: উমম্।
সকলো হঠাতে ওলট-পালট হৈ পৰিছিল চকুৰ পচাৰতে। কোনেও একো ধৰিবই পৰা নাছিল। মাথোঁ দুয়োটাই দুয়োটাৰ মুখলৈ চাই ৰৈছিল( Assamese Storyboard )। কেনেকৈ সম্পৰ্ক শিকলিবোৰ খুলি পৰে তাক আজি নিজ চকুৰে দেখিছে মানসীয়ে। যন্ত্ৰণাৰ প্ৰাচীৰ প্ৰস্তৰত কাৰোবাৰ নাম লিখিবলৈ উদবাউল হৈ পৰিছে তাই। শক্তিহীন আজিৰ এই প্ৰহৰ। নিজৰ হ'বলগীয়া বৌয়েকক আকৌ নিজৰ হ'বলগীয়া সতিনী বুলি গম পালে তাই। কোনটো সম্পৰ্ক ৰাখিব এতিয়া বাৰু তাই ৰূপাংকৃতাৰ লগত? বৌ নে সতিনী? সতিনী নে বৌ?
"পাখিহীন কাঁড়ৰ সলনি আজি চুই চাওঁ,
পানীৰ মেটেকা?
কি অদ্ভুত সংমিশ্ৰণ!
হেপাঁহেৰে আগুৰিছে কিন্তু আগুৰা নাই
মৰম জাগিছে কিন্তু জগাও নাই?
ক্লান্তিক প্ৰহৰীত উল্লাস উৎকণ্ঠাৰ দৰে
পাৰ হৈছে প্ৰতিটো ক্ষণভেদী সময়ৰ তৰল উত্তাপ।"
হঠাতে সকলোবোৰ পাহৰি আকৌ অন্য এটা কথা তাইৰ মনত পৰিল। চিৰিংকৈ মাৰিল তাইৰ বুকু। "ৰক্তিমে কোৱামতে তাৰ আচল বাপেকৰ নাম বীৰবিজয় আৰু মাকৰ নাম ৰেখামণি আনহাতে ৰূপাংকৃতা বৌৰ মাক দেউতাকৰ নামোটো এই দুটাই। ইফালে এওঁৰ বন্ধু বিশালৰ ঘৰো লংকাত গতিকে তাৰ বৰদেউতাকৰ ঘৰো লংকাতে হ'ব। তাৰমানে ৰূপাংকৃতা বৌৰ মাক-দেউতাকেই ৰক্তিমৰ??"
উফফ্ আকৌ এডাল শিকলি খুলিল। বান্ধি ৰাখিছিল, হয়তো যত্নও অশেষ কৰিছিল।
কিন্তু আৰু নোৱাৰিলে।সময়ৰ
ওচৰত হাৰ মানিলে। অসত্যতাই, লুকাই ৰখা সকলোবোৰ সম্পৰ্কই। আজি সন্মুখীন হ'ল সত্যৰ। পোহৰ দেখিলে সত্যৰ। সত্যৰ মিশ্ৰণেৰে মিশ্ৰিত হ'ল।
সত্যৰ আবিৰৰ বোলেৰে পলাশী মদাৰ হ'ল।
পদূলিমুখৰ হাস্নাহানাৰজোপায়ো আজি উকি মাৰিছে। তাৰ ওপৰৰ পৰা হেনো সকলোবোৰ সম্পৰ্কক এটা ক'লা আন্ধাৰ কোঠাত সুমুৱাই বন্ধ কৰি ৰখা চাবিপাত খহি পৰিল।
সেয়ে সি আজি মুক্ত।
মুক্ত মনেৰে আকাশলৈ চাইছে। কথা পাতিছে।
চৰাইৰ সৈতে একাকীত্ব হৈছে।
এক মধুলগনৰ গঢ়ি উঠিছে।
দূবৰিজোপায়ো উপভোগ কৰিব পাৰিছে এই নান্দনিক মধুলগন।
জবা, তগৰ, খৰাকাজাঁই জোপায়ো বেছিকৈ গোন্ধ এৰিছে যাতে মধুলগনৰ এই মধুৰ ক্ষণ আৰু শোভাসিত হৈ ৰওঁক।
ক'বলৈতো ই এক আকস্মিক ভাৱে উদ্ভৱিত পৰিস্থিতিৰ লগত মোকাবিলা হ'বলৈ সাজু হোৱাৰ সময়। তথাপিও আজি মানসীৰ মন মুকলি।
মুকলি মনেৰে উশাহ টানিছে আৰু এৰিছে। ভাল লগা এটা অনুভুতি শিহৰিত ভাৱে অনুভৱ কৰিছে। কাৰণ মনত গোপনে ৰখা প্ৰিয়জনৰ সকলো কথাই গম পাইছে। সুখ দূখৰ লগৰী হ'ব পাৰিছে।
এয়াই সুখ।
এয়াই স্বাৰ্গানুভুতা।
এয়াই প্ৰেমৰ চানেকি।
: ৰক্তিম,, তুমি এটা কথা জানানে?
: কি কথা?
: ৰূপাংকৃতাৰ মাক আৰু দেউতাকৰ নাম?
: নাজানো কিয়? তুমিটো জানা চাগৈ!
: উমম্ জানো।
: কোৱাচোন কি নাম?
: বীৰবিজয় বৰুৱা আৰু ৰেখামণি বৰুৱা।
: কি??
অৱাস্তিত সময়ত কলুষিত ভাৱনাত পৰিতপ্ত এটা বাৰ্তাৰ দুটি নাম। অভিশপ্ত, অভিশাপ নে অন্য?হয়তো ভুল বা ত্যাগো হ'ব পাৰে। নতুবা....... ভয়! বাজি উঠিছে শংকাত এটি এটি ক্ষুদ্ৰাতিক্ষুদ্ৰ ক্ষণ। হিচাপৰ সম্পূৰ্ণ বাহিৰত। ইচ্ছা কৰিলেও স্পৰ্শানুভূতি লাভ কৰিব নোৱাৰে হিচাপে। তেন্তে এতিয়া।
পানীৰ মাছ মাটিলৈ আহিলে ককবকাই
মাটিৰ মানুহ পানীলৈ গ'লে কিন্তু
বহুতে সাঁতুৰি উপভোগ কৰে
লগতে বহুতে সাঁতুৰিব নোৱাৰি পানী খাই মৰেও কিন্তু ইয়াৰ তাৎপৰ্য কি?
পানীৰ প্ৰাণীয়ে কি মাটি সহ্য
কৰিব নোৱাৰে?নে মাটিক ঘৃণা কৰে?? কিন্তু পানীৰ তলতো মাটি থাকে! হ'ব পাৰে সেই মাটিত বোকা থাকে সেই মাটি পানীৰ তলত থাকে
কিন্তু সেয়াও মাটিয়েই নহয়নে??( Assamese Storyboard )
: তাৰমানে তেওঁলোকেই মোৰ মা দেউতা?
: সম্ভৱ এটা কথা কোৱাচোন বিশাল দাই তোমাক পেলাই দিয়াৰ পিছত তেওঁলোকৰ জীৱনত কি হৈছিল সেয়া কোৱা নাছিল নেকি?
: কৈছিল,,
তাৰ পিছত তেওঁলোকে দুয়োখন ঘৰৰ অনুমতি মৰ্মে বিবাহ পাশত আবদ্ধ হৈছিল। কাৰণ তেতিয়ালৈ বীৰবিজয় বৰুৱাই বেংকত হেনো চাকৰি পাইছিল। আৰু তাৰ পাছত তেওঁলোকৰ এজনী ছোৱালীৰ জন্ম হয় তাই তেতিয়া হায়াৰ চেকেণ্ডাৰী পঢ়ি আছিল।
: তেনেহ'লে সেইজন তোমাৰ দেউতাই হয় কাৰণ ৰূপাংকৃতাৰ বাপে বীৰবিজয় বৰুৱায়ো বেংকতে কৰে।
: তেন্তে আমি এতিয়া কি কৰা উচিত মানসী? মই কিন্তু ইমান সহজতে তেওঁক সাৰি যাব নিদিওঁ মোৰ লগত কৰা প্ৰতিটো অন্যায়ৰ প্ৰতিদান তেওঁ দিবই লাগিব।
বজ্ৰকণ্ঠেৰে হুংকাৰ দিলে ৰক্তিমে।
এয়াই ক্ষোভ,,,
এয়াই বিষাদ,,
এয়াই বেজাৰ,,
হয়তো তাৰো সহ্যৰ সীমা পাৰ হৈ পৰিছে। সি এতিয়া তেওঁলোকক শাস্তি দিহে যে শান্ত হ'ব। বিশ্বাস কৰিবলৈ সি টান পাইছে যে নিজৰ মাকে তাৰ লগত?? এজনী নাৰী হৈ? তাৰ আজিৰ মাকে মানসীৰ লগত যিয়েই নকৰক কিয় সেয়া কেৱল নিজৰ স্বামীৰ বাবে কৰিছে কিন্তু তেওঁ??
সমাজৰ বাবে!
সমাজত কলংকিত নহ'বলে।
ছিঃ.....
মানসীয়ে তাক কিবা এটা ক'বলৈ লৈছিল। কিন্তু সি গম পাইছিল যে তাই কি ক'বলৈ লৈছিল সেয়ে তাইক বাধা দি সি ক'লে--
: তুমি মোক বাধা নিদিবা মই তেওঁলোকক মোৰ লগত কৰা কৰ্মৰ ফল দিহে এৰিম।
: কিন্তু ৰক্তিম এইবোৰ কৰি জানো এতিয়া কিবা লাভ আছে.?? যি হৈ গ'ল তাকতো আৰু সলাব নোৱাৰি।
: লাভৰ কাৰণে মই কাম নকৰোঁ। মই বেপাৰী নহয়।
আৰু যি হ'ল হ'ল বুলি তেওঁলোকে কৰা বেয়াটোও ভাল নেকি? ভুলটোও শুদ্ধ নেকি?
পাপটোও পুণ্য নেকি?
অলপ সময় ৰৈ আকৌ সি ক'লে--
"আজি মই অফিচ নাযাওঁ লংকালৈ যাম দুপৰীয়া তুমি ৰেডি হৈ থাকিবা।"
কথাখিনি কৈ সি গুছি গ'ল কিন্তু দুৱাৰমুখৰ পৰা আকৌ মাত লগালে -- "আহোতে তোমালোকৰ ঘৰতো সোমাই আহিম দেউতাক মাটিখিনিৰ কথা ক'বা। যদি দিয়ে কামখিনি সোনকালে কৰিব লাগিব আৰু যদি নিদিয়ে তেন্তে বেংকৰ পৰা লৌণ এটা লৈ অন্য এঠাইত মাটি অলপ কিনিব লাগিব।"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment