তিম,,,, মনে মনে থাকা।

ঠিক আছে তেওঁলোককশাস্তি দিলেই তুমি শান্তি পাবা নহয় ব'লা। কি শাস্তি দিবা কোৱা। জেলত দিবা নে ফাঁচীত?


অলপ সময় ৰক্তিম মনে মনে থাকিল। একো উত্তৰ দিব পৰা নাই সি। উত্তৰবিহীনহৈপৰিছে সি। এটি সাঁথৰ। এটা সত্য আৰু এটা অপৰাধ। যৌৱনৰ আৱেগৰ বশৱৰ্তী হৈ দুটা উন্মাদ মানৱৰ আৱেগ পূৰণৰ সম্বলত সৃষ্টি হোৱা আন এটি মানৱৰ মনৰ অৱস্থা এয়া। তাৰ জীৱনটো ধ্বংস কৰিবলৈ ওলোৱা শাস্তি সি দিব বিচাৰে কিন্তু কেনেকৈ?? 


ইয়াত এখন সুখৰ ঘৰ আছিল। হাঁহি আছিল সুখ আছিল সুবিধা আছিল এখন ভৰা ঘৰ আছিল। সুখবোৰ 

ঠুনুকা যদিও পৰিপূৰ্ণৰে জীপাল হৈ আছিল এই 

ঘৰখনত। 


ইয়াত এখন মৰিশালী আছিল।দুখৰ পাহাৰৰ মাজত কান্দোনমুখী বেলিটি ওলাই আহিছিল। সদায় আত্মাই লগ এৰা পুৰণি কাপোৰযোৰ ইয়াত পুৰি পেলোৱা হৈছিল।দেহৰ চিতাগ্নি জ্বলিছিল।

 তাপ সেই ঠাইকনে নিশ্চিত ৰূপে পাইছিল।


ইয়াত এটা হাঁহি আছিল। 

ইয়াত এষাৰ কান্দোন আছিল।


: মই নাজানো কি শাস্তি দিম। কিন্তু মোৰ লগত কৰা অন‍্যায়ৰ মই প্ৰতিশোধ ল'ব 

বিচাৰোঁ।

: কেনেকৈ একো প্ৰমাণ নোহোৱাকৈ কোনে বিশ্বাস কৰিব এইবোৰ কথা?

: প্ৰমাণ নাই সচাঁ। কিন্তু আমি প্ৰমাণ গোটাইছো জানো?

: বিচাৰিলেই সকলো নাপায় ৰক্তিম।

: চাগৈ। কিন্তু মই একো ভুল

বস্তু বিচৰা নাই। ন‍্যায় বিচাৰিছোঁ।( Assamese Storyboard )

: ৰক্তিম.......

: তঁহত যাবিনে মোৰ লগত?

বিশাল আৰু মানসীয়ে এটাই আনটোৰ মুখলৈ চায়। দুয়োৰে

মুখত এক বিশেষ ভংগীমা।

ভয় নে কি? সিহঁতে কিয় বিচৰা নাই ৰূপাংকৃতাৰ মাক আৰু বাপেকে শাস্তি পোৱাটো?

একো নকৈ ৰক্তিম বাহিৰলৈ ওলাই আহিল। তাৰ পিছতে

বিশাল আৰু মানসীও ওলাই আহিল।

: ব'লা।

তিনিও গৈ ৰূপাংকৃতাৰ ঘৰ পায়গৈ। মানসীক চিনি পায় ৰূপাংকৃতাৰ মাক ওলাই আহে।

: আৰে মানসী।

ৰক্তিমে মানুহজনীলৈ বৰ ঘোপাকৈ চায়।

এইজনীয়ে তাৰ বাবে তাৰ অভিশপ্ত কলংকিনী মা।

যাক শাস্তি দিবলৈ সি ইয়ালৈ

আহিছে আজি।

: অ' খুড়ী।

...এইয়া মোৰ হাজবেণ্ড ৰক্তিম।

ৰক্তিমক তাই চিনাকি কৰাই দিয়ে।

: নমস্কাৰ।

ৰক্তিমেও তেওঁক হাঁহিৰে সৈতে সুন্দৰভাৱে নমস্কাৰ দিয়ে।

: আৰু বৰমা ৰক্তিম মোৰ বহুত বেছি ভাল বন্ধু। আগতে আমাৰ ঘৰলৈ আহিছে।

: অ'। আহা ভিতৰলৈ।

: ব'লক।


তিনিও গৈ ভিতৰ পালেগৈ।

: বৌ........

: তাই স্কুললৈ গ'ল।

: অ'।

: মই ফোন এটা কৰি দিওঁ ৰ'বা।

এইবুলি কৈ ৰূপাংকৃতাৰ মাক ভিতৰলে সোমাই গ'ল।

অলপ সময়ৰ পিছত মানুহগৰাকী ওলাই আহিল "মই তাইক ফোন কৰিছোঁ তাই আহি আছে‌।"

এনেতে ৰক্তিমে মাত দিলে --"বৰদেউতা নাই নেকি?"

"আছে,, তেওঁ পিছফালে তেওঁ কিবা কৰি আছে। মই মাতি দিছোঁ ৰ'বা।"


অলপ পিছত ৰূপাংকৃতাৰ বাপেক আহিল। সকলোক মাত বোল কৰি তেওঁ সিহঁতৰ লগতে বহিল।

"ভালে আছা নহয় মানসী!"

"আছোঁ দিয়ক আপুনি?"

"আছোঁ দিয়া।"


ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


✍️✍️...............…...আগলৈ...................✍️✍️

( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages