কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫৭ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 30, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৫৭ ) ? Assamese Storyboard

Assamese Storyboard

 

ৰিংকুক ৰিয়াৰ বাবে এনেদৰে চিন্তাত থকা দেখি অফিচৰ কৰ্মচাৰী সকলে আকৌ কথা পাতিব ধৰিলে আৰু ৰিংকুয়ে চিঞৰি দিলে,"আপোনালোক নিজৰ নিজৰ কামত যাওক।" মিঠুয়ে তাক শান্ত কৰিলেAssamese Storyboard )। তেতিয়াই ডাক্টৰো আহিল। তেওঁ ৰিয়াক ভালদৰে পৰীক্ষা কৰি এটা বেজী দিলে আৰু কলে ," তেওঁ হয়তো কিবা কথাক লৈ চিন্তাত আছিল সেইবাবে অচেতন হৈ পৰিল। তেওঁ অলপ সময় পাছত সাৰ পাব আপোনালোকে চিন্তা কৰিব নালাগে।"

ৰিংকুয়ে ৰিয়াৰ হাতত ধৰি তলত বহি তাইৰ ফালে চাই আছিল। তেতিয়াই বেদান্ত তালৈ আহিল।

অফিছটো শান্ত হৈ থকা দেখি সি পোনে পোনে ৰিংকুৰ কেবিনলৈ।আহিল। সি বাহিৰৰ পৰাই ৰিয়াক এনেদৰে অচেতন হৈ শুই থকা দেখি দৌৰি তাইৰ ওচৰলৈ আহিল," কি হল ৰিয়া? দাদা কি হৈছে ৰিয়াৰ?"

ৰিংকুয়ে বেদান্তক দেখি তাক সাৱটি ধৰিলে আৰু সকলো কথা কৈ দিলে। ইফালে অফিচৰ বাকীবোৰ কৰ্মচাৰিও তৃষ্ণা এনেদৰে অচেতন হৈ পৰি যোৱাৰ বাবে দুখিত। যিয়েই হওক লাগিলে ৰিয়াই আজিলৈকে কাৰো লগত বেয়া ব্যৱহাৰ কৰা নাছিল। সদায় বেলেগক সহায় কৰিবলৈ সাজু আছিল। এইবোৰ ভাবি অফিচৰ মানুহবোৰো চিন্তিত আছিল। লগতে তেওঁলোকে এইটো বুজি পোৱা নাছিল যে ৰিংকু ছাৰ আৰু তেওঁৰ ভাইটিয়ে তৃষ্ণাক ৰিয়া বুলি কিয় মাতিছে?

তেতিয়াই বেদান্ত বাহিৰলৈ ওলাই আহি কলে,"কোনে ৰিয়াৰ বিষয়ে বেয়াকৈ কৈছিল?" সকলোৱে ভয়তে মূৰ তল কৰি থিয় হৈ আছিল আৰু সি পুনৰ খঙত কলে,"আকৌ যদি কোনোবাই ৰিয়াৰ বিষয়ে বেয়াকৈ কয় তেন্তে সেই দিনটো তেওঁৰ অফিচত অন্তিমতো দিন হব। মোৰ বাইদেউৰ বিষয়ে মই এষাৰো বেয়া কথা সহ্য কৰিব নোৱাৰো। বুজি পাইছা নহয় তোমালোকে?"


অফিচৰ কৰ্মচাৰী সকলৰ লগতে বেদান্তৰ খং দেখি মিঠুয়েও ভয় কৰিলে। তেওঁ বহুত কষ্টেৰে বেদান্তক বুজাই শান্ত কৰিলে আৰু অফিচৰ কৰ্মচাৰী সকলক কলে,"তৃষ্ণায়েই ৰিয়া হয়। আৰু আপোনালোকে ৰিংকুৰ সৈতে ৰিয়াৰ সম্পৰ্ক কি আছে সেই বিষয়ে জানিব বিচাৰে নহয় তেন্তে....."

সেই সময়ত ৰিয়াৰ জ্ঞান ঘূৰি আহিল। তাই ৰিংকুক তাইৰ হাতখনত ধৰি থকা দেখা পাই নিজৰ হাতখন তাৰ পৰা আঁতৰাই আনিলে। ৰিংকুয়ে বেদান্তক মাত লগোৱাত বেদান্ত ভিতৰলৈ সোমাই আহিল। ৰিয়াই তাক দেখি সাৱটি ধৰিলে। বেদান্তই তাইৰ মূৰত হাত ফুৰাই কলে," ৰিয়া তুমি এতিয়া ঠিকে আছা নে? মই মানা কৰিছিলোঁ নহয় তোমাক অকলে অহা যোৱা কৰিব নালাগে বুলি। তেন্তে কিয় অকলে অফিচৰ পৰা ওলাই গৈছিলা?দাদা সঠিক সময়ত গৈ নোপোৱা হলে আমাৰ সকলোৰে পৃথিৱী সলনি হৈ গল হয়। ৰিয়া তুমি জানা নহয় যে আমাৰ সকলোৰে সুখ তোমাৰ লগত জড়িত হৈ আছে। তথাপিও তুমি নিজৰ যত্ন নোলোৱা আৰু মোৰ কথা শুনিব নিবিচাৰা।"Assamese Storyboard )

ৰিয়াই মূৰ তল কৰি সকলো কথা মনে মনে শুনি আছিল। বেদান্তই ৰিংকুক কলে," তুমি কাম সম্পূৰ্ণ কৰি আহা। মই ৰিয়াক লগত লৈ ঘৰলৈ যাওঁ।" তাৰ পাছত ৰিয়াক লগত লৈ সি ঘৰলৈ বুলি ওলাই গল।


ঘৰলৈ গৈ ৰিয়াই বেদান্তক তাই যে অচেতন হৈ পৰি গৈছিল এই বিষয়ে ৰাধিকাক কবলৈ মানা কৰিলে। তাৰ পাছত তাই কলে,"বেদান্ত মোৰ জন্মদিন পালন কৰাৰ কি দৰকাৰ আছিল? সকলোৱে এতিয়া কথা কবলৈ সুযোগ পাইছে। তুমি নিজৰ জন্মদিন পালন কৰি লোৱা আৰু মোৰ জন্মদিন বাদ দিয়া।"

বেদান্ত: তুমিতো জানাই যে আগৰ পৰাই আমাৰ দুয়োৰে জন্মদিন একেলগে পালন কৰা হয় । আৰু এতিয়া মই গম পালোঁ যে যাৰ সৈতে মই একেলগে জন্মদিন পালন কৰোঁ তেওঁ মোৰ বন্ধু নহয় মোৰ নিজৰ বাইদেউ হয়। তেন্তে মই এতিয়া অকলে কিদৰে জন্মদিন পালন কৰিম?  হয়তো তুমি গম নোপোৱা, তুমি যোৱাৰ পাছত মই মোৰ এটাও জন্মদিন পালন কৰা নাই। কিমান আনন্দত এই সকলোবোৰ মই পৰিকল্পনা কৰিছিলোঁ আৰু তুমি কৈছা মই অকলে জন্মদিন পালন কৰিব লাগে। এইয়া কেতিয়াও সম্ভৱ হব নোৱাৰে। মই তোমাৰ অবিহনে কেতিয়াও মোৰ জন্মদিন পালন নকৰো।"

ৰিয়া মৌন হৈ পৰিল। তাই আৰু একো কব নোৱাৰিলে।

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages