কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫৪ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 26, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫৪ ) ? Assamese Storyboard

Assamese Storyboard


বেদান্তই খং কৰি কলে,"সকলোৱে সকলো কথা গম পাইছিল। মাত্ৰ মোক ইমান দূৰ লণ্ডণলৈ পঠিয়াই দিলে।"Assamese Storyboard )

ৰিয়াই তাৰ মূৰত হাত ফুৰাই কলে," সেইটো এইকাৰণে কৰা হল কাৰণ তুমি ইয়াত থকা হলে তোমাৰ সম্পূৰ্ণ শক্তি মোক বিচাৰিবলৈ লগাই দিলা হয়। কিয়নো তুমি গম পাইছিলা যে মই তোমাৰ বাইদেউ হয়।"

বেদান্ত: তুমি বহুত বেয়া হয়। তুমি আগৰ পৰাই গম পাইছিলা কিন্তু মোৰ লগত বন্ধুত্বৰ অভিনয় কৰিলা।

ৰিয়া: বাৰু মই অভিনয় কৰিছিলোঁ আৰু তুমি যে মোক সদায় কৈছিলা 'তিনি মিনিট ডাঙৰ হলে কি হব , তোমাতকৈ মই ওখ হয়' আৰু  এনেদৰে কৈ মোৰ সকলো বস্তু ভাঙি দিছিলা। ৰিংকু দা আহি মোৰ সকলো বস্তু ঠিক কৰি দিছিল।

বেদান্ত: অ, কাৰণ দাদাই সেই সময়ৰ পৰাই তোমাক ভাল পাই আছিল।

তেতিয়াই সকলোৰে চকু পৰিল দুৱাৰমুখত। ৰোহি ৰিংকুৰ লগত দুৱাৰ মুখত ৰৈ আছিল।

ৰিয়াই তাইক দেখি কলে," তোমালোকে কথা পতা মই আহাৰ ৰান্ধিব যাওঁ।" আৰু তাই পাকঘৰলৈ গুচি গল।

ৰিংকুয়ে মনে মনে আহি সিহঁতৰ লগত বহিলে আৰু সকলোৱে ৰোহিৰ লগত খেলিব ধৰিলে।


কিছুসময় পাছত সকলোৱে টেবুলত বহি  খাই আছিল। ৰিয়াই বেদান্তক খুৱাই দিছিল আৰু বেদান্তই ৰিয়াক। ৰিংকুয়ে এইবোৰ দেখি ভাবুক হৈ পৰিল।

তেতিয়াই ৰোহিয়ে বেদান্তক সুধিলে," মামা তোমাৰ ওচৰত খঙাল আংকুলৰ ফটো আছে নেকি?  মা পাপা কোনোৱে মোক তেওঁৰ ফটো নাই দেখুওৱা তুমি দেখাই দিয়া না।"

ৰোহিৰ কথা শুনি ৰিংকুৰ হাঁহি উঠিল। বেদান্তইও হাঁহি দিলে। তেতিয়া ৰিয়াই ৰোহিক গালি দি কলে," কিমানবাৰ তোমাক কৈছোঁ যে খাই থকাৰ সময়ত কথা নাপাতে।"Assamese Storyboard )

বেদান্ত: ৰিয়া যদি তুমি কোৱা ৰোহিৰ খঙাল আংকুলৰ ফটো দেখুৱাই দিওঁ।

তেতিয়া ৰিংকু আৰু ৰিয়াই একেলগে কলে,"নালাগে।"আৰু সকলোৱে হাঁহি দিলে। ৰিয়া তাৰ পৰা উঠি গুচি গল। কিছুসময় পাছত বেদান্ত  ৰিংকুৰ লগত তাৰ ফ্লেটলৈ গুচি গল। উৰ্মি ৰিয়াৰ লগত তাইৰ ৰুমলৈ গল।

উৰ্মিয়ে ৰিয়াৰ মনটো ভাল হয় থকা দেখি সুধিলে," ৰিয়া তুমি আগলৈ কি ভাবিছা?"

ৰিয়া: মই বুজা নাই।

উৰ্মি: মই তোমাৰ আৰু ৰিংকু দাৰ বিষয়ে সুধিছো।


ৰিয়া: নাজানো উৰ্মি, প্ৰথমে ৰিংকুদাৰ ওপৰত বহুত খং উঠিছিল। কিন্তু এতিয়া একো বুজি পোৱা নাই। মই তেওঁৰ ওপৰত ইমান খং কৰিলোঁ, ইমান অপমান কৰিলো , তেওঁক খং উঠাবলৈ ইমান চেষ্টা কৰিলোঁ কিন্তু তেওঁ তথাপিও মনে মনে থাকিল। এতিয়া মই বিমোৰত পৰিলোঁ।"

উৰ্মি: ৰিয়া, তুমি গুচি যোৱাৰ পাছত দাদা একেবাৰে সলনি হৈ গল। এবাৰ অন্তৰৰ পৰা ভাবি চাবা। তেওঁ তোমাক বহুত ভাল পায়। তোমাক যিমান দূৰ মই জানো তুমিও তেওঁক বহুত ভাল পোৱা। সেইবাবে অন্তত নিজৰ ভালপোৱাৰ বাবে ভাবি চাবা।

 ৰিয়াই একো নকলে আৰু চকু মুদি দিলে। তাই বহুত বিমোৰত পৰিছিল। উৰ্মিয়েও তাইক এনেদৰে মনে মনে থকা দেখি শুই পৰিল।

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages