কথাটো মই যোৱাবাৰ জুলাই মাহত যেতিয়া তঁহতৰ ঘৰত গৈছিলোঁ তেতিয়া গম পাইছিলোঁ( Assamese Storyboard )। তোৰ চাগৈ মনত আছেই সেইদিনা তোৰ বজাৰৰ পৰা ঘৰলৈ অহাত দেৰি হৈছিল। সেয়ে তই কথাবোৰ গম নাপাৱ'।
সেইদিনা যেতিয়া মই ভৰিখন ধুবলৈ পিছফাললৈ গৈছিলোঁ তেতিয়াই মই তঁহতৰ মা-দেউতাৰ কোঠাৰ পৰা কোনোবাই কথা পাতি থকা যেন পালোঁ। প্ৰথমতে মই ইমান মন নিদি পিছফাললৈ বুলি খোজ দিছিলোঁ কিন্তু হঠাতে তোৰ নামটো কোঠাটোৰ পৰা অহা শব্দত শুনি মই ৰৈ গৈছিলোঁ। কিয় জানো মোৰ এনে লাগিছিল যেন কিবা গোপন আৰু খুব এটা চিৰন্তন সত্য কথা সেই কোঠাটোত পাতি থকা হৈছে। কাৰোবাৰ জীৱনৰ কথা। কাৰোবাৰ অস্তিত্বৰ কথা। আৰু কথাবোৰ ভবাৰ মাত্ৰকে আপোনা-আপুনি মোৰ ভৰিহাল কোঠাটোৰ ফালে ঢাল খালে। কিন্তু মই কোঠাটোলৈ সোমাই যোৱা নাছিলোঁ। বাহিৰৰ পৰাই কাণ পাতি ভিতৰত কি কথা হৈ আছিল তাৰ উমান লৈছিলোঁ। তাত তহঁতৰ দেউতা আৰু মায়ে কথা পাতি আছিল। কথাটো আছিল তোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কথাটো যিটো তোক মই ইতিমধ্যে ক'লো।
আচলতে তেওঁলোকে তেতিয়া তোৰ বাবে এজনী ধনী ঘৰৰ ছোৱালী চাইছিল। আৰু বিয়াৰ বাবে ছোৱালী ঘৰে তোৰ কুষ্টি খন বিচাৰিছিল। কিন্তু তেওঁলোকৰ হাতত তোৰ কুষ্টিখন নাছিল কাৰণ তই তেওঁলোকৰ আচল সন্তান নহয়েই। তোক এটা কদৰ্যময় খালৰ পৰা তুলি আনিছিল যিটো খালত বৰদেউতাই তোক পেলাই দিছিল। সেইদিনা মই শুনা কথাবোৰ আছিল ---
: হেৰী কি হ'ব এতিয়া ক'ৰপৰা আমি এতিয়া কুষ্টি এখন আনো?
: হয় দিয়া। মহা সমস্যাত পৰিলোঁ।
: এতিয়া এইবোৰ ভাবি থাকিলে কিডাল হ'ব?? উপায় এটা বিচাৰক সোনকালে!
: উমম্। কিন্তু হ'ল বুলিয়েই নো কুষ্টি এখন ক'ত পাওঁ বাৰু? তাতে নিজৰ ল'ৰা হোৱাহেঁতেনো সময়টো মনত থাকিলহেঁতেন আৰু এখন বনাব পাৰিলোঁ হয় কিন্তু এতিয়া...!
: কি নিজৰ ল'ৰা পৰৰ ল'ৰা কৈ আছে হে আপুনি? হ'ব পাৰে মই তাক নিজৰ পেটৰ পৰা জন্ম দিয়া নাই। হ'ব পাৰে তাৰ শৰীৰত আপোনাৰ তেজ নাই কিন্তু অন্তৰেৰে হিয়াৰ সমস্ত মৰমেৰে সি মোৰ ল'ৰা। আজিলৈকে কেতিয়াও মই তাক আনৰ বুলি ভবা নাই আৰু কেতিয়াও ভাবিবও নোৱাৰোঁ। বুজিলে....?
সেইখিনি শুনাৰ পিছত আৰু মই তাত ৰখি নাথাকিলো। আৰু শুনাৰ মোৰ ধৈৰ্য্য নহ'ল। তৎক্ষণাত মই পিছফালে আহিলোঁ আৰু মুখহাত ধুলো।
: কিবা এইবোৰ কথা তই মোক ইমানদিনে কিয় কোৱা নাই?
: তই কষ্ট পাবি বুলি। আচলতে মই যে কথাবোৰ জানো এই কথা তহঁতৰ মা দেউতাই গমেই পোৱা নাছিল। মই সিদিনাখন সোধোতেহে গম পাইছিল।
: মানে?
: মানে মই তোৰ কথাবোৰ গম পোৱাৰ আগতেই বৰদেউতা হঁতৰ কথাবোৰ গম পাইছিলোঁ। কিন্তু তয়েই যে বৰদেউতা হঁতৰ প্ৰথম সন্তান সেই কথা মই নাজানিছিলোঁ।
কিন্তু এদিন কথাবোৰ ভাবি থাকোঁতে হঠাতে মোৰ দুয়োটা কথা মনত পৰিল। তেতিয়াই মই ভাবিছিলোঁ যে তই বৰদেউতাহঁতৰ প্ৰথম সন্তান বুলি। কিন্তু মই কনফাৰ্ম নাছিলোঁ। সেয়ে কথাটো জানিবলৈ মই ততাতয়াকৈ বৰদেউতাৰ ওচৰলৈ গৈছিলোঁ। আৰু সুধিছিলোঁ তেওঁক যে তেওঁলোকে ক'ত তোক পেলাই দিছিল। মোৰ কথা শুনি বৰদেউতায়েও থত্ মত্ খাইছিল। ভবা নাছিল তেওঁ মই যে এইবোৰ কথা গম পাওঁ। তেওঁ ভাবিছিল চাগৈ তেওঁ, বৰমা, দেউতা আৰু বৰমাৰ বান্ধৱী গৰাকীৰ বাহিৰে চাগৈ কোনেও এইবোৰ কথা গম নাপায়। কিন্তু কথাবোৰ তেওঁৰ বাবে দুৰ্ভাগ্যক্ৰমে মই গম পাইছিলোঁ। তাৰ পাছত তেওঁ মোক ক'ত তেওঁ তোক পেলাই দিছিল সেই সকলোবোৰ কৈছিল।
তাৰ পিছত মই আকৌ ঘৰলৈ আহি তহঁতৰ মা লৈ ফোন কৰিলোঁ আৰু সকলোবোৰ কথা তেওঁক সুধিলোঁ। কান্দি কুটি তেওঁ মোক সকলোবোৰ কৈছিল আৰু তেওঁ তোক পোৱা জেগাখিনিৰ যি নাম কৈছিল বৰদেউতায়েও সেই একেখন ঠাইৰ নামেই কৈছিল। আৰু তেতিয়াই মোৰ সন্দেহ গৈ বিশ্বাসলৈ পৰিবৰ্তিত হৈছিল।
কিন্তু তেওঁ মোক এইবোৰ কথা কাৰো আগত প্ৰকাশ নকৰিবলৈ শপত দিছিল। সেয়ে মই আজিলৈকে কথাবোৰ কাকো কোৱা নাই( Assamese Storyboard )।
: কিন্তু আজি তই মোক কিয় কথাবোৰ ক'লি বিশাল?
: কাৰণ মই বিচাৰোঁ তই সকলোবোৰ সত্যৰ সন্মুখীন হ'। সকলোবোৰ সচাঁ কথা গম পা'।
: আৰু ইয়াৰ লাভ?
: লাভ একো নাই। লাভ মাত্ৰ ইমানেই যে এইবোৰ গম পোৱাৰ পাছত তোৰ মাক-দেউতালৈ মৰমবোৰ আৰু বাঢ়ি যাব।
: আৰু তাৰ পাছত?? তাৰ পিছত কি হ'ব?
: তাৰ পিছত আৰু কি হ'ব ৰক্তিম? সকলোবোৰ আকৌ আগৰ দৰেই থাকিব মাথোঁ পাৰ্থক্য মাত্ৰ এয়ে যে তই তোৰ জীৱন সম্পৰ্কে সম্পূৰ্ণ ভাৱে জানিবি। জানিবি তই কোন? তোৰ কি অস্তিত্ব?
: এতিয়া আৰু সেইবোৰ জানি মই কি কৰিম?
হয়তো মোৰ "এইবোৰ জানি মই কি কৰিম?" "ইয়াৰ লাভ কি?" এইবোৰ প্ৰশ্ন কেতিয়াও শেষ নহ'ব বুলি বিশালে গম পাইছিল আৰু যিটো মোৰ বাবে অগ্ৰহণযোগ্য হ'লেও সত্য আছিল। সম্পূৰ্ণ ৰূপে ভাঙি পৰিছিলোঁ মই মোৰ হৃদয়। তথাপিও সি মোক বুজাই বঢ়াই আকৌ সিহঁতৰ ঘৰলৈ লৈ আনিছিল। কথাবোৰ শুনি ভাত-পানী খোৱাৰ অকণো ইচ্ছা যোৱা নাছিল যদিও জোৰকৈ সিহঁতে ভাত-পানী খোৱাই মোক পঠিয়াইছিল। যদিওবা মই তাত দুদিনমান থাকিবলৈ গৈছিলোঁ কিন্তু অস্তিত্বৰ সন্ধানত থকা বাটটোৰ শিপাবোৰে আকৌ মোক মোৰ বৰ্তমানলৈ ঘূৰাই আনিলে।
প্ৰায় আবেলি ৩.০০টা মান বজাত সিহঁতৰ ঘৰৰ পৰা মই গুছি আহিছিলোঁ। আৰু ঘৰ পাই মই মাক-দেউতাক কথাবোৰ সুধিছিলোঁ। আৰু তেওঁলোকেও কথাবোৰ হয় বুলি কৈছিল।
"জোনৰ পৃথিৱীত তৰাৰ অভাৱ
আপোনৰ পৃথিৱীত আপোনৰ অভাৱ
মৰো নে জীউ ইচ্ছা হীন এক জীৱনৰ
মালিক হোৱাৰ আনন্দই বা কিমান?"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment