কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫২ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 23, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫২ ) ? Assamese Storyboard

Assamese Storyboard

 

ৰিয়াই তাইক মনে মনে থাকিবলৈ দি কলে," মই তোমাক অকলশৰে কেতিয়া এৰিছিলোঁ? মোৰ সম্পূৰ্ণ পৰিয়ালটো তোমাক দি থৈ আহিছিলোঁ।"Assamese Storyboard )

উৰ্মি: মনে মনে থাকা, বহুত কথা কোৱা তুমি। সেইটো তোমাৰ পৰিয়াল হয়। মোৰ পৰিয়াল তুমি হয়। তোমাৰ পৰাই মোৰ পৰিয়াল আৰম্ভ। আৰু তুমি কি ভাবিছা যে মোৰ পৰা পিছ এৰুৱাটো ইমান সহজ? এতিয়া মইও তোমাৰ লগত ইয়াতেই থাকিম। এতিয়া আকৌ মোৰ পৰা দূৰ হৈ দেখুৱা।

ৰোহিয়ে ইমান দেৰীৰ পৰা সকলোকে চাই আছিল আৰু হঠাৎ জোৰেৰে চিঞৰিলে," তোমালোক বেয়া হয়, মোৰ মাক কন্দাই দিলা। মই পাপাক কৈ দিম। উৰ্মি আন্তি এইয়া মোৰ মা হয় সেইকাৰণে মাৰ লগত মই থাকিম তুমি নহয়। তুমি তোমাৰ মাৰ ওচৰলৈ যোৱা।" আৰু উৰ্মিক টানি আজুৰি ৰিয়াৰ পৰা আঁতৰাই আনিলে।

তাইৰ এই মৰম লগা কাণ্ড দেখি সকলোৱে হাঁহি দিলে। উৰ্মিয়ে তাইক কোলাত তুলি কলে,' মাজনী এই যে তোমাৰ মা জনী আছে সেইয়া মোৰো মা আৰু ডাঙৰ বাইদেউ হয়।' তাই এনেদৰে কোৱাৰ লগে লগে ৰিয়াই ভাবুক হৈ উৰ্মিক সাৱটি ধৰিলে। বেদান্তইও সিহঁত দুয়োজনীক পিছফালৰ পৰা সাৱটি ধৰিলে। ৰিয়া এতিয়া বহুত সুখী আৰু ৰিয়াৰ মুখত হাঁহি দেখি ৰাধিকাৰ চকুলো বৈ আহিল।

তেতিয়াই ৰাধীকাৰ চকু দুৱাৰত পৰিল। ৰিংকুয়ে দুৱাৰ মুখত ৰৈ সিহঁত তিনিওটাক চাই আছিল। ৰাধিকাই কিবা এটা কব লওঁতেই ৰিংকুয়ে তেওঁক ইংগিত দি মানা কৰিলে আৰু চকুলো মোহাৰি তাৰ পৰা গুচি গল।

সেই সময়ত ৰিয়াইও পিছফালে ঘূৰি দুৱাৰমুখলৈ চালে। তাইক এনেদৰে দেখি বেদান্তই সুধিলে,"কি হল ৰিয়া তাত কোনোবা আছে নেকি? কাক চাই আছা?"

তাই লাহেকৈ কলে," ৰিংকু দা তাত ৰৈ থকা যেন লাগিল।"

ৰাধিকাই তাইৰ কথা শুনি মিচিকিয়াই দিলে আৰু মনৰ ভিতৰতে ভাবিলে," ৰিংকুৰ প্ৰতিটো উপস্থিতি অনুমান কৰা কিন্তু অস্বীকাৰ কৰা।" তাৰ পাছত তেওঁ সকলোকে কলে," সকলোৰে মিলা প্ৰীতি হৈ গল যদি তৃষ্ণা এওঁলোকক খাবলৈ দিয়া। তেতিয়াৰ পৰা তিনিওটাই কান্দিয়েই আছা।"

বেদান্ত: অ ৰিয়া বহুত দিন হল তোমাৰ হাতৰ কফি খোৱা নাই।

উৰ্মি: আৰু তাইৰ হাতৰ আহাৰ খোৱা ও বহুত দিন হল।

 সকলোৱে হাঁহি দিলে। ৰিয়া পাকঘৰলৈ গল। তাই কফি লৈ অহাত ৰাধিকাই কলে," মই ৰিংকুক ফোন কৰি মাতি দিওঁ। তেওঁ আমাৰ লগতেই ৰাতিৰ আহাৰ খাই লব।"  Assamese Storyboard )

ৰিয়াই একো নোকোৱাৰ বাবে  ৰাধিকাই ৰোহিক তাৰ পৰা লৈ গল,"তোমালোকে কথা পাতা মই ৰোহিক হোমৱৰ্ক কৰাই দিওঁ।"

ৰিয়াইও কলে,"ঠিক আছে মা।"তাৰ পাছত উৰ্মি আৰু বেদান্তক নিজৰ ৰুমলৈ লৈ আনিলে।

উৰ্মি: ৰিয়া তোমাৰ আমালৈ এবাৰো মনত পৰা নাছিল নে?

বেদান্ত: মোক বিচাৰিবলৈ কিয় বাধা কৰিছিলা?  কিন্তু তুমি মোক এবাৰ ফোন কৰিব পাৰিলা হয়।

তেতিয়া ৰিয়াই মিচিকিয়াই কলে," মা-দেউতাৰ লগত মই সদায় কথা পাতি থাকোঁ। তোমালোক দুয়োৰে সকলো গতিবিধি মই গম পাওঁ। আৰু উৰ্মি তুমিতো মোক বিচাৰি পাইছিলা নহয় জানো?"

তেতিয়া বেদান্তই উৰ্মিৰ ফালে চালে আৰু উৰ্মিয়ে কলে," কত নো বিচাৰি পালোঁ? তুমি তো তোমাৰ নাম সলাই দিলা। মই যেতিয়াই ৰিয়াক বিচাৰি যাওঁ মই তৃষ্ণাক বিচাৰি পাওঁ আৰু মই সংকোচ হৈ যাওঁ। কিন্তু যেতিয়া বেদান্ত লণ্ডনৰ পৰা আহিছিল তেতিয়া ইয়াৰ ফেশ্বন হাউচৰ কিছুমান দিল ৰ বিষয়ে চকুত পৰিছিল। যেতিয়া ডিজাইনবোৰ দেখিলো মোৰ সন্দেহ হল যে তৃষ্ণা কলিতাই ৰিয়া কলিতা হয়। কিন্তু খুড়াই একো কবলৈ সাজু নাছিল। তাৰ পাছত বেদান্তই আহি ৰিংকুদাক মাফ কৰি দিলে আৰু খুড়াই দাদাক ইয়ালৈ পঠোৱাৰ কথা কলে আৰু তেতিয়া মোৰ বিশ্বাস দৃঢ় হল যে তৃষ্ণাই ৰিয়া হয় আৰু খুড়া খুড়ীয়ে সকলো কথা গম পায়।"

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages