তেতিয়া দিম্পি কেবিনলৈ আহিল।
দিম্পি: ছাৰ, শৰ্মা ছাৰৰ পি এ জনৰ ফোন আহিছিল। তেওঁ দিল ফাইনেল কৰাৰ আগতে আকৌ এবাৰ মিটিং কৰিব বিচাৰে।( Assamese Storyboard )
ৰিংকু: ঠিক আছে সময় ঠিক কৰি কৈ দিয়া তেওঁক আৰু এই তৃষ্ণাক শৰ্মাৰ ফাইলটো ৰেডী কৰি মিটিংত আহিব কোৱা।
অলপ পিছত তৃষ্ণা মিটিংলৈ যাবলৈ সাজু হল যাতে তাই নোযোৱাৰ বাবে কোম্পানী একো লোকচান নহয়।
মিটিং শেষ হোৱাৰ পাছত যেতিয়া সকলো হলৰ পৰা বাহিৰলৈ ওলালে তেতিয়া মিষ্টাৰ শৰ্মাই তৃষ্ণাক পিছফালৰ পৰা মাত লগালে," মিছ তৃষ্ণা কলিতা,তুমিতো সেইগৰাকীয়ে হোৱা যিয়ে যোৱা বছৰ আমাৰ কোম্পানীলৈ পাৰ্ট টাইম কাম বিচাৰি আহিছিলা।"
উত্তৰত তৃষ্ণাই মিচিকিয়াই কলে," ঠিকেই চিনি পাইছে ছাৰ আপুনি।সেই সময়ত মোক কাম এটাৰ বৰ প্ৰয়োজন আছিল। কিন্তু সেই সময়ত আপুনি মোক সুযোগ দিয়াৰ সলনি মোৰ আধৰুৱা ডিগ্ৰী চালে। বাৰু কোনো কথা নাই তেতিয়া মই বেলেগ চাকৰি পালোঁ আৰু মোৰ পঢ়া সম্পূৰ্ণ হোৱাৰ পাছত কেম্পাছ ছিলেক্সনত ইয়াত চাকৰি পাই গলো।"
মিষ্টাৰ শৰ্মাই কলে," হয় আৰু মই এজনী প্ৰতিভাবান ডিজাইনাৰ হেৰুৱাই পেলালো। কিন্তু কোনো কথা নাই। তুমি যতেই কাম কৰা আগুৱাই যোৱা, উন্নতি কৰা। বয়সত তুমি মোৰ ছোৱালীৰ সমান। ভগৱানক প্ৰাৰ্থনা কৰিম যাতে তুমি সফল হোৱা। অৱশ্যে কেতিয়াবা যদি মোৰ প্ৰয়োজন হয় তেন্তে মোক মনত পেলাবা। যোৱাবাৰ কৰা ভুলটো এইবাৰ নকৰো।"
তৃষ্ণাই মিচিকিয়াই কলে," ধন্যবাদ ছাৰ, কিন্তু মই ভাবো ইয়াৰ দৰকাৰ নহব।"
ইফালে ৰিংকুয়ে তৃষ্ণাক কথা পাতি থকা দেখিছিল আৰু তাইৰ বাবে অপেক্ষা কৰিলে। কিন্তু তৃষ্ণাই ৰিংকুক ৰৈ থকা দেখা পালে। তাই মনৰ ভিতৰতে ভাবিলে," আপুনি কেতিয়াও সলনি নহয় আৰু মই এইটো নিশ্চয় প্ৰমাণ কৰি দেখুৱাম। মোক মিষ্টাৰ শৰ্মাৰ লগত কথা পতা দেখিলে নিশ্চয় আপোনাৰ খং উঠিব। আপুনি মাত্ৰ এবাৰ খং কৰক আৰু মই আপোনাৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাম। কিয়নো যিবোৰ সম্পৰ্কত বিশ্বাস নাথাকে সেইবোৰ সম্পৰ্ক শেষ হৈ যোৱাটোৱেই উচিত।"
কিন্তু এইয়া কি ৰিংকুয়ে খং নকৰিলে বৰঞ্চ মৰমেৰে ৰিয়াক সুধিলে," মিষ্টাৰ শৰ্মাক আগৰ পৰাই চিনি পোৱা নেকি তুমি?"
কিন্তু ৰিয়াই যেন ৰিংকুৰ খং উঠাব খুজিছিল," আগৰ পৰাই মই চিনি নাপাওঁ । আচলতে আপুনি কৈছিল যে মই মোৰ নিজৰ স্বাৰ্থৰ বাবে মানুহৰ লগত মতলব ৰাখোঁ। মাত্ৰ সেয়াই কৰি আছিলোঁ। তেওঁক পতাবলৈ চেষ্টা কৰি আছিলোঁ।"
ৰিংকুয়ে তাইৰ কথাবোৰ শুনি মনত কষ্ট পালে," প্লিজ ৰিয়া এনেকৈ নকবা। তুমি এনেকুৱা নহয়।"
ৰিয়াই মাজত ধৰি কলে,"কিয় নকম মই? আপুনি কলে শুদ্ধ আৰু মই কলে ভুল।মই কিবা বেলেগকৈ কলো নেকি? তিনি বছৰ আগতে আপুনি যি কৈছিল তাকেইটো কৈছোঁ। বেয়া লাগিছে নহয় এইবোৰ শুনি , তেন্তে এবাৰ ভাবি চাওক মোৰ কেনেকুৱা লাগিছিল। কিদৰে সেই সময় পাৰ কৰিছিলোঁ অনুমান কৰিব পাৰিব আপুনি? মই মনে মনে আছোঁ আপোনাৰ ওপৰত চিঞৰা নাই তাৰমানে এইয়া নহয় যে মই কব নোখোজোঁ বা চিঞৰিব নিবিচাৰোঁ। মই এইকাৰণে মনে মনে আছোঁ কাৰণ দেউতাৰ বহুত সন্মান আছে ইয়াত। মোৰ বাবে তেওঁৰ সন্মানত আঘাত হোৱাটো মই নিবিচাৰোঁ। কিয়নো মই ইয়ালৈ অহাৰ আগতে তেওঁক কথা দিছিলোঁ যে তেওঁৰ সন্মানত কেতিয়াও আঘাত পাব নিদিওঁ।"
ৰিংকু আচৰিত হল,"তাৰমানে তুমি ইয়াত থকা কথাটো পাপাই গম পায়।"( Assamese Storyboard )
ৰিয়া,"কি কৰিম গম পায়? আকৌ এটা অপবাদ জাপি দিব মোৰ ওপৰত। আগতেই আপুনি মোক বেদান্ত আৰু বিতুৰ দৰে বন্ধু এজনৰ লগত চকু উঠাই কথা পাতিব পৰা অৱস্থা কৰি নথলে। এতিয়া কি জীয়েক আৰু দেউতাকৰ সম্পৰ্কটো আঙুলি উঠাব? মোৰ ভাইটিক মোৰ পৰা কাঢ়ি নিলে, এতিয়া মা দেউতাকো কাঢ়ি নিব নেকি? আপোনাৰ কাষ চাপি মই মোৰ ভাইটি, বন্ধু বান্ধৱী সকলো হেৰুৱালো। সেইকাৰণে ৰোহিও আপোনাৰ ওচৰলৈ গৈ তাইৰ কিবা এটা হেৰুৱাটো মই নিবিচাৰোঁ। মই তাইক বহুত কষ্টত চম্ভালি আছোঁ। মা অবিহনে সন্তানৰ কি অৱস্থা হয় সেইটো বুজি পাওঁ আৰু সেইবাবে মই তাই এই দুখ পোৱাটো নিবিচাৰোঁ। মই হাত যোৰ কৰিছোঁ আপোনাক। আপোনাৰ উচ্চ বিচাৰৰ লগত মোৰ মিল নাই। সেইবাবে প্লিজ মোক মাফ কৰি দিয়ক আৰু ৰোহি আৰু মোৰ পৰা আঁতৰি থাকক।" বুলি কৈ তাই গুচি আহিল।
ৰিংকুয়ে আজি ভালদৰে ৰিয়াৰ মনৰ দুখবোৰ বুজি পাইছিল। এই দুখ সিয়েই তাইক দিছিল। যাক সি ইমান ভাল পাইছিল তাইক সি ইমান কষ্ট দিলে। সেই সময়ত সি তাইক নিজৰ দুবাহুত লৈ তাইক চম্ভালিব নোৱাৰিলে। তাৰ নিজৰ ওপৰত আকৌ খং উঠিছিল। ৰিয়াৰ দুখবোৰৰ ঔষধ হব বিচাৰিছিল কিন্তু সি উপায়হীন। কিছুসময় ভবাৰ পাছত সি গাড়ী লৈ ৰিয়াৰ ঘৰৰ দিশে গল।
ইফালে ৰিয়াইও নিজৰ ৰুমত সোমাই কান্দি আছিল। আজি ৰিংকুৰ সন্মুখত সকলো উজাৰি কোৱাৰ পাছতো কিয় জানো তাইৰ চকুলো থমকি ৰোৱা নাছিল। তাই মাথোঁ কান্দি গৈছিল আৰু এই চকুলোৰ লগতে তাইৰ খং বাঢ়ি গৈ আছিল। ইমানবোৰ কোৱাৰ পাছতো ৰিংকুয়ে খং নকৰা দেখি তাই মনৰ ভিতৰতে চিন্তাত পৰিল।
ৰিংকু তৃষ্ণাৰ ঘৰত গৈ পালে। সেই সময়ত ঘৰত কোনো নাছিল। সি ৰিয়াই কান্দি থকা শুনি পালে আৰু তাইৰ ৰুমলৈ গল। ইফালে ৰিয়াই এটা চুকত বহি কান্দি আছিল। ৰিংকুয়ে দৌৰি গৈ তাইৰ ওচৰত বহিলে আৰু তাইক সাৱটি ধৰিলে। ৰিয়াই তাৰ দুবাহুৰ মাজত বহুত কান্দিলে। ৰিংকুৰ চকুলো বৈ আহিল। তাইক কিদৰে শান্ত কৰাব সি বুজি পোৱা নাছিল। তাৰ পাছত সি তাৰ উঠযুৰিত তাইৰ উঠযুৰি সামৰি তাইক নিজৰ মাজত বিলীন কৰিলে। কিছু সময় পাছত তাই শান্ত হল আৰু ৰিংকুয়ে তাইৰ কপালত চুমা আঁকি দিলে। কিছুসময় পাছত ৰিয়া শুই গল আৰু ৰিংকুয়ে তাইক বিচনাত শুৱাই তাৰ পৰা গুচি আহিল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Next part waiting
ReplyDelete