: মোৰ ঘৰৰ বিষয়েটো তই জান'ই ৰক্তিম। যদিও আমাৰ ঘৰত মই, মা, দেউতা আৰু বা থাকোঁ তথাপিও আমাৰ পৰিয়ালটো ডাঙৰ ( Assamese Storyboard )। আমাৰ এজন বৰদেউতা আছে। ইয়াৰ পৰা অলপমান দূৰৈত তেওঁলোকৰ ঘৰ। তেওঁৰ ঘৰত বৰমা আৰু এজনী ৰূপাংকৃতা নাম ছোৱালী আছে তাই মোতকৈ তিনিমাহৰ সৰু। আচলতে বৰদেউতা হঁতৰ সন্তান বিয়াৰ বহু বছৰৰ মূৰতহে হৈছিল সেইবাবে তাই মোতকৈ আৰু বাতকৈ সৰু। বৰদেউতাৰ নাম বীৰবিজয় বৰুৱা আৰু বৰমাৰ নাম ৰেখামণি বৰুৱা।
: মই সেইবোৰ জানি কি কৰিম বিশাল?
: তই জানিব লাগিব ৰক্তিম কাৰণ ইয়াৰ লগত তোৰ অতীত জড়িত হৈ আছে।
: কথাবোৰ পাক লগাই নাথাকিবি খোলাখোলিকৈ ক'!
: শুন তেন্তে ..................
কথাবোৰ মই মোৰ দেউতাৰ মুখেৰে গম পাইছোঁ। ময়ো কথাবোৰ গম পোৱাৰ বেছিদিন হোৱা নাই। অলপ দিনৰ আগতহে গম পাইছোঁ মই।
বৰদেউতা আৰু বৰমাৰ প্ৰেম বিবাহ হৈছিল। কিন্তু তাৰ আগতেও তেওঁলোক পাঁচ বছৰৰ প্ৰেমৰ সম্পৰ্কত আছিল। আৰু তই তাৰেই পৰিণতি। তেওঁলোকৰ প্ৰেমৰ প্ৰায় তিনি বছৰৰ মূৰত তোৰ জন্ম হৈছিল। কিন্তু তই আছিলি তেওঁলোকৰ অবৈধ সন্তান।
বৰদেউতা আৰু বৰমাৰ প্ৰেমৰ কথা আমাৰ ঘৰত মানে ককা আইতাহঁতে গম পাইছিল যদিও বৰদেউতাৰ তেতিয়া কোনো সংস্থাপন নাছিল বাবে তেওঁলোকে এই বিয়াত সন্মতি দিয়া নাছিল আৰু বৰমা হঁতৰ পৰিয়ালেও। এনেকুৱা নহয় যে তেওঁলোক এই সম্পৰ্কৰ বিৰোধী আছিল মাত্ৰ তেওঁলোকে বৰদেউতাৰ সংস্থাপনৰ বাবেহে বাট চাই আছিল। কিন্তু বৰদেউতা আৰু বৰমাৰ সম্পৰ্ক বহু দূৰ আগৱাঢ়ি গৈছিল। আনহাতে আমাৰ ককা আছিল একেবাৰে কাঢ়া মানুহ। যিটো ক'ব সেইটো কৰিবই। আৰু তেওঁ যিটো কৈছিল সেইটোহে এইখন ঘৰত হৈছিল। সেয়েহে তেওঁক সকলোৱে বহুত ভয় কৰিছিল। তেওঁৰ কথা শিলৰ ৰেখাৰ দৰে। পূবৰ বেলি পশ্চিমত ওলাব পাৰে কিন্তু তেওঁৰ কথা কেতিয়াও সলনি নহয়।
বৰমা তেতিয়া কলেজত পঢ়ি আছিল। বৰমা আৰু তেওঁৰ এগৰাকী বান্ধৱীৰ সৈতে দুয়োগৰাকী হোষ্টেলত নাথাকি এটা ভাড়াঘৰতে আছিল। আৰু তেওঁৰ বান্ধৱী গৰাকীয়েও সকলো কথা জানিছিল। তেওঁলোকৰ সম্পৰ্কৰ পৰা আৰম্ভ কৰি তোৰ লৈকে। বৰমাৰ যেতিয়া চাৰিমাহ মান হৈছিল তেতিয়াহে তেওঁ গম পাইছিল যে তেওঁ গৰ্ভৱতী। আৰু গম পাইয়ে তেওঁ বৰদেউতাক কৈছিল। কথাটো শুনি দুয়ো মহা সমস্যাত পৰিছিল। কাৰণ সেই সময়ত বিয়া পতাটো তেওঁলোকৰ বাবে অসম্ভৱ কথা আছিল। কাৰণ এখন ঘৰৰো মত নাছিল। কি কৰিব এতিয়া তেওঁলোকে?
এনেতে ডক্তৰে কৈছিল এতিয়া হেনো আৰু এভৰ্চনো কৰিব নোৱাৰি কাৰণ চাৰিমাহ পূৰ হ'বলৈ তেতিয়া মাত্ৰ দুদিন আছিল। গতিকে এই সন্তানটিক হেনো জন্ম দিয়াৰ বাহিৰে আন একো উপায় নাছিল। আৰু যদি গৰ্ভপাত কৰিবলৈ চেষ্টা কৰে তেতিয়া বৰমাৰ মৃত্যু হোৱাৰো চাঞ্চ আছে। দুয়ো মহা বিপাঙত পৰিল। কিন্তু তেতিয়া বৰমাৰ সেই বান্ধৱী গৰাকীয়ে তেওঁলোকক বহুত সহায় কৰিছিল।
তেওঁ বৰমাৰ কথাটো সকলোৱে পৰা লুকুৱাই ৰাখিছিল। কাকো কোৱা নাছিল। আৰু বৰমাৰ এই কথাটো বৰদেউতাই অকল আমাৰ দেউতাৰ বাহিৰে আন কাকোৱেই কোৱা নাছিল। বৰমাহঁতৰ ঘৰৰো কোনেও গম পোৱা নাছিল। তেনেকৈয়ে দিনবোৰ পাৰ হৈ গৈছিল। বৰমা কলেজলৈ যোৱা নাছিল যদিও তেওঁৰ বান্ধৱী জনীৰ পৰা সকলো নোটচ্ লৈছিল সেয়ে তেওঁৰ পঢ়াত ইমান অসুবিধা হোৱা নাছিল।
তেনেদৰেই বৰমাৰ আঠমাহত ভৰি দিছিল। ভাড়াঘৰটোৰ পৰা তেওঁৰ অকণমানো বাহিৰলৈ ওলোৱা নাছিল। বৰদেউতা তেওঁৰ ওচৰলৈ প্ৰায়েই গৈছিল। আনহাতে তেওঁৰ বান্ধৱী গৰাকীয়েও বহুত সহায় কৰিছিল। ডক্তৰৰ ওচৰলৈ চেকাআপৰ বাবে যাবলগীয়া হ'লে সদায় ৰাতি গৈছিল। বাকী অকণো কোঠাটোৰ পৰা তেওঁ বাহিৰ হোৱা নাছিল।
কিন্তু তেনেকুৱাতে এদিন তেওঁৰ প্ৰসৱবেদনা আৰম্ভ হ'ল। ডক্তৰে দিয়া সময়ৰ এসপ্তাহৰ আগতে। বৰদেউতা হঁতে ভাবিছিল ডক্তৰে দিয়া তাৰিখৰ আগৰ দিনা ৰাতি তেওলোকে বৰমাক ভৰ্তি কৰিব কিন্তু এসপ্তাহৰ আগতেই হোৱাৰ বাবে সকলোবোৰ খেলিমেলি হৈ গ'ল। ভাগ্য ভাল আছিল যে সেইদিনা বৰদেউতাও তাত আছিল। নহ'লেতো কি হ'ল হয় একো ঠিক নাছিল।
বৰমাৰ বিষটো লাহে লাহে বাঢ়ি আহিছিল। একো উপায় নাপায় বৰদেউতা আৰু বৰমাৰ বান্ধৱী গৰাকীয়ে তেওঁক হস্পিতাললৈ লৈ গৈছিল ৰাতি প্ৰায় ১০.০০মান বজাত। আৰু ৰাতি বাৰ বাজি বিছ মিনিটত এটা দেৱশিশু জন্ম হৈছিল। আৰু সেই দেৱশিশুটোৱেই আছিলি তই ৰক্তিম( Assamese Storyboard )।
: কি.......
হঠাতে মোৰ চকু কপালত উঠি গৈছিল মানসী। ভাবি পোৱা নাছিলোঁ মই কোন? কি মোৰ অস্তিত্ব?? সদায় যিহাল মানুহক মই নিজৰ মা-দেউতা বুলি জানো বা সমাজেও জানে হঠাতে সেইহাল মানুহ মোৰ মা-দেউতা নহয় বুলি গম পোৱাৰ পিছত মোৰ অৱস্থা কি হৈছিল তুমি ভাবিবও নোৱাৰা মানসী। দুৰ্বল হৈ পৰিছিলোঁ মই। কিন্তু মনতে অকণমান ভাবিছিলোঁ যে সেই সন্তানটোৱেই যে মই তাৰ কিবা প্ৰমাণ আছে নেকি?? সেইটো অন্য কোনোবাও হ'ব পাৰে? কথাটো মনতে ভাবিয়েই মই বিশাললৈ প্ৰশ্নবান নিক্ষেপ কৰিলোঁ।
: সেইটো যে ময়েই তই কেনেকৈ জানিলি বিশাল?
: ৰহ্ তাৰ পাছৰ খিনি শুন।
তেনেকৈয়ে ৰাতিটো পাৰ হ'ল।। ৰাতি পুৱালত সকলোৱে মূৰত এটা চিন্তাই বাহৰ পাতিলে। সেইটো হ'ল এতিয়া এই কণমানিটোৰ কি হ'ব? কাৰণ এই কথা গম পালে ককাই যে লগে লগেই বৰদেউতাক ঘৰৰ পৰা উলিয়াই দিব তাত তিলমানো সন্দেহ নাই। তেন্তে এতিয়া কৰিব কি? তদুপৰি বৰমাৰ ঘৰত এইবোৰ গম পালে বা কি কৰে তাৰো একো ঠিকনা নাই । আনহাতে সমাজে এইবোৰ কথা গম পালে ক'তই যে কি ক'ব? কিমান যে ককৰ্থনা কৰিব তাৰো।একো লেখ নাই। সকলোতে কেৱল বিপদ বিপদ আৰু বিপদ।
তেনেতে বৰমাৰ বান্ধৱী গৰাকীয়ে এটা বুদ্ধি দিলে ---
: তহঁতে একো চিন্তা নকৰিবি ইয়াৰ এটা বুদ্ধি মোৰ হাতত আছে।
: কি?
: এই ল'ৰাটোক আমি আজিয়েই ডাষ্টবিনত পেলাই দিম।
: তই পাগল হ'লি নেকি? হাও ডেয়াৰ ইউ? মই মোৰ ল'ৰাটোক কেতিয়াও ডাষ্টবিনত নেপেলাওঁ।
: কথাটো বুজিবলৈ চেষ্টা কৰ ৰেখা। এতিয়া আবেগেৰে সিদ্ধান্ত ল'লে নহ'ব। বুদ্ধিৰে ল'ব লাগিব। সমাজৰ কথাও ভাবিব লাগিব কাৰণ আমি এই সমাজতেই বাস কৰিব লাগিব। সমাজক বাদ দি আমি কেতিয়াও থাকিব নোৱাৰোঁ। আৰু সমাজত এই সন্তানটোক "অবৈধ সন্তান", "পাপৰ ফল" এইবুলি ক'ব। তই জাননে?
: ক'লে কৈ থাকক। সেইবুলি মই মোৰ ল'ৰাটোক মোৰ পৰা আঁতৰ কৰিব নোৱাৰোঁ।
: পগলামী নকৰিবি ৰেখা। প্ৰেকটিকেল হ'।
: অ' ৰেখা মোৰ মতেও এওঁ ঠিকেই কৈছে আমি বৰ্তমান এইটোৱেই কৰা উচিত হ'ব।
: আপুনিও.....
: মই যিটো শুদ্ধ বুলি ভাবিছোঁ সেইটোহে কৈছোঁ।
: চা ৰেখা, বিয়াৰ পিছত তঁহতে আকৌ সন্তান জন্ম দিব পাৰিবি কিন্তু এবাৰ যদি সন্মান যায় নহয় তঁহতে যিমান যি নকৰ' ই কেতিয়াও ঘূৰি নাহে। সেয়ে মই যি কৈছোঁ তেনেকৈ কৰি যা।
: ঠিক আছে যি কৰ' কৰ তঁহতে।
বৰমায়ে অনিচ্ছাসত্ত্বেও তেওঁলোকৰ কথাত সমৰ্থন দিবলৈ বাধ্য হৈছিল। যদিও তেওঁৰ মনটোৱে মনা নাছিল তথাপিও সন্মানৰ খাতিৰত সমাজৰ খাতিৰত তেওঁ এই ত্যাগ কৰিবলৈ বাধ্য হৈছিল। তাৰ পিছত বৰমাৰ বান্ধৱী আৰু বৰদেউতাই মিলি তোক ক'ৰবাত পেলাই থৈ আহিছিল আৰু য'ৰপৰা তোৰ বৰ্তমানৰ মা-দেউতাই তোক তুলি আনি ডাঙৰ দীঘল কৰিছে।
: কিন্তু তই মোৰ প্ৰশ্নটোৰ উত্তৰ এতিয়াও নিদিলি! মই যে সেই পেলাই দিয়া ল'ৰাজন হয় তাৰ কি প্ৰমাণ আছে?
: আছে।
কাৰণ দেউতাৰ মুখৰ পৰা এইবোৰ শুনাৰ পিছত মই বৰদেউতাকো এই কথাবোৰ হয়নে সুধিছিলোঁ তেওঁ হয় বুলি কৈছিল। আৰু সেইজন যে তই মই কেনেকৈ গম পাইছিলোঁ জান'? কিন্তু বৰদেউতা হঁতৰ সেই সন্তানটো যে তয়েই এই কথা কিন্তু মোৰ বাহিৰে আৰু অন্য কোনেও নাজানে। শুন.....
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment