কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৪৮ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 19, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৪৮ ) ? Assamese Storyboard

Assamese Storyboard

 

 ৰাধিকাই ৰিংকুৰ ফালে চাই কলে,"বহুত কষ্ট কৰিব লাগিব তুমি।"

ৰিংকু: কোনো কথা নাই খুড়ী, যিমান কষ্ট কৰিব লাগে মই সকলো কৰিম। মই তাইক মান্তি কৰাইহে এৰিম।Assamese Storyboard )

তেতিয়া গোপালে মিচিকিয়াই কলে," হয় দিয়া পত্নীক মান্তি কৰোৱাটো বহুত কষ্টৰ কাম।"

টেবুলত আহাৰ যোগাৰ কৰাৰ পাছত তৃষ্ণাই সকলোকে মাতিলে। তাই সকলোৰে সন্মুখত নৰ্মেল হৈ দেখুৱালে কিন্তু ভিতৰি খঙত গোটেইজনী জ্বলি আছিল। তাই পৰা হলে ৰিংকুৰ হাতত ধৰি ঘৰৰ বাহিৰলৈ উলিয়াই পঠিয়ালে হয়। তাৰূপৰিও ৰোহিয়ে ৰিংকুক পাপা পাপা বুলি কৈ তাৰ লগত লাগি আছিল। ৰিংকুয়েও ৰিয়াক দেখুৱাই ৰোহিক বেছিকৈ মৰম কৰিছিল,'মোৰ ৰাণী, মোৰ পৰি 'বুলি কৈ।

তৃষ্ণাই সকলোকে খাবলৈ দিয়াত ৰাধিকাই তাইক ওচৰতে বহিব কলে আৰু তৃষ্ণাই কলে," মোৰ এতিয়া ভোক লগা নাই মা, আপোনালোকে খাই লওক মই পাছত খাম।"

তেতিয়া ৰিংকুয়ে কলে,"খুড়ী হয়তো আপোনাৰ ছোৱালীয়ে মই অহাটো পছন্দ কৰা নাই। কিন্তু মইনো কি কৰিব পাৰিম? যেতিয়াই ঘৰৰ আহাৰ খাবলৈ মন যাব মই ইয়ালৈ গুচি আহিম।"

কথাবোৰ শুনি তৃষ্ণাই লাহেকৈ মুখ বেঁকা কৰি কলে," মই যেনিবা হোটেল খুলি থৈছোঁ যেতিয়াই মন যাব তেতিয়াই গুচি আহিবলৈ।"

তাই কথাষাৰ কৈছিল লাহেকৈ কিন্তু ৰিংকুয়ে শুনি হাঁহি দিলে।

ৰাধিকা: নিশ্চয় আহিবা। আমাৰ তৃষ্ণাই বৰ সুস্বাদু আহাৰ ৰান্ধে। মই তোমাক পায়স বনাবলৈ কৈছিলোঁ মাজনী , বনাইছিলা নেকি?


তৃষ্ণা: অ মা , মই বনাইছিলোঁ।

আৰু তাই পাকঘৰলৈ গুচি গল। পায়সৰ নাম শুনি ৰিংকুৰ সেই নিমখ দিয়া পায়সৰ কথা মনত পৰিল আৰু তাৰ মুখৰ পৰা ওলাই গল," পায়স মই বহুত ভাল পাওঁ কিন্তু চেনিৰ ঠাইত নিমখ নহলেই হল।"

তৃষ্ণা তেতিয়ালৈকে পায়স লৈ আহি পাইছিল। তাই ৰিংকুৰ কথা শুনি লাহেকৈ কলে," কেতিয়াবা কিছুমান মানুহক এসেকা দিবৰ বাবে পায়সত চেনিৰ সলনি নিমখ দিব লাগে।"

ৰিংকুয়ে পায়সৰ বাতিটো হাতত তুলি কলে,"কেনেবাকৈ ইয়াত নিমখ মিলোৱা নাই তো?"

তৃষ্ণাই চকু দেখুৱাই কলে," ভুল হৈ গল মিলাই দিব লাগিছিল। লাগে যদি এতিয়া মিলাই দিওঁ।"

তৃষ্ণাৰ কথা শুনি ৰিংকুয়ে সোনকালে পায়স খাব ধৰিলে।  তাক এনেদৰে সোনকালে খোৱা দেখি সকলোৱে হাঁহি দিলে।

আহাৰ গ্ৰহণ কৰাৰ পাছত সকলোৱে মিলি দাইনিং ৰুমত কথা পাতি আছিল আৰু তৃষ্ণাই পাকঘৰৰ কাম  সামৰি আছিল। ৰিংকুয়ে পানীৰ অজুহাত দেখুৱাই  পাকঘৰলৈ গল। সি পিছফালৰ পৰা ৰিয়াৰ কান্ধত হাত খন থোৱাত তাই উভতি চালে। তাই যেতিয়া ৰিংকুক এনেদৰে ওচৰত থিয় হৈ থকা দেখা পালে তেতিয়া খঙত তাই কলে,"মোৰ পিছ লৈ লৈ আপুনি ইয়ালৈকে আহি পালে।"

ৰিংকু: মই তোমাৰ পিছে পিছে অহা নাই। মোক খুড়ীয়ে নিমন্ত্ৰণ জনাইছিল।Assamese Storyboard )


তৃষ্ণা: আৰু ৰোহিক পাপা কবলৈ কোনে শিকালে? 

ৰিংকুয়ে তাইৰ কান্ধত হাত থৈ কলে," তুমিয়েইতো কৈছিলা যে ৰোহি তোমাৰ ছোৱালী হয় গতিকে মোক পাপা বুলিটো মাতিবই ন।"

তৃষ্ণাই তাইৰ কান্ধৰ পৰা ৰিংকুৰ হাতখন আঁতৰাই কলে," এনেদৰে বাৰে বাৰে মোৰ কাষ চাপিবলৈ চেষ্টা নকৰিব।"

ৰিংকু: তেন্তে তুমিয়েই কোৱা কিদৰে তোমাৰ কাষ চাপিব পাৰিম?অৱশ্যে আহাৰ বহুত সোৱাদ লগা আছিল।

তৃষ্ণাই তাৰ কথাবোৰ নুশুনাৰ ভাও জুৰি ৰোহিক লগত লৈ নিজৰ ৰুমলৈ গুচি গল আৰু ৰিংকুয়েও ঘৰলৈ গুচি আহিল।

পিছদিনা তৃষ্ণা ৰাতিপুৱা সাৰ পাই উঠি টেবুলৰ কাষত এটা বক্স দেখা পায়। তাই খুলি চাই তাত ৰিংকুয়ে তাইক পিন্ধাই দিয়া পায়েল জোৰ দেখা পালে। কিন্তু তাই ঘৰ এৰি অহাৰ সময়ত সেই পায়েল জোৰ খুলি থৈ আহিছিল। পায়েলযোৰ দেখি তাইৰ চকু সেমেকি উঠিল। তাই চকুলো মোহাৰি পায়েলযোৰ আকৌ বক্স টোত থব লওঁতে তাত এটা কাগজৰ টুকুৰা পালে। তাই খুলি চাই তাত ছ'ৰি লিখা দেখা পালে যিদৰে তাই এবাৰ ৰিংকুক কফিৰ সৈতে দিছিল। তাই কাগজখন নিজৰ বেগত ভৰাই থয় দিলে।

ৰোহিক ৰেডী কৰি স্কুলত থৈ তাই অফিচলৈ আহিল আৰু পোনে পোনে ৰিংকুৰ কেবিনলৈ গৈ বক্সটো তাৰ হাতত তুলি দি কলে," আপুনি এবাৰ কথা কলে বুজি নাপায় নেকি? এতিয়া আৰু আমি এক হব নোৱাৰো। মই আৰু উভতি যাব নোৱাৰোঁ।  আপোনি যিমান চেষ্টা কৰিব পাৰে কৰক , মই সেই কথাবোৰ কেতিয়াও পাহৰা নাই আৰু পাহৰিবও নোৱাৰো। সেইবাবে মোৰ পিছত লাগি নথকাই ভাল হব আৰু আজিৰ পৰা মোৰ ছোৱালীৰ পৰা আঁতৰত থাকিব।"  তাই এনেদৰে কৈ নিজৰ কেবিনলৈ গুচি গল।

ৰিংকুয়ে বহুত সময় বক্সটো হাতত লৈ দৰ্জাৰ ফালে চাই থিয় হৈ থাকিল। তাৰ পাছত নিজৰ চকীত বহি মূৰত ধৰিলে," কিয় ৰিয়া কিয়? মোক কিয় এবাৰ মাফ কৰিব নোৱাৰা? কিদৰে মই তুমি অবিহনে জীয়াই থাকিম? তুমিও তো মোৰ অবিহনে থাকিব নোৱাৰা। তোমাৰ চকুত সকলো দেখা পাইছোঁ । যি দুখত মই ভুগি আছোঁ সেই দুখত তুমিও দুখী। এবাৰ মোক ক্ষমা কৰি মোৰ ওচৰলৈ আহা । তাৰ পাছত তোমাক ইমানেই মৰম কৰিম যে তোমাক কেতিয়াও একো দুখে লগ দিব নোৱাৰিব। ৰোহিৰ কথাও ভাবি চোৱা এবাৰ। তাই মাকৰ মৰমৰ লগতে দেউতাকৰ মৰমো বিচাৰে। আমি দুয়ো মিলি তাইক মৰম কৰিম। প্লিজ ৰিয়া ইমান কঠোৰ নহবা।"


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages