বিল গেট্‌ছৰ দৈনন্দিন জীৱনৰ কিছুমান নীতি নিয়ম : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, September 30, 2021

বিল গেট্‌ছৰ দৈনন্দিন জীৱনৰ কিছুমান নীতি নিয়ম : Assamese Fact

Assamese Fact


উইলিয়াম হেনৰি গেট্‌ছ তৃতীয় । অৰ্থাৎ বিল গেট্‌ছৰ দৈনন্দিন জীৱনৰ কিছুমান কথা আজি আমি আপোনালোকক জনাবলৈ উলাইছোঁ।Assamese Fact )

 

Assamese Fact
প্ৰিয় পাঠকসকল আপোনালোকে জানেনে, যে যদি বিল গেট্‌ছে এই পৃথিৱীত থকা সকলোকে ১০ ডলাৰকৈ ভাগ কৰি দিয়ে তেতিয়াও তেওঁৰ ওচৰত ৩০ বিলিয়ন ডলাৰতকৈ বেছি ধনৰাশি থাকি যাব। ইভেন চ'চিয়েল চিক'ৰিটিৰ এডমিনিষ্টেচনৰ অনুসৰি এজন এভাৰেষ্ট স্নাতক ডিগ্ৰী থকা আমেৰিকানে নিজৰ গোটেই জীৱনতে ২.২মিলিয়ন ডলাৰ ইনকম কৰিব পাৰে।যিটো বৰ্তমান চাবলৈ গ'লে ১৬,৫৩,২৮,৯০০ ভাৰতীয় টকা হয় যিটো  বিল গেট্‌ছে  প্ৰায় ডেৰ ঘন্টাৰ ভিতৰতে উপাৰ্জন কৰে। বহুত গৱেষণাৰ অন্তত আপোনালোকলৈ এই তথ্যবোৰ আগবঢ়াইছো। তেওঁৰ লগত জড়িত কিছুমান আচৰিত ঘটনা আৰু তেওঁৰ কিতাপ পঢ়া লগত জড়িত তিনিটা নিয়মো আপোনালোকক জনাম।


যেতিয়া বিল গেট্‌ছে নিজৰ কামৰ বাবে বেলেগ বেলেগ চহৰ বা হোটেললৈ নাযায় তেতিয়া তেওঁ সদায় ৰাতিপুৱা ৭টা বজাত মৰিনা উৱাচিংটনত থকা নিজৰ ৬৬ হাজাৰ স্কুৱাৰ ফুট আৰু ১২৭ মিলিয়ন ডলাৰৰ মেঞ্চনত নিজৰ ৭ ঘন্টাৰ টোপনি সম্পূৰ্ণ কৰি উঠে। কাৰণ তেওঁৰ মতে  ভাল আৰু সৃষ্টিশীল চিন্তাৰ বাবে আমাক সদায় ৭ ঘন্টাৰ টোপনিৰ প্ৰয়োজন। কিন্তু প্ৰিয় পাঠকসকল আপোনালোকে এটা কথা নাপাহৰিব যে বিল গেট্‌ছ মাইক্ৰচফ্ট কোম্পানী আৰম্ভ কৰোঁতে আৰু তেওঁৰ যৌৱনকালত বহুত টোপনি ত্যাগ কৰি তেওঁ কাম কৰি কৰিয়ে নিজৰ টেবুলতে শুই থাকিছিল আৰু আকৌ উঠি কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কৈছিল মই ২০বছৰ বয়সত এদিনো কাম বন্ধ কৰা নাছিলোঁ।যেতিয়া মোৰ বয়স ২০ ৰ পৰা ৩০ বছৰত সোমাইছিল তেতিয়া মই অকল কামতে মন দিছিলোঁ। মই তেতিয়া লৈকে একো বন্ধতে ছুটি লোৱা নাছিলোঁ আৰু ক'তো ফুৰিবলৈ যোৱা নাছিলোঁ। মই সদায় অফিচলৈ প্ৰথমতেই গৈ পাইছিলোঁ আৰু সদায় সকলোতকৈ শেষতহে আহিছিলোঁ। ("I never took a day off in my  tenties.not one . When I was in my 20s and early 30s, my whole life was focused on work. I dindn't take vacations or weekends off. I was always the first in the office and the last to leave....")

Assamese Fact )


শুই উঠাৰ পিছত তেওঁ সদায় নিজৰ ঘৰতে থকা জিমত ব্যায়াম কৰে। একাডো' ব্যায়াম কৰি থাকোঁতে তেওঁ কিছুমান তথ্য আৰু শিক্ষাৰ লগত জড়িত ভিডিঅ' বা চ' ও চাই। চাবলৈ গ'লে তেওঁ শৰীৰ আৰু মগজুক একেলগেই প্ৰশিক্ষণ দিয়ে।শৰীৰৰ পৰা ঘাম বাহিৰ কৰি গা ধোৱা পাছত তেওঁ বাতৰি কাকত যেনে-The Wall Street Journal, The New Work Times, The Washington Post আদিৰ জৰিয়তে পৃথিৱীত বৰ্তমান কি চলি আছে সেই বিষয়ে আভাস লয়। তাৰ অলপ সময় পাছত তেওঁ নিজৰ কামৰ বাবে উলাই যায়। কিন্তু আপোনালোকে ভাবিছে চাগে প্ৰাতঃ ভোজনটো নাখালে,তেওঁ ৰাতিপুৱা প্ৰাতঃ ভোজন  সদায় নাখায়। কিন্তু কেতিয়াবা মন গ'লে বা খোৱা জৰুৰী হ'লে তেওঁ নিজৰ মন পচন্দৰ প্ৰাতঃভোজন  হক' অব বব ছিৰিয়েলেই খাই। কামলৈ গৈ পোৱা পাছত সদায় তেওঁ সময়বোৰ মিটিং , জৰুৰী ইমেল পঢ়া আৰু বিভিন্ন ধৰণৰ গৱেষকসকলৰ  লগত বিভিন্ন  কৌশল আৰু ফলাফলসমূহ পৰীক্ষা নিৰীক্ষা কৰোতেই পাৰ হয়। য'ত তেওঁ আৰু তেওঁৰ পত্নী Bill and Melinda Gates Foundation জড়িত হৈ আছে । 


আপোনালোকে গেট্‌ছৰ  বৰঙণি আৰু ড'নেচনৰ বিষয়েতো শুনিছেই। কিন্তু 'Forbes' মেগাজিনৰ মতে বিল গেট্‌ছ এই সময়ৰ পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি হ'ল হেঁতেন। যদি তেওঁ ১৯৯৪ চনৰ পৰা এতিয়ালৈকে ৫০ বিলিয়ন ডলাৰ অকল দান কৰাত আৰু গৱেষণা কৰাত ব্যয় নকৰিলে হেঁতেন। তেওঁ লাগিলে নিজৰ ডলাৰ  দানেই কৰক বা বেলেগ ব্যৱসায়ীৰ দৰে অকল পইচাকেই গুৰুত্ব নিদিয়ক , কিন্তু তেওঁ সময়ক যথেষ্ট গুৰুত্ব দিয়ে। সেই কাৰণে তেওঁৰ কামবোৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণেৰে ভাগ কৰা আছে। তেওঁ সকলো কামক এটা লিমিটেড টাইম দিয়ে,যাক টাইম ব্লকিং বুলি কোৱা হয় আৰু এই টাইম ব্লকিং পদ্ধতিটোকে ইনলমাস্ক আৰু Cal Newport মানি চলে। এইবোৰৰ মাজত সেই সময়তো আহে যেতিয়া শৰীৰক শক্তিৰ প্ৰয়োজন হয়। অৰ্থাৎ দুপৰীয়া আহাৰ।


 গেট্‌ছে দুপৰীয়া আহাৰত নিজৰ মন পচন্দৰ বস্তু খাই। কিন্তু বহুত ইন্টাৰভিউত তেওঁ কৈছে তেওঁ পচন্দৰ আহাৰ চিজ বাৰ্গাৰ। তেওঁক সুধা হৈছিল যে এটা আইলেণ্ডলৈ আপুনি কি খোৱা বস্তু লৈ যাবলৈ পচন্দ কৰিব তেতিয়া তেওঁ ক'লে-চিজ বাৰ্গাৰ। ইমান কাম আৰু মিটিং কৰা পাছত দিনটো শেষ হৈ যোৱাৰ পাছত সময় আহে নিজৰ আৰু ঘৰৰ মানুহৰ লগত সময় কটোৱাৰ।এই সময়খিনি তেওঁ পত্নী মেলিণ্ডা আৰু নিজৰ তিনিটা ল'ৰা ছোৱালী ফোবি, জেনিফাৰ আৰু ৰোৰীৰ লগত কটাই ভাল পায়। কিন্তু তেওঁৰ  ল'ৰা ছোৱালী ডাঙৰ হোৱা পাছত এ‌কেলগে সময় কটোৱা তেতিয়াহে হয় যেতিয়া সকলো একেলগে একে সময়তে থাকে আৰু এনেকুৱা প্ৰায়ভাগ বন্ধতহে থাকে। তেওঁ কিতাপ পঢ়ি ভাল পোৱাৰ লগতে টেনিছো খেলে। কাৰণ তেওঁ টেনিছ খেলি বহুত ভাল পায়। সেই কাৰণে তেওঁ ঘৰতে টেনিছ খেলা জেগা বনাই লৈছে।২০১৮ চনত জনপ্ৰিয় টেনিচ খেলুৱৈ Roger  Federer লগত তেওঁ খেলিবলৈ ও পাইছিল। তেওঁৰ কিতাপ পঢ়া অভ্যাসটোৰ কথা কোনেনো নাজানে। তেওঁ ক'ৰবাত গৈ থাকোঁতে আৰু ঘৰত থাকোঁতে বেচি ভাগ সময় কিতাপ পঢ়িয়ে কটায়। তেওঁ সপ্তাহত এখন আৰু বছৰত প্ৰায় ৫০ খন কিতাপ পঢ়ে। তেওঁ কিতাপ পঢ়োতে তিনিটা নিয়ম পালন কৰে আৰু তেওঁ মতে বাকী মানুহেও এই নিয়মসমূহ পালন কৰিলে ভাল। সেই নিয়মকেইটা হৈছে-


১)Take Notes:-তেওঁৰ মতে পঢ়াৰ লগতে প্ৰয়োজনীয় নোটচ লিখি গ'লে ভবিষ্যতে আমি সেইখিনি দ্বিতীয়বাৰ পঢ়িবলৈ সুবিধা হয়।


২)  Finish The Book:- আপোনালোকে যিখন কিতাপ পঢ়ে সেইখন সম্পূৰ্ণ ৰূপে পঢ়ি শেষ কৰক,মাজতে এৰি নিদিব । কাৰণ প্ৰথমখিনি আমনিদায়ক হ'লেও কিন্তু শেষলৈ লেখকৰ লেখাবোৰৰ মূল কথাবোৰ বুজি পোৱা যায়।


৩) Read Minimum One Hour:-যদি আপোনালোকে কিবা কিতাপৰ পৰা জ্ঞান ল'ব বিচাৰে তেতিয়া সেইখন সদায় প্ৰায় ১ঘন্টা মান পঢ়ক। সেই কাৰণে বিল গেট্‌ছে কিবা কিতাপ পঢ়িলে সদায় ৰাতি বা আবেলি ১ঘন্টা পঢ়ে। 


কিন্তু আপোনালোকে জানেনে যে ১০০ আৰু ১.৮ বিলিয়ন ডলাৰ নেটৱৰ্থৰ পৃথিৱী বিখ্যাত ধনী ব্যক্তি বিল গেট্‌ছে ৰাতি আহাৰ খোৱা পাছত নিজৰ খোৱা প্লেটখন নিজেই ধুই ভাল পায়। সকলোবোৰ হৈ যোৱা পাছত কিতাপ পঢ়ি ১২ টা বজাত শুবলৈ যায়। যাতে পাছদিনা ৰাতিপুৱা এটা সৃষ্টিশীল মনৰ লগত আৰম্ভ কৰিব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages