মানসীয়ে মূৰটো জোকাৰি তাৰ কথাত সমৰ্থন জনায়।তাৰ পিছত সি সেই ঠাইখিনিৰ পৰা আঁতৰি যায়। তায়ো ফ'টোখন ভালদৰে থৈ ৰুমটোৰ পৰা ওলাই গৈ পুনৰ ঘৰ সৰাত লাগে।( Assamese Storyboard )
ইফালে ৰক্তিমে আজিএটি বিশেষ কামত মানসীৰ মাক
বাপেকৰ ঘৰলৈ যাব বুলি দ্বীপজ্যোতিক ফোন কৰি জনাই দিয়ে।
ঘৰটো সাৰি তাই পাকঘৰলৈ আহিল।
: মা, দেউতা অফিচ যাব নহয়!
: যাব তুমি ৰুটিকে বনোৱা।
তাইৰ লগত ইমানখিনি কৰাৰ পিছতো তাই শাহুয়েকৰ কথা শুনিছে। এষাৰো বেয়াকৈ কোৱা নাই। যি কৰিবলৈ কৈছে সকলো কৰিছে।
ভালৰি লগাবলৈ নহয়। কাৰণ তাই জানে এইবোৰ তেওঁ নিজৰ বাবে কৰা নাই। হ'লেও ভুলটো ভুলেই।
শাহুয়েকেও এদিন নিজৰ ভুল বুজি পায় সৎ পথলৈ ঘূৰি আহিব বুলি আশা কৰিছে তাই।
কাৰণ আশাতেই বৰ্তি এই জীৱন।
জীৱনটো যদি এগছি অক্ষয় বন্তি তেন্তে আশা হ'ল শলীতা।
যাৰ অবিহনে বন্তিগছি জ্বলোৱা সম্ভৱেই নহয়।
ঠিক তেনেদৰেই আশা নাথাকিলেও জীৱনটো পাৰ কৰা বৰ কঠিন হয়।
আশাহীন জীৱন লক্ষ্যহীন জীৱনৰ দৰে।
যিটো কেৱল অতিবাহিত কৰিবৰ বাবেহে। অন্য একো কাম নাই।
ৰুটিকেইখন বনাই তাই খাবলৈ শাহুয়েক শহৰেক আৰু গিৰিয়েকক মাতিলে।তিনিও আহি ডাইনিঙত বহিল। শুকান ৰুটি, আলু ভাজি আৰু আচাৰখিনি তাই সকলোকে বাঢ়ি দিলে। লগতে তায়ো তেওঁলোকৰ লগত খাবলৈ বহিল। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে তাই সকলোৱে লগত একেলগে বহি খাইছে। তাতোকৈ ডাঙৰ কথা ৰক্তিমৰ কাষতে বহিছে তাই। জলফাইৰ আচাৰ খিনিৰ বৰ সোৱাদলগা হৈছে।
টেঙা, জলা, নিমখ সকলো জোখত হৈছে। মাকে তাইক আঁহোতে দি পঠাইছিল।
: তোমাৰ মায়ে কিন্তু বৰ ধুনীয়া আচাৰ বনাই দেই বোৱাৰী।
: হয় দেউতা।
এনেকুৱাতে ৰক্তিমে ক'লে --
: মা আজি মানসী আৰু মই এপাক ওলাই যাম।
: ক'ত যাবি?
: নাই এনেই অলপ আহোঁতে মানসীৰ ঘৰত সোমাই মাটিখিনিৰ কথাও পাতি আহিম।
মাটিখিনিৰ কথা শুনা মাত্ৰকে
তেওঁ একেষাৰেই "যা" বুলি ক'লে।
অকণো আক্ষেপ কিম্বা আপত্তি নকৰিলে ।
: কেইটামানত যাবি?
: দুপৰীয়া যাম।
খোৱাৰ শেষত প্ৰায় ৯ বাজি গ'লেই। তামোল এখন মুখত ভৰাই ৰক্তিমৰ বাপেক কামলৈ গ'ল। মাকো ৰুমৰ ভিতৰত সোমাল। মানসীয়েও বাচনকেইটা ধুই ৰুমলৈ আহিল।
ৰক্তিমে তেতিয়া মোবাইল টিপি আছিল।
আলনাডালৰ পৰা গামোছা এখন লৈ হাতটো মুচি তাই আইনাখনৰ আগলৈ আহিল।
নিজৰ প্ৰতিবিম্বৰ সৈতে মুখামুখি হ'ল। চকুয়ে চকুয়ে পৰিল। এজনী গৈ দুজনী হ'ল।
এজনী সম্পূৰ্ণা এজনী অসম্পূৰ্ণা।
এজনী আনজনীয়েইনে?
দুয়োজনী এজনীয়েই নে?
কোন মানসী আৰু তাই?
হেৰাই যোৱা জোনাকক বিচাৰি হৃদয়ে আলোড়ন কৰিছে।
কাক বিচাৰিছে তাই দাপোনত?
নিজক নে পৰক?
আত্মাক নে হৃদয়ক?
কাৰ সন্ধানত অজান পথৰ পথিক হৈছে তাই?
শিপাৰ সন্ধানেৰে উলিয়াব পাৰিবনে তাই আন এজনৰ অতীতৰ পৃষ্ঠা। সন্ধান পাই কি কৰিব? শাস্তি দিবনে মৃত্যুদণ্ড?
: মানসী ওলোৱা।
: এতিয়াই...? দহটা বাজিছেহে। ঘড়ীটোলৈ চাই।
: একো নহয় প্ৰথমে আমি বিশালৰ ঘৰত সোমাম তাৰ পিছত সিহঁতৰ ঘৰলৈ যাম। সিহঁতৰ ঘৰ পোৱালৈ বাৰমান বাজি যাবই।
: ঠিক আছে।
তুমি গা ধুলা?
: নাই ধুঙগৈ আৰু।
কথাষাৰ কৈ সি মোবাইলটো চাৰ্জত লগাই টাৱেলখন লৈ বাথৰুমলৈ গ'ল।
তায়ো কাপোৰ এযোৰ পিন্ধি সাধাৰণভাৱেই যাবলৈ ওলাল।
উৎসাহ নাই আজি তাইৰ সেয়ে অকণো মেকাআপ কৰা নাই। ফুৰিবলৈ যোৱা নাই গিৰিয়েকক যমৰ যাতনা দিয়া সেইহাল মানুহক এটা উচিত প্ৰত্যুত্তৰ দিবলৈহে গৈছে।
আলমাৰীৰ পৰা বেগটো উলিয়াই প্ৰয়োজনীয় বস্তুকেইটা ভৰাই ল'লে।
এনেতে ৰক্তিমো গা ধুই ওলাই আহিল।
তাক দেখি তাইৰ হাঁহি উঠাৰ লগতে লাজো লাগিল কাৰণ সি অকল টাৱেলখনেই পিন্ধি আছিল।
: হাঁহিছা কিয়?
: নাই এনেই?
: আচ্ছা....। বাহিৰলৈ যোৱা।
: কিয়?
: মই তোমাৰ আগত কাপোৰ পিন্ধিব লাগে নেকি?
তাইৰ আৰু অলপ কাষলৈ আহে সি। তাইৰ কাণৰ কাষতে কয়
"লাগে যদি কোৱা।"
আকৌ এবাৰ লাজতে তাই মূৰটো তল কৰি গুছি আহিল।( Assamese Storyboard )
"আহা,, মোৰ কাপোৰ পিন্ধা হ"ল।"
আদেশ পাই তাই ভিতৰলৈ গ'ল। ধুনীয়া লাগিছে দেই।
বগা চাৰ্ট, নীলা পেন্ট, জোতা, মোজা। কিন্তু দুটা বস্তু নাই।
চিধাই তাই চকুকেইটা তাই পৰা আঁতৰাই আনি টেবুলখনৰ ওচৰলৈ গৈ হাতত বস্তু দুটা লৈ আকৌ তাৰ ওচৰলৈ আহিল।
প্ৰথমতে ঘড়ীটো আগবঢ়াই দিলে। সি পিন্ধি লয়।
দ্বিতীয়তে চানগ্লাচযোৰ আগবঢ়াই দিলে। সি বুকুৰ অংশৰ চাৰ্টত খুচি লয়।
:হৈ গ'ল ব'লা।
: এটা বস্তু থাকি গ'ল।
তাই চাৰিওফালে চালে আৰু প্ৰশ্নবোধক চাৱনিৰে তালৈ চাই সুধিলে--
: কি?
সি গালখন আগবঢ়াই দিয়ে।
তাই বুজি পালে কি পাহৰিলে। "মৰমবোৰ অলপ বেছি হৈছে নেকি?"
"ওহোঁ নাই হোৱা। কমহে হৈছে নেকি?"
তপককৈ চুমা এটা খাই দিলে তাই তাৰ গালত।
"ব'লা।"
গাড়ীৰ চাবিপাত হাতত লৈ দুয়ো বাহিৰলৈ ওলাই আহিল।
"মা আমি যাওঁ।"
"যোৱা।"
ভিতৰৰ পৰাই মাকে মাত দিয়ে।
দুয়ো গাড়ীত উঠি হেৰুৱা অতীতৰ সন্ধানত ওলাই যায়।
ৰাস্তাবোৰ পাৰ কৰি কৰি সিহঁত দুয়ো গৈ ১১.৪৫ মিনিটত বিশালৰ ঘৰ পাই।
বিশালে তেতিয়া আগফালে বহি আছিল।
হঠাতে গাড়ী এখন সিহঁতৰ ঘৰলৈ সোমাই অহা দেখি সি উঠি চালে।
গাড়ীৰ পৰা একালৰ বন্ধু ৰক্তিমক ওলাই অহা দেখি তাৰ মুখ আনন্দৰছ ভৰি পৰিল।
সিও আগৱাঢ়ি আহিল।
"আৰে ৰক্তিম তই!"
"অ' মই। খবৰ?"
"আছোঁ তোৰ?
"ময়ো আছোঁ দে। বাই দ্যা উৱেই এই মানসী মোৰ ৱাইফ।"
"নমস্কাৰ বৌ।"
"নমস্কাৰ।"
"আহা আহা ভিতৰলৈ আহা।"
দুয়োকে সি ভিতৰলৈ নি বহিবলৈ দিয়ে।
"পাছে ইমান দিনৰ মূৰত মোলৈ কি মনত পৰিল?"
"আছে এটা কাৰণ ৰ'।"
"অ' ফোন এটাতো কৰিব পাৰ'। ভাগ্য ভাল মই ঘৰত আছিলোঁ যদি কলেজত থাকিলোঁ হয়।"
"মই জানো তোক লগ পামেই বুলি। বিশ্বাস আছিল মোৰ।আৰু এবাৰ প্ৰমাণ কৰিব বিচাৰিছিলোঁ নিজৰ বিশ্বাসক।"
এনেতে বিশালৰ মাকো সোমাই আহে। ৰক্তিমে মানসীক চিনাকি কৰাই দিয়ে। অলপ সময় কথা পাতি মানুহগৰাকী ভিতৰলৈ যায়।
"পিছে বৌ আমাৰ বন্ধুৰ কলেজৰ হিষ্ট্ৰৰী জানেনে নাই?"
"জোকাই নাথাক বানপানী হ'ব। বৰষুণ পৰক বা নপৰক।"
তাৰ কথা শুনি মানসীৰ খং উঠিল যদিও ভালো লাগিল।
বিশালৰ মাকে আহি সকলোকে চাহ দিলে।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment