: মাটি খিনিৰ দেখিয়েই তাৰ দাম যে কোটি টকাৰ ওপৰত হ'ব সেইটো গম পোৱা যায়। কিন্তু এতিয়া আমাৰ হাতত সিমানখিনি টকা নাই যে আমি সেই মাটিখিনি কিনিব পাৰোঁ( Assamese Storyboard )। আৰু সিমানখিনি টকা যোগাৰ হওঁতে কিমান দিন লাগে তাৰো একো চিন নাই। ইমানবোৰ টকা গোট খোৱাই লৈ আকৌ ব্যৱসায় কৰালৈ হয়তো তোমাৰ দেউতা কাম কৰাৰ শক্তি সিমান এটা নাথাকিব। দেখিছাই তুমি মানুহজন লাহে লাহে বুঢ়া হৈ আহিছে আৰু কেইবছৰমানৰ পাছত কাম কৰাৰ শক্তি আৰু উদ্যম আজিৰ দৰে নাথাকিব। সেয়ে দেহ মন দুয়োটা থাকোঁতেই তেওঁ নিজৰ সপোনটো পূৰাব খোজিছে।
: কিন্তু মা ইয়াত মই কি সহায় কৰিব পাৰোঁ?
: গুৱাহাটীত থকা মাটিখিনি ৰমাকান্ত বৰা বোলা এজনৰ। তেওঁৰ এজনী জীয়েক আৰু এটা পুতেক আছে। জীয়েক জনীৰ নাম মানসী বৰা। আমাৰ ইয়াৰ পৰা অলপ দূৰৰ কলেজ খনতে পঢ়ে তাই। তুমি তাইক ভাল পাই বিয়া পাতিব লাগে।
: কি??
: অ' তেতিয়াহে সেই মাটিখিনি আমাৰ হ'ব।
: কেনেকৈ?
: চোৱা......... যেতিয়া তাইক তুমি ভাল পাবা তেতিয়া তাইক অতি সোনকালে তুমি বিয়া পাতিবা। আৰু বিয়া পাতিলেই আমি সিহঁতক যৌতুকত সেই মাটিখিনি বিচাৰিম। আৰু তেওঁলোকে না কৰাৰটো একো প্ৰশ্নই নুঠে।
: কিন্তু মা এইবোৰ পাপ। মই এতিয়া উপাৰ্জন কৰিব পৰা হৈছোঁ মই দুগুণ কষ্ট কৰিম। কিবাকৈ হ'লেও মই মাটিখিনি কিনিমেই তুমি চিন্তা নকৰিবা। কিন্তু এইবোৰ কাম তুমি মোক আৰু কৰিবলৈ নক'বা। মই তোমাক হাতযোৰ কৰিছোঁ মা।
: হ'ব দিয়া নকওঁ বাৰু। এই সিদ্ধান্তটো অকল মোৰেই নহয় তোমাৰ দেউতাৰাৰো আছিল। আৰু তুমি যে এই কামটো কৰিব নোৱাৰা এইটো কথা তুমি নিজেই দেউতাক ক'বা কাৰণ মই এইষাৰ কথা কেতিয়াও তেওঁক ক'ব নোৱাৰোঁ। এনেকুৱা এষাৰ কথা কৈ মই কেতিয়াও তেওঁৰ চকুৰ সপোনবোৰ ভাঙি চূৰমাৰ কৰিব নোৱাৰোঁ। তুমি পাৰিবানে?? কোৱা ৰক্তিম তুমি তোমাৰ দেউতাৰ এটা পুৰণিকলীয়া সপোনক জলাঞ্জলি দিবলৈ কেৱল মাত্ৰ এষাৰ কথা ভাবি যে "এইবোৰ পাপ।" পিতৃ মাতৃৰ সেৱাতকৈ ডাঙৰ পুণ্য আৰু এই পৃথিৱীত নাই আৰু ঠিক সেইদৰে পিতৃ মাতৃক অৱজ্ঞা কৰাৰ দৰে পাপো এই সংসাৰত নাই। কথাবোৰ আকৌ এবাৰ দকৈ ভাবি চাবা ৰক্তিম। আমি অপেক্ষা কৰি থাকিম তোমাৰ সিদ্ধান্তলে। মাথোঁ এটা কথা মনত ৰাখিবা যে তোমাৰ এটা মাত্ৰ সিদ্ধান্তৰ লগত তোমাৰ দেউতাৰ এটা অতীজৰ সপোন সাঙুৰ খাই আছে।গতিকে......
কথাখিনি কৈয়ে আৰু এটি ক্ষণো কোঠাটোত অপব্যয় নকৰি মা গুছি গৈছিল কোঠাটোৰ পৰা,, মোৰ কাষৰ পৰা। এতিয়া যেন মোৰ ওপৰতেই সকলোবোৰ। ময়েই যেন ইচ্ছা কৰিলে মোক জন্ম নিদিয়া কিন্তু সৰুৰে পৰা মোৰ সকলোবোৰ অভাৱ পূৰণ কৰা মোৰ দেউতাৰ (সৎ পথলৈ অহাৰ পৰা) এটি সপোন পূৰাব পাৰোঁ আৰু ইচ্ছা কৰিলেই পাপ-পূণ্যৰ কথা চিন্তা কৰি তাক ভৰিৰে মোহাৰি আগুৱাই যাব পাৰোঁ। কিন্তু সেইটো কৰিবলৈ মোৰ মনে নক'লে। কাৰণ যেতিয়া তেওঁলোকে মোক জাঁৱৰৰ দ'মত দেখিছিল তেতিয়া হয়তো তেওঁলোকে মোক নেদেখাৰ ভাও ধৰি গুছি যাব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে তেনেকুৱা একোৱেই নকৰিলে। বৰঞ্চ মোৰ প্ৰতিটো সৰু সৰু কথাক নিজৰ এটা ডাঙৰ কথা বুলি গুৰুত্ব দিলে,, মোৰ প্ৰতিটো সৰু সৰু সমস্যাক নিজৰ একোটা একোটা বৃহৎ সমস্যা বুলি গণ্য কৰি তাক সমাধান কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছে আৰু কৰিও আছে আৰু তেনেস্থলত মই তেনেকুৱা এজন পিতৃক কেনেকৈ আৰু কোনখন মুখেৰে কওঁ যে "মই আপোনাৰ সপোন পূৰণৰ অলপো সহায় কৰিব নোৱাৰোঁ, মোক বেয়া নাপাব।"( Assamese Storyboard )
সেইজন দেউতাক মই এইষাৰ কথা কেনেকৈ কওঁ যিজনে মোৰ বাবে এদিন হয়তো নিজৰ মাকৰ লগতো কাজিয়া কৰিছিল, মোৰ চিকিৎসাৰ বাবে নিজৰ সৰ্বস্ব শেষ কৰি পেলাইছিল। নাই নাই মই ইমানো স্বাৰ্থপৰ হ'ব নোৱাৰিলোঁ। খাই পাত ফলা বিধৰ মই কেতিয়াও হ'ব নোৱাৰোঁ। মই শ্ৰৱণৰ দৰে হ'ব নোৱাৰিলেও অন্ততঃ তেওঁৰ আদৰ্শ গ্ৰহণ কৰিব নিশ্চয় পাৰোঁ। হয়তো ইয়াৰ দ্বাৰাই মোৰ পিতৃভক্তি প্ৰকাশ পাব। ইয়াৰ অৰ্থ এইটো নহয় যে মই প্ৰশংসাৰ মালাধাৰী পিন্ধিবলৈ এইটো কৰিছোঁ মই কেৱল সাতটা জনমতো শেষ কৰিব নোৱাৰা এটা ঋণৰ এটি ক্ষুদ্ৰ অংশ এই জনমত শুজিবলৈ চেষ্টা কৰিছোঁ। হ'ব পাৰে ই ব্যৰ্থ চেষ্টা কিন্তু মই কৰিব বিচাৰিছোঁ। জানো এইটো বেয়া কাম ইয়াৰ দ্বাৰা এদিন মোৰেই সৰ্বনাশ হ'ব,, মোৰেই পতন হ'ব, চাগৈ মোৰ জীৱনৰ অন্তিম সময় খৰবেগেৰে মোৰ কাষলৈ ঢপলিয়াই আহিব কিন্তু তথাপিও মই এই কৰ্ম সিদ্ধিৰ পৰা বিৰত থাকিব নোৱাৰিলোঁ।
জানো কাৰোবাৰ হৃদয়ৰ অযুত মৰম অপৰিসীম ভালপোৱাৰ লগত দবা খেলাটো ফাঁচী কাঠত উলমা সেই অপৰাধী জনে কৰা অপৰাধকৈও ধিক্কাৰৰ যোগ্য নিন্দনীয় কিন্তু মই উপায়হীন। নিজৰ ওচৰত নিজৰ কৰ্তব্যৰ ওচৰত কিম্বা নিজৰ বিবেকৰ ওচৰত। মানি লৈছিলোঁ মা আৰু দেউতাৰ সেই সিদ্ধান্তক "মানসীক আপোন কৰি সিহঁতৰ মাটিখিনি নিজৰ কৰি আকৌ তাইক নিজৰ পৰা বিচ্ছেদ কৰি দিয়া।"
আৰু তাৰ পিছদিনাৰ পৰাই তোমাৰ লগত মোৰ চিনাকি আৰু তাৰ পিছত এই চিনাকিয়েই তোমাৰ জীৱনলৈ কাল অমানিশা হৈ নামি আহিছিল। দেউতা আৰু মায়ে কোৱা প্ৰথমটো কাম তোমাক ভাল পাই বিয়া কৰোৱা যিটো মই কৰিলোঁ কিন্তু বাকী কাম দুটা মই কৰিব পৰা নাই মানসী। নাজানো পাৰিম নে নোৱাৰিম? কিন্তু এটা কথা জানো যি হয় হৈ থাকক কিন্তু তোমাক আৰু কেতিয়াও মই মোৰ পৰা আঁতৰ হ'ব নিদিওঁ।
তোমাক মই মাৰ কথামতে ভাল পাইছিলোঁ যদিও পাছলৈ মই তোমাক সচাঁ অন্তৰেৰে ভাল পাই পেলাইছিলোঁ। এইটো কথা মাহঁতে আজিলৈকে গম পোৱা নাই। আচলতে ময়েই গম পাবলৈ দিয়া নাই। তোমাৰ লগত মই প্ৰথমতে ভাল পোৱাৰ অভিনয় কৰিছিলোঁ আৰু কেতিয়ানো সেই অভিনয়ৰ কেমেৰাটো কেনেকৈ আঁতৰি বাস্তৱত মই তোমাক মোৰ হিয়া খন দি দিছিলোঁ ময়ো গম পোৱা নাছিলোঁ। কিন্তু পিছলৈ মই উপলব্ধি কৰিছিলোঁ যদিও এই কথা কেতিয়াও মই মোৰ মাক ক'ব পৰা নাছিলোঁ আৰু আজিলৈকে নাই পৰা,,,, হয়তো.....। কিন্তু বিয়াৰ পিছৰে পৰা ঘৰখন বা মই তোমাৰ ওপৰত যি অত্যাচাৰ চলাইছিলোঁ সেয়া একমাত্ৰ সেই মাটিখিনিৰ বাবেই। মই ভাবিছিলোঁ হয়তো তুমি বুজিবা কিন্তু আজি পৰ্যন্ত তুমি বুজি নাপালা,, মই নোকোৱা হ'লে হয়তো কেতিয়াও বুজি নাপালা হয়। কিন্তু কোনেও মুখ ফুটাই তোমাক ক'ব পৰা নাছিল কাৰণ জানিছিল সকলোৱে তোমাৰ ঘৰৰ লগত সম্পৰ্ক ভাল নহয় সেইটো খং তাৰোপৰি যৌতুক নোপোৱা খং, দেউতাৰ ব্যবসায় আৰম্ভ নোহোৱাৰ খং সকলোবোৰ খং তোমাৰ ওপৰতে জাৰিছিল। ময়ো তোমাক বহুত বাৰ বুজাবলৈ চাইছিলোঁ কিন্তু তুমি মোক অকণো গুৰুত্বই নিদিছিলা। আৰু তাৰ পিছত মই তোমাক ইচ্ছা কৰিয়েই সেইদিনা হাতখন কাটি দিছিলোঁ। আৰু সেইদিনা মই মদ খাই অহা নাছিলোঁ মাত্ৰ একটিংহে কৰিছিলোঁ।
মই জানিছিলোঁ তোমাৰ তেনেকুৱা এটা অৱস্থা হোৱা বুলি গম পাই তোমাৰ মা দেউতা আৰু দাদাই কেতিয়াও তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰে আৰু তোমাক ঘৰলৈ লৈ যাব। আৰু ঘৰলৈ গ'লে তুমি সকলোকে কথাবোৰ ক'বা আৰু মোক ডিভোৰ্চ দিবা আৰু তুমি মুক্ত হ'বা সুখী হ'বা। কিন্তু তেনেকুৱা একোৱেই নহ'ল। তুমিও ঘৰত কথাবোৰ নক'লা আৰু আনফালে মোৰ ঘৰত মা আৰু দেউতাই...
ক্ৰমশঃ...
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment