বেদান্তই ৰিংকুক ফোন কৰিলে,"দাদা তুমি তালৈ গৈ পাহৰি গলা নেকি আমাক?এবাৰো ফোন কৰা নাই। ৰিয়াক লগ পালা নে তুমি?"( Assamese Storyboard )
ৰিংকু: ছ'ৰি ভাইটি, মইতো তোমাৰ বাইদেউৰ লগত লাগি থাকোতে পাহৰিয়েই থাকিলোঁ।
বেদান্ত: তাৰমানে তুমি তাইক লগ পালা। তেন্তে তুমি তাইক লৈ কেতিয়া আহিবা? নহলে মই কাইলৈ যাম তালৈ মই আৰু ধৈৰ্য্য ধৰিব পৰা নাই। মই অতি সোনকালে তাইক লগ পাব বিচাৰো।
ৰিংকু: ৰ'বা ,সম্পূৰ্ণ কথাটো শুনি লোৱা মোৰ। মই যেতিয়ালৈকে নামাতো তুমি নাহিবা।
বেদান্ত: কিয় দাদা? আৰু ৰিয়া কেনে আছে? তাই মোৰ কথা সুধিছে নে নাই?
ৰিংকু: শান্ত হোৱা, তাই সম্পূৰ্ণ ঠিকে আছে। তাইতো আগতকৈ বেছি কাজিয়া কৰিব পৰা হল। খং অনবৰতে তাইৰ নাকৰ আগতেই থাকে।
বেদান্ত: মই একো বুজা নাই দাদা।
ৰিংকু: তাই মোক বহুত খং কৰি আছে।কিন্তু অলপ সময় দিয়া মই তাইক নিশ্চয় কৈ মান্তি কৰাই লম। আৰু তোমাৰ সন্দেহ শুদ্ধ আছিল , তাই আমাৰ কোম্পানীত তৃষ্ণা কলিতা নামেৰে কাম কৰি আছিল।"তাৰ পাছত তাক সকলো কথা কলে।
তাৰ পাছত হাঁহি মাৰি কলে," বাকীবোৰটো ঠিকেই আছে , তাই ৰোহিক তোমালোক সকলোৰে কথা শুদ্ধকৈ কলে। তোমাক মামা, উৰ্মিক মাহী আৰু মা পাপাক ককা আইতা বুলি চিনাকি দিলে কিন্তু কেৱল মোক ধেমালি বনাই দিলে। মই বোলে খঙাল আংকুল। ভাগ্যভাল যে মোৰ ফটো দেখুৱাই নিদিলে।"
ৰিংকুৰ কথা শুনি বেদান্তই হাঁহিব ধৰিলে।
ৰিংকু: কিমান হাঁহিব মন আছে হাঁহি লোৱা। ভায়েক বায়েকে লগ হৈ কিমান জোকাবা জোকাই লোৱা মোক। মোৰো সময় আহিব তেতিয়া কম তোমালোকক মই।
বেদান্ত: ছ'ৰি দাদা, বাৰু এইটো কোৱাচোন ৰোহি সঁচাকৈয়ে মৰম লগা নেকি?
ৰিংকু: অ বহুত মৰম লগা হয়। মোৰ বাবেতো পৰি হয় তাই। তাইৰ বাবেইটো মই ৰিয়াক লগ পালো। সেইকাৰণে মই তাইক পৰি বুলি কওঁ।
বেদান্ত: এতিয়া তুমি ইমানকৈ কৈছা যেতিয়া মোৰো ৰোহিক লগ পাবলৈ বৰ মন গৈছে। দাদা মই কাইলৈ যাওঁ দিয়া। দূৰৰ পৰা চাই আঁতৰি আহিম।
ৰিংকু: নালাগে বুলি কৈছোঁ নহয় এতিয়া আহিব নালাগে। তুমি কি ভাবিছা তুমি আহিবা আৰু তাই গম নাপাব।
বেদান্ত: ঠিক আছে দাদা, তুমি যি কোৱা তাকেই হব।
ইফালে পাকঘৰত তৃষ্ণাই ৰাতিৰ আহাৰৰ প্ৰস্তুতি চলাই আছিল আৰু ৰোহি তাইৰ সন্মুখত আগ পিছ কৰি আছিল।
তৃষ্ণা: কি কথা আছে মাজনী? তুমি আইতাৰ লগত টিভি ছোৱাগৈ ইয়াত থাকিলে দুখ পাই যাবা ।
ৰোহি:মা মোৰ তোমাক কথা এটা সুধিব লগা আছিল।
তৃষ্ণাই তাইক কোলাত তুলি লৈ শ্লেবত বহুৱাই দিলে," মোৰ পৰি জনীয়ে কি সুধিব বিচাৰিছে?"
ৰোহি: মা মোৰ সকলো বন্ধুৰে দেউতাক আছে মোৰ দেউতা কত আছে নো?
তৃষ্ণা: আজি হঠাৎ দেউতাৰ কথা কেনেকৈ মনলৈ আহিল?
ৰোহি: আজি পাৰ্কত আংকল এজন লগ পাইছিলোঁ তেওঁক দেখিয়েই কথাটো মনলৈ আহিল।
তৃষ্ণাই তাইক বুজালে," কিমান বাৰ কৈছোঁ তোমাক যে অচিনাকি মানুহৰ লগত কথা পাতিব নালাগে। আৰু আজিকালি তুমি মোৰ কথা কিয় নুশুনা?"
ৰোহিয়ে 'ছৰি মা' বুলি কৈ আইতাকৰ ওচৰলৈ গুচি গল।( Assamese Storyboard )
তেতিয়াই ৰাধিকাই তাইক মাত লগালে,"তৃষ্ণা আজি আলহী এজন আহিব তেওঁৰ বাবে খোৱা যোগাৰ কৰিবা আৰু অলপ পায়স ও বনাই দিবা।"
তৃষ্ণা: কোন হয় সেইজন? কোনোবা বিশেষ যেন পাওঁ।
ৰাধিকা: অ মাজনী বিশেষ বুলিয়েই ভাবি লোৱাচোন। মই পাৰ্কত লগ পাইছিলোঁ। ৰোহিৰ লগতো ভাল বন্ধুত্ব হল তেওঁৰ সেইবাবে ৰাতিৰ আহাৰ খাবলৈ নিমন্ত্ৰণ জনালোঁ।
তৃষ্ণা: ঠিক আছে মা,কিন্তু অচিনাকি মানুহৰ লগত অলপ কমকৈ কথা পাতিব। এজন অচিনাকি মানুহক এনেদৰে ঘৰলৈ দিনাৰৰ বাবে মতাতো মোৰ শুদ্ধ যেন লগা নাই।
ৰাধিকা: নহয় মাজনী তেওঁ অচিনাকি নহয়। বহুত ভাল লৰা হয় , যেতিয়া আহিব তুমিও লগ পাবা গম পাবা তেতিয়া।
তৃষ্ণা: ঠিক আছে মা।
কিছুসময় পাছত তৃষ্ণা নিজৰ ৰুমৰ পৰা ওলাই অহাত বাহিৰৰ ৰুমত কোনোবাই ৰোহিৰ লগত খেলি থকা আৰু ৰাধিকা আৰু গোপালৰ লগত কথা পাতি থকাৰ উমান পালে। ৰোহিয়ে যেতিয়া তাইক দেখিলে তাই দৌৰি তাইৰ ওচৰলৈ আহিল," মা মা, এইয়া চোৱা পাপাই মোৰ কাৰণে ইমানবোৰ চকলেট আনি দিলে।"
তৃষ্ণা আচৰিত হল যে তাই কাক পাপা বুলি মাতিছে। তেতিয়া তাই সন্মুখত মিচিকিয়াই থকা ৰিংকুক দেখা পালে আৰু তাইৰ মুখৰ পৰা ওলাই পৰিল,"আপুনি?"
তেতিয়া ৰাধিকাই কলে,"তৃষ্ণা তুমি এওঁক চিনি পোৱা নেকি?"
তৃষ্ণা: নহয় মা মই এওঁক চিনি নাপাওঁ। মই খাবলৈ ৰেডী কৰোঁ।
তেতিয়া তাইক বাধা দি ৰিংকুয়ে কলে,"তৃষ্ণা মিছাকৈ কিয় কৈছা? আচলতে আমি একেটা অফিচতে একেলগে কাম কৰোঁ।"
তৃষ্ণাই এইবাৰ খঙত কলে,"মই আপোনাক চিনি নাপাওঁ।" বুলি কৈ তাই পাকঘৰলৈ গুচি গল আৰু সকলোৱে হাঁহি দিলে।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment